আবেলিৰ ৰং

 স্কুলৰ পৰা আহি ভাত দুটামান খাই মণি আৰু মানিয়ে দেউতাকৰ চাইকেলখন লৈ দৌৰি ওলাই গ’ল। কেইদিনমানৰ পৰা দুয়োজনীয়ে দেউতাকৰ অনুমতি লৈ সেইখন ঠেলিবলৈ শিকিছে। এই যোৱাই সিহঁত একেবাৰে সন্ধিয়াহে আহি ঘৰ সোমাব।


চাইকেলখন ঠেলিবলৈ পাই সিহঁতক আৰু কি লাগে; চাৰিভৰিৰে ধূলি উৰুৱাই দুয়ো চিলা হৈ উৰিবলৈ ধৰিলে। দুয়োৰে কোলাহলত পথৰ কাষৰ গছ-বননিবোৰেও নৃত্য কৰি উঠিল। মণিৰ সুৰীয়া কণ্ঠই আকাশে বতাহে ৰঙৰ ফাকু ছটিয়াই দিলে। ঘৰমুৱা চৰাইজাকে তাইৰ গীতৰ তালে তালে নাচি-বাগি আগুৱাই গ'ল। সিহঁতৰ আনন্দত মতলীয়া দেউতাকৰ পুৰণি চাইকেলখনৰ চকা দুটাইও ঘূৰি-ঘূৰি, দুয়োজনীৰে নিৰীহ আনন্দবোৰকে কঢ়িয়াই লৈ ফুৰিছিল। হাঁহি-খিকিন্দালিৰ মাজেৰে দৌৰি ঢাপলি সিহঁতে কল্পনা কৰিলে দেউতাকৰ এই যাদুকৰী যন্ত্ৰটোৰ ওপৰত এদিন নিজে নিজে উঠিব, স্কুললৈ যাব।


সাধাৰণতে সিহঁতে চাইকেলখন হাতেৰে ঠেলি দৌৰি আগুৱাই যায়। তাৰমাজতে কেতিয়াবা মণি চিটত বহে আৰু মানিয়ে পিছফালৰ পৰা ধৰি তাইক ঠেলি দিয়ে; কেতিয়াবা মানি চিটত আৰু মণি পিছে পিছে। তেনেকৈয়ে অলপ অলপকৈ সেইখন চলাবলৈ শিকিছে যদিও সিহঁতৰ প্ৰকৃত আনন্দ চাইকেলখন ঠেলি লৈ ঘূৰি ফুৰাতহে।

দুয়োৰে আনন্দত আত্মহাৰা সূৰ্য্যটোৱে এসময়ত ভাগৰুৱা দিনটোক বিদায় দিয়াৰ যোঁ-জা চলালে। লাহে লাহে দুয়োৰে ছাঁ দুটাও দীঘলীয়া হৈ আহিল। তেনেতে সিহঁতে আন এটা দীঘলীয়া ছাঁয়ামূৰ্তি দেখিবলৈ পালে — এটি মৃদু হাঁহিৰে, এক অলৌকিক পৰিচিতিৰ এগৰাকী মহিলা, হঠাতে ক'ৰবাৰ পৰা আহি সিহঁতৰ চাইকেলখনৰ ওপৰত বহিছেহি। 

লগে লগে সিহঁতৰ হাঁহিবোৰ ফুচফুচনিলৈ পৰিণত হ’ল – মণিয়ে ক'লে চাইকেলৰ আৰোহী মহিলাগৰাকী সাইলাখ সিহঁতৰ মাকৰ দৰে। মাকক সিহঁতে দেখা নাই যদিও দেউতাকৰ পৰা তেওঁৰ বিষয়ে কেইবাবাৰো শুনিছে। যিগৰাকী নাৰীয়ে বহু বছৰ আগতে সিহঁতক দেউতাকৰ কোলাত এৰি আতঁৰি গৈছিল কোনোবা অজান ঠাইলৈ, পুনৰ ওভটি আহিব নোৱাৰাকৈ৷

স্তম্ভিত মণি আৰু মানিয়ে ভয়ে ভয়ে চাই থাকিল চাইকেলখনলৈ। সিহঁতে সেয়া সঁচাকৈয়ে মাকক দেখিছেনে? 

দেউতাকৰ চাইকেলখন লৈ শান্ত সাৱলীলভাৱে সম্মুখলৈ আগুৱাই গৈছে অতুলনীয় সৌন্দৰ্যময়ী নাৰীগৰাকী। দেউতাকৰ বৰ্ণনাৰ সৈতে খাপে খাপে মিলি পৰিছে তেওঁৰ শৰীৰৰ পৰা বিকিৰিত এক অদ্ভূত জ্যোতি। 


ইমান ধুনীয়া....!

চ..ছ্....চুপ্.....!


দুয়ো মুখ মেলি কেবল তেওঁলৈকে চাই থাকিল। ইমান ৰূপৱতী মহিলা যে সিহঁতে আগতে কʼতো দেখা নাই। 

চাইকেলত পেডেল মাৰি থকাৰপৰা তেওঁ সিহঁত দুয়োলৈ ঘূৰি চাইছে, তেওঁৰ দুচকুত মৰমৰ কৰুণ আহ্বান। সেই কৰুণতাক উলাই কৰিব নোৱাৰি দুয়োৰে ভৰিকেইখন নিজে নিজে আগুৱাই গ'ল মানুহগৰাকীৰ ওচৰলৈ। মন্ত্ৰমুগ্ধ দুয়ো তেওঁক অনুসৰণ কৰিবলৈ ধৰিলে। চাইকেলখনৰ দুকাষেৰে লুংলুঙীয়া বাটটোৱেদি আগবাঢ়ি গৈ থাকিল আটাইকেইজন। পিছে পিছে আগুৱাই গʼল নিয়ৰ আৰু ধূলিত জিলিকি উঠা মণি-মানিৰ কণ-কণ দুভৰিৰ খোজৰ চিনবোৰ।


দুচকুত পানী আৰু হৃদয়ত কিছু তিতা-মিঠা বিষৰ অনুভৱ লৈ মণি আৰু মানি বহুদূৰলৈ পিছে পিছে গ’ল। 

.....আৰু তেনেকৈয়ে এবাৰত মহিলা গৰাকীয়ে বেগেৰে চাইকেলত পেডেল মাৰিবলৈ ধৰিলে। সিহঁতৰ অজানিতে মণি-মানিৰ খোজবোৰো দ্ৰুত হৈ আহিল। দুয়ো আনন্দত মতলীয়া হৈ পৰিল। মানুহজনীয়ে চাইকেলৰ পেডেল ঘূৰাইছে আৰু সিহঁতে চাইকেলখনৰ কাষে কাষে আত্মহাৰা হৈ জপিয়াই ফুৰিছে। 


দুয়ো সকলো পাহৰি পেলালে, কেৱল এটা কথাই বাৰে বাৰে মনলৈ আহিল - যেন সিহঁতৰ মাকে ক্ষন্তেকীয়া মুহূৰ্তৰ বাবে উভতি আহিছে, লগত লৈ আনিছে তেওঁৰ উপস্থিতিৰ উষ্মতা। বতাহৰ স্পৰ্শত মাকৰ সান্নিধ্য আৰু অস্ত যোৱা সূৰ্য্যৰ ৰংবোৰত তেওঁৰ মৰমৰ অনুভৱ কৰি দুয়ো ৰোমাঞ্চিত হৈ পৰিল।


তিনিওজনীয়ে আনন্দত আত্মহাৰা হৈ স্থান সময় সকলো পাহৰি পেলাইছিল। এই সময়খিনিৰ যেন কাহানিও অন্ত নহয়। এই যাদুকৰী সান্নিধ্যৰ বাবে যে সিহঁত চিৰজীৱন অপেক্ষাৰত।

কিন্তু এসময়ত সকলোৰে অবাঞ্চিত সেই ক্ষণ কাষ চাপিল। হাত জোঁকাৰি জোঁকাৰি বিদায় লৈ চাইকেলৰ ওপৰৰ ছাঁয়ামূৰ্তিটো দিগন্তত হেৰাই গ'ল। তেওঁ নেদেখা হোৱাৰ লগে লগে স্তম্ভিত মণি-মানিয়ে কিছুসময়লৈ অকলে অকলে ফেকুৰি ফেকুৰি থিয় হৈ থাকিল। ক্ষন্তেকৰ বাবে দেখা দি হলেও মাকে সিহঁতক সোঁৱৰাই দিছিল - জীৱনৰ পৰিধিৰ বাহিৰতো প্ৰেম চিৰস্থায়ী।

 

এসময়ত দুয়ো হাতত হাত ধৰি ঘৰলৈ উভতি আহিল, নিজকে নিজে সাজু কৰি ললে সেই স্মৃতিভৰা অলৌকিকতা চিৰদিনৰ বাবে হৃদয়ত কঢ়িয়াই লৈ ফুৰিবলৈ।

Comments

Popular posts from this blog

য়ে দিল্লী হে মেৰে য়াৰ

শিশু গল্প:

নেপচুনলৈ