স্বামিয়ে শৰণম্ আয়াপ্পা


দক্ষিণ ভাৰতৰ সাবৰিমলা মন্দিৰৰ বিষয়ে হয়তো সকলোৱেই জানে ভগৱান 'আয়াপ্পা স্বামী' দৰ্শনৰ বাবে প্ৰসিদ্ধ এই মন্দিৰ কেৰেলাত অৱস্থিত পট্টনমটিট্টা জিলাৰ 'পেৰিয়াৰ টাইগাৰ ৰিজাৰ্ভ' ভিতৰত ১৮ খন পাহাৰ আৰু ঘন জংঘলেৰে আৱৰা সুউচ্চ সাবৰিমলা পৰ্বতৰ ওপৰত ভগৱান পৰশুৰামে এই মন্দিৰ নিৰ্মাণ কৰিছিল বুলি কোৱা হয়

মন্দিৰত ভগৱান 'আয়াপ্পা' উপাসনা কৰা হয় দক্ষিণ ভাৰতীয় আখ্যানমতে আয়াপ্পা হৈছে শিৱ আৰু বিষ্ণুৰ পুত্ৰ আজিৰ পৰা কিছুদিন আগলৈ এই মন্দিৰত ১০ পৰা ৫০ বছৰীয়া মহিলাৰ প্ৰবেশ বৰ্জিত আছিল লোকবিশ্বাস মতে ৰজঃস্বলা মহিলাসকলে মন্দিৰ দৰ্শনৰ পৰা আতঁৰি থাকিছিল কিন্তু যোৱা ২০১৮ বৰ্ষত মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি সকলো পূৰুষ-মহিলাকে জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে মন্দিৰ দৰ্শনৰ অনুমতি দিয়া হৈছে

প্ৰতিবছৰে কোটি ৭০ লাখৰ পৰা কোটি ভক্তৰ সমাবেশ ঘটা এই মন্দিৰ দৰ্শনৰ মূলসময় নবেম্বৰৰ পৰা জানুৱাৰী আৰু এপ্ৰিলৰ পৰা চেপ্টেম্বৰৰ ভিতৰত দৰ্শনাৰ্থীৰ বাবে ভাৰতীয় ৰে' বিভাগে প্ৰত্যেক ৰাজ্যৰ পৰা কেৰেলালৈ বিশেষ ৰেলগাড়ীৰ ব্যৱস্থা কৰে অসমৰ কামাখ্যা ষ্টেচনৰ পৰাও সাবৰিমলা দৰ্শনৰ বাবে বিশেষ ৰেল চলে বিদেশৰ পৰাও যঠেষ্ট সংখ্যক শ্ৰদ্ধালু এই সময়ছোৱাত কেৰেলালৈ আহে

মন্দিৰ দৰ্শনৰ পূৰ্বে ভক্তসকলে ৪১ দিনীয়া এটা ব্ৰত পালন কৰিব লাগে ব্ৰতৰ সময়চোৱাত ৰুদ্ৰাক্ষ বা তুলসীৰে নিৰ্মিত এবিধ বিশেষ মালা পৰিধান কৰা হয় এই সময়ত ভক্তসকলে কেৱল ফলাহাৰ আৰু গাখীৰৰ পৰা নিৰ্মিত খাদ্যহে গ্ৰহণ কৰে ব্ৰতৰ সময়ত নিচাযুক্ত দ্ৰব্য, ক্ৰোধ, লোভ, মোহ আদিৰ পৰা বিৰত থাকি সম্পূৰ্ণ ব্ৰহ্মচাৰ্য ধৰ্ম পালন কৰে ভক্তসকলৰ ১০-১৫ জনীয়া একোটা গোটে দৈনিক দুবাৰকৈ ঘৰত বা ঘৰৰ ওচৰৰে মন্দিৰত পূজা-অৰ্চনা কৰে আৰু যাত্ৰাৰ সময়তো এই গোটবোৰ একেলগে মন্দিৰলৈ যোৱা দেখা যায়

ভক্তসকলে ক’লা বৰণৰ এবিধ বিশেষ পোচাক পৰিধান কৰে আৰু আশে-পাশে লগপোৱা সকলো ব্যক্তিকেই ভগৱান আয়াপ্পাৰ দৰে 'স্বামী' সম্বোধন কৰি, ভৰি চুই আশিৰ্বাদ লয় 'লা পোচাকযোৰে সমাজৰ ধনী-দুখীয়া, উচ্চ-নীচ সকলো শ্ৰেণীৰ মানুহক একত্ৰিত কৰি ভগৱান 'আয়াপ্পা' শৰণাপন্ন হোৱাত সহায় কৰে বুলি বিশ্বাস কৰা হয় ব্ৰতৰ সময়ছোৱাত কোনেও নখ, চুলি আদি কাটিব নোৱাৰে আৰু ভৰিত চেণ্ডেল, জোতা আদিও ব্যৱহাৰ নকৰে সম্পূৰ্ণ খালি ভৰিৰে সাবৰিমলা পৰ্বতমালাৰ সেই দূৰ্গম পথ অতিক্ৰম কৰি ভক্তসকলে আয়াপ্পাৰ দৰ্শন কৰে

ভগৱান আয়াপ্পাৰ মন্দিৰত মহিলাৰ প্ৰবেশত বাধা থকাৰ বিষয়ে বিভিন্ন কাহিনী শুনিবলৈ পোৱা যায়

পৌৰাণিক আখ্যানমতে সেইসময়ৰ দাক্ষিণাত্যত এজনী ৰাক্ষসীয়ে দেৱতাসকলৰ পৰা বৰ লাভ কৰি সৰ্বসাধাৰণৰ ওপৰত অত্যাচাৰ চলাইছিল প্ৰাপ্ত বৰ মতে অকল বিষ্ণু আৰু শিৱৰ সন্তানেহে ৰাক্ষসীক বধ কৰিব পাৰিব ঠিক তেতিয়াই দেৱতা আৰু অসুৰৰ মাজত যুদ্ধ আৰম্ভ হৈছিল আৰু দেৱতাসকলক অমৰ কৰাৰ উদ্দেশ্যে অমৃতৰ কলহ বিচাৰি সমুদ্ৰ মণ্ঠনৰ কাম আৰম্ভ হৈছিল সমুদ্ৰ মণ্ঠনৰ মাজতে ভগৱান বিষ্ণুৱে মোহিনী ৰূপ ধাৰণ কৰি ভষ্মাসুৰক বধ কৰে আৰু অমৃতৰ কলহ হস্তগত কৰি দেৱতাসকলক অমৰত্ব প্ৰদান কৰে বিষ্ণুৰ মোহিনী ৰূপ আৰু ভগৱান শিৱৰ অসাধাৰণ শক্তিৰ মিলনত ভগৱান 'আয়াপ্পা' জন্ম হয় অৱশ্যে বিভিন্ন ঠাইত শিৱ আৰু বিষ্ণুৰ সন্তানক বেলেগ বেলেগ নামেৰে জনা যায়

বিষ্ণু আৰু শিৱৰ শক্তিৰে বলবান আয়াপ্পা দক্ষিণ ভাৰতলৈ প্ৰস্থান কৰে আৰু ৰাক্ষসীক যুদ্ধত পৰাস্ত কৰি হত্যা কৰে মৃত্যুৰ লগে-লগে ৰাক্ষসীৰ শৰীৰৰ পৰা এগৰাকী ধুনীয়া কন্যাৰ আবিৰ্ভাৱ হৈ শাপমুক্ত কৰা বাবে আয়াপ্পাক ধন্যবাদ জ্ঞাপন কৰে এই কন্যাগৰাকী আছিল 'মল্লিকা পূৰথম্মা' আৰু তেওঁ এগৰাকী ঋষিৰ দ্বাৰা শাপিতা হৈ ৰাক্ষসীৰ ৰূপ পাইছিল যুদ্ধৰ শেষত তেওঁ আয়াপ্পাক প্ৰেমৰ প্ৰস্তাৱ দিয়ে আৰু বিবাহৰ ইচ্ছা ব্যক্ত কৰে কিন্তু আয়াপ্পাই সেই প্ৰস্তাব প্ৰত্যাখ্যান কৰি সাবৰিমলা পৰ্বতলৈ ৰাওনা হয়

চিৰজীৱন নিজৰ অনুৰাগী সকলৰ মনোকামনা পূৰণ কৰাৰ সংকল্প লৈ আয়াপ্পাই পৰ্বতমালাৰ ওপৰত ধ্যানস্থ হয় মল্লিকা পূৰথম্মাৰ প্ৰেম প্ৰত্যাখ্যান কৰে যদিও তেওঁৰ সন্মানাৰ্থে ধ্যানত বহাৰ আগমুহূৰ্তত আয়াপ্পাই কয় যে যিদিনাই কন্নি-স্বামী ( নতুনকৈ শৰণাপন্ন হোৱা ভক্ত) সকল সাবৰিমলা পৰ্বতলৈ অহা বন্ধ ' সেইদিনাই তেওঁ মল্লিকা পূৰথম্মাক বিয়া কৰাব

আয়াপ্পাৰ চিৰকুমাৰ হৈ থকা সিদ্ধান্তক সন্মান জনাই সাবৰিমলাৰ ঠিক বিপৰীত দিশত থকা আন এখন পাহাৰৰ ওপৰত মল্লিকা পূৰথম্মাই গোটেই জীৱন আয়াপ্পালৈ অপেক্ষা কৰি ৰয় আজিও সেই পৰ্বতমালাৰ ওপৰত থকা মন্দিৰত মল্লিকাৰ নামত পূজা আগবঢ়োৱা হয়

মল্লিকাৰ প্ৰেম আৰু ভগৱান আয়াপ্পাৰ ব্ৰহ্মচাৰ্য ব্ৰতৰ বিষয়ে শুনি মহিলা ভক্তসকলে সাবৰিমলা পৰ্বতলৈ নোযোৱাৰ সিদ্ধান্ত লয়

আন এক আখ্যানমতে, ভগৱান আয়াপ্পাই পন্থলম্ নামৰ এখন ৰাজ্যৰ ৰাজপৰিয়ালত মণিকান্ত নামেৰে জন্মগ্ৰহণ কৰিছিল পন্থলমৰ ৰাজপ্ৰসাদত ডাঙৰ দীঘল হোৱা মণিকান্ত পৰম দয়ালু আৰু প্ৰজাহিতৈষী ব্যক্তি আছিল সাবৰিমলা পৰ্বতৰ ওপৰত থকা প্ৰাচীন মন্দিৰটো এওঁ আবিষ্কাৰ কৰে আৰু ভক্তসকলৰ বাবে পুননিৰ্মাণ কৰি উলিয়াই

সমৰকলাতো মণিকান্ত নিপুণ আছিল আৰবৰ পৰা সমুদ্ৰপথেৰে ভাৰতত প্ৰবেশ কৰা বাবৰ (মোগল সম্ৰাট বাবৰ নহয়) নামৰ সেনাপতি এজনক তেওঁ যুদ্ধত পৰাজিত কৰিছিল বাবৰ পিছলৈ মণিকান্তৰ শৰণাপন্ন হৈ পৰমভক্ত হৈ পৰে আৰু চিৰজীৱন আয়াপ্পাৰ ৰক্ষাৰ্থে নিজকে সমৰ্পিত কৰে

এদিন সাবৰিমলা পৰ্বতৰ ওপৰত থকা মন্দিৰৰ ভিতৰত মণিকান্ত অন্তৰ্ধান হৈ পৰে আৰু তেতিয়াৰ পৰা তেওঁক ভগৱান আয়াপ্পাৰ অৱতাৰ বুলি গণ্য কৰা হয় সাবৰিমলা পৰ্বতলৈ উঠি যোৱা দূৰ্গম পথচোৱাত, 'এৰুমেলি' নামৰ এটুকুৰা ঠাইত এতিয়াও বাবৰৰ মছজিদ এটা দেখা যায় এই মছজিদটো আয়াপ্পাৰ মূল মন্দিৰৰ পৰা ৪০ কিলোমিটাৰ তলত লোকবিশ্বাস মতে বাবৰে আজিও আয়াপ্পাৰ দৰ্শনৰ বাবে যোৱা শ্ৰদ্ধালুসকলক যাত্ৰাপথৰ বিভিন্ন বাধা বিঘিনিৰ পৰা ৰক্ষা কৰি আহিছে

কেৰেলাৰ ধৰ্মপ্ৰাণ ব্যক্তিসকলৰ বিশ্বাসমতে ৰজা মণিকান্তই সংসাৰৰ সকলো মায়া-মোহ ত্যাগ কৰি ব্ৰহ্মচাৰ্য ব্ৰত গ্ৰহণ কৰিছিল আৰু সেয়েহে আয়াপ্পাৰ মন্দিৰত ৰজঃস্বলা নাৰীৰ প্ৰবেশ বৰ্জিত

আয়াপ্পাৰ মন্দিৰ দৰ্শনৰ পথ আজিও যথেষ্ট দূৰ্গম চৰকাৰে পথচোৱা মেৰামতি কৰা নাই, কিয়নো ভক্তসকলে তেনেদৰেই কষ্ট কৰি গৈ মন্দিৰ দৰ্শনৰ আনন্দ ' বিচাৰে কোট্টায়াম ষ্টেচনত ৰেলৰপৰা নামি প্ৰায় ৯০ কিলোমিটাৰ পাহাৰীয়া পথ অতিক্ৰম কৰিলে মূল মন্দিৰ পোৱা যায় এই পথচোৱা ভক্তসকলে খোজকাঢ়ি অহা-যোৱা কৰে; তাৰে অন্তিম চাৰিকিলোমিটাৰ পথ অতিশয় কষ্টকৰ কিছুবছৰ আগতে এই পথচোৱাত পাহাৰৰ মাটি খহি বহুহাজাৰ ভক্তৰ মৃত্যু হৈছিল

মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মতে আজিকালি পূৰুষ-মহিলা সকলোৱে মন্দিৰ দৰ্শন কৰিব পাৰে; কিন্তু ভক্তসকলে এতিয়াও কথাটো এশ শতাংশ সমৰ্থন কৰা নাই আৰু চৰকাৰৰ লগত এখন শীতল যুদ্ধ চলাই আহিছে

কেইদিনমানৰ আগত কেৰেলাৰ চি পি আই(এম) দলৰ এজন এম এল , এম. স্বৰাজে, এই বিষয়ত এটা বিশেষ মন্তব্য আগবঢ়াই চচিয়েল মিডিয়াত খলকনি তুলি থৈছে

"মল্লিকা পূৰথম্মাৰ প্ৰেম প্ৰত্যাখ্যান কৰি আয়াপ্পাই কৈছিল যে যিদিনাই কন্নি-স্বামী ( নতুনকৈ শৰণাপন্ন হোৱা ভক্ত) সকল সাবৰিমলা পৰ্বতলৈ অহা বন্ধ ' সেইদিনাই তেওঁ মল্লিকাক বিয়া কৰাব"

এইখিনি কথাৰ ওপৰত ভিত্তি কৰি স্বৰাজে কয় যে, ২০১৮ চনৰ ১৭ আগষ্টৰ দিনা যেতিয়া মন্দিৰৰ দুৱাৰ খোলা হৈছিল, তাত কোনো কন্নি-স্বামী (নতুনকৈ শৰণাপন্ন ভক্ত) নাছিল সেই সময়ত কেৰেলাত হোৱা ভীষণ বানপানীৰ বাবে যাত্ৰাপথ বেয়াকৈ ক্ষতিগ্ৰস্থ হৈছিল আৰু মন্দিৰত প্ৰবেশ কৰা অসম্ভৱ হৈ পৰিছিল এইসময়ত পূৰ্বতে প্ৰতিশ্ৰুতি দিয়ামতে ভগৱান আয়াপ্পাই মল্লিকা পূৰথম্মাৰ লগত বিবাহ পাশত আবদ্ধ হয় যিহেতু তেওঁ এতিয়া চিৰকুমাৰ নহয়, ভগৱান আয়াপ্পাই উচ্চতম ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশ দিপক মিশ্ৰাৰ জৰিয়তে বাৰ্তা পঠিয়াই যে এতিয়াৰ পৰা মহিলা সকলেও মন্দিৰত প্ৰবেশ কৰিব পাৰিব


ধন্যবাদ
Sources: বিভিন্ন

Comments

Popular posts from this blog

শিশু গল্প:

য়ে দিল্লী হে মেৰে য়াৰ

সাগৰ দেখিছানে