হুড়হুড়

 

কৰ্মসূত্ৰে বিশাখাপট্টনমত থাকোঁ। সাগৰীয় উপকূল হোৱাৰ লগতে এইখন চহৰ ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় সীমাত অৱস্থিত এটা বিশেষ বন্দৰ। ইয়াতেই আছে ভাৰতীয় নৌ সেনাৰ দক্ষিণ পূৱ ৱিঙৰ মূখ্য কাৰ্যালয়। বৰষুণ তেনেকৈ নহয়, ঠাইডোখৰ অত্যন্ত গৰম। যিকোনো সময়তে উপকূলীয় এলেকাবোৰত জলবায়ু পৰিবৰ্তন হয়।

২০১৪ চনৰ অক্টোবৰ মাহ। হঠাতে ভাৰতীয় বতৰ নিয়ন্ত্ৰণ শাখাই খবৰ দিলে এটা সাগৰীয় ধুমুহা চহৰখনৰ দিশে আগবাঢ়ি আহিছে। যিকোনো সময়তে ঘূৰ্ণিবায়ুজাকে চহৰখনত কোবাই থৈ যাব পাৰে। পিছে কথাটোত কোনেও গুৰুত্ব নিদিলে। উপকূলীয় ঠাইত এয়া তেনেই সাধাৰণকথা। বতৰ বিজ্ঞানীসকলে ' পৰা ভয়াবহতাৰ কথা বাৰে বাৰে সকিয়াই দিছিল। তেওঁলোকৰ মতে এই ধুমুহাজাকৰ গতিবেগ ঘণ্টাত প্ৰায় ২৪০ মাইল, মানে প্ৰায় ৩০০ কিলোমিটাৰ প্ৰতিঘণ্টালৈ হোৱাৰ সম্ভাৱনা

চহৰখনৰ মানুহখিনিয়ে এনেকুৱা কিবা ' বুলি সপোনতো ভবা নাছিল আৰু এটা সাধাৰণ সাগৰীয় ঘূৰ্ণিবায়ু বুলিয়েই ধৰি থাকিল। কিন্তু চৰকাৰী ভাৱে তৎপৰতা লোৱা হ’ল। এন ডি আৰ এফৰ দলসমূহ বিভিন্ন স্থানত মোতায়েন কৰিলে।

বতৰ বিজ্ঞানীসকলৰ মতে ১৪ অক্টোবৰত বতাহজাকে চহৰখনত পোনপটীয়াকৈ খুন্দা মাৰিব তাৰিখ মানৰ পৰাই বতৰৰ ৰেহ ৰূপ সলনি 'বলৈ ধৰিলে। চাৰিওফালে 'লা ডাৱৰে আকাশ চানি থাকিল। সেইকেইদিন ৰাস্তাৰ লাইটসমূহ আৰু যান-বাহনৰ লাইট ২৪ ঘণ্টাই জ্বলাই থবলগীয়া হৈছিল। সাগৰৰ পাৰৰ পৰা মাছমৰীয়া সকলক স্থানান্তৰিত কৰা 'ল। শান্ত বঙ্গোপসাগৰখন হো হো শব্দ কৰি এটা দৈত্যৰ ৰূপ 'বলৈ আৰম্ভ কৰিলে।  ইতিমধ্যে ১২ তাৰিখমানলৈ সকলোৱে বুজি উঠিছিল যে এয়া কোনো সাধাৰণ ঘূৰ্ণিবায়ু নহয়, কিবা এটা ভয়ংকৰ 'বলৈ গৈ আছে। কিন্তু তেতিয়ালৈ যঠেষ্ট দেৰি হৈ গৈছিল।

বতাহ ধুমুহা আগতেও পাইছোঁ যদিও এনে সাগৰীয় কাল ধুমুহাৰ সম্মুখীন হোৱা নাই। ২০০৯ চনৰ পৰাই ইয়াত আছোঁ আৰু কেইবাটাও সৰু সুৰা ধুমুহা পাৰ হৈ গৈছে, কিন্তু এইটো আছিল আনবোৰতকৈ পৃথক।

১৩ তাৰিখে অফিচত থাকোঁতেই ধুমুহাৰ প্ৰকোপ আৰম্ভ হ’ল। অতি জৰুৰী কাম এটাৰ বাবে নাযাওঁ বুলিও অফিচলৈ গৈছিলোঁ। ঘৰলৈ ১২ কিলোমিটাৰ পথ অতিক্ৰম কৰিবলৈ সেইদিনা মোক প্ৰায় চাৰি ঘণ্টা সময়ৰ প্ৰয়োজন হৈছিল। কোনোপধ্যেই আগবাঢ়িব পৰা নাছিলোঁ। যেনেতেনে প্ৰাণটো বচাই আহি নিশা বাৰটামান বজাত ঘৰ সোমাওঁ।

চিমেণ্টৰ মজবুত ইটাৰে বনোৱা তিনিটা কোঠালিৰ ঘৰতো হাউচিং বৰ্ডৰ কোৱাৰ্টাৰ, ভাড়ালৈ লোৱা। কোলাত আমাৰ ২২ মহীয়া সন্তানটো। ওচৰৰ ঘৰখনটো মোৰ লগত একেলগে কাম কৰা আন এজন থাকে, কিবা এটা কামত সি চহৰৰ পৰা সেইকেইদিনআতঁৰত। তাৰ পৰিয়ালৰ দ্বায়িত্বও আমাৰ ওপৰত। সিহঁতৰো এটা দুবছৰীয়া শিশু। মই আহি পোৱাৰ আগতেই মাক পুতেকক আমাৰ ঘৰটোলৈ মাতি অনা হৈছিল, একেলগে থাকিলে অলপ সাহস বাঢ়িব বুলি।

বিজুলী কাটি দিছিল ১৩ তাৰিখে ৰাতিপুৱাই। মোবাইলৰ নেটৱৰ্কেও কাম কৰিবলৈ এৰিছিল আবেলিপৰত। দুদিন আগৰপৰাই ধাৰাষাৰ বৰষুণ। পৰিস্থিতিৰ ভয়াবহতা মই ঠিকেই অনুমান কৰিছিলোঁ যদিও দুদিনৰ ভিতৰত ঠাইখন এৰি অন্য এঠাইলৈ গুছি যোৱাটো সম্ভৱপৰ হোৱা নাছিল, তাতে লগত দুগৰাকী মহিলা আৰু দুটিকৈ কণমানি।

ৰাতিটো কেনেদৰে পাৰ ' ধৰিব নোৱাৰিলোঁ। সেইৰাতি কাৰোৱেই শুৱা খোৱা একো নহ'ল। ৰাতিপুৱা মান বজাৰ পৰাই আৰম্ভ ' প্ৰকৃতিৰ তাণ্ডব। সম্মুখৰ কোঠাৰ খিৰিকী এখন ভাঙি সেইফালেৰে অহৰহ বৰষুণৰ পানী সোমাবলৈ ধৰিলে। মজিয়াৰ পানী সিঁচি ৰান্ধনী ঘৰৰ বেচিনেৰে উলিয়াই পেলাইছিলোঁ। বাৰে বাৰে চেষ্টা কৰিও দুৱাৰ খুলিবলৈ বিফল হৈছিলোঁ। বাহিৰৰ পৰা প্ৰচণ্ড ধুমুহাই দুৱাৰখন হেচি ৰাখিছিল।

দুপৰীয়ালৈ গোটেই ঘৰটোৰ মজিয়া পানীৰে ভৰি পৰিল। ৰান্ধনী ঘৰৰটোৰ পৰা সম্মুখলৈ চাব পৰা ব্যৱস্থা আছে৷ সেইফালেৰে গছ গছনিবোৰ এজোপাৰ পিছত আনজোপাকৈ ভাঙি পৰা দেখিবলৈ পোৱা গৈছিল৷ দুবাৰমান মই ডাঙৰ কিবা বস্তু ওপৰেৰে উৰি যোৱাওঁ দেখিলোঁ। ধুৱলি কুঁৱলিকৈ দেখা দৃশ্যবোৰ ঠিক হলিউডৰ ছবিৰ দৰেই লাগিছিল।

ঘৰটো যেন উৰুৱাইহে লৈ যাব। চাৰিওফালে দৈত্যৰ চিঞৰৰ দৰে হোঁ হোঁ শব্দ, লগতে ধাৰাষাৰ বৃষ্টিপাত, বিজুলী আৰু ঢেৰেকনী। সৰু 'ৰাদুটাৰ লগতে আমি আটায়ে যঠেষ্ট ভয়ে ভয়ে কেনেবাকৈ গোটেই দিনটো কটাই দিলোঁ। ভোক পিয়াহ সকলোৱে পাহৰি আছিলোঁ। ১৩ তাৰিখৰ আবেলিপৰতেই কিবা অলপ খোৱা। 'ৰা দুটাক ঠাণ্ডা গাখীৰতে মিহলাই অলপ অলপকৈ চেৰেলেক দি থকা হৈছিল। মাজতে কেইবাবাৰো সিহঁতক কোলাত লৈ দুয়োগৰাকী মাককে বিছনাৰ তললৈও ঠেলি পঠিয়াইছোঁ। তেনেদৰেই ১৪ তাৰিখৰ দিনটো বিছনাৰ তলত, পানীৰ মাজতেই কটাই দিলোঁ। চকুত অনবৰতে লাগি থাকিল মৃত্যুভয়।

১৫ অক্টোবৰৰ দুপৰীয়ালৈ বতৰৰ ভয়াবহতা কিছু কমিবলৈ ধৰিলে। দুৱাৰখন খুলি বাহিৰলৈ ওলাবলৈ চেষ্টা কৰিলো যদিও তীব্ৰ বেগত বতাহ তেতিয়াও বলি আছিল। ঈশ্বৰৰ কৃপাত আমাৰ ঘৰকেইটা উৰুৱাই নিনিলে৷ কিন্তু কাষৰ বহুকেইটা ঘৰ ভাঙি পৰি থকা দেখিলোঁ। মানুহৰ কিবা অপকাৰ হৈছে নেকি খবৰ কৰাটো তেতিয়াও সম্ভৱপৰ হোৱা নাছিল। এজোপা বৃহৎ গছ 'ৰবাৰ পৰা ওফৰি আহি বাহিৰতে যেনেতেনে ৰখাই থোৱা মোৰ স্কুটাৰখন ঢাকি ধৰিছিল। হয়তো আৰু বেছি অনিষ্ট হোৱাৰ পৰা গছজোপাই বচালে আমাৰ ঘৰটো।

১৬ অক্টোবৰলৈ সকলো শান্ত 'ল। বাহিৰত মানুহৰ মাত শুনিবলৈ পালোঁ। আমাৰ কলনীটোৰ দুটামান ঘৰ ভাঙি পৰিছিল। খবৰ কৰি সকলো ঠিকেই থকা বুলি গম পালোঁ। দাঁ এখনেৰে গছজোপাৰ ডালবোৰ কাটি সেইজোপা ঘৰৰ সম্মুখৰ পৰা আতঁৰাবলৈ মোক দুদিনৰো বেছি সময় লাগিছিল।

ইতিমধ্যে আমাৰ লগতে কাষৰ পৰিয়ালটোৰো জমাত থকা খাদ্য, পানী আৰু পাচলি আদি শেষ। ঘটনাৰ ভয়াবহতাৰ কথা নভবাৰ বাবেই আগতিয়াকৈ প্ৰয়োজনীয় সামগ্ৰীসমূহ গোটোৱা হোৱা নাছিল। বিজুলীৰ খুটাবোৰ মেৰামটি নোহোৱালৈকে মিউনিচিপ্যালটিয়েও পানী যোগান ধৰিবলৈ অপাৰগ বুলি 'লে।

বিভিন্ন ৰাজ্যৰ পৰা এন ডি আৰ এফৰ দলবোৰ অনা 'ল৷ তেওঁলোকে যুদ্ধকালীন ক্ষিপ্ৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰিলে। বহুতো মৃতদেহ 'তে 'তে পৰি থকা অৱস্থাত পোৱা 'ল। 'ৰবাত ভাঙি পৰা ঘৰৰ মাজত, 'ৰবাত গছৰ ডালত ওলমি থকা অৱস্থাত। পথবোৰ লাহে লাহে মুকলি হোৱাত স্কুটাৰখন লৈ বাহিৰলৈ ওলাই আহি সেইদিনা চকুপানী ওলাইছিল। যিফালেই যাওঁ সেইফালেই মৃত পশু-পক্ষী আৰু প্ৰকৃতিৰ ধ্বংসলীলা। ঘৰ দুৱাৰ, বাছ আস্থান, ৰেল ষ্টেচন, বিমান বন্দৰ সকলো ভাঙি চূড়মাৰ গাড়ীৰ শ্ব'ৰুমবোৰ ভাঙি বিভিন্ন নামী দামী গাড়ীবোৰ ওলোটা পোলোটাকৈ ৰাস্তাৰ মাজতে পৰি আছিল।

দুদিনৰ পিছত দোকানবোৰ লাহে লাহে খুলিবলৈ ললে। বস্তু কিনিবলৈ আমি হেতা ওপৰা কৰিবলগীয়া 'ল। তাৰোপৰি বস্তুবোৰ তিনি চাৰিগুণ বেছি দামত বিক্ৰী হৈছিল। ২০ লিটাৰৰ একোটা পানীৰ বটল যাৰ মূল্য সাধাৰণতে ২/৩০ টকা হয়, কোনোবা দোকানত ১০০০/১২০০ টকালৈও বিক্ৰী 'ল। মই নিজেও এবটল কিনিছোঁ ৮০০ টকাত। এইবোৰ নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰ সেই সময়ত অপাৰগ, কিয়নো বস্তুৰ ষ্টকেই শেষ হৈ গৈছিল। সামগ্ৰী কঢ়িওৱা বাহনবোৰ বহুদিনলৈ চহৰখনত সোমাবই পৰা নাছিল। গাড়ীত তেল ভৰাবলৈ তেলৰ ডিপুৰ বাহিৰৰ দীঘলীয়া লাইন দিনে দিনে আৰু বাঢ়ি গৈ আছিল।

অকল এন ডি আৰ এফৰ ওপৰতেই ভৰসা নকৰি অফিচৰ পৰা আমিও নিজাকৈ বহুকেইটা উদ্ধাৰ অভিযানলৈ গলোঁ। মোৰ আজিও মনত আছে ১৮ অক্টোবৰ তাৰিখে ৰাজ্যিক চিৰিয়াখানালৈ সোমোৱাৰ কথা। এজোপাও গছ তাত নাছিল বুলিবই পাৰি, গোটেইখন যেন মৰিশালী। কেইবাশ চৰাই, বান্দৰ আৰু সাপৰ মৃতদেহ চৌদিশে সিঁচৰতি হৈ পৰি থকাৰ দৃশ্যটোৱে আজিও মোক আমনি কৰে। সেই মৃতদেহবোৰ আমি নিজহাতেৰে গোটাই এঠাইত সমাধিস্থ কৰিছিলোঁ। দুটা বৃহৎ নাহৰফুটুকী বাঘৰ লগতে কেইবাটাও হৰিণ, জেব্ৰা আৰু আন বহুতো প্ৰাণীৰ মৃতদেহ চিৰিয়াখানা কৰ্তৃপক্ষই সৎকাৰ কৰিছিল। চিৰিয়াখানাখনৰ দুৰৱস্থা দেখি আমাৰ উদ্ধাৰ অভিযানৰ নিৰ্ধাৰিত সময়ৰ আগতেই মই ওলাই গুছি আহিছিলোঁ। সেইদিন ধৰি আজিলৈ মই তাত ভৰি দিব পৰা নাই।

সম্পূৰ্ণ ষোল্লটা দিনৰ পিছত বিজুলীৰ পোহৰ দেখিবলৈ পাওঁ। মোবাইলৰ টাৱাৰবোৰ অলপ সোনকালেই মেৰামতি কৰা হৈছিল আৰু বিজুলী খুঁটাবোৰ ভাল নোহোৱালৈকে ডিজেলেৰে চলাই ৰাখিছিল। চাৰি পাঁচদিনৰ পিছত ঘৰৰ মানুহৰ লগত ফোনত কথা হৈছিলো, সকলোৱে কিবা অমঙ্গল হোৱা বুলিয়েই বৰ চিন্তাত আছিল। হেল্পলাইন নম্বৰবোৰেও কাম কৰা নাছিল। শেষত মোবাইল টাৱাৰবোৰ ঠিক হোৱাত সকলোৰে মুখলৈ পানী আহে।

সেই ষোল্ল সোঁতৰটা দিনৰ আৰু বহুতো কথা আছে মনত পিছে গোটেইবোৰ লিখিবলৈ গলে এখন মহাভাৰত 'ব। ছবছৰৰ অধিক সময় পাৰ ', কিন্তু আমাৰ মনত আজিও সেই দৃশ্যবোৰ সজীৱ হৈ আছে। হয়তো চিৰজীবনলৈ মনত থাকি যাব সেই তিতা অভিজ্ঞতা। ভাগ্যক্ৰমে 'ৰাটো তেতিয়া মাত্ৰ ২২/২৩ মহীয়া আছিল আৰু ডাঙৰ হোৱাৰ লগে লগে কথাবোৰ তাৰ মনত নাথাকিব।

এতিয়া সকলো ঠিক 'ল। সেই ধ্বংসলীলাৰ পিছত চহৰখন বেছিকৈ ঠন ধৰি উঠিল। অতি কম সময়ৰ ভিতৰতেই একেবাৰে ধ্বংস হৈ যোৱা চহৰখন চৰকাৰৰ ক্ষিপ্ৰতাত পুনৰ নিৰ্মাণ '; আগতকৈ বেছি ধুনীয়াকৈ, বেছি শক্তিশালীকৈ। ইয়াৰ পিছতো আৰু বহুকেইটা সাগৰীয় ধুমুহাৰ মুখামুখি হৈছোঁ। কিন্তু এতিয়া মানুহবোৰ সজাগ আৰু চৰকাৰো যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ভালদৰেই সাজু। এতিয়া আৰু এইবোৰলৈ ভয় নালাগে; কিন্তু প্ৰকৃতিৰ ওচৰত আমি সদাই নতমস্তক।

বতৰ বিজ্ঞানীসকলে এই ধুমুহাৰ নামাকৰণ কৰিছিল "হুড়হুড়"!

Comments

Popular posts from this blog

য়ে দিল্লী হে মেৰে য়াৰ

শিশু গল্প:

নেপচুনলৈ