নিষিদ্ধ প্ৰেম

 প্ৰদীপ্তৰ নম্বৰটো ডিলিট কৰি মালবিকাই একমুহূৰ্তৰ বাবে ভাবিলে কথাটো বা কেনে হ’ল..! এনেদৰে তেওঁক হঠাতে উপেক্ষা কৰাৰ পিছত প্ৰদীপ্তই সহজভাৱে ল’ব জানো কথাবোৰ...! যদি তেওঁ আকৌ সেই স্কুলৰ দিনবোৰৰ দৰে হৈ পৰে? এজন অভং আৰু গৱাৰ ল'ৰা..৷ অপৰিচ্ছন্ন কাপোৰ কানিৰে সেই সাধাৰণ ল'ৰাজনৰ ছবিখনে মালবিকাৰ চকুত ধৰা দিলেহি৷ যদিও তেতিয়া ল’ৰাটোক তেওঁ তেনেকৈ মন কৰা নাছিল তথাপিও আন ছোৱালীবোৰৰপৰা ঘুনুক ঘানাককৈ শুনিছিল, লʼৰাজন হেনো সাংঘাটিক জেদি৷ কৰিম বুলি ভবা কামটো কৰিহে এৰিব৷ এইকেইদিন কথা বতঁৰা হওঁতেও মালবিকাৰ সেই কথাটো অলপ অনুভৱ নোহোৱা নহয়৷ যদি মানুহজন সঁচাকৈয়ে আহি ওলাইহি? যদি সকলোৰে আগত কৈ দিয়ে মালবিকাই সিদিনা এটা দুৰ্বল মুহূৰ্তত ভাল পাওঁ বুলি কৈ পেলোৱাৰ কথা..! যদিহে তেওঁৰ ফোনটো মানুহজনে ৰেকৰ্ড কৰি থৈছিল? আকৌ এবাৰ ভাবিলে - সঁচাকৈয়ে ইমানলৈ যাবনে তেওঁ?


প্ৰদীপ্তৰ কথাবোৰ মালবিকাৰ দৃষ্টিত তেতিয়াও নুবুজা সাঁথৰ হৈ আছিল৷ এজন ভাল মনোৰোগ বিশেষজ্ঞৰ পৰামৰ্শ ল’বলৈ কোৱা কথাষাৰ যদি প্ৰদীপ্তই বেলেগ দৃষ্টিৰে লৈছে? কোনদিনা ঘৰ ওলাবহি বাৰু তেওঁ? কোনদিনা ভাঙি পৰিব মালবিকা দুৱৰাৰ সুখৰ সংসাৰখন? এটা অব্যক্ত বেদনাই এক কৰুণ ভীতিৰ ৰূপ লৈ মানুহজনীক দিনে দিনে অসুস্থ কৰি তুলিলে৷ ৰাতি সপোনতো তেওঁক প্ৰায়ে প্ৰদীপ্তৰ সেই ল’ৰালীৰ ৰূপটোৱে আমনি কৰিবলৈ ধৰিলে৷ বেলবটম লং পেণ্টটোৰ ওপৰত বিশৃঙ্খলভাৱে পৰি থকা দুহাত কোচাই লোৱা চোলাটোৰ মাজেৰে কঁকালত ওলমি দূৰৰ পৰাই জিলিকি থকা ছুৰিখনৰ আগটো তেওঁ সপোনতো ঠিকেই দেখিলে৷ সঁচাকৈয়ে তেনেদৰে এখন ছুৰি কঁকালত খুচি লৈছিল নেকি বাৰু প্ৰদীপ্তই?


মানহগৰাকীৰ অসুখ দিনে দিনে বাঢ়ি গ’ল৷ আচলতে এই অসুস্থতা আছিল মানসিক, সেয়ে সোনকালে তেওঁ পৰিত্ৰাণ নাপালে৷ অসুস্থতাৰ মাজতে এদিন দুপৰীয়া খোৱা বোৱা সামৰি নিজৰ কোঠাত সোমাই ভয়ে ভয়ে মালবিকাই প্ৰদীপ্তৰ ফেববুকৰ একাউণ্টটো আকৌ খুলি চালে৷ হয়, এতিয়াও তেওঁলোকে পঢ়া দেহৰাদূনৰ স্কুলখনৰ ছবি আছে তেওঁৰ প্ৰফাইলত৷ আনফ্ৰেইণ্ড কৰা নাই এতিয়াও তেওঁক৷ দেহৰাদূনৰপৰা অসমলৈ গুছি অহাৰ সময়ত মালবিকাই এবাৰলৈও ভবা নাছিল এদিন এনেকুৱা এটা পৰিস্থিতিৰ সম্মুখীন হ’বলগিয়া হ’ব, তাকো প্ৰায় পঞ্চাশ বছৰৰ পিছত৷ লাহে লাহে স্মৃতিৰ দুখিলা পাতে যেন উৰুৱাই লৈ গ’ল মালবিকাৰ মনটো পঞ্চাশ বছৰ আগৰ দেহৰাদূনলৈ৷


পাহাৰীয়া এলেকাটোৰ একমাত্ৰ স্কুলখনত ধনী দুখীয়া সকলো ল’ৰা ছোৱালী পঢ়িবলৈ আহিছিল ওচৰ পাজৰৰ বিভিন্ন এলেকাৰ পৰা৷ মালবিকাৰ দেউতাকৰ চাকৰি সংক্ৰান্তত তেওঁলোকৰ পৰিয়ালটো সেইসময়ত দূনতে আছিল৷ আঁঠুৰ তললৈ পৰা দীঘল চুলিকোচা সযতনে সামৰি দেউতাকৰ ৰঙা প্ৰিমিয়াৰ পদ্মিনীখনৰ দুৱাৰখন ঠেলি মালবিকা স্কুললৈ নামি অহা চাবলৈ তেতিয়া বহুকেইজন ল’ৰা ছোৱালীয়ে স্কুলৰ গেটত ভিৰ কৰিছিলহি৷ এই ল’ৰা ছোৱালীবোৰৰ আকৌ দুটা গোট - গাড়ীত আহিবপৰা খিনি সদায় একেলগে ফুৰে আৰু খোজকাঢ়ি স্কুললৈ অহাকেইজন আন এটা গোটত৷ দুয়োটা গোটৰ মাজত আকৌ খণ্ড যুদ্ধও হয় প্ৰায়ে, কাৰণবোৰ তেনেই সাধাৰণ৷ কেতিয়াবা হয়তো কাৰোবাৰ মলিয়ন কাপোৰে আন কাৰোবাৰ কাপোৰত দাগ লগালে আকৌ কেতিয়াবা হয়তো কোনোবাই স্কুল চৌহদৰ ভিতৰত চিগাৰেট হোপা ঘটনাটো কোনোবাই অধ্যক্ষৰ কাণচোৱাই দিলে৷


দুয়োটা গোটৰ মাজত প্ৰদীপ নামৰ এজন ল’ৰাই মালা নামৰ ছোৱালী এজনীক পছন্দ কৰে বুলি মাজতে ওলাইছিল কথাটো, কিন্তু মালবিকাই তেতিয়া বৰ বেছি গুৰুত্ব নিদিলে৷ মালা নামৰ ছোৱালীজনীয়ে যে মালবিকা আৰু সেই প্ৰদীপেই প্ৰদীপ্ত, এই কথাটো তেওঁ সিদিনা পঞ্চাশ বছৰৰ মূৰত মানুহজনৰ সৈতে কথা হওঁতেহে অনুভৱ কৰিলে৷ মালাৰ বাবে হেনো বলীয়া আছিল প্ৰদীপ সৰুৰে পৰাই৷ কেইবাবাৰো অকলশৰে লগ কৰিবলৈ চেষ্টাও কৰিছিল মনৰ কথা খুলি ক’বলৈ৷ পিছে মালা আৰু প্ৰদীপ দুয়ো আছিল দুটা বেলেগ বেলেগ গোটৰ৷ সহজতে কথা হওঁ বুলিলেই হ’ব নোৱাৰে সিহঁতে৷ মাজত ধনী দুখীয়াৰ প্ৰাচীৰখন আহি পৰে দুয়োটা গোটৰ মাজত৷ কিন্তু লগৰীয়াবোৰৰ কথা শুনি শুনি যিদিনা মালবিকাই নিজকে সেই মালাজনী বুলি সন্দেহ কৰিবলৈ আৰম্ভ কৰিছিল, সেইদিনাই প্ৰদীপ আঁতৰি গৈছিল স্কুলৰ পৰা৷ সি তেজেৰে লিখা এখন চিঠি এখন কেনেবাকৈ অধ্যক্ষৰ হাতত পৰাত, খঙত একো নাই হৈ স্কুল এৰি গুছি যাবলৈ কৈছিল হেনো ল’ৰাটোক৷ তাৰ উপৰিও আন এটা কাৰণো শুনিছিল ল’ৰাটোক স্কুলৰপৰা উলিয়াই দিয়াৰ- সি হেনো মালাহঁতৰ গ্ৰূপটোৰ কোনোবা এজনৰ মটৰ চাইকেলখন লৈ পাহাৰৰ মাজে মাজে ক’ৰবালৈ গুছি গৈছিল কাকো নজনোৱাকৈ৷ সকলোৱে তাক মটৰ চাইকেল চোৰ আখ্যা দিছিল৷ কিন্তু কোনেও বুজিব পৰা নাছিল মটৰ চাইকেলৰ প্ৰতি তাৰ দূৰ্বলতাৰ কথা৷ সি আচলতে চুৰ কৰা নাছিল, চলাইহে চাইছিল৷ সকলোবোৰ বদনাম মূৰত লৈ সি মনে মনে আঁতৰি গ’ল দেহৰাদূনৰ পৰা৷ তাৰ পিছত সেই ল’ৰাজনৰ কথা পুনৰ স্কুলখনত কাৰো মুখতেই শুনা নগ’ল৷ এসময়ত মালাৰ দেউতাকো সপৰিয়ালে অসমলৈ বদলি হৈ আহিল৷


কথাবোৰ ভাবি ভাবি অসুস্থ মালবিকা কেতিয়ানো টোপনিৰ কোলাত ধলি পৰিল গমকে নাপালে৷ লেপটপটো বিছনাখনৰ ওপৰত খুলিয়েই শুই পৰিল তেওঁ৷ আবেলি নাতিয়েক তৃণমে আহি গাত ধৰি জোকাৰি দিয়াতহে তেওঁ চকু মেলিলে৷ লেপটপটো তেতিয়াও তেনেদৰে মেলি থোৱা অৱস্থাতেই আছিল৷ খপজপকৈ তেওঁ সেইটো সামৰিবলৈ লৈ সম্মুখতে ওলাই থকা প্ৰদীপ্তৰ প্ৰফাইটোলৰ ওপৰত আকৌ এবাৰ চকু ফুৰালে৷ এখন ফটোৰ ওপৰত মালবিকাৰ দৃষ্টি নিবদ্ধ হৈ ৰ’ল৷ এখন বৃহৎ আকাৰৰ মটৰ চাইকেল, এনফিল্ডতকৈও ডাঙৰ - কিচকিচিয়া ক’লা৷ হয়তো কোনোবা বিদেশী কোম্পানীৰ হ’ব৷ সেইখনৰ ওপৰত উঠি বিভিন্ন ঠাই ঘূৰি ফুৰা কথাবোৰ লিখা আছে প্ৰদীপ্তৰ প্ৰফাইলত৷ মটৰ চাইকেলখনৰ হেণ্ডেলত বিভিন্ন ৰং বিৰঙি পতাকা আঁৰি থোৱা৷ সেইবোৰ হেনো ভাৰতৰ নানা ঠাই ঘূৰি ফুৰাৰ চিহ্ন৷ কোনোবা ঠাইলৈ গ’লে সেই ঠাইৰ একোখন চিহ্ন এনেদৰে মটৰ চাইকেলখনত লগাই লয় তেওঁ৷


এইবাৰ আন এখন ফটোত চকু গ’ল মালবিকাৰ৷ এইখন ফটোত মটৰ চাইকেলৰ আগত সৰুকৈ এখন গামোচাৰ দৰে আঁৰি লোৱা আছে৷ ভমকা ফুলীয়া অসমীয়াৰ আপোন গামোচাখন মালবিকাই ঠিকেই চিনি পালে৷ তাৰমানে..?..প্ৰদীপ্ত সঁচাকৈয়ে অসমলৈ আহিবলৈ ওলাইছে বা ইতিমধ্যে আহিছে নেকি? হে হৰি! কি হ’ব এতিয়া৷ ততাতৈয়াকৈ মালবিকাই আপডেটটো দিয়া তাৰিখটোলৈ চালে৷ হয়....! এইখন মাত্ৰ এদিন আগৰ৷


মানুহজনৰ পিছফালে মটৰৰ ওপৰত আন এগৰাকী প্ৰৌঢ়া নাৰী৷ মালবিকাৰ মনটোৱে এইবাৰ হাহাকাৰ কৰি উঠিল৷ এয়া প্ৰদীপ্তৰ পত্নী নে আন কোনোবা? মূৰটো আচন্দ্ৰাই কৰি আহিবলৈ ধৰিলে৷ এসময়ত লেপটপটো কোলাৰপৰা আকৌ পৰি গ’ল৷ জ্বৰ ঘমাদি ঘামিবলৈ ধৰিলে মালবিকা দুৱৰা৷


সম্মুখত লেপটপৰ স্ক্ৰীনখনৰ পৰা তেতিয়া এহাল প্ৰৌঢ় দম্পত্তিয়ে হাঁহি হাঁহি যেন মালবিকাকেই চাই আছিল৷ মটৰ চাইকেলৰ ফটোখনৰ ওপৰত লিখা বাক্যশাৰীয়ে তেওঁৰ মস্তিস্কত এজাক ধুমুহাৰ সৃষ্টি কৰিবলৈ ধৰিলে৷ তাত লিখা আছিল -


দেহৰাদূন টু আসাম - এক নিষিদ্ধ প্ৰেমৰ যাত্ৰা !!

Comments

Popular posts from this blog

য়ে দিল্লী হে মেৰে য়াৰ

শিশু গল্প:

নেপচুনলৈ