পুনঃ বিক্ৰম বেতাল

মঙ্গলবাৰে পুৱাৰ পৰা অৰবিন্দ গোসাঁইৰ ঘৰখন উখল মাখল। ঘৰত মন্দিৰৰ প্ৰতিমা পুনঃ স্থাপন কৰা হ'ব। যুদ্ধকালীন ব্যস্ততাৰ মাজতো বাৰে বাৰে নঙলাৰ মুখলৈ চাব এৰা নাই তেওঁ। সময়বোৰ বাগৰি গৈ আছে। এসময়ত পুৱাৰ বেলিটো গৈ ঘৰৰ মুধচ পালে। মানসদেউ অহা কথা আছিল পুৱাতেই, পিছে এতিয়ালৈকে খবৰ নাই।


: কি বা হ'ল, দেউৱে পাহৰিলে নেকি পূজাভাগৰ কথা? যোৱা দুদিন পুনৰাই খবৰ কৰাও নহ'ল, যিহেতু তেওঁ সেইদিনা আহিম বুলি কথা দিছিল৷ ইফালে আলহিৰে ঘৰখন ভৰি পৰিছে৷ আজি কেনেবাকৈ কেনচেল হ’লে আকৌ একেখিনি মানুহৰে পুনৰ এদিন খোৱা-মেলাৰ ব্যৱস্থা…! চেহ!


কথাবোৰ ভাবি ভাবি অৰবিন্দ গোসাঁইৰ মূৰটো ঘূৰাবলৈ ধৰিলে। পানী এগিলাছ ডিঙিত লৈ গোসাঁই চকীখনতে বহি পৰিল৷ দেউলৈ দুবাৰমান ফোনটো লগালে, পিছে তেওঁৰ নম্বৰটো ৰিঙেই নহয়। কিবা এটা ভাবি অৰবিন্দই এইবাৰ চাইকেলখন লৈ বাটলৈ ওলাল। উত্তেজনাতে টিলিঙাটো দুবাৰমান এনেই বজাই হেণ্ডেলডাল পোনালে দেউৰ ঘৰ অভিমুখে। বাটত বাৰে বাৰে মানসদেউৰ কথাই ভাবি গৈ থাকিল। দেবজিতৰ ঘৰত দুপৰীয়া শিৱপূজাভাগ কৰাৰ কথা মানসদেউৱে। কʼৰবাত সেইফালেই …….!


মানস দেউৰ চোতালত উঠি গম পালে দেউ হেনো পুৱাই ওলাই গৈছে, অৰবিন্দৰ ঘৰলৈকে বুলি। তেনেহলে মানুহজন গ'ল কʼলৈ? অৰবিন্দ গোসাঁয়ে মনৰ কৌতূহল দেউৰ পৰিয়ালৰ আগত ব্যক্ত নকৰাকৈ তাৰ পৰা আঁতৰি আহিল। ঘৰৰ মানুহে চিন্তা কৰিব নালাগে। দেউ নিশ্চয় দেবজিতৰ ঘৰলৈকে গৈছে। অৰবিন্দ গোসাঁয়ে এইবাৰ দেবজিতৰ ঘৰলৈ চাইকেল পোনালে।


দেবজিতৰ চোতালত উপস্থিত হৈ তেওঁৰ চিন্তা আৰু বাঢ়িল। মানসদেউ ইয়াতো নাই। তেনেহলে মানুহজন গ'ল ক'ত? সম্মুখত ভৰিৰ ওপৰত ভৰি উঠাই দেবজিতে তেতিয়া লাল চাহৰ কাপটোত সোহা এটা মাৰিবলৈ উদ্যত, হাতত বুন্দিয়াৰ প্লেটখন। গোসাঁইক চোতাললৈ সোমাই অহা দেখি দেবজিতে আন এখন বুন্দিয়াৰ প্লেট আনি গোসাঁইৰ হাতত দিলে।


: চাহ একাপ খাই লওক হে গোসাঁই, মানসদেউ চোন আহিয়েই নাপালে। সোনকালে পূজাখন হ'লে ভাল আছিল, কালিৰে পৰা লঘোণে ভোকে আছোঁ।


অৰবিন্দ গোসাঁইৰ মূৰটো গৰম হৈ আছিল। খঙৰ ভমকতে দেবজিতৰ ওপৰতে বৰষিব ধৰিলে।


: শিৱপূজাৰ কাৰণে লঘোণ দিছা, ইফালে আকৌ চাহে বুন্দিয়াই সোপাকে মাৰি আছা। হেৰা, এই ভৰ দূপৰীয়াখন শিৱপূজা কোনে কৰে হে? দেউ সেই পুৱাই মোৰ তালৈ অহাৰ কথা, এতিয়ালৈকে খবৰ নাই। মোৰ পূজাখন কি হ’ব? ক'ত বা পৰি আছে গৈ নাজানো। নিজেই শিব হৈ ওলাবহি যেন পাইছোঁ তোমাৰ ঘৰত।'


দেবজিতে তলকিবই নোৱাৰিলে গোসাঁইৰ খং কিয় উঠিল। কিবা ক'বলৈ ওলাই মুখখন মেলাই থাকি গ'ল। অৰবিন্দ গোসাঁই তেতিয়া চাইকেলৰ টিলিঙাটো বজাই বজাই দেবজিতৰ বাটৰ পৰা আগুৱাই গৈছিল।


সিফালে কোনোবা এখন অচিন জংঘলৰ মাজত মানসদেউৱে চকু মেলিলে। মূৰটো বিষাই আছিল তেওঁৰ। হঠাতে মন কৰিলে তেওঁৰ শৰীৰটো লৰিব ধৰিছে, যেন কোনোবাই কান্ধত তুলি লৈ গৈ আছে। সম্পূৰ্ণ জ্ঞান ঘূৰাই পাই দেউৱে ঠিকেই অনুমান কৰিলে। সেয়া তেওঁ আকৌ এবাৰ ৰাজুকুমাৰৰ কান্ধত। কচুগছো কাটি নোপোৱা ভয়াতুৰটোৱে এই ভৰ দুপৰীয়াতে হাতত তাৰ মামৰে ধৰা দীঘল তৰোৱালৰ দৰে দাঁখনো লৈ আছে।


: এই, এই ৰাজু কুমাৰ, নমাই দে মোক। ভালে ভালে কৈছো নমা নহ'লে মন্ত্ৰ মাৰি ভেকুলী বনাই দিম। তাৰ পিছত টোৰটোৰাই থাকিবি জীৱনভৰ।


: নাই দেউ, সেইপালি নকৰিব। টোৰটোৰাই আৰু বৰষুণ নানো, এনেয়ো বহুত হৈছে৷ কেনেবাকৈহে উটি নোযোৱাকৈ বাচিলোঁ এইবাৰ৷ ফেচবুকত “মাৰ্কড চেফ ফ্ৰম ফ্লাড“ বুলি লিখিবলৈও বাকী আছে নহয়৷ নকৰিব দেই মোক ভেকুলী৷ কাবৌ কৰিছোঁ৷ এনেয়ো বৰ ঘিণ লাগে সেইবিধ৷


: তেনেহলে নমাই দে মোক৷


: নমাই দিম৷ কিন্তু সেইদিনাৰ দৰে আজিও মোক এটা কাহিনী শুনাব লাগিব৷


: হয় নেকি? কি কাহিনী শুনিবিনো?


: আপোনাৰ যি মন যায়, তাকেই শুনিম৷ যাত্ৰাৰ সময়খিনিহে পাৰ কৰিব লাগে৷ আপুনি টোপনি গৈ থাকোঁতে বৈদ্য ব’ৰ হৈ আছিলোঁ৷


: ঠিক আছে৷ শুন তেন্তে৷ - মানসদেউৱে তেওঁৰ কাহিনী আৰম্ভ কৰিলে৷


: বহুদিনৰ আগৰ কথা৷ এখন গাঁৱত ক'ৰবাৰ পৰা এজন বাবাজী আহি বসবাস কৰিবলৈ লৈছিল। গাঁৱত কাৰোবাৰ বেমাৰ আজাৰ হ'লে তেওঁ জৰাফুঁকা কৰি চিকিৎসাদি কৰি দিয়ে। মানুহবোৰেও জৰাপানী খাই ভাল হোৱা বুলি কয়। সকলোৱে তেওঁক বহুত সন্মান কৰে। এবাৰ ওচৰৰে অন্য গাঁও এখনৰ লগত ফুটবল খেল প্ৰতিযোগিতা অনুষ্ঠিত হ'ল। বাবাজীৰ গাঁওখনৰ ল'ৰাবোৰ বৰ এলেহুৱা আৰু খেলা ধূলাত সিমান ভাল নাছিল। সিহঁতে ভাবিলে যদিহে বাবাৰ পৰা কিবা যাদু মন্ত্ৰ কৰা তাবিজ এটা ল'ব পাৰে, সিহঁতে খেলত অনায়াসে জিকিব পাৰিব। পৰিকল্পনা অনুসৰি বাবাৰ পৰা তাবিজ এটা লৈ সকলো খেলপথাৰত নামিল। পিছে বিপৰীত পক্ষ আছিল খেলত সাংঘাতিক পাৰ্গত। অতি সহজতে তেওঁলোকে খেলখন নিজৰ হস্তগত কৰি ললে। ইফালে খেলত হাৰি এলেহুৱা ল'ৰাকেইজনে খুব লাজ পালে আৰু বাবাজীৰ ওপৰত পোতক তুলিবলৈ সিদ্ধান্ত ল'লে। কেইজনমানে মিলি তাবিজটো ভাঙি পেলালে। তাৰ ভিতৰৰ পৰা এখিলা কাগজ ওলাই পৰিল। তাত কি লিখা আছিল জাননে?


: কি লিখা আছিল দেউ?


: তাত কোনো মন্ত্ৰ তন্ত্ৰ নাছিল৷ মাত্ৰ লিখা আছিল - 'উৰাই ঘূৰাই মাৰিবা, গ'ল দিব পাৰিবা'!


ইমানলৈকে কৈ মানসদেউ ৰ’ল৷ ৰাজুকুমাৰেও তেওঁক কান্ধৰপৰা নমাই দিলে৷ ল’ৰাজনলৈ চাই দেউৱে পুনৰ ক’বলৈ ধৰিলে -


: বাৰু কচোন এতিয়া, সাধুটোৰ পৰা কিনো শিকিলি?


: এহ, শিকিবলৈ আৰু কিটো আছে৷ বাবাজীজন হয়তো ভন্দ আছিল৷ আমি কিবা পাবলৈ হ'লে নিজে কষ্ট কৰিব লাগিৱ, কোনো বাবাই আহি খেলত জিকাব নোৱাৰে।


: ঠিক কথা কৈছ৷ একেবাৰে শুদ্ধ উত্তৰ৷ তই বুদ্ধিমান৷ উন্নতি হ’ব ভবিষ্যতে৷ তোক মই দোষমুক্ত কৰিলোঁ৷ এতিয়া কচোন, মোক ধৰি নিবলৈ ৰঞ্জিত পালে তোক কিয় আকৌ পঠাইছে?


: কোন ৰঞ্জিত পাল? ধেই, নহয়৷ মোক সঞ্জীব দেউৱে হে পঠাইছে?


: সঞ্জীব দেউ? কিন্তু কিয়?


: আপুনি যে তেওঁৰ ভাত মাৰিবলৈ ওলাইছে, সেয়েহে৷


: মানে?


: মানে আৰু কি? অৰবিন্দ গোসাঁইৰ ঘৰৰ যিকোনো পূজা সঞ্জীব দেউৱে ইমান দিনে কৰি আহিছে৷ এতিয়া আপুনি কৰিবলৈ ওলাইছে৷ দেবজিতৰ বিয়াৰ বাবে পতা শিবপূজা ভাগো সঞ্জীব দেউৱে কৰা কথা আছিল৷ পিছে, সেইখনো আপোনাৰ হাতলৈ গ’ল৷ মানুহজনে কৰিব কি? পৰিয়াল পুহিব কেনেকৈ? সেয়েহে তেওঁ আপোনাক আঁতৰাই ৰাখিবলৈ মোকে দায়িত্বভাগ দিছিল৷


: অ, তাৰমানে গুৰি কথা ক’ৰবাত….! ধেই!


ধুতিখন কোচাই মানসদেউ তাৰপৰা আঁতৰ হ’ল৷ ৰাজুকুমাৰে মামৰে ধৰা তৰোৱালখন হাতেৰে লিৰিকি বিদাৰি তাতেই ঠিয় হৈ ৰ’ল৷ জংঘলৰ মাজে মাজে মানসদেউ এইবাৰ সঞ্জীৱ দেউৰ ঘৰলৈ ওলাল৷ তেওঁৰ অজানিতে সঞ্জীৱ দেউ আৰু দেবজিতলৈ একোটাকৈ ফোন আহিল আৰু দুয়োৰে মুখদুখন গম্ভীৰ হৈ পৰিল৷ দেবজিতে মনে মনে ভাবিবলৈ ধৰিলে -


: এই সঞ্জীৱ দেউৱে সকলো শেষ কৰি পেলালে৷ সকলোকে বাদ দিলোঁ আজিৰ পৰা৷ এইবাৰ পূজাভাগ নিজেই শিকি লওঁ৷ নিজৰ বিয়াত হোম এইবাৰ মই নিজেই জ্বলাম৷ যা বাপ্পেকে…. বাদ দিলোঁ মানস দেউ, সঞ্জীৱ দেউ সকলোকে৷ এইবাৰ মাৰ্কেটত এজন নতুন দেউ আহিব -- দেবজিত দেউ৷

Comments

Popular posts from this blog

য়ে দিল্লী হে মেৰে য়াৰ

শিশু গল্প:

নেপচুনলৈ