কানু

 ৰাতিপুৱাৰ কোমল ৰ’দজাকে চোতালৰ ধূলিবোৰত এখন সোণালী চাদৰ পাৰি দিছেহি। যশোদাৰ হাতত এডাল বাঢ়নী, মেখেলাখন কঁকালত টানকৈ গুঁজি লোৱা, আৰু চকু দুটাত কৃত্ৰিম খং।

"ৰহ আজি তোক নেৰিছোঁ! লোকৰ ঘৰৰ পৰা দৈ চুৰ কৰি খাবি? তোৰ সাহটো ইমান বাঢ়িছে কেনেকৈ? হা?"

পিছে পিছে তাই চিঞৰি চিঞৰি খেদি গৈছে; আগত দৌৰিছে পাঁচ বছৰীয়া কানু। তাৰ ওঁঠৰ কাষত বগা দৈৰ চেকা। তামোল-পাণৰ গছবোৰৰ মাজে মাজে সি ফৰিংটোৰ দৰে জঁপিয়াইছে, তাৰ খিলখিলিয়া নিৰ্ভীক হাঁহিটোত গোটেইখন ৰজনজনাই ঊঠিছে। যশোদা দৌৰোঁতে তাইৰ হাতৰ খাৰুযোৰে এটা মিঠা শব্দ তুলিছে— ঝুন-ঝুন, ঝুন-ঝুন।

চুবুৰীয়া ৰমলা খুড়ীয়ে খিৰিকীৰে জুমি চাই হাঁহিত ফাটি পৰিছে, - "এহ্, এৰ অ' তাক যশোদা! সৰু ল'ৰা, দুই-এচলু দৈ খালে কিনো মহাভাৰতখন অশুদ্ধ হ'ল! সৰু ল'ৰা, খাবই।"

দৃশ্যটো দেখিলে এনে লাগে যেন তেনেই সাধাৰণ, আটাইতকৈ সুখৰ ছবি এখন। কিন্তু এই ধেমালি আৰু হাঁহিৰ আঁৰত, গাওঁখনৰ মানুহৰ ফুচফুচনিৰ মাজত লুকাই আছে এক গধুৰ নিস্তব্ধতা -

'কানু যশোদাৰ প্ৰথম সন্তান নহয়।'

গাঁৱৰ বয়োজ্যেষ্ঠসকলে আজিও সোঁৱৰে সেই ভয়াৱহ বানপানীৰ কথা। সেইবাৰ লুইতৰ ঢৌৱে যেন উন্মাদ ৰূপ ধাৰণ কৰিছিল। পানীৰ সোঁতত উটি গৈছিল ঘৰ-দুৱাৰ, গৰু-ছাগলী, আৰু বহুতো সপোন। খৰি বিচাৰিবলৈ যোৱা যশোদাই উভতি আহি দেখিছিল, তাইৰ বুকুৰ পোনা নাই। চোতালৰ ঢাৰিখনত শুৱাই থৈ গৈছিল তাক — এতিয়া নাই। গোটেই গাঁওখনে মিলি বিচাৰিলে যদিও নাপালে তাক। সকলোৱে মানি ল'লে যে হয়তো লুইতৰ বুকুত নিচিহ্ন হৈ গৈছে সি।

সেই দিনটোৰ পিছত যশোদা বহুদিনলৈ বাকৰুদ্ধ হৈ পৰিছিল।

তাৰ এবছৰৰ পিছতেই কানুৰ আৱিৰ্ভাৱ। গাঁৱৰ একাংশৰ মতে, কানু যশোদাৰ দ্বিতীয় সন্তান। কিন্তু আন একাংশই ফুচফুচাই কয়, বানপানীৰ পিছদিনা পুৱা লুইতৰ পাৰৰ বোকাৰ মাজত যশোদাই এই অচিনাকি কেঁচুৱাটো পাইছিল। প্ৰাণৰ মায়াত উটি অহা কোনোবা নিঠৰুৱা কেঁচুৱা নে কোনোবা মুমূৰ্ষু মাতৃয়ে পানীত ডুব যোৱাৰ আগমুহূৰ্তত যশোদাৰ হাতত তুলি দিছিল এই সন্তান - কোনেও নাজানে। যশোদাই নিজেও এই বিষয়ে কেতিয়াও মুখ খোলা নাই। কানু তাইৰ নিজৰ তেজৰ নে লুইতে দিয়া উপহাৰ, সেই ৰহস্য আজিও তেনেদৰেই ৰৈ গ'ল।

গাঁৱৰ বুঢ়ী আইতা এগৰাকীয়ে প্ৰায়ে চোতালত বহি তামোল খুন্দি খুন্দি কয়, - "আমাৰ কানু দেখোন একেবাৰে গোকুলৰ কৃষ্ণ অ'! লোকৰ ঘৰত দৈ চুৰ কৰি খায়, দুষ্টালি কৰে... আমাৰ যশোদাৰ ঘৰত একেবাৰে লুইতৰ বুকুৰ পৰা ভাঁহি অহা কৃষ্ণহে সেইটো!"

আইতাৰ কথাত যশোদাই আনৰ দৰে প্ৰাণখুলি হাঁহিব নোৱাৰে। কৃষ্ণৰ সৈতে কানুৰ তুলনাই তাইক সান্ত্বনা নিদিয়ে, বৰঞ্চ তাইৰ বুকুখন এক অজান ভয়ত চিৰিংকৈ মাৰে। কৃষ্ণও এদিন তেনেদৰেই বানত ওফন্দি উঠা যমুনা পাৰ হৈ আহিছিল অমানিশাৰ নিশা; জন্মদাত্ৰী মাতৃৰ বুকুৰ পৰা আঁতৰি যশোদাৰ কোলাত ডাঙৰ হৈছিল। বুঢ়ী আইতাৰ এই সাধাৰণ কথাষাৰেই যশোদাক বাধ্য কৰে সেই নিষ্ঠুৰ সত্যটোৰ মুখামুখি হ'বলৈ— তাই প্ৰকৃততে নাজানে কানু ক'ৰ পৰা আহিল। কানুৰ প্ৰতি তাইৰ অস্থিৰ, উন্মাদ প্ৰেমৰ আঁৰত জানো হেৰুৱা সন্তানটোৰ প্ৰতি থকা অপৰাধবোধ লুকাই নাই? কানুৰ মুখখনত তাই কাক বিচাৰে? হেৰুৱা সন্তানটোক নে কানুক?

সমিধান বিহীন এই প্ৰশ্নবোৰৰ মাজতে দিনবোৰ বাগৰি গৈ থাকে।

ব'হাগ মাহৰ বিহুৰ বতৰ। আকাশখন ক’লা মেঘে ছানি ধৰিছে। লুইতৰ বুকু আকৌ এবাৰ ওফন্দি উঠিছে। আগতীয়া বানপানীৰ সতৰ্কবাণী গাঁৱত প্ৰচাৰ কৰা হৈছে। বতাহত ভাহি আহিছে কোনোবা ডেকাৰ বিহুগীতৰ কলি—

"লুইতৰ বুকুত ধুমুহা আহিলে...

কোনে পাৰ কৰিব নাও..."

এদিন আবেলি, হঠাৎ এজাক কিনকিনীয়া বৰষুণ আৰম্ভ হ'ল। যশোদা পাকঘৰত ব্যস্ত আছিল। বাহিৰলৈ ওলাই আহি তাই দেখিলে চোতালখন উদং।

"কানু!" - তাই মাত লগালে। কোনো সঁহাৰি নাই।

"কানু, ক'ত গ'লি?" - এইবাৰ তাইৰ মাতটো অলপ ডাঙৰ হ'ল। চুবুৰীয়াৰ ঘৰতো সি নাই।

ৰমলা খুড়ীয়ে ক'লে, "মই দেখোন তাক নদীৰ ঘাটৰ ফালে যোৱা দেখিছিলোঁ অ'! কিবা এটা কুকুৰ পোৱালিৰ পিছে পিছে দৌৰি আছিল।"

নদীৰ ঘাট! লুইতৰ পাৰ!

যশোদাৰ বুকুখন কঁপি উঠিল। হাতত থকা বাঢ়নীডাল চোতালতে সৰি পৰিল। উশাহবোৰ চুটি হৈ আহিল। তাইৰ চকুৰ আগত ভাহি উঠিল কেইবছৰ মান আগৰ সেই ভয়াৱহ দিনটোৰ ছবি। লুইতৰ ঘোলা পানী, উটি যোৱা গছৰ ডালবোৰ, আৰু এখন শূন্য ঢাৰি। তাই বলিয়াৰ দৰে লুইতৰ পাৰলৈ দৌৰিবলৈ ধৰিলে। পিন্ধনৰ মেখেলাখন বোকা-পানীৰে লুতুৰি-পুতুৰি হ'ল, ভৰিৰ তলত কাইঁট সোমাল, কিন্তু সেইবোৰলৈ তাইৰ ভ্ৰূক্ষেপ নাই।

"কানু! অ' কানু!"

তাইৰ বুকুফলা চিঞৰে বতাহকো ফালি পেলালে। লুইতৰ ঢৌবোৰে যেন তাইৰ চিঞৰক উপহাস কৰি ভয়ংকৰ শব্দ কৰি পাৰত খুন্দা মাৰিছে। নদীৰ পাৰৰ বোকা মাটি ফালি তাই দৌৰিছে, চকুত কেৱল অন্ধকাৰ। আজি কোনো ধেমালি নাই, চকুত কৃত্ৰিম খঙটোও নাই। আজি এগৰাকী মাতৃৰ ৰক্তাক্ত, উন্মাদ আৰ্তনাদে আকাশ কঁপাই তুলিছে।

বহু সময়ৰ বিচাৰ-খোচাৰৰ অন্তত, ঘাটৰ এটা মূৰত, এজোপা ডাঙৰ শিমলু গছৰ তলত তাই এটা জুম দেখিলে। যশোদাৰ ভৰি দুখন যেন শিল হৈ পৰিল। তাইৰ বুকুৰ স্পন্দন স্তব্ধ হৈ যোৱাৰ উপক্ৰম হ'ল। মানুহৰ জুম ফালি তাই আগবাঢ়ি গ'ল।

পানীৰ কাষত, বোকাৰ মাজত এজন বয়োবৃদ্ধ নাৱৰীয়াই কানুক কোলাত লৈ বহি আছিল। কানু তিতি জুৰুলি-জুপুৰি, তাৰ সৰু বুকুখন জোৰে জোৰে কঁপিছে। যশোদা নিশ্চিত হ'ল যে সি জীৱিত। উটি যোৱা কুকুৰ পোৱালিটোক বচাবলৈ গৈ সি হেনো পানীত পিছল খাই পৰিছিল, বুঢ়া নাৱৰীয়াটোৱে তাক পাৰলৈ টানি তুলিলে।

যশোদাই হুকহুকাই কান্দি কানুক বুকুৰ মাজত সাৱটি ধৰিলে আৰু তাৰ তিতা চুলিবোৰত, মুখত, চকুত অবুজৰ দৰে চুমা খাবলৈ ধৰিলে।

বুঢ়া নাৱৰীয়াটোৱে যশোদালৈ চাই লাহেকৈ ক'লে, -

"ল'ৰাটো বাচিল আই। ভগৱানৰ কৃপা। কিন্তু..." বুঢ়াই অলপ ৰৈ ক'লে, - "বছৰদিয়েক আগতে, এনেকুৱা বানপানীৰ সময়ত এই ঘাটৰ পৰাই মই এটা ল'ৰা পানীৰ পৰা তুলিছিলোঁ... কি হ'ল জানো তাৰ, বাচিল নে নাবাচিল নাজানিলোঁ! আচৰিত কথা কি জান? একেবাৰে এই ল'ৰাটোৰ দৰেই আছিল মুখখন... একেবাৰে হুবহু...!"

যশোদাৰ বুকুখন চেৰেং কৰি গ'ল। বুঢ়াৰ কথাষাৰে যেন বহুতো পুৰণি, বন্ধ দুৱাৰ খুলি দিব বিচাৰিছে।

কানুৰ মুখখন সেই হেৰুৱা সন্তানটোৰ দৰে?

নে কানুৱেই সেই হেৰুৱা সন্তানটো যাক আন কোনোবাই পাই তাইৰ হাতত তুলি দিছিল?

নে এই সকলোবোৰ লুইতৰ এক নিষ্ঠুৰ মায়াজাল?

যশোদাই আৰু একো নুসুধিলে। তাইৰ ভয় হ'ল, কিজানিবা সঁচাটোৱে তাইৰ এই ক্ষন্তেকীয়া সুখ, উমাল বুকুখনৰ পৰা কাঢ়ি নিয়ে।

সঁচা-মিছাৰ ঊৰ্ধ্বত এতিয়া কেৱল এটা সত্য— কানু তাইৰ কোলাত আছে।

কানুক সাবটি তাই ঘৰলৈ দৌৰ দিলে। সেই মুহূৰ্তত যশোদাৰ অনুভৱ হ'ল, তাই যেন অকল যশোদা হৈ থকা নাই। তাইৰ মাজত বিলীন হৈ আছে প্ৰতিগৰাকী মাতৃৰ সত্তা— যিয়ে লুইতৰ পাৰত নিজৰ সন্তানৰ বাবে অপেক্ষা কৰে। কৃষ্ণৰ বাবে বাট চাই ৰোৱা যশোদা, আৰু হেৰুৱা সন্তানৰ বাবে কন্দা তাই নিজে, সকলো মিলি যেন এক হৈ গৈছে লুইতৰ পাৰত।

গধূলিলৈ অন্ধকাৰ নামি আহিল। লুইতৰ পাৰত বতাহজাক এতিয়া শান্ত হৈ পৰিছে। যশোদাই কানুক লৈ আকৌ ঘাটৰ কাষলৈ আহিল। নাৱৰীয়াজনে কানুক পোৱা ঠাইখনতে তাই এটা মাটিৰ চাকি জ্বলালে। চাকিৰ হালধীয়া পোহৰত লুইতৰ ঘোলা পানীখিনি এতিয়া শান্ত, গভীৰ যেন লাগিছে।

গাঁৱৰ পুৰণি প্ৰবাদ এটা আছে— "লুইতে দিয়েও, লুইতে নিয়েও।"

কানু তাইৰ কান্ধত মূৰ থৈ টোপনিত লালকাল। তাৰ সৰু সৰু নিশাহবোৰে যশোদাৰ ডিঙিত উমাল স্পৰ্শ সানি দিছে। পাৰত বহি তাই লুইতৰ বিশাল বুকুখনলৈ চালে। এই নদীখন নিৰ্লিপ্ত, কাৰো চকুপানীয়ে যাক টলাব নোৱাৰে। ই কাঢ়ি নিবও জানে, আকৌ জীৱন ঘূৰাই দিবও জানে। যশোদাৰ মনৰ ভিতৰত থকা অলেখ প্ৰশ্নৰ উত্তৰ তাই নিবিচাৰে। কানু ক'ৰ পৰা আহিল, কাৰ সন্তান, সেই ৰহস্য চিৰদিনৰ বাবে লুইতৰ তলিৰ বোকাতেই পোত গৈ থাকক। এই অনিশ্চয়তা, আৱেগৰ ঘাঁ-টুকুৰা মৌন হৈয়ে ৰওক।

যশোদাই কানুক বুকুত বান্ধি ঘৰলৈ খোজ পেলালে। পাৰত জ্বলাই থোৱা চাকিগছৰ পোহৰত মাতৃ আৰু সন্তানৰ ছাঁ দুটা লাহে-লাহে লুইতৰ বুকুত মিলি যাবলৈ ধৰিছে। তাই নজনাকৈয়ে পিছফালে লুইতখনে মিচিকিয়াই হাঁহি মাৰি উঠিছে। দূৰৈৰপৰা কোনোবা গৰখীয়াৰ মিঠা সুৰ এটা ৰিণিকি ৰিণিকি বতাহত ভাঁহি আহিছে -

"লুইতৰ বলিয়া বা..ন

তই ক'লৈনো ঢাপলি মেলিছ ..?

হিৰ্ হিৰ্ শবদে কালৰূপ ধৰি লৈ

কাকনো বাৰে বাৰে খেদিছ...?"

Comments

Popular posts from this blog

ৰে'ল ঐ ৰে'ল

কৰোণাৰ_তিতা_মিঠা

পাংচাৰ