শিৱৰ হাৰ্ট


ছবছৰীয়া ল'ৰাটোক ব্ৰাছ কৰাই থাকোঁতে ৰাতিপুৱা:

পুতেক: দেউতা, মই dream অত শিৱ নমো মৰি যোৱা দেখিছোঁ।
বাপেক: মানে?
পুতেক: মানে সপোন। সপোনত শিৱ নমোৰ death হৈ গৈছে।
বাপেক: অ' হয় নেকি? পিছে শিৱ নমো নমৰে নহয়, তেওঁ ভগৱান।
পুতেক: ভগৱানৰ হাৰ্ট নাথাকে নেকি, দেউতা?
বাপেক: হমম্ এইটো ভাবিব লাগিব। শিৱ নমোৰ হাৰ্ট বা আছে নে নায়!

তেনেতে পাকঘৰৰ পৰা বাচন ধুই থকাৰ মাজতে মাকে মাত দিছে -

মাক: শিৱ নমোৰ হাৰ্ট নাই অ' বোপাই! থকা হলে পুৱাৰ কামখিনিত মোক অলপ সহায় কৰি দিব বাপেৰক নকলে হয়নে?
পুতেক: মা! তুমিযে কি কৈ থাকা নহয়.....দেউতাই মোক ব্ৰাছ কৰাই দিছে, তোমাক ৰাইছ বনাই দিছে....নমোৰ হাৰ্ট আছে।
বাপেক: নাই অ' বোপাই নাই, নমোৰ পাক্কা হাৰ্ট নায়!

:) :) :)
********************

Comments

Popular posts from this blog

ৰে'ল ঐ ৰে'ল

কৰোণাৰ_তিতা_মিঠা

পাংচাৰ