গোঁসাইৰ বিলৈ
বাগমতি! সুউচ্চ হিমালয় পৰ্বতৰ মাজত বৰফেৰে আবৃত এখনি তেনেই অকণমানি গাঁও৷ গাঁওখনৰ মনোমোহা পৰিবেশে অন্তৰ চুই যোৱা।নীলা-সেউজীয়া ভিন্ন ৰঙী পানীয়ে কল-কল শব্দ কৰি কেইবাখনো নৈ গাঁওখনৰ মাজেৰে বৈ গৈছে৷ আঙুলিৰ মূৰত লেখিব পৰাকৈ মাত্ৰ কেইটামান সৰু সৰু ঘৰে গাঁওখনৰ সৌন্দৰ্য অধিক আকৰ্ষণীয় কৰি তুলিছে৷
সময় ভৰ দুপৰীয়া৷ সূৰ্যদেৱতাৰ প্ৰখৰ প্ৰকোপে পাহাৰৰ শৃঙ্গবোৰক আৱৰি ৰখা বৰফৰ চাদৰখন সোণোৱালী কৰি তুলিছিল৷ যেন সোণালী টুপি এটা পিন্ধি পৰ্বতৰাজে মিছিকিয়াই হাঁহিছে৷ পাহাৰীয়া নৈৰ কুলু-কুলু শব্দৰ বাহিৰে সেই হিমচেঁচা পৰিবেশত আন একোৰে উপস্থিতি নাই৷ কেবল ক’লা-বগা নোমাল ভেড়া ছাগলী কেইটামানে মাজে মাজে সোণোৱালী পাহাৰখনলৈ চাই হেম্বেলিয়াই ফুৰিছে৷ সিহঁতৰ কাষে কাষে ঘূৰি পোৱালিবোৰে ফূৰ্তিতে চৌদিশে ঢপলীয়াই নাচিছে৷
গাঁওখনৰপৰা কিছু আঁতৰত এটা প্ৰকাণ্ড শিলাখণ্ডৰ ওপৰত ওখকৈ এটা ছায়ামূৰ্তী৷ মানুহজনক দেখিলেই অনুমান কৰিব পাৰি তেওঁৰ সুবিশাল ব্যক্তিত্ব দ্বাপৰ যুগৰ কোনোবা ঋষি মুনিতকৈ কোনোগুণে কম নহʼব৷ সবল-সুঠাম দুবাহুত ৰুদ্ৰাক্ষৰ মালা, মূৰত খোপাৰ দৰে বান্ধি লোৱা দীঘল চুলিকোচা কান্ধলৈ বৈ পৰা, সোঁহাতখন কাঠৰ যোগ-দণ্ডিকা এডালৰ ওপৰত, ঠিক সম্মুখতে সোণালী কমণ্ডলু এটা৷ সৰ্বশৰীৰত ভষ্ম সনা মানুহজন বাঘৰ চাল এখনৰ ওপৰত ধ্যানমগ্ন হৈ বহি আছিল৷
মানুহজনৰ সম্মুখত ঠিয় হৈ গোঁসাইয়ে প্ৰথমতে দীঘলকৈ উশাহ দুটামান ললে৷ পাহাৰৰ ওপৰত অক্সিজেন কম হোৱা বাবে ইতিমধ্যে তেওঁ অসুবিধাৰ সম্মুখিন হৈছিল৷ মানুহজনৰ সম্মুখলৈ আহি মাতো নামাতোকৈ মাত লগালে-
: বাবাজী, অʼ বাবাজী.....বোলো সা-সাৰে আছেনে?
বাবাজীৰ অকণো লৰচৰ নাই৷ গোঁসাইয়ে ভাবিলে ইম্মান ঠাণ্ডাত এওঁ খালি গাটোৰে কেনেকৈ আছে? পিন্ধনত বাঘৰ চাল এখন মাত্ৰ!
: বাবাজী, চকু মেলক৷ আপোনাৰ ঘৰলৈ গৈছিলোঁ, মোৰ পৰিয়াল বৰ্তমান তাতেই আছে৷ আপুনি এইফালে থকা বুলি ক’লে কোনোবাই, পিছে আপোনাক বিচাৰিবলৈ আহি মই উশাহ-নিশাহ একো ল’ব পৰা নাই৷ ইমান ওখত আহি কিয় বহি আছে? এবাৰ চকু মেলকচোন৷
এইবাৰ গোসাইয়ে মানুহজনক অলপ লৰচৰ কৰা যেন দেখিলে৷ লাহে লাহে সন্যাসীয়ে কৈ গ’ল -
: চকু মেলিনো কি হ’ব? চকু নেমেলাকৈও মই সকলো দেখা পাওঁ৷ তুমি হিমালয়ৰ পাদদেশৰ পৰা আহিছা, নহয়নে বৎস?
: হয় হয়, মই অসমৰ পৰা আহিছোঁ, সেই যে লক্ষিম.......
: জানো জানো, তোমাৰ বিষয়ে সকলো ভালদৰে জানো৷ তোমাৰ চিকিৎসাৰ সকলো ব্যৱস্থা ইতিমধ্যে কৰা হৈছে৷ তোমাক ভালদৰে চোৱা-চিতা কৰিবলৈ কৈছে বছে৷
: বছে? কোন কাৰ বছ? আপুনি এইবোৰ কি.....কৈছে?!
ঋষিয়ে অলপ থৎমৎ খোৱাৰ দৰে হৈ পুনৰ ক’বলৈ ধৰিলে --
: বৎস! তুমি ভুল শুনিছা৷ বছ নহয়, বৎসহে কৈছোঁ৷ হিমালয়ৰ অতিমাত্ৰা ঠাণ্ডাই হয়তো তোমাৰ কাণ দুখন অকামিলা কৰি পেলাইছে, সেয়ে ভুলকৈ শুনিবলৈ লৈছা৷ আহা এতিয়া আমি তললৈ যাওঁ, তোমাৰ থকা-মেলাৰ সকলো ব্যৱস্থা মই কৰি থৈছোঁ৷
ঋষি বহাৰপৰা উঠিল আৰু হাতখন গোঁসাইলৈ আগুৱাই দিলে -
: চাওঁ, অলপ ধৰি দিয়াচোন, শিলটোৰ পৰা নমাই দিয়া মোক৷
: নামিব নোৱাৰে যদি উঠিছিলেই নো কিয়? ....আৰু আপোনাৰ চকুদুটা কি হ’ল? একেবাৰে নেদেখে নেকি?
: সেইবোৰ বহুত কথা, এতিয়া থাকক দিয়া৷ পিছে পৰে কেতিয়াবালৈ ক’ম৷
ঋষি আৰু গোঁসাই দুয়ো দুয়োৰে হাতত ধৰি পাহাৰৰ তলৰ গাঁওখনলৈ নামি আহিল৷ তাতে সৰু পঁজা এটাত তেওঁলোকৰ থকা-খোৱাৰ ব্যৱস্থা কৰা হৈছিল৷ বিধে-বিধে নানা তৰহৰ লোভনীয় মোহনভোগেৰে তেওঁলোকক আপ্যায়িত কৰা হ’ল৷ খাই-বৈ গোঁসাইয়ে সপৰিয়ালে জিৰণি ল’বলৈ ইচ্চা প্ৰকাশ কৰিলে৷ পিছদিনাৰ পৰা তেওঁলোকৰ চিকিৎসা আৰম্ভ হ’ব বুলি কৈ অন্ধ ঋষি তাৰপৰা আঁতৰি আহিল৷ পঁজাটোৰ ভিতৰত গোঁসাইয়ে নিজৰ ভাগৰুৱা দেহাটো মখমলি কোমল চাদৰখনৰ ওপৰত এৰি দিলে। অতি সোনকালে তেওঁ গভীৰ নিদ্ৰাৰ কোলাত ঢলি পৰিল।
মাজনিশা ঋষিৰ কুটিৰৰ ভিতৰত ছেটেলাইট ফোনটো ভাইব্ৰেচন হৈ বাজি উঠিল৷ খেপিয়াই খেপিয়াই অন্ধ ঋষিয়ে সেইটো হাতত তুলি ললে৷ সিফালৰপৰা এটা ৰহস্যময়ী নাৰীকণ্ঠ ভাহি আহিল৷
: কামবোৰ হ’লনে বাবাজী?
: সকলো হৈ গৈছে মাডাম৷ মোৰ কাৰণে আৰু কিবা হুকুম?
: ছেটেলাইট ফোনটো লুকুৱাই ৰাখিব, আৰু চিগনেল জামাৰ যেন অনবৰতে এক্টিভ হৈ থাকে৷ মানুহজনৰ লগত থকা ফোনবোৰে যাতে ভুলতো চিগনেল নাপায়৷
: আপুনি নিশ্চিন্ত থাকক, সকলো ব্যবস্থা মই নিখুটকৈ কৰিছোঁ৷
: চাব যাতে মানুহজন দুসপ্তাহলৈ ওভটি আহিব নোৱাৰে৷ যদি কেনেবাকৈ আহি ওলাইহি ইয়াত, তেনেহলে এইবাৰ বছে অকল আপোনাৰ চকুৱেই নহয় আৰু কিবা-কিবি....
: হ’ব মেডাম, মই সকলোবোৰ ভালদৰে বুজি পাওঁ৷ এসপ্তাহ তেওঁৰ চিকিৎসা কৰা হ’ব আৰু এসপ্তাহ তেওঁ শুই থাকিব৷ সি: সি: সি:!
: প্ৰয়োজনীয় সকলো দৰৱ, খাদ্য আদিৰ চাপ্লাই আপুনি পাইছে নহয়?
: হয়, সকলোবোৰ ইতিমধ্যে সংগ্ৰহ কৰা হৈছে৷
: চাব যাতে তেওঁৰ পৰিয়ালে কোনোপধ্যেই অকণো অসুবিধাও নাপায়৷
: নিশ্চয় নিশ্চয়! তাৰবাবে বিশেষ গুৰুত্ব ৰখা হ'ব।
ছেটেলাইট ফোনটো নিৰ্দিষ্ট স্থানত লুকুৱাই ঋষি শুই পৰিল৷ কালিলৈ বহুত কাম আছে। মানুহজনে একো সন্দেহ নকৰাকৈ সকলো ব্যবস্থা কৰিব লাগিব। তাৰবাবে শৰীৰটোক জিৰণিৰ প্ৰয়োজন। বৰফৰ মাজত খালী শৰীৰে বহি থাকোঁতে বৰ কষ্ট হৈছিল।
ইফালে দূৰৈত কোনোবা অজান স্থানত সেই ৰহস্যময়ী নাৰী কণ্ঠই এইবাৰ আন কাৰোবালৈ ফোন লগালে৷
: দাদা, সকলোবোৰ ঠিকে আছে৷ তেওঁলোক ভালে ভালে গৈ পাইছে আৰু সুকলমে আছে৷
: ভেৰি গুড্ ! চাবা যাতে তেওঁলোকে অকণো কষ্ট নাপায়৷
: অন্ধ মুনিয়ে সকলো ব্যবস্থা কৰিছে৷ এইবাৰ গোঁসাই ভাল হৈ আহিবই৷
: ও, ভাল হৈ আহিবই লাগিব৷ অনবৰতে অকল গোটৰ কাম, গোটৰ প্ৰতিযোগিতা কৰি থাকে মানুহজনে, এই ভুতটো তেওঁৰ মনৰ পৰা আঁতৰাব লাগিব৷ পৰিয়ালৰ সৈতে হিমালয়ৰ নিৰ্জনতাত দুসপ্তাহ কটালে সকলো পাহৰিব৷ তেওঁ তেতিয়াহে গৈ নৰমেল হ’ব৷
: পিছে মোৰ আন এটা চিন্তা হৈছে দাদা৷
: কি চিন্তা?
: তেওঁ যদি তাতে ঋষিকেই ওলোটাই টিউচন পঢ়াবলৈ আৰম্ভ কৰি দিয়ে?
: তাত চাৰপ্ৰাইজিং একো নাই৷ শিক্ষক মানুহ, টিউচন পঢ়োৱাটো তেওঁৰ জন্মসিদ্ধ অধিকাৰ৷
: আমি অন্ধ মুনিক ভালদৰে বুজাই দিব লাগিব যাতে তেওঁৰ মিঠা মিঠা চলাহি কথাত একেবাৰে ভোল নাযায় আৰু দুসপ্তাহৰ বাবে চিকিৎসা কন্টিনিউ কৰে, নহয়নে?
: ও, তুমি যি ভাল দেখা তাকেই কৰা৷ চাবা যাতে তেওঁলোকে তাত একেবাৰে কষ্ট নাপায় আৰু সোনকালে ওভটিও নাহে।
ৰহস্যময়ী নাৰীকণ্ঠই ফোনটো থৈ দিলে৷ ইফালে তেওঁৰ স্বামী ডাঙৰীয়াই চকুদুটা ডাঙৰকৈ মেলি খঙেৰে চাই আছিল৷ নাৰীকণ্ঠই অলপ সেমেনা সেমেনি কৰি মিছিকিয়া হাঁহি মাৰি ক’লে -
: শুৱা নাই? বহুত দেৰি হ’ল চোন! মই অলপ কেণ্ডি-ক্ৰাছ খেলিম এতিয়া -তাৰ পিছতহে শুম৷
: মই শুম বাৰু, পিছে কালিলৈ দেওবাৰ নহয় জানো? প্ৰভাতি শুভেচ্ছা দিব নালাগিবনে?
: অহ, একো চিন্তা নাই৷ প্ৰভাতি শুভেচ্ছা নিদিলেও গালি দিবলৈ কোনো নাই কেইদিনমানলৈ৷
: কিয়? সেই মানুহজন ক’লৈ গ’ল?
: ইমান কথা কিয় সুধি থাকেনো? শুই নাথাকে কিয়? কামলৈ নাযাব জানো পুৱাই?
শৰ্মা ডাঙৰীয়াই আৰু একো নকৈ শুই থাকিল৷ ৰহস্যময়ী নাৰীকণ্ঠই এইবাৰ ৰহস্যময়ী হাঁহি এটা মাৰি কেণ্ডি-ক্ৰাছ খেলিবলৈ মোবাইলৰ স্ক্ৰীণখন আনলক্ কৰি ললে৷ মোবাইলৰ পোহৰে তেওঁৰ উজ্জল মুখখনি আৰু অলপ উজ্জলাই তুলিছিল৷ কাষতে শুই থকা কণমানীজনীৰ কঁপালত আলফুলে হাতখন ফুৰাই ঘড়ীটোৰ কাটাডাললৈ মন দিলে তেওঁ৷ ৰাতিপুৱা দহ-এঘাৰ বজালৈ এতিয়া তেওঁ শান্তিত শুব পাৰিব৷ “দেওবৰীয়া প্ৰভাতি শুভেচ্ছা কিয় দিয়া নাই“ বুলি ক’বলৈ এতিয়া কোনো নাই৷ কেইদিনমানলৈ অন্তত: অলপ শান্তি!!
৷৷ ধম্ ধম্ ধম্ ! ধম্ ধম্ ধম্ ৷৷
: কোন? সেয়া কোন কোন আহিছা? দেৰি হ’ল নেকি? মই উঠিছোঁ দেই! ৰ’বা আহি আছোঁ!
ধহমহকৈ উঠি বহিল গোঁসাই৷ ইতিমধ্যে টিউচনলৈ দেৰি হৈছিল, ল’ৰাবোৰ আহি অথনিৰে পৰা ৰৈ আছেহি৷ কিয় বা আজি ইমান দেৰিলৈ শুলে! মানুহজনীয়েও মাতি নিদিলে নহয়৷ কাষতে কম্বলখন মূৰৰ ওপৰলৈকে লৈ শুই থকা মানুহজনিলৈ বেঁকাকৈ চাই মুখৰ ভিতৰতে ভোৰভোৰালে গোঁসাইয়ে৷
: উহ্ চোৱা তেওঁ কি আৰামত শুই আছে৷ হেৰা বেলি উঠিল হে, কিমান শুই থাকিবা? ল’ৰা-ছোৱালীকেইটা আহি বাহিৰতে ৰৈ আছে, মোক মাতি নিদিলানো কিয়?
: উফ্ ! এই মানুহজনৰ পৰা একেবাৰে শান্তি নাই ঔ, ভালদৰে অকণমান শুবলৈও নিদিয়ে! কেবল পঢ়া আৰু পঢ়া৷ হেৰি কোনো অহা নাই হে টিউচন কৰিবলৈ!
: কিয় নাহিব? বাহিৰলৈ কাণপাতি শুনাচোন, ৰৈ আছেহি সিহঁত৷
: কাণখন ভালদৰেই গৈছে৷ কিনো শুনি থাকে আপুনিহে জানে আৰু! ক’ত আছে পাহৰিলে নেকি?
: অ’ ! কি কোৱা? তাৰমানে?
: আমি হিমালয়ৰ মাজৰ কোনোবা এখন গাঁৱত আছোঁ পাহৰিলে নেকি?
ধেইৎ, হয়তো! কথাটো কিয়নো পাহৰি যায় তেওঁ৷ নিজৰ ঘৰত যে নাই মূৰৰ পৰা একেবাৰে ওলাই গৈছিল৷ মনে মনে অলপ লাজ পোৱাৰ দৰে হ’ল মানুহজন, কিন্তু পত্নীৰ ওচৰত খুলি ক’বলৈও বেয়া পালে৷
: ইহ, খংটো উঠিলেই তেওঁৰ চোৱা ! মই ধেমালিহে কৰিছিলোঁ?
: কিহৰ ধেমালি এই ব্ৰহ্মপুৱাই?
: মানে মই কেতিয়াবাই সাৰ পালোঁ হে, কিন্তু তুমি সিফালে নাক বজাই আছা৷ হিংসা লাগিবই দিয়াচোন৷ অকলে অকলে বাগৰি থাকিবলৈ বেয়া লাগিহে তোমাক মাতি দিলোঁ! সি: সি: সি:! ব’লা ওলাই আহোগৈ৷ মানে মৰ্ণিং ৱাক্! গাঁওখন অলপ ফুৰি আহো, নে কি কোৱা?
: কৈছোঁ নহয় - ভালে ভালে ওলাই যাওক ইয়াৰ পৰা৷ মই কেইদিনমান আৰাম কৰিম বুলি আহিছোঁ ঘৰৰ পৰা আঁতৰলৈ, আপোনাৰ সৈতে অলৌ-টলৌকৈ ঘূৰি ফুৰিব নোৱাৰো দেই৷ আৰু ইমান পুৱাই ওলাই যাবলৈ কিহে পাইছেনো আপোনাক?
: আচ্ছা, ঠিক আছে৷ শুই থাকা তেনেহ’লে৷ মইয়ে গৈ আহো বাৰু৷ সাৰ পাই উঠি এনেদৰে বিছনাত পৰি থাকিব পাৰিনে?
জেকেট এটা গাত সুমুৱাই গোঁসাই পঁজাৰ বাহিৰলৈ ওলাল৷ বাহিৰত ওলোৱাৰ লগে-লগে চেঁচা ফেৰফেৰীয়া বতাহ এজাকে গালে-মুখে কোবাই গ’ল৷ দুহাতেৰে যেনে-তেনে মুখখন ঢাকি ধৰিলে৷ হাতেৰে মোহাৰি মোহাৰি চকুদুটা ভালদৰে মেলি এইবাৰ তেওঁ হতবাক হ’ল৷ সম্মুখত কেবল ব’গা আৰু ব’গা৷ বৰফৰ বুকুত আধালৈ পোট খোৱা দুই এজোপা গছৰ বাহিৰে সম্মুখত আন একোৱেই নেদেখি৷ আনকি গছৰ পাতবোৰো ব’গা৷ বৰফৰ শুভ্ৰ চাদৰখনে চৌদিশ চানি ৰাখিছে৷ সন্ধিয়াৰ মায়াবী পৰিবেশটো এতিয়া আৰু নাই৷ এইখিনিতে অন্ধ ঋষিৰ সৈতে বহি বেলৰ চৰ্বত খোৱা ভালদৰে মনত আছে৷ তেওঁলোক বহা সেই শিলদুটা নাই, জুই ধৰা ঠাইটুকুৰাও হয়তো বৰফৰ তলত৷ সকলোতে কেবল বৰফ আৰু বৰফ৷ যেন অন্য এখন পৃথিৱীহে এইয়া৷
: হেৰা! বাহিৰলৈ আহি চোৱাচোন এবাৰ৷ স্বৰ্গৰ মাজত আছোঁ নেকি আমি!
ভিতৰলৈ চাই মাত দিছিল যদিও কোনো প্ৰত্যুত্তৰ নাপাই এইবাৰ তেওঁ অকলেই আগুৱাই যাবলৈ ঠিক কৰিলে৷ সম্মুখলৈ ভৰিখন দিছিলহে মাত্ৰ, আঠুৰ ওপৰলৈ বৰফৰ মাজত সোমাই গ’ল দুয়োভৰি৷
: ছে: বৰ বিপদ৷
পৰিবেশটো ভাল লাগিছিল যদিও এইবোৰত তেওঁ একেবাৰে অভ্যষ্ট নহয়৷ মনে মনে ভাবিলে দীঘল জোতা এযোৰ হোৱা হ’লে ভাল আছিল৷ পিছে সেইবোৰ একোৱেই অনা নহ’ল লগত৷ গাঁৱৰে কোনোবা এঘৰত নিশ্চয় পোৱা যাব - বুলি বৰফৰ পৰা ভৰিখন টানি টানি উলিয়াই আগলৈ খোজ দিলে তেওঁ৷ খোজ দিলেই ভৰিখন বৰফত সোমাই যায়, আকৌ টানি টানি উলিয়াই লয়৷ আকৌ সোমায়, আকৌ উলিয়ায়৷ এনেদৰে বহু কষ্ট আৰু প্ৰচেষ্টাৰ অন্তত তেওঁ এটুকুৰা ওখ শিলৰ ওপৰ পালেগৈ৷ মনত পৰিল, ইয়াতেই অন্ধ ঋষিক তপস্যা কৰি থকা অৱস্থাত লগ পাইছিল৷ কিযে এক দুৰ্দান্ত ব্যক্তিত্বৰ অধিকাৰী তেওঁ৷ ইমান ঠাণ্ডাৰ মাজতো উদং গাটোৰেই ঘূৰি ফুৰে৷ শৰীৰত নিশ্চিতভাৱে এক অদ্ভুত উৰ্জা বিৰাজমান৷ এনে সিদ্ধ গুণ আহৰণ কৰিবলৈ কিমান যে ঘোৰ তপস্যা কৰিব লাগিব চাগৈ!
কথাবোৰ ভাবি ভাবি তেওঁ বহু দেৰিলৈ শিলটোৰ ওপৰতে বহি থাকিল৷ আগুৱাই যাবলৈ হাত-ভৰিবোৰে বাধা দিলে৷ চেঁচা বতাহজাকো ক্ৰমান্বয়ে বাঢ়ি আহিছিল৷ সোঁ-সোঁ শব্দ কৰি এসময়ত সৰু-ডাঙৰ বৰফৰ টুকুৰা কিছুমান ইফালৰ পৰা সিফালে বাগৰি যাবলৈ ধৰিলে৷ সৰ্ব শৰীৰ ঠৰ-ঠৰকৈ কঁপি উঠিল। হাতৰ আঙুলিবোৰ জঠঁৰ হৈ পৰিল৷ মানুহজনীৰ কথা অমান্য কৰি ইমান পুৱাই অকলে ওলাই অহা আইডিয়াটো যে ঠিক নহ’ল বুজিবলৈ তেওঁৰ বেছি সময় নালাগিল৷
: ৰ’দ ওলাবলৈ বা আৰু কিমান সময়? এই বৰফবোৰ গলিবনে? চেঁচা বতাহজাক কেতিয়া বা কমিব? অন্ধ ঋষিৰ পঁজাটোৱেই বা কোনফালে আছিল?
বিভিন্ন প্ৰশ্নই তেওঁৰ মনটো ভাৰাক্ৰান্ত কৰি ৰাখিলে৷ যদি ইয়াৰপৰা যাব নোৱাৰে, মানুহজনীয়ে তেওঁক বিচাৰি পাবনে! কিমান দুৰলৈ বা আগুৱাই আহিল, নিজেই নাজানে৷ ইয়াৰ পৰা ওভটি যাবলৈ বা কিমান দেৰি লাগিব, তেওঁ অকলে পাৰিবনে ইত্যাদি নানা চিন্তাই বাৰে বাৰে গোঁসাইক ব্যতিবস্ত কৰিবলৈ ধৰিলে। তেনেতে তেওঁ দুজনমান গেৰুৱা কাপোৰ পিন্ধা বৌদ্ধ ভিক্ষুৰ দৰে ব্যক্তিক সেইফালে আহি থকা দেখিলে৷ হাত জোকাৰি, চিঞৰি গোঁসাইয়ে তেওঁলোকৰ দৃষ্টিগোচৰ হ’বলৈ পাৰ্যমানে চেষ্টা কৰিবলৈ ধৰিলে৷ কিন্তু মানুহকেইজনে তেওঁক দেখা নাছিল৷ এসময়ত চিঞৰি চিঞৰি ভাগৰি পৰিল গোঁসাই৷ সেই মানুহকেইজনেই হয়তো তেওঁক বচাব পাৰিলে হয় বৰফৰ বতাহজাকৰ পৰা! হয়তো তেওঁলোকে জানিব অন্ধ ঋষিৰ পঁজাটোৰ বিষয়ে!
এসময়ত তেওঁৰ চকুদুটা মুদখাই আহিল আৰু শিলটোৰ ওপৰতে ঢলি পৰিল৷
তেনেদৰে কিমান সময় পৰি আছিল মনত নাই। হুলস্থুলীয়া পৰিবেশ এটাৰ মাজত গোঁসাইয়ে চকু মেলিলে৷ তেওঁক ঘেৰি কেইবাজনো বৌদ্ধ ভিক্ষু বহি আছিল৷ গেৰুৱা বসন পিন্ধা কণ-কণ ল’ৰাছোৱালী কেইজনমানে দৌৰি গৈ ক’ৰবাৰ পৰা গোঁসানীক হাতত ধৰি লৈ ওচৰলৈ আহিল৷ গোঁসাইক চকু মেলা অৱস্থাত দেখি তেওঁ আনন্দতে চকুপানী টুকিবলৈ ধৰিলে৷
: হেৰা কান্দিছা কিয়? মোক কোনে ইয়ালৈ লৈ আহিলে?
মানুহজনীয়ে একো উত্তৰ নিদিয়াকৈ দৌৰি আহি গোঁসাইক সাৱটি ধৰিলে৷ আনন্দতে তেওঁ সকলো পাহৰি গৈছিল৷ তেনেতে বৌদ্ধ ভিক্ষু এগৰাকীয়ে মাত দিলে -
: সম্পূৰ্ণ পোন্ধৰটা দিনৰ অন্তত আজি তেওঁ চকু মেলিলে৷ তোমাৰ কষ্ট আৰু সাধনাৰ বলতেই তেওঁ নতুন জীৱন পালে আই৷
: আচলতে, আপোনালোকে তেওঁক বৰফৰ মাজত পৰি থকা অৱস্থাত বিচাৰি নাপালে যে এইয়া কেতিয়াও সম্ভৱ নহ’লহেঁতেন৷ আপোনালোকক কি বুলি ধন্যবাদ জনাও ভাবি পোৱা নাই৷
: কিন্তু আচল কষ্ট তুমিহে কৰিছা৷ যোৱা পোন্ধৰটা দিন তেওঁক সুস্থ কৰি তুলিবলৈ তুমি যিখিনি কৰিছা, পত্নীৰ বাহিৰে আন কোনেও কৰিব নোৱাৰে৷
গোঁসাইয়ে কথাবোৰ বুজা নাছিল৷ এবাৰ তেওঁ ভিক্ষুজনৰ মুখলৈ আৰু এবাৰ পত্নীৰ মুখলৈ চাবলৈ ধৰিলে৷ বৌদ্ধ ভিক্ষুজনে এসময়ত সকলো কথা এফালৰ পৰা কৈ গ’ল৷ কেনেদৰে তেওঁক বৰফৰ মাজত ডিঙিলৈ পোট গৈ থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল আৰু তাৰ পিছত সেই মঠত দিনে নিশাই তেওঁৰ মালিচ চলিছিল, সকলো এফালৰপৰা বিবৰি গ’ল মানুহজনে৷ সকলোবোৰ শুনি কৃতজ্ঞতাৰ চকুপানী দুটোপাল নজনাকৈয়ে গোঁসাইৰ দুচকুৰে বৈ আহিল৷
এইকেইদিনত অন্ধ সন্যাসীজনে খবৰ কৰিছিলনে জানিবলৈ বিচৰাত, বৌদ্ধ ভিক্ষুকেইগৰাকীয়ে সেই অঞ্চলত তেনে কোনো সাধু-সন্যাসীক আগতে দেখা কথাটো অস্বিকাৰ কৰিলে৷ সেই গাঁওখনত কেইগৰাকীমান বৌদ্ধ ধৰ্মাৱলম্বী লোকে অতিজৰে পৰা বাস কৰি আহিছে আৰু তাত কোনো তপস্বী সন্যাসীক আগতে হেনো কোনেও দেখা নাই৷ কিন্তু দুগৰাকীমান বৃদ্ধ ভিক্ষুৱে কথাটো একেবাৰে উলাই কৰিব নোৱাৰি বুলিও ক’লে৷
গোঁসাই আচৰিত হ’ল৷ এইয়া কেনেকৈ সম্ভৱ৷ তেওঁলোকে নিজেই সেই সন্যাসীৰ সান্নিধ্যলৈ আহিছে৷ তেওঁৰ সৈতে ফুৰিছে, কথা-বতৰা হৈছে, আনকি তেওঁৰ সৈতে আহাৰ গ্ৰহণো কৰিছে৷ কিযে সুস্বাদু ভোজন আছিল সেয়া! কথাৰ মাজতে গোঁসাইয়ে সন্যাসীজনৰ অন্ধ চকুদুটাৰ বিষয়ে ব্যক্ত কৰিলে৷ কথাটো শুনি বৌদ্ধ ভিক্ষু দুগৰাকীমান অপ্ৰস্তুত হ’ল৷ তেওঁলোকে নিজৰ মাজতে কিবা গুণগুনাই আলোচনা কৰিবলৈ ধৰিলে৷ গোঁসাই-গোঁসানীয়ে ইজনে সিজনৰ মুখলৈ চালে৷ তেওঁলোকে পাহাৰীয়া ভাষাত কি কথা পাতিছিল দুয়ো বুজি নাপালে যদিও অনুমান কৰিব পাৰিলে যে কথাবোৰ ভবাৰ দৰে ইমানো সহজ নহয়৷ ক’ৰবাত কিবা এটা গণ্ডগোল নিশ্চয় আছে৷ গোঁসাইৰ মনত প্ৰশ্ন হ’ল -
: ঠাইডোখৰৰ বিষয়ে খবৰ দিয়া মানুহগৰাকীয়ে কিবা ষড়যন্ত্ৰ কৰা নাইতো? আচলতে কথাটোনো কি?
বৃদ্ধ ভিক্ষুগৰাকীয়ে এইবাৰ ক’বলৈ ধৰিলে -
: আজিৰপৰা কেইবাশ বছৰৰ আগতে ইয়াত এখন আশ্ৰম আছিল৷ সেই আশ্ৰমত এগৰাকী সন্যাসীয়ে তেওঁৰ পুত্ৰ আৰু পত্নীৰ সৈতে বসবাস কৰিছিল৷ তেওঁৰ পুত্ৰ বিদ্যা-বুদ্ধিত অতি চোকা, বেদ-উপনিষদ, পুৰাণাদি অতি কম বয়সতে পঢ়ি তেওঁ মহাজ্ঞান প্ৰাপ্ত কৰিছিল৷ কিন্তু বেদৰ জ্ঞানেৰে জ্ঞানী ঋষিপুত্ৰই সেইসময়ত অতি জৰুৰী সমৰ কলাৰ শিক্ষা নললে৷ অকল ক্ষত্ৰিয়ইহে সমৰকলা শিকিব লাগে, ব্ৰাহ্মণৰ কোনো প্ৰয়োজন নাই বুলি পিতৃক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল তেওঁ৷ এই কথাটোৱে ঋষিৰ অন্তৰত বৰ আঘাত কৰিলে, তেওঁ বহু চেষ্টা কৰিছিল নিজৰ পুত্ৰক সমৰ কলা শিকাই যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু কৰিব বুলি৷
এদিন ভৈয়ামৰপৰা অহা প্ৰাগজ্যোতিষপুৰৰ ৰজাই চল কপটেৰে ঋষিপুত্ৰক আশ্ৰমৰ পৰা আঁতৰাই লৈ গ’ল৷ সেই যে গ’ল, তেওঁ গ’লেই৷ পুনৰ আশ্ৰমলৈ ওভতি নাহিল৷ পিছত ঋষিয়ে কেইবাদিনো ভৈয়ামলৈ গৈ প্ৰাগজ্যোতিষপুৰ ভ্ৰমণ কৰিছে৷ পুত্ৰক বিচাৰি ৰজাৰ ওচৰলৈকো গৈছিল, কিন্তু ৰজাই ঋষিপুত্ৰৰ খবৰ দিবলৈকো অমান্তি হ’ল৷ নিৰাশ ঋষি ওভটি আহি অকলে অকলে আশ্ৰমত দিন কটাবলৈ ধৰিলে৷ প্ৰবল পৰাক্ৰমী সেই ঋষিয়ে হেনো বহুবছৰলৈ এটা শিলৰ ওপৰত বহি একো নোখোৱা নেমেলাকৈ মহাকাল শিৱৰ আৰাধনা কৰিছিল৷ প্ৰাগজ্যোতিষপুৰত ৰজাৰ চিপাহীৰ সৈতে হোৱা হতাহতিত তেওঁ নিজৰ চকুদুটা হেৰুৱাইছিল৷ তাৰ পিছৰপৰা প্ৰাগজ্যোতিষপুৰৰ পৰা এই ঠাইখনলৈ অহা বহুকেইজন যুবক নোহোৱা হ’বলৈ ধৰিলে৷ কিন্তু সেয়া ঋষিৰ প্ৰতিশোধ নে আন কিবা ঘটনা কোনেও আজিলৈ ক’ব নোৱাৰিলে৷ লাহে লাহে আশ্ৰমখন নোহোৱা হ’ল আৰু সেই ঋষি ক’ত গ’ল বা তেওঁৰ কি হ’ল, কোনেও নাজানে৷ বৃটিছে এচিয়া মহাদেশত শাসন কৰিবলৈ আৰম্ভ কৰাৰ পিছত আমাৰ পূৰ্বপুৰুষে আহি ইয়াত বসবাস কৰিবলৈ ল’লে৷
গোঁসাই-গোঁসানীয়ে অবিশ্বাস্য দৃষ্টিৰে বৌদ্ধ ভিক্ষুকেইজনৰ মুখলৈ চাই ৰ’ল৷ কি শুনিলে তেওঁলোকে একো বুজা নাছিল আৰু নিজৰ ঘটনাটোৰ লগত এই কাহিনীটোৰ একো সামঞ্জস্যও বিচাৰি উলিয়াব পৰা নাছিল৷ এতিয়া মাত্ৰ অসমলৈ ওভটি যোৱাহে কথা৷ ইতিমধ্যে যথেষ্ট দেৰি হৈছে, ইমান দিনলৈ চুটি লোৱাই নাছিল তেওঁ৷ ঘৰত টিউচন কৰিবলৈ অহা কণ-কণ ল’ৰা-ছোৱালীখিনিৰো বহ ক্ষতি হ’ল এইকেইদিনত৷ আগতে গৈ এই ঠাইখনৰ বিষয়ে খবৰ দিয়া মানুহগৰাকীক ধৰিব লাগিব, তেওঁহে আচল কথাটোৰ ভেদ ভাঙিব পাৰিব৷ মনৰ খু-দুৱনি দমাব নোৱাৰি গোঁসাইয়ে বৌদ্ধ ভিক্ষুকেইগৰাকীক প্ৰশ্ন কৰিলে -
: সেই ঋষিগৰাকীৰ নাম কি আছিল, আপোনালোকে জানেনে?
কিছুসময় চিন্তা কৰি এগৰাকী বৃদ্ধ ভিক্ষুৱে মাত লগালে -
: মই শুনা মতে অন্ধ ঋষিৰ নাম আছিল ’ ঋষি বিচিত্ৰ বিন্দু’
: আৰু তেওঁৰ পুত্ৰৰ নাম?
: তেওঁৰ পুত্ৰৰ নাম - ’ঋষি আউৰো বিন্দু’
গোঁসাই-গোঁসানীয়ে ইজনে সিজনৰ মুখলৈ চাবলৈ ধৰিলে৷ চেঁচা বতাহ এজাকে সকলোকে কোবাই গৈছিল৷ গোঁসাইৰ গাটো কেনেবা কেনেবা লাগিল৷ চাওঁতে চাওঁতে সূৰ্যটোৱে পশ্চিমত বিদায় মাগিলে৷ মুহূৰ্ততে ঠাইডোখৰে এন্ধাৰৰ কোলাত শুবলৈ প্ৰস্তুতি চলাবলৈ ধৰিলে৷ বাহিৰত তেতিয়াও বৰফ পৰি আছিল৷ বৌদ্ধ ভিক্ষুকেইগৰাকীৰ উপদেশত ৰাতিটো জিৰণি লৈ পুৱাতে ঠাইডোখৰ এৰিবলৈ দুয়ো মনে-প্ৰাণে প্ৰস্তুত হ’ল৷ ভিক্ষুসকলক বিদায় দি দুয়ো ভিতৰলৈ সোমাল। এই নিশাৰ সমাপ্তি ক'ত দুয়ো নাজানে। মনে মনে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালে যাতে ৰাতিটো ভালে ভালে পাৰ কৰি পিছদিনা পুৱাই তেওঁলোক অসমলৈ ঘূৰি যাব পাৰে।
Comments
Post a Comment