অণুগল্প


()
বাছখনত সকলোৰে উপেক্ষিতা বৃদ্ধাগৰাকীক নিজৰ চিটটো এৰি 'ৰাজন কাষতে ওলোমাই থোৱা পেংদুডাল নমাই ড্ৰাইভাৰৰ পিছফালে পাৰি থোৱা কাঠটুকুৰাৰ ওচৰলৈ আগুৱাই '

()
কণমানি জীয়েকৰ দেহাটো 'ৰহিলা বাঈজী' কুকুৰনেছীয়া কেইটাৰ হাতত দলিয়াই, ভিক্ষাৰীজনে, এহাতে টকাৰ মুঠিটো লৈ আনখন হাতেৰে কেন্সাৰত আক্ৰান্ত পুতেকৰ চকু-মুখ ঢাকি হস্পিটালৰ কাউণ্টাৰৰ ফালে আঁতৰি আহিল

()
দুবছৰীয়া শিশুটিক শোৱাপাটীত এৰি ঘৰৰ সম্মুখৰ 'ৱাইল দোকানীজনৰ লগত ৰাজধানীলৈ আতঁৰি যোৱা চন্দনাৰ গিৰিয়েকে দোকানীজনৰ পত্নীৰ লগত সংসাৰৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰিলে

()
শহুৰৰ ঘৰলৈ যাওঁতে, কলিকতাত ফ্লাইট মিছ কৰা গীতা বৰুৱাক ঘূৰি অহাৰ সময়ত শাহুৱেকে কলে - 'দেউতাৰাই কলিকতাৰ পৰা ঘৰলৈ কৰি দিয়া টিকটটোৰ পইচাকেইটা তাক সোনকালে ওভতাই দিব 'বা'

()
বিৰহ বেদনাত নৱজিতৰ ছৱিখন মনৰ পৰা মছি পেলাবলৈ বাৰখনত সোমাই দুপেগ গিলোতেই পাষণ্ড কেইটামানৰ হাতত সৰ্বশ্ৰ হেৰুওৱা অনুৰাধা গোটেই নিশাটো পথৰ দাঁতিত পৰি থাকিল, ৰাতিপুৱা তাইৰ নিথৰ দেহটো প্ৰত্যক্ষ কৰি দেউতাক মাটিত ঢলি পৰিল

()
যোৱা তিনি-চাৰিদিন অফিচৰ পৰা ঘৰলৈ অহাৰ সময়ত নিশা এখনো ট্ৰাক লগ পোৱা নাই হাইৱেটোত; 'শান্তিৰে আহিব পাৰিছোঁ' বুলি ভাবোতেই পত্নীয়ে ফোন কৰিছে - 'আলু-পিয়াজ অলপ বেছিকৈ লৈ আনিবা, আলু ৯৫ আৰু পিয়াজৰ ১৮০ টকা হৈছে'!


()
ভাইটিয়ে পঢ়ক বুলি, নিজৰ পোষ্টগ্ৰেজুৱেচনৰ আশা দুভৰিৰে গঁচকি চাকৰি বিছাৰি ঘৰৰ পৰা ওলাই যোৱা ককায়েকৰ কথা সি কয় -- দাদাই পঢ়াৰ নামত দেউতাৰ বহুত টকা পানীত পেলালে


()
বৌৱেকৰ উকা কঁপালখনত এফোট ৰঙা সেন্দুৰ আঁকি ৰোহিতে দেউতাকৰ সম্পত্তিৰ দুয়োটা ভাগ নিজৰ নামত কৰি ললে

()
মাতাল পিতৃৰ পৰা মাতৃ-ভগ্নীকৰক্ষা কৰি, পিতৃহন্তা নাম পোৱা 'ৰঘুৱে' কাৰাগাৰৰ ভিতৰত ১৭ বছৰ অপেক্ষা কৰিছে; আৰু এটা বসন্তৰ পিছত সি মুক্ত

(১০)
নতুনকৈ হৈ উঠা পকী দলংখনৰ কাষতে নাওখন ওলোটাই থৈ বাপুকণে আজিকালি চাহ বিক্ৰী কৰে, নদীলৈ নামি যোৱা পথটো এতিয়া মেটেকা ফুলেৰে ভৰা

Comments

Popular posts from this blog

শিশু গল্প:

য়ে দিল্লী হে মেৰে য়াৰ

সাগৰ দেখিছানে