প্ৰণতিৰ চিঠি

 প্ৰণতি,


মৰম লʼবা। বিয়াৰ দিন তেনেই ওচৰ চাপি আহিল। হয়তো বিয়াৰ আগত এইখনেই মোৰ শেষ চিঠি। তুমিও কিবা লিখিছানে বাৰু?


বহুটো কথা ক'বলগীয়া আছিল, পিছে কেনেদৰে আৰম্ভ কৰোঁ ভাবিহে পোৱা নাই। এইসময়ত এইবোৰ কিমান উচিত নাজানো, কিন্তু বিবাহৰ পবিত্ৰ বান্ধোনত বান্ধ খোৱাৰ আগতে দুটামান কথা তোমাক জনোৱাটো মোৰ কৰ্তব্য বুলি ভাবিছোঁ। 


বাৰু, এটা সাধু কওঁ শুনা - 


আজিৰপৰা কেইবছৰমানৰ আগৰ কথা। সেইদিনা বতৰটো ডাৱৰীয়া। পুৱাই ঘনকান্ত ডেকাই নাঙলখন লৈ পথাৰলৈ ওলাই আহিল। পথাৰৰ দাঁতিত এটা সৰু বাকচ আধাখোলা অৱস্থাত পৰি থকা দেখি তেওঁৰ মনত কৌতুহলৰ সৃষ্টি হ'ল। বাকচটোৰ ওচৰ চাপি যিটো দৃশ্য দেখিলে, সন্তুলন হেৰুৱাই পৰি যোৱাৰ উপক্ৰম হৈছিল তেওঁ। ততাতৈয়াকৈ কান্ধৰ নাঙলখন পথৰ কাষতে নমাই বাকচটো হাতত তুলি লৈ ইফালে সিফালে চাবলৈ ধৰিলে। সেই ঢলপুৱাতে ওচৰে পাজৰে কোনো নাছিল, তাতে বতৰটোও বেয়া। একো ভাবি নাপাই মানুহজনে পুনৰ ঘৰলৈকে খোজ দিলে। ঘৰলৈ আহি পত্নীৰ সম্মুখত সকলো বিবৰি কৈ লাহেকৈ বাকচটো খুলি দেখুৱালে। বাকচৰ ভিতৰত কি আছিল জানানে - এটা কণমানি শিশু। বগা লেতেৰা কাপোৰ এখনেৰে সৰ্বশৰীৰ ঢকা সদ্যজাত শিশুটো হাতত লৈ এইবাৰ মানুহগৰাকী কঁপিবলৈ ধৰিলে। মুহূৰ্ত্ততে কাৰ সন্তান, কিয় এনেদৰে লৈ আহিছে, কোনোবাই দেখিছে যদি কি ক'ব আদি বিভিন্ন প্ৰশ্নৰে গিৰিয়েকক থকাসৰকা কৰি পেলাইছিল তেওঁ। কিন্তু লাহে লাহে সকলো শান্ত হ'ল। শিশুটোক তেওঁলোকে ওচৰৰ হাস্পতাললৈ লৈ গৈ যথাসম্ভৱ শুশ্ৰূষা কৰিলে। তাৰ পিছত ওচৰৰে পুলিচ থানালৈও নিলে। কিন্তু সকলোৰে উপদেশ মতে শেষত তেওঁলোকে শিশুটোক নিজৰ সন্তান বুলি তুলি তালি ডাঙৰ কৰিবলৈ সাজু হ'ল। 


এই ঘটনাৰ বিষয়ে অজ্ঞাত ল'ৰাটো লাহে লাহে ডাঙৰ হৈ আহিল, বিদ্যালয়লৈ গ'ল। পিছে পঢ়া-শুনাত সি ভাল নহ'ল আৰু বেয়া সঙ্গই লগ দিলে। কিশোৰ অৱস্থাতে এগৰাকী বিধৱা মহিলাৰ প্ৰেমত পৰি সি ঘৰ-বাৰী সকলো এৰিলে। আনকি এদিন ঘনকান্ত ডেকাৰ দৰে মানুহজনক সকলোৰে সম্মুখত বেয়াকৈ কʼবলৈও অকণো কুণ্ঠাবোধ কৰা নাছিল। 


কিন্তু সেই দেৱতুল্য ব্যক্তিজনে তাক কোনোদিনে একোৱেই নকʼলে। আনকি নিজ সন্তান ৰমেশৰ পঢ়া-শুনাৰ কথা চিন্তা নকৰি জীৱনৰ সাচতীয়া ধনেৰে গেলামালৰ দোকান এখন খুলি দিলে তাক।


মাকে সেইদিনা তাক সকলো খুলি কৈছিল। সকলোবোৰ শুনি সি অনুতপ্ত হ'ল, লাজ-অপমানত জৰ্জৰিত হৈ নিজকে নিজে বিভিন্ন কষ্ট দিবলৈ ধৰিলে। 

লাহে লাহে তাৰ এটা নতুন জীৱনৰ আৰম্ভনি হ'ল। সকলোৰে পৰা আতঁৰি আহিল সি। পুনৰাই সেই মহিলাগৰাকীৰ ওচৰলৈ আৰু কোনোদিনে নোযোৱাৰ সিদ্ধান্ত ল'লে আৰু দেউতাকে কষ্টৰে বনাই দিয়া দোকানখনত একাত্ম হৈ পৰিল।


তুমি হয়তো ভাবিছা, এই কাহিনীটো তোমাক কিয় কʼলো। আচলতে এইটো সত্য ঘটনা। ঘনকান্ত ডেকাই তুলি-তালি ডাঙৰ-দীঘল কৰা সেই শিশুটোৱেই আজিৰ প্ৰণব ডেকা; এই গেলামালৰ দোকানী। মই আচলতে কোন, কʼৰপৰা আহিছোঁ বা মোৰ পিতৃ-মাতৃয়ে কিয় তেনেদৰে মোক মৰিবলৈ এৰি থৈ গৈছিল আজিও নাজানিলোঁ। তোমাৰ হ'বলগীয়া শহুৰ-শাহুৰ ওচৰত মই চিৰদিনলৈ ঋণী। সেয়া পৰিশোধ কৰা এইজনমত অসম্ভৱ। তেওঁলোকৰ ইচ্ছা মতেই এদিন তোমাক বিয়া কৰিম বুলি কথা দিছিলোঁ।


এতিয়া কথা হ'ল ইমানখিনি জনাৰ পিছত তুমি আমাৰ এই সম্বন্ধত মত দিবানে? মোৰ পিতৃ-মাতৃয়ে এইবোৰ কথা কাৰো আগত নজনালে, কিন্তু বিবাহৰ বান্ধোনত বান্ধ খোৱাৰ আগত মোৰ বিষয়ে তুমি ভালদৰে জনাটো আৱশ্যক বুলি কথাখিনি কʼলোঁ। তোমাৰ সিদ্ধান্ত যিয়েই নহওঁক কিয়, সম্পূৰ্ণ সন্মান জনাই সহযোগ কৰিবলৈ ৰাজি আছোঁ।

তোমাৰ কুশল কামনা কৰি উত্তৰৰ বাবে বাট চাই থাকিলোঁ।


ইতি

প্ৰণব।


-----------++++++++++++++---------++++------------------+

                      প্ৰণতিৰ চিঠি

-----------++++++++++++++---------++++------------------+


শ্ৰদ্ধাৰ প্ৰণব,

সেৱা ল'ব।


আপোনাৰ চিঠিখন পঢ়ি বহু সময় চিন্তা কৰি বহি থাকিলোঁ। এইখিনি কথা আগতে কিয় কোৱা নাছিল বাৰু? যিয়েই নহওঁক, বিয়াৰ আগতে দুয়ো ইজনে সিজনৰ বিষয়ে জনাটো আৱশ্যক। মোৰো হয়তো আপোনাৰ দৰে কিবা ক'বলগীয়া থাকিব পাৰে, যিটো কথা এই চিঠিখন নাপালে মইও ক'বলৈ সাহস গোটাব নোৱাৰিলোঁহেতেন। 


মইও এটা সৰু কাহিনী কʼমনে? 


আপোনাৰ জীৱনত অহা সেই মহিলাগৰাকীৰ দৰেই এদিন মোৰ জীৱনলৈও আহিছিল বিকাশ চাৰ। তেওঁ আমাৰ কলেজৰ অসমীয়া বিভাগৰ অধ্যাপক। দেখিবলৈও ভাল, স্বভাৱ চৰিত্ৰও বেয়া নহয়, সকলো ছাত্ৰ-ছাত্ৰীকে বৰ মৰম কৰে। সেই মৰমত গলি পমি মইও ক্লাছৰ ভিতৰে বাহিৰে কেৱল তেওঁকেই চাই থকা হলোঁ। তেওঁ ক্লাচত দেৰিকৈ সোমালে মনটোৱে উখল-মাখল লগাই। লগৰবোৰে কয় তেওঁ হেনো অবিবাহিত। সেই কথাটোৱে মনটো আৰু চঞ্চল কৰি তুলিছিল আৰু এসময়ত শয়নে-সপোনে মাথো তেওঁৰ লগতেই থাকিবলৈ  প্ৰণ লৈ পেলালোঁ। সাহস কৰি তেওঁক মোৰ মনৰ কথা খুলি কৈছিলোঁ এদিন। তেওঁ মোক নিজৰ মনৰ কথাবোৰো ক'লে। তেনেদৰে আমাৰ সম্পৰ্ক আগুৱাই গ'ল।


ঘৰৰ সকলোৰে অসন্মতিত এদিন ছাৰৰ লগত বিয়াত বহিলোঁ। মা-দেউতাই শিক্ষাগুৰুৰ সৈতে বিয়া দিবলৈ যে কোনোপধ্যেই ৰাজি হোৱা নাছিল।

আচৰিত হৈছে নহয়? মই আগতে বিবাহপাশত আবদ্ধ হোৱা বুলি আপুনি কেনেকৈ জানিব!


এদিন আমাৰ সংসাৰলৈ অয়ন আহিল। চাকৰি কৰিবলৈ হেঁপাহ এটা পুহি ৰাখিছিলোঁ। অয়ন অলপ ডাঙৰ হ'লে চাকৰি বিচাৰিম বুলি বিকাশৰ আগতো কৈছিলোঁ। কিন্তু আমাৰ সুখৰ সংসাৰ খনত কেৰোণ লাগিবলৈ মোৰ সেই ইচ্ছাটোৱেই যঠেষ্ট হ'ব বুলি সপোনতো ভবা নাছিলোঁ। লাহে লাহে বিকাশৰ লগত সৰু ডাঙৰ কথাত মনোমালিন্য হ'বলৈ ধৰিলে। মই চাকৰি কৰিবলৈ ঘৰৰ বাহিৰলৈ যোৱাটো তেওঁ হেনো বিচৰা নাছিল। মনটো মাৰি চাকৰি নকৰোঁ বুলিও কলো, কিন্তু সেই যে এবাৰ মোৰ প্ৰতি বেয়া ভাৱ এটা সোমাল তেওঁ আৰু কোনোদিনে হয়তো মোক ভাল ভাৱে চাব নোৱাৰিলে। কাজিয়া কৰা হ'ল, মদ খাবলৈ ধৰিলে। সৰু-বৰ কথাতে মোৰ ওপৰত চৰ-ভুকু আদিও পৰিল। 


আৰু এদিন ---


মদৰ নিচাত সন্ধিয়া ঘৰলৈ ওভটিছিল তেওঁ, পিছফালৰ পৰা হৰ্ণ বজাই থকা ট্ৰাকখনৰ শব্দ নুশুনিলে। তেওঁ ঘৰলৈ ঘূৰি নাহিল। নিয়তিয়ে অয়নৰ দেউতাকক কাঢ়ি লৈ গ'ল। বহুত কান্দিলো। মা-দেউতাক অমান্য কৰি নিজৰ পচন্দ মতে বিয়া হোৱাৰ পৰিণাম হয়তো মোৰ বাবে অভিশাপ হৈ পৰিছিল। আৰু এদিন দেউতাই অয়ন আৰু মোক পুনৰ ঘৰলৈ লৈ আহিল। নিজৰ সন্তানক কোন পিতৃ-মাতৃয়ে নো অকলে এৰিব পাৰে, নহয়নে?


অয়নকো মই এৰিব নোৱাৰোঁ, কিন্তু মা-দেউতাৰ কথামতে আপোনাৰ সৈতে বিয়া হ'ম বুলিও কথা দি পেলালোঁ। এই কথাখিনি আপোনাক খুলি কম বুলি ভাবিও বহুদিন বহুকেইখন চিঠি চিঙি পেলাইছোঁ। আপোনাৰ দৰে সহজ-সৰল ব্যক্তি এগৰাকীক মিছা কথা কৈ হয়তো বিবাহৰ পবিত্ৰ বান্ধোনত বান্ধ খাবলৈ মোৰ অসুবিধা হ'ব। 

মোৰ জীৱনৰ এই দোমোজাটো ভঙাত সহায় কৰিবনে? মোক বিয়া নকৰাও বুলি ক'বনে মোৰ পিতৃ-মাতৃৰ ওচৰত? মইযে অয়নক এৰি একমুহূৰ্তও থাকিব নোৱাৰিম, সি তেনেই অকণমানি!


আপোনাৰ উত্তৰৰ বাবে বাট চাই থাকিম।



ইতি

প্ৰণতি

Comments

Popular posts from this blog

য়ে দিল্লী হে মেৰে য়াৰ

শিশু গল্প:

নেপচুনলৈ