প্ৰতীক্ষাৰ সিপাৰে
দিনৰ পোহৰ লাহে লাহে ম্লান হৈ আহিছে। বিশাল সাগৰখনৰ বুকুৰ পৰা বৈ অহা চেঁচা বতাহজাকে চহৰখনৰ অলিয়ে-গলিয়ে এক বিষণ্ণতা সানি দিছেহি।
এমূৰীয়াকৈ থকা দোকানখনত গ্ৰাহকৰ সংখ্যা নাই বুলিবই পাৰি। দিনত মানুহগৰাকীয়ে দালি-ভাত বিক্ৰী কৰে; সন্ধিয়ালৈ চাহ-জিলাপি অলপ বনায়। সৰু দোকানখনেই তেওঁৰ ঘৰ। কেতিয়াবা সন্ধিয়া কেইটামান ল'ৰা-ছোৱালী আহি দোকানৰ সম্মুখত সজাই থোৱা মুঢ়া কেইটাত বহি ৰাতিলৈ আড্ডা দিয়ে। সিহঁতৰ কথা বতৰাবোৰ শুনি তেওঁ যথেষ্ট আমোদ পায়। সিহঁতক বহিবলৈ দি মানুহজনী ভিতৰলৈ সোমাই। সৰু, জৰাজীৰ্ণ কাঠৰ দোকানখনৰ পুৰণি মাটিয়া চুলাটোত জুই জ্বলাই মানুহজনীয়ে নিজৰ মুখখন চুই চায়। গালত পৰা বয়সৰ আঁকবাকবোৰত জুইৰ পোহৰ পৰিলে এক অবৰ্ণনীয় বেদনা জিলিকি উঠে। কেৰাহীত তেল গৰম হ'বলৈ দি তেওঁ অতি যত্নেৰে কেইখনমান জিলাপি ভাজিবলৈ লয়।
লাহে লাহে আন্ধাৰ ঘন হয়, মানুহবোৰ যায়গৈ। এসময়ত সকলো নিস্তব্ধ হৈ পৰে। মানুহজনীৰ চকু দুটাই এক অজান দিগন্তলৈ চাই ৰয় — তেওঁৰ প্ৰতীক্ষাৰ অন্ত নপৰে। যেন কোনোবা এইমাত্ৰ আহি পাবহি।
বৰ্ষীয়ান মহিলাগৰাকীৰ বুকুৰ মাজত লুকাই থকা অতীতৰ গভীৰ ৰহস্যটো জানিবলৈ আমি কিছু বছৰ আগলৈ উভটি যাব লাগিব!
বহু দশকৰ আগৰ কথা। নমিতা তেতিয়া সাগৰৰ পাৰৰ কাঠৰ চকীখনত বহি সূৰ্যাস্ত চাই ভাল পোৱা এগৰাকী স্বপ্নাতুৰ যুৱতী। ঘন চুলিতাৰিৰে বেছ দেখনীয়াৰ তেওঁ, কান্ধত ভৱিষ্যতৰ অলেখ ৰঙীন আশাৰ ভাৰ। স্বামী বিনয় আৰু দুগৰাকী সন্তান—অয়ন আৰু ঈশাক লৈ তেওঁৰ পৃথিৱীখন সম্পূৰ্ণ।
বিনয়ৰ বহুদিনীয়া সপোন - পৰিয়ালটোক কৈলাশ-মানস সৰোৱৰ দৰ্শন কৰোৱাৰ। অশেষ কষ্টেৰে জমা কৰা ধনেৰে অৱশেষত সেই বহু আকাংক্ষিত যাত্ৰাৰ দিন চাপি আহিল। নমিতাৰ মনত অনাবিল আনন্দ; সাগৰৰ পাৰত বহি তেওঁ কল্পনা কৰিবলৈ ধৰিলে বৰফে ঢকা পাহাৰৰ বিশালতা। কোনে জানিছিল, সেই বৰফৰ শুভ্ৰতাৰ আঁৰতেই লুকাই আছে এক অন্ধকাৰ ভৱিষ্যত, যিয়ে তেওঁৰ সৰ্বস্ব কাঢ়ি নিবলৈ খাপ পিটি ৰৈ আছিল।
নেপালৰ সেউজীয়া পাহাৰবোৰৰ মাজেৰে তেওঁলোকৰ যাত্ৰা সঁচাকৈয়ে সপোনৰ দৰেই আছিল। অয়ন আৰু ঈশাৰ কিমান যে ফূৰ্তি। কিন্তু তেওঁলোকৰ সেই আনন্দ ক্ষন্তেকীয়া কৰি হঠাতে এদিন স্বৰ্গ যেন লগা প্ৰকৃতিয়ে ল'লে ভয়ংকৰ ৰূপ। মেঘ ভাঙি নামি অহা বৰষুণৰ তীব্ৰতাই মুহূৰ্তৰ ভিতৰতে সৃষ্টি কৰিলে এক অবৰ্ণনীয় পৰিস্থিতিৰ। পাহাৰৰ বুকু ফালি নামি আহিল বোকা আৰু পানীৰ ঢল। চাৰিওফালে কেৱল মানুহৰ আৰ্তনাদ, শিল বাগৰি অহাৰ ভয়ংকৰ শব্দ! বিনয়ে নমিতাক টানকৈ সাৱটি ধৰিছিল, বুকুৰ মাজত সোমাই আছিল অয়ন আৰু ঈশা। কিন্তু প্ৰলয়ৰ সেই দানৱীয় শক্তিৰ আগত মানুহৰ প্ৰেমৰ বান্ধোন তুচ্ছ হৈ পৰিল। এক প্ৰচণ্ড ঢৌৱে চকুৰ পলকতে নমিতাৰ বুকুৰ পৰা কাঢ়ি নিলে তেওঁৰ সমগ্ৰ পৃথিৱীখন। আন্ধাৰৰ গৰ্ভত হেৰাই যোৱাৰ আগমুহূৰ্তত নমিতাই শেষবাৰৰ বাবে শুনিছিল বিনয়ৰ চিঞৰ— "নমিতা, ল'ৰা-ছোৱালীহালক..."
চকু মেলিয়েই নমিতাই দেখিলে চাৰিওফালে কেৱল বোকাময় ধ্বংসস্তূপ। উদ্ধাৰকৰ্মীৰ শিবিৰত জ্ঞান ঘূৰাই পোৱাৰ পাছত তেওঁ বলিয়াৰ দৰে বিনয়, অয়ন আৰু ঈশাক বিচাৰি হাহাকাৰ কৰিবলৈ ধৰিলে। দিনে-নিশাই বোকা খচকি, প্ৰতিটো মৃতদেহৰ মুখ চাই তেওঁ স্বামী আৰু সন্তানক বিচাৰিলে। কিন্তু প্ৰকৃতিয়ে যেন সকলো গিলি পেলাইছিল। কোনো সন্ধান, কোনো চিন-মোকামেই নাথাকিল। দিনবোৰ গৈ সপ্তাহ হ'ল, সপ্তাহ গৈ মাহ। নিৰাশাৰ ক'লা ডাৱৰে নমিতাক ছাটি ধৰিলে। তথাপিও, বুকুৰ কোনোবা এটা চুকত এক অদম্য বিশ্বাস জীয়াই থাকিল—সিহঁত নিশ্চয় ক’ৰবাত আছে, এদিন নিশ্চয় উভতি আহিব। এই বিশ্বাসেই তেওঁক মৃত্যুৰ মুখৰ পৰা টানি আনিলে। কিন্তু সঁচাকৈয়ে সিহঁত জীয়াই আছিল নে, নে এয়া কেৱল এগৰাকী মাতৃৰ ভগ্ন হৃদয়ৰ বিভ্ৰম?
নিজৰ চহৰলৈ উভতি আহি নমিতাই পুনৰ জীৱন আৰম্ভ কৰিলে, কিন্তু তেওঁ এটা যন্ত্ৰৰ দৰে হৈ পৰিল। সাগৰৰ পাৰৰ সেই একেখিনি ঠাইতে এখন সৰু দোকান দিলে। প্ৰতিদিনে সন্ধিয়া তেওঁ জিলাপি বনাই, কিয়নো বিনয় আৰু ল'ৰা-ছোৱালীহালৰ বৰ প্ৰিয় আছিল গৰম জিলাপি।
চুবুৰীয়া চন্দন নামৰ ল'ৰাটোৱে তেওঁক সহায় কৰি দিয়ে। সি বুজি পায় আইতাকৰ মনৰ বেথা। কেতিয়াবা সমীৰ নামৰ এজন সাংবাদিক আহে, তেওঁ নমিতাৰ এই নীৰৱ প্ৰতীক্ষাৰ কাহিনী নিজৰ বহীত টুকি ৰাখে। আৱেগৰ এক অদৃশ্য সূতাৰে দোকানখনৰ প্ৰতিজন গ্ৰাহকে নমিতাৰ দুখৰ সৈতে বান্ধ খাই পৰে। নিৰৱে সকলোৱে প্ৰাৰ্থনা কৰে।
এদিন সন্ধিয়া, সমীৰে হাতত এখন পুৰণি বাতৰি কাকত লৈ দৌৰি আহিল। তেওঁৰ মুখত অদ্ভুত উত্তেজনা। সমীৰে দেখুওৱা বাতৰিটোত নেপালৰ সীমান্তৰ এখন গাঁৱত এজন ভাৰতীয় লোকৰ উদ্ধাৰৰ কথা লিখা আছিল, তেওঁৰ স্মৃতিশক্তি হেৰাই গৈছে। মানুহজনৰ হাতত থকা আঙঠিটোৰ বৰ্ণনা বিনয়ৰ আঙঠিটোৰ সৈতে হুবহু মিলি গৈছিল।
নমিতাৰ বুকুখন চিৰিককৈ উঠিল। চন্দন আৰু সমীৰৰ আগত তেওঁ লগে লগে নেপাললৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰিলে। কথামতেই কাম। সমীৰে সকলো ব্যৱস্থা কৰি দিলে। বহু দুৰ্গম পথ অতিক্ৰম কৰি তেওঁলোকে সেই গাঁৱত উপস্থিত হ'ল। নমিতাৰ বুকুৰ স্পন্দন দ্ৰুত হৈ পৰিছিল। কিন্তু মানুহজনক সন্মুখত দেখি নমিতা সিমানেই নিৰাশ হ'ল। সেয়া বিনয় নহয়, আন কোনোবা এজন দুৰ্ভগীয়া লোক। বুকুত শিল এটা লৈ নমিতা উভতি আহিল।
ঘৰ পোৱাৰ পিছদিনাই তেওঁৰ নামলৈ ডাকযোগে এটা অচিনাকি পাৰ্ছেল আহিল। পাৰ্ছেলটো খুলি নমিতা অবাক হৈ গ'ল।
ঈশাৰ হাতত পিন্ধোৱা ৰূপৰ খাৰু এপাত, নমিতাই নিজে তাইক পিন্ধাই দিছিল। লগত এখন চিঠি—অৱসৰপ্ৰাপ্ত গোৰ্খা সৈনিক এজনে পঠাইছে।
চিঠিখনত লিখা আছিল যে বানপানীৰ সময়ত তেওঁ এগৰাকী সৰু ছোৱালীক বোকাৰ মাজৰ পৰা জীৱন্তে উদ্ধাৰ কৰিছিল আৰু নিজৰ লগত লৈ গৈছিল। সমীৰৰ লেখনি পঢ়িহে তেওঁ জানিব পাৰিলে ছোৱালীজনীৰ প্ৰকৃত ঠিকনা। নমিতাৰ চকুত আনন্দৰ চকুপানী বৈ আহিল। কিমান বছৰৰ মূৰত তাইৰ বুকুৰ ধন জীৱাই থকাৰ খবৰ পাইছে! সৈনিকজনৰ ঠিকনা বিচাৰি নমিতা আকৌ এবাৰ যাত্ৰা কৰিবলৈ সাজু হ'ল। কিন্তু তেঁওৰ মনত এটা প্ৰশ্নই খুন্দা মাৰি ধৰিলে—ছোৱালীজনীয়ে বাৰু নিজৰ মাকক চিনি পাবনে?
সৈনিকজনৰ ঘৰত উপস্থিত হৈ নমিতাই দেখিলে এজনী গাভৰু ছোৱালী বাৰাণ্ডাত বহি আছে। তাইৰ চকু-মুখত নমিতাৰেই প্ৰতিচ্ছবি। সৈনিকজনে ছোৱালীজনীক মাতিলে, -
"ঈশা, চোৱা কোন আহিছে।"
ঈশাই আচৰিত হৈ নমিতাৰ ফালে চালে। বহু বছৰৰ আগৰ সেই অস্পষ্ট স্মৃতিবোৰে তাইৰ মনত জোৱাৰ তুলিলে।
"মা?"
ঈশাই দৌৰি গৈ নমিতাক সাবটি ধৰিলে। চকুলোৰে দুয়ো দুয়োকে তিয়াই পেলালে। ঈশাই জনালে বানপানীৰ সময়ত তাই দেউতাকৰ হাত এৰাই গৈছিল, কিন্তু পাহাৰৰ এটা কেঁকুৰিত তাই ককায়েক অয়নক দেখিছিল। সি কোনোবা এজন মানুহক ধৰি বাচি থাকিবলৈ সংগ্ৰাম কৰি আছিল। কিন্তু তাৰ পিছত ঈশাই একো গম নাপায়।
"অয়ন তেন্তে বাচি আছে?" - নমিতাৰ চকুদুটা উজ্জ্বলি উঠিল।
ঈশাক লৈ নমিতা নিজৰ চহৰলৈ উভতি আহিল। দোকানখন এতিয়া শূন্য নহয়। আইতাৰ মুখত এতিয়া এক শান্ত হাঁহি বিৰিঙি থাকে, এতিয়া তেওঁৰ লগত ঈশা আছে। চন্দন আৰু সমীৰৰ সহায়ত ঈশাই অয়নৰ সন্ধান চলাই গ'ল। প্ৰতিদিনে সন্ধিয়া নমিতাই আগৰ দৰেই জিলাপি বনাই, এতিয়া প্ৰতীক্ষাৰ লগতে আশাৰ পোহৰো মিহলি হৈ আছে।
এদিন সন্ধিয়া, ঈশাই এটা পুৰণি নেপালী ৱেবছাইটত হেৰুৱা মানুহৰ সন্ধানৰ পেজ এটা বিচাৰি পালে। এখন ছবিত দেউতাকৰ দৰে দেখিবলৈ সাইলাখ একে যুৱক এজনৰ মুখাবয়ব দেখি তাই সেইফালেই চাই ৰʼল। লʼৰাজনৰ ডিঙিত থকা তাবিজটোৱে মাক নমিতাৰ চকুদুটা অধিক উজ্জীৱিত কৰি তুলিছিল। ঈশাই নিজৰ ডিঙিত ওলমি থকা একেধৰণৰ তাবিজটো চুই থাকিল।
ছবিখনৰ তলত লিখা ঠিকনাটো - কাঠমাণ্ডুৰ এখন মঠৰ।
মঠলৈ যোৱাৰ প্ৰস্তুতি চলাই থকাৰ মাজতেই নমিতাৰ হাতলৈ আহিল আন এটা আচৰিত বস্তু। নেপালৰ এটা স্বেচ্ছাসেৱী সংস্থাই এটা পুৰণি বেগ উদ্ধাৰ কৰিছিল, হয়তো বানত উটি যোৱা কোনোবা মানুহৰ হ'ব পাৰে বুলি তেওঁলোকে সেইটো সংৰক্ষণ কৰি থৈছিল। বেগটোৰ ভিতৰত আছিল পানীত তিতি আধা নষ্ট হোৱা এখন ডায়েৰী। ডায়েৰীখনৰ শেষৰ পাতটোত অস্পষ্ট আখৰেৰে লিখা, -
"মই অয়নক বিচাৰি পালোঁ। সি সুৰক্ষিত, কিন্তু মোৰ ভৰি দুখন... মই নাজানো আমি ঘৰলৈ উভতিব পাৰিম নে নাই। নমিতা, মোক ক্ষমা কৰিবা।"
ডায়েৰীখনৰ শাৰীকেইটা পঢ়ি নমিতাৰ বুকুখন ফাটি যোৱা যেন লাগিল। বিনয় জীয়াই আছিল! আৰু তেওঁ অয়নৰ লগতেই আছিল! তেন্তে কাঠমাণ্ডুৰ মঠত থকা যুৱকজন কোন?
নমিতা, ঈশা আৰু চন্দন কাঠমাণ্ডু অভিমুখে ৰাওনা হ'ল। তেওঁলোকৰ বুকুৰ ধপধপনি ক্ৰমান্বয়ে বাঢ়ি গৈছিল। মঠটোৰ শান্ত পৰিৱেশৰ মাজত সোমাই নমিতাই এক আধ্যাত্মিক শক্তি অনুভৱ কৰিলে। মঠৰ প্ৰধানজনে তেওঁলোকক আদৰি নিলে। তেওঁ কৈ গ'ল, -
"বহু বছৰ আগতে এজন আঘাতপ্ৰাপ্ত মানুহে এটা সৰু ল'ৰাক লৈ এই মঠত আশ্ৰয় লৈছিলহি। ল'ৰাটো ইয়াতেই ডাঙৰ-দীঘল হ'ল।"
"আৰু মানুহজন?" নমিতাই উশাহ বন্ধ কৰি সুধিলে।
প্ৰধানজনে গম্ভীৰ স্বৰেৰে উত্তৰ দিলে, "তেওঁ এতিয়াও ইয়াতেই আছে, কিন্তু..."
প্ৰধানৰ আধৰুৱা বাক্যটোৱে নমিতাৰ মনত এক ভয়ংকৰ আশংকাই জন্ম দিলে।
মঠৰ পিছফালৰ বাগিচাখনত এজন যুৱকে ধ্যান কৰি আছিল। ঈশাই লাহেকৈ মাতিলে,
"দাদা?"
যুৱকজনে চকু মেলি চালে। তেওঁৰ মুখমণ্ডল শান্ত, কিন্তু চকুত এক চিনাকি মৰম জিলিকি আছিল। সি অয়ন! মাক আৰু ভনীয়েকক দেখি অয়নৰ ধ্যান ভাঙি গ'ল। নমিতাই দৌৰি আহি তাক সাৱটি ধৰিলে। বহু বছৰৰ পাছত এগৰাকী মাতৃয়ে নিজৰ পুত্ৰক বুকুৰ মাজত পালে। অয়নে কান্দি কান্দি ক'লে,
"মা, দেউতাই মোক বচাবলৈ গৈ নিজৰ সৰ্বস্ব ত্যাগ কৰিলে। তেওঁৰ কঁকালৰ তলৰ অংশ সম্পূৰ্ণৰূপে পক্ষাঘাতগ্ৰস্ত হৈ গ'ল। দেউতাই মোক তোমালোকক বিচাৰি যাবলৈ কৈছিল, কিন্তু মই তেওঁক অকলশৰে এৰি কেনেকৈ যাওঁ?"
অয়নে নমিতাক মঠৰ ভিতৰৰ এটা আন্ধাৰ কোঠালৈ লৈ গ'ল। কোঠাটোৰ চুকত থকা এখন বিছনাত এজন বৃদ্ধ, ভগ্নশৰীৰৰ লোক। চুলি পকি বগা হৈছে, মুখত অলেখ যন্ত্ৰণাৰ ৰেখা। নমিতাই কঁপা কঁপা খোজেৰে আগবাঢ়ি গ'ল।
এইজনেই বিনয়, যাৰ বাবে তেওঁ যৌৱনৰ পৰা বাৰ্ধক্যলৈকে প্ৰতিটো সন্ধিয়া সাগৰৰ পাৰত বাট চাই থাকিল। বিনয়ে লাহেকৈ চকু মেলিলে। দৃষ্টি অস্পষ্ট হ'লেও, সন্মুখত থকা মানুহজনীক চিনি পাবলৈ তেওঁৰ এক মুহূৰ্তও নালাগিল। তেওঁৰ ওঁঠ দুটা কঁপিবলৈ ধৰিলে,
"নমি....তা...!"
নমিতাই বিনয়ৰ বুকুৰ ওপৰত মূৰ থৈ উচুপি উঠিল, যেন গোটেই জীৱনৰ প্ৰতীক্ষাৰ অন্ত পৰিল।
বিনয়ৰ অৱস্থা সংকটজনক। বহু বছৰ ধৰি উপযুক্ত চিকিৎসাৰ অভাৱত তেওঁৰ শৰীৰ একেবাৰে জুৰুলা হৈ পৰিছিল। মঠৰ প্ৰধানৰ মতে বিনয় বেছি দিন নাথাকিব।
এই কেইটা দিন তেওঁক এৰি নমিতা দোকানখনলৈকো নাযায়। গোটেই পৰিয়ালটোৱে লগ হৈ বিনয়ৰ শুশ্ৰূষা কৰিবলৈ ধৰিলে। চন্দন আৰু সমীৰেও অনবৰতে লাগি থাকিল। বিনয়ে অয়ন আৰু ঈশাক একেলগে দেখি বৰ শান্তি পাইছিল। তেওঁ নমিতাক ক'লে, -
"মোৰ জীৱনৰ একমাত্ৰ আক্ষেপ আছিল যে মই তোমাক অকলশৰীয়া কৰি আহিলোঁ। কিন্তু এতিয়া মই শান্তিত চকু মুদিব পাৰিম।"
নমিতাৰ বুকুখন মোচৰ খাই গ'ল, তেওঁ চকুলো লুকুৱাই বিনয়ক শান্ত্বনা দিবলৈ ধৰিলে।
কেইদিনমানৰ পিছত, এদিন পুৱাতে বিনয়ে নমিতাৰ হাতখন খামুচি ধৰিয়েই শেষ নিশ্বাস ত্যাগ কৰিলে। তেওঁৰ মুখত আছিল পৰম তৃপ্তিৰ হাঁহি।
নমিতাই কান্দিলে, কিন্তু এই কান্দোনত আছিল আক্ষেপতকৈ বেছি - গভীৰ প্ৰশান্তি। স্বামীক শেষবাৰৰ বাবে কাষত পালে, সন্তান দুটিক ঘূৰাই পালে। সাগৰৰ পাৰৰ সেই সৰু দোকানখনত এতিয়া কেৱল এগৰাকী অকলশৰীয়া বৃদ্ধাই জিলাপি বনাই থাকিব নালাগে; অয়ন আৰু ঈশাইও লগ দিছে। নমিতাৰ চকু এতিয়াও সাগৰৰ দিগন্তলৈ যায়, কিন্তু এতিয়া কোনো অবুজ প্ৰতীক্ষাৰ বোজা নাই। সূৰ্যাস্তৰ পোহৰত আইতাৰ মুখখন এতিয়া সোণোৱালী হৈ জিলিকে—এক অপূৰ্ণ যাত্ৰাৰ অন্তত পোৱা এক গভীৰ, প্ৰশান্তিময় সমাপ্তি।
Comments
Post a Comment