বন্ধু

 কেইদিনমানৰ পৰা শৰীৰটো সিমান ভাল নহয়। মনটোও বেয়া। সকলোৰে পৰা আতঁৰি ফুৰিছোঁ। কিয়, নাজানো!


ভূত-ভবিষ্যতৰ ভিন্ন চিন্তা-পৰিকল্পনাৰ মাজত সীমাবদ্ধ হৈ নিজৰেই অনিষ্ট মাতি আনিছা। ইমান ষ্ট্ৰেছ্ কিয় লোৱাহে ডেকাল'ৰা? এক্সাৰচাইজ কৰা, ব্লাড প্ৰেচাৰটো তেনেকৈয়ে ঠিক হ'ব।  -  ডা° ৰঙ্গাৰাওৰ শেষ কথা। মোৰ হেনো বেলেগ একো বেমাৰ নাই!


সচাকৈয়ে চিন্তা বেছিকৈ কৰিছোঁ নেকি! আজিকালি কথাবোৰ সহজভাৱে কিয় ল'ব নোৱাৰা হলো?


আচলতে সহজভাৱে লোৱাৰ কথাও নহয়। অন্ততঃ মোৰ বাবে‌ নহয়।

- অহংকাৰী হৈ পৰিছোঁ নেকি? কিন্তু অহংকাৰ কৰিবলৈ আছেনো কি মোৰ!


লগৰবোৰে আজিকালি খবৰ এটা ল'বলৈও এৰিলে। 

কোনো কথা নাই - মইও দেখোন সিহঁতৰ খবৰ লোৱা নাই! 


কিন্তু ঘৰৰ মানুহে? তেওঁলোকেও পাহৰিলে নে? আজিকালি মায়ে একেবাৰে ফোন নকৰে। দেউতা ঢুকুৱাৰ পৰা সকলোবোৰ কিবা যেন সলনি হ'ল। 


জ্যোতিদাৰ জিমলৈ গৈছিলোঁ সিদিনা, এসোপামান গালি দিলে। 


- এই বয়সত এইবোৰ কৰিব নালাগে দে, অলপ বেগাই খোজকেই কাঢ়।

- পুৰণি চাইকেল এখন আছে, সেইখনকে ঠিক কৰি লওঁ নেকি জ্যোতিদা?


আগ্ৰহেৰে সোধা কথাটোত মানুহজনে আপত্তি নকৰিলে। চহৰৰ বিখ্যাত শৰীৰচৰ্চাবিদ গৰাকীৰ পৰা গ্ৰীণ চিগনেল পাই চাইকেলখন লৈ মাজে মাজে সন্ধিয়া ৰাস্তালৈ ওলোৱা আৰম্ভ কৰিলোঁ।


মায়ে সৰু পুতেকৰ কথামতেই কাম কৰে। গাঁৱৰ ঘৰটো মেৰামতি কৰাৰ সময়ত এবাৰলৈ মোক খবৰো নকৰিলে। মইনো কিবা বাধা দিমনে? হয়তো মোৰ প্ৰয়োজন নাই তাত। সেয়েহে.....


কামৰ মাজতে দিনটো ফোনৰ স্ক্ৰীনখনলৈ আগ্ৰহেৰে চাই থাকোঁ - কিজানিবা কোনোবাই কৰেই ফোন। পিছে পাৰচনেল লোন, মাটি আৰু ক্ৰেডিট কাৰ্ড বিক্ৰী কৰিবলৈ ফোন কৰা ছোৱালী কেইজনীৰ বাহিৰে বেলেগৰ ফোন নাহে।


কেইবছৰমানৰ আগতে হোৱাটছ্ এপৰ গোট এটাত সোমাই লৈছিলোঁ। হাই-স্কুলীয়া বন্ধু কেইজনমান আছে তাত। পিছে লাহে লাহে তাতেও কাৰো মেচেজ নেদেখা হলো। সকলোৰে ব্যস্ততা বাঢ়িল। মাজে মাজে কোনে কেইখন গাড়ী কিনিলে, ক'ত নতুনকৈ ফ্লেট চাই আছে আদি সৰু-সুৰা দুই-এটা আলোচনা নোহোৱা নহয় অৱশ্যে। কিন্তু সকলো কথা-বতৰা ইংৰাজীত। অসমীয়াত কথা পাতিবলৈ হয়তো সিহঁতৰ লাজ লগা হ'ল। সকলো ডাঙৰ মানুহ, ভব্য গব্য সামাজিক ষ্টেটাচৰ গৰাকী হ'ল। 


দেউতাই তেওঁ কাম কৰা স্কুলখনতে সোমাই থাকিবলৈ কৈছিল, লাহে লাহে চাকৰিটো হয়তো হৈয়ে গ'লহেতেন। মোকো নিজৰ দৰে শিক্ষকৰ ৰূপত দেখিবলৈ বৰ হেপাহ আছিল তেওঁৰ। পিছে মইহে একেবাৰে আগ্ৰহী নাছিলোঁ। সেই সময়ত দেউতাই আঠ-ন মাহৰ মূৰত এমাহৰ দৰমহা পোৱা দেখি হয়তো সেই আগ্ৰহে কেতিয়াও মনত সাঁচ বহুৱাব নোৱাৰিলে। 

পিছে আজি অনুতপ্ত হৈছোঁ। গাঁৱৰ লগৰীয়াবোৰ সকলোৱে শিক্ষক, প্ৰফেছাৰ হ'ল। মাহে মাহে লাখৰ ওচৰা-ওচৰি দৰমহা; ডাঙৰ ডাঙৰ ঘৰ, দুই তিনিখনকৈ গাড়ী হ'ল।

আৰু মই? প্ৰাইভেট কোম্পানীত চাকৰি কৰিবলৈ ওলাই আহি যেনেদৰে আছিলোঁ তেনেদৰেই থাকি গলোঁ। শনিবাৰ-দেওবাৰ একোৱেই বাদ নপৰে। দেহে-কেহে খাটিও যেনে তেনেহে চলি গৈছোঁ।


কথাবোৰ ভাবি ভাবি কিমানখিনি আগুৱাই আহিলো গম পোৱা নাছিলোঁ। চাইকেলখন ৰখাই দূৰদূৰণীলৈ এটা জনপ্ৰাণীও চকুত নপৰিল।


- নাই কোনো নাই এইখিনিত। কি পালোহি এয়া?


একেবাৰে নিৰিবিলি ঠাইখন। সম্মুখলৈ কিছু আঁতৰত নুমু নুমুকৈ জ্বলি থকা এটুকুৰা জুই। সেইখিনিতে ভেকেটা ভেকেট গোন্ধ এটা আহি নাকত লাগিছে।

হয়তো সেয়া শেষ হ'বলৈ ধৰা এখন চিতাৰ জুই। 


- এইখন শ্মশান যেন লাগিছে। ইমান দূৰলৈ আহিলোনে? 


ঘৰৰ ওচৰে পাজৰে এনে ঠাই এখন থকাৰ কথা আগতে শুনা নাই। শীতল বতাহ এজাকে ঘামি থকা পিঠিখন চুই গ'ল। কোনোবা এজন দৌৰি পাৰ হৈ যোৱা যেন পালোঁ। ইফালে সিফালে চাই কাকো নেদেখিলোঁ। কুকুৰ-মেকুৰী বা শিয়াল হ'ব পাৰে। 


- কিন্তু সেয়া কোন? 


সম্মুখৰ পৰা কোনোবা এজন আহি আছে। বাওঁ হাতেৰে চাইকেলৰ বেলটো বজাই ঠিক মোৰ কাষলৈকে আগুৱাই আহিছে এজন যুবক। এয়া একেবাৰে ওচৰেই পালেহি। সম্মুখতে ব্ৰেকডাল টানি ৰৈ গ'ল তেওঁ। চিনাকী নেকি বাৰু?

হয়, চিনাকীয়েই হয়। কিন্তু এয়া কেনেকৈ সম্ভৱ?


- ধ্ৰুৱ? তই ইয়াত? কিন্তু....


মুখেৰে কিবা এটা ওলাই আহিব লৈও মাতটো ডিঙিৰ মাজতে চেপা খাই ৰৈ গ'ল। চৌপাশৰ শীতল বতাহজাক হঠাতে তীব্ৰ বেগেৰে ববলৈ ধৰিলে। চাৰিওফালে ধূলি-ধোৱাই আৱৰি পেলালে, সকলোবোৰ যেন গৰম হৈ আহিল। কাণদুখন গধূৰ হৈ পৰিল, মূৰৰ পিছফালে দুপাত তাল বাজি উঠা যেন লাগিল।


কোনোবাই কিবা কৈছে কাণত, কিন্তু বতাহৰ গুমগুমনিত মই একো বুজা নাই। কিবা এটা অশৰীৰী শক্তিয়ে মোক ততাতৈয়াকৈ তাৰপৰা আঁতৰি যাবলৈ কৈছে। 

আতঁৰি আহিবলৈ চেষ্টা নকৰাও নহয়, কিন্তু চাইকেলখন ঠেলিবলৈ গাত এক বিন্দু শক্তি নাই।


- ভালে আছ? ক'ত যাৱ, ৰবিচোন। বহুবছৰ লগ হোৱা নাই। তইও চাইকেল চলোৱা কৰিলি যে? দেহাটো কমাব খুজিছ নে কিবা কম্পিটিছন চম্পিটিচন .....

কথাষাৰ শেষ নকৰাকৈয়ে চৌদিশ কঁপাই হাঁহিবলৈ ধৰিলে লʼৰাজনে। 


একেবাৰে ওচৰ চাপি আহিছিল সি। লাহে লাহে তাৰ নীলা মুখখন স্পষ্টকৈ চকুৰ আগত ভাহি উঠিল। গালদুখন ফুলি গৈছে। ডিঙিৰ সিৰা-ধমনীবোৰ স্পষ্টকৈ ওলাই আহিছে। এক কুন্ধচ বৰণ সমগ্ৰ মুখমণ্ডলত বিয়পি পৰিছে।


এইখন মুখেই এদিন চাব নোৱাৰিম বুলি হায়দৰাবাদৰ হস্পিটেলৰ বাহিৰৰ পৰা আতঁৰি আহিছিলোঁ। অত্যাধিক মদ্যপানৰ ফলত তাৰ শৰীৰৰ সকলো অংগই কাম কৰিবলৈ এৰি দিছিল সেইদিনা। ভিতৰলৈ আই. চি. ইউ.ৰ বিছনাত তাৰ শৰীৰটো নিঠৰ হৈ পৰি আছিল। পৰিয়ালৰ মানুহৰ কান্দোনৰ শব্দবোৰ ভাহি আহি কাণত পৰিছিল, কিন্তু সোমাই যাবলৈ সাহস গোটাব পৰা নাছিলোঁ।


- তই ভয় খাইছ নেকি মোক এনেদৰে দেখি? ভয় নাখাবি - আজি ফ্ৰেইণ্ডছিপ ডে বুলিহে তোক এবাৰ লগ কৰিবলৈ আহিছিলো, বৰ অকলশৰীয়া অনুভৱ হৈছে তোৰ নহয়নে? 

আৰু কিবা কিবি কৈ আছিল সি, পিছে সেইবোৰ শুনিবলৈ আৰু একমুহূৰ্তও তাত ৰোৱাটো উচিত নহ'ব বুলি ভাবিলোঁ। ক'ৰবাৰ পৰা ভৰিদুখনত অলপ শকতি গোটাই চাইকেলখন ঠেলি ঠেলি ততাতৈয়াকৈ তাৰপৰা আঁতৰি আহিবলৈ চেষ্টা কৰিলোঁ। হাত-ভৰি সকলো বতাহতকৈও বেগেৰে কঁপি উঠিছিল। যেনে তেনে চাইকেলখনত জপিয়াই খুব বেগেৰে পেডেল মাৰিবলৈ ধৰিলোঁ। 


পিছফালে তেতিয়াও তাৰ মাতটো ৰিণিকি ৰিণিকিকৈ কাণত বাজি আছিল -


- ঐ .......আহিবি আকৌ, .........লগ পাম। লগে-ভাগে ........অলপ খাম দে। হেপ্পী .......ফ্ৰেইণ্ডছিপ ডে....দোষ্টি! .........হেপ্পী ...ফ্ৰেইণ্ডছিপ ডে!

                                                ******



সমুজ্জ্বল

৬ আগষ্ট, ২০২৩

Comments

Popular posts from this blog

প্ৰতিশোধ

মুকুতাৰ মালা

এখন নেদেখা নদীৰ সিপাৰে