প্ৰেৰণা

 


নিশা ১০:৪৫ বাজিছে। দিনটোৰ কামখিনি যেনেতেনে সামৰি ঘৰলৈ ওলাইছোঁ। এইকেইদিন প্ৰায় দেৰি হয়। যদিও শিক্ষক নহ'লো, শিক্ষাৰ লগত অলপ আওহতীয়াকৈ জড়িত মোৰ কামটো। 'ৰা ছোৱালীখিনিক চেমিষ্টাৰটোৰ আৰম্ভণিতে অলপ গাইড কৰি দিব লাগে।

গেৰেজটো অফিচৰ ঠিক তলতে। নামি আহি স্কুটাৰখন উলিয়াবলৈ লৈ  কিছু সময় ঠমকি ৰলো। মোৰ দৃষ্টি তেতিয়া সম্মুখৰ পথত। এজন দিন হাজিৰা কৰা ব্যক্তি, হয়তো ঘৰলৈ ওভতিছে। এখন হাতত এটা টোপোলা আৰু আনখন হাত ভঙা চাইকেলখনৰ হেণ্ডেলত। চাইকেলখন পথৰ মাজতে ৰখাই তেওঁ দাঁতিত শুবলৈ লোৱা গাইজনীৰ ওচৰলৈ আগবাঢ়িছে। তাই সেইখিনিতে শুৱে, ঠিক আমাৰ গেৰেজটোৰ সম্মুখত। মই ওলাই আহোঁতে ডিঙিটো জোকাৰি মোকো মাত এসাৰ লগায়।

টোপোলাটোৰ পৰা এআশি কল উলিয়াই মানুহজনে গাইজনীলৈ আগুৱাই দিছে। তাইও শুই থকাৰ পৰাই আত্মতৃপ্তীৰে কলকেইটা খাইছে। মানুহজনৰ চকুদুটা জিলিকি উঠিছে, হয়তো আন এক আত্মতৃপ্তী তেওঁৰ চকুত।

লাহেকৈ মোবাইলটো উলিয়াই দৃশ্যটো ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। মোৰ চকুদুটা এবাৰ স্কুটাৰৰ আগফালে ওলোমাই লোৱা বিৰিয়ানীৰ টোপোলাটোত আৰু এবাৰ মানুহজনৰ মুখখনত।

 

 

 

Comments

Popular posts from this blog

য়ে দিল্লী হে মেৰে য়াৰ

শিশু গল্প:

নেপচুনলৈ