ৰিক্সাৱালী

 মধুপুৰলৈ অহা এয়াই মোৰ প্ৰথম যদিও এইফালে যেন আগতেও কেতিয়াবা আহিছোঁ, তেনে ভাৱ এটাই আৰম্ভনিৰে পৰা মনটো খুন্দিয়াই আছে৷ ঘাইপথৰ পৰা নামি লুংলুঙীয়া বাটটোৰে দুমাইলমান খোজ কঢ়াৰ পিছত এখন সৰু নৈ৷ কল কল শব্দ কৰি বৈ থকা পৰিস্কাৰ পানীখিনিৰ ওচৰ পাওঁতে দিনটোৰ যাত্ৰাপথৰ দুখ কষ্ট সকলো পাহৰি গলোঁ৷ নৈখন পাৰ হ’বলৈ আকৌ বাঁহেৰে বনোৱা এখন সৰু দলং৷ আচলতে সাঁকো বুলিলেহে ভুল নহ’ব; মুঠেই সুবিধাজনক নহয়৷ ঠাইখন অতিক্ৰম কৰোঁমানে সন্ধ্যা লাগিবৰে হ’ল৷ নৈখনৰ পাৰতে মোৰ কৰ্মস্থলী বুলি শুনিছিলোঁ যদিও এঘণ্টাৰ পৰা খোজেই কাঢ়ি আছোঁ, মধুপুৰ গাঁওখনহে এতিয়াও পোৱা নাই৷ গাঁওখন বিচাৰি ওচৰৰে কোনোবা এঘৰত ৰাতিটো থকা মেলাৰ ব্যৱস্থা কৰিব লাগিব৷ জইন কৰিবলগীয়া স্কুলখন কাইলৈ দিনে পোহৰে বিচাৰিম৷


হঠাতে কাৰোবাৰ আগমনে চিন্তাত যতি পেলালে৷ সম্মুখতে আহি ৰোৱা ৰিক্সাখনৰ ওপৰৰ পৰা এগৰাকী মহিলাই মোলৈ চাই ইংগিতেৰে মাতিছে৷ গাঁওখনত পহুচাই দিব হেনো তেওঁ৷ আন্ধাৰ পোহৰৰ মাজতে মানুহজনীৰ মুখখন ভালদৰে চিনিব নোৱাৰিলেও কোলাত এটা কেচুৱা থকা যেন অনুমান হ’ল৷ কোনোবা শিশুৰ অবিৰাম উচুপনি ৰিক্সাখনৰ পৰা অহা গম পাইছিলোঁ৷ ভাগৰে জুগৰে একো নাভাবি মইও বহি পৰিলোঁ তাইৰ ৰিক্সাত৷ ইমান দূৰ বাট খোজ কাঢ়ি অহাৰ পিছত ৰিক্সাখন পাই একো ক’ব নোৱাৰা হৈ পৰিলোঁ; ভৰি দুখন মেলি লাহেকৈ দেহাটো পোনাই দিওঁ মানে আন্ধাৰৰ মাজে মাজে আমাৰ যাত্ৰা আৰম্ভ হ’ল৷  


তেনেদৰে কিমান সময় গলো মনত নাই৷ গৈ গৈ এসময়ত ৰিক্সাখন গাঁওখনত সোমাই পৰিল৷ কাণিমুনিকৈ বাটৰ কাষৰ ঘৰবোৰ দেখি অনুমান হৈছিল, মানুহখিনি শুনাৰ দৰে হয়তো একেবাৰে নিৰক্ষৰো নহয়৷ বাট-পথ পৰিস্কাৰ, ঘৰবোৰো পৰিপাতিকৈ সঁজোৱা৷ .....আৰু এয়া কি? বাটবোৰ পকী যেন লাগিছে৷ তাৰমানে ইয়ালৈ অহা অন্য কোনো পথো থাকিব৷ এনেয়ে মই ইমান দূৰ্গম বাটেৰে দিনটো খোজকাঢ়ি ঘূৰি ফুৰিলোঁ৷ কোনোদিনে নহা ঠাইখনৰ বিষয়ে ভালদৰে তথ্য সংগ্ৰহ নকৰা বাবে নিজৰ ওপৰতে খং উঠি আহিল৷


: মোক মধুপুৰ চৰকাৰী মধ্য ইংৰাজী বিদ্যালয়খনৰ ওচৰতে নমাই দিব দেই বাইটি৷


সিফালৰ পৰা কোনো সহাৰি নাহিল৷ তেওঁ পেডেল মৰাতেই ব্যস্ত৷ মূৰ দুপিওৱাৰ দৰেও নেদেখিলোঁ৷ কোলাৰ শিশুটোৱে তেতিয়াও অবিৰাম কান্দি আছিল৷ তেনে পৰিস্থিতিত মই অলপ আমনি নোপোৱাও নহয়৷ হ’লেও উপাই নাই, যাবই লাগিব৷ নিশা হৈ আহিছে, তাতে অচিনাকী ঠাই৷ 


যোৱা দুটা বছৰ মই সম্পূৰ্ণ ঘৰৰ ভিতৰতে কটালোঁ৷ ৰজত আৰু বিজিতৰ মৃত্যুৱে একেবাৰে ভাঙি পেলাইছিল মোক৷ আচলতে সিঁহত যোৱাৰ পিছত আত্মগোপন কৰিছিলোঁ মই! 

কম উৎপতীয়া আছিলোনে তিনিওটা? কাৰোবাৰ বাৰীৰ তামোল, কঁঠাল, ছাগলী পোৱালী, ডামুৰী আদি আমাৰ বাবেই নোহোৱা হোৱা কথাটো ওচৰৰ সকলোৱে জানিছিল৷ কিন্তু দেউতা মৌজাদাৰ হোৱাৰ লগতে চহৰৰ ডাঙৰ ডাঙৰ ব্যক্তিৰ আমাৰ ঘৰলৈ অবাধ অহা-যোৱা দেখি কোনেও আমাৰ বিৰুদ্ধে মুখ খুলিবলৈ সাহস নকৰিছিল৷ আমি তিনিওটা যে অভিন্ন৷ বেলেগ বেলেগ শৰীৰ হ’লেও একেটাই আমাৰ মন৷ আমাক লাগে কেৱল আনন্দ, ফূৰ্টি আৰু এসোপামান পাগলামী৷ ৰজতে হোমিঅ’ ডৰৱ বুলি ঘৰলৈ অনা কোকেইনৰ পুৰীয়া কেইটাই আমাক দিছিল সেই অপাৰ আনন্দ, সীমাহীন উন্মাদনা৷ আহ্ কি যে মজ্জা আছিল সেই দিনবোৰ৷ কিবা এটা বেলেগ মাদকতা ভৰা জীৱনত মছগুল আছিলোঁ তিনিওটা৷ কিন্তু, কিবা এটা খেলিমেলি হৈ গ’ল৷ 


সিহঁত দুয়োটা বেছিদিন নাথাকিল৷ মোক অকলশৰীয়া কৰি এজন এজনকৈ দুয়ো আঁতৰি গ’ল৷ ৰজতৰ ফুলি যোৱা শৰীৰটো ওপঙি আছিল সিহঁতৰ ঘৰৰ পিছৰ পুখুৰীটোৰ মাজত আৰু বিজিতৰ দুচোৱা হোৱা শৰীৰটো পোৱা গৈছিল চহৰলৈ যোৱা ৰেল লাইনটোৰ কাষত৷ দুয়োৰে মৃত্যুৰ ৰহস্য আজিও তেনেকৈয়ে ৰ’ল৷ কোনেও নাজানিলে সিহঁত কিয় মৰিল৷ কিন্তু মই কিবা জানিছিলোঁ নেকি! তেতিয়াৰ পৰাই মই ঘৰৰ ভিতৰতে নিজকে কিয় আৱদ্ধ কৰি ৰাখিলোঁ৷ ভাল মানুহ হোৱাৰ সপোন দেখিলোঁ যে হঠাতে৷ কিয়? কিয় পঢ়িবলৈ ললো এসোপামান কিতাপ৷ একেবাৰে গডছেৰ পৰা গান্ধীৰ দৰে হৈ পৰিলোঁ মই৷ আৰু আজি - চৰকাৰী শিক্ষক হিচাপে এই গাঁওখনলৈ আহিছোঁ ওলাই, কৰ্মজীৱনৰ পাতনি মেলিম বুলি৷ 


: বাবুলা, মনত পৰিছেনে কথাবোৰ? 


ৰিক্সাখনৰ আগৰপৰা হঠাতে ভাহি আহিল সেই চিনাকি কণ্ঠস্বৰ৷ কেতিয়াও নাভাবো বুলি ঠিৰাং কৰা কথাবোৰ আজি হঠাতে কিয় মনলৈ আহিল? ’বাবুলা’ বুলি মোক অকল কেইজনমান মানুহে জানে মাত্ৰ! আৰু এই মাতটো যেন তেনেই চিনাকী৷ হয়, তাইয়েই হ’ব৷ সেয়া ৰাঙলীৰ কণ্ঠ৷ 


: ৰাঙলী বাই? সেয়া সঁচাকৈয়ে তই হয়নে? কেনেকৈ আহি এই গাঁওখন পালি? আমিতো ভাবিছিলোঁ তই এই পৃথিৱীত নাই!


: হা হা হা! বাবুলা৷ এইয়া মইয়েই৷ তহঁতৰ ৰাঙলী বাই৷ আচৰিত হৈছ নহয়নে? হোৱাৰে কথা৷ তহঁতে ফালি চিৰাচিৰ কৰা সেই নিষ্পাপ ছোৱালীজনীক হঠাতে এনেদৰে সম্মুখত দেখিলে কাৰনো গাত হুচ থাকিব, নহয়নে? তহঁতৰ ঘৰত কাম কৰি সহায় কৰি দিছিলোঁ যে, এদিন তাৰ উচিত প্ৰতিদান দিছিলি তহঁতে৷ ’কোকেইন’ নে কি সেই পাউডাৰৰ নিচাত একো নাই হৈ তহঁত তিনিওটাই মোৰ গাত জঁপিয়াই পৰিছিলি৷ মনত আছে? বহুত চিঞৰিছিলোঁ সেইদিনা, বহুত৷ চিঞৰি চিঞৰি ভাগৰি পৰিছিলোঁ এসময়ত, কিন্তু তহঁতে একো নুশুনিলি৷ দেহৰ শেষটুপি তেজলৈকে শুহি খাইছিলি তিনিওটাই মিলি৷ বুকুখন চিৰাচিৰ কৰি অদম্য কামনা পুৰাইছিলি নিজৰ৷ এই ৰিক্সাখনলৈ মনত আছেনে? তোৰ দেউতাৰই মোৰ মানুহজনক কিনি দিছিল চহৰত চলাবলৈ৷ দেউতা কিমান ভাল মানুহ আছিল আৰু তই? ছি: ছি:! তোক নিজৰ ভাইটোৰ দৰে মৰম কৰিছিলোঁ আৰু তহঁতে মোৰ পেটৰ কেচুৱাটোৰ কথাও নাভাবিলি৷


গছ এজোপাৰ তলত ’মধুপুৰ’ বুলি লিখা চাইন ব’ৰ্ডখনত চকু পৰিল৷ কথাবোৰ স্পষ্ট হৈ আহিছে এতিয়া৷ হয়! এইয়া সেই মধুপুৰেই হয়৷ ইতিমধ্যে মোৰ হাত ভৰিৰ কঁপনিটো সৰ্বশৰীৰলৈ বিয়পি পৰিছে৷ কি কৰিম ভাবি ভাবি একো পাৰ নাপালোঁ৷ সেইদিনা ৰাঙলীৰ মৃত্যু হৈছিল৷ অত্যাধিক ৰক্তক্ষৰণ হৈছিল তাইৰ৷ তিনিওটাই দেউতাৰ মটৰখনৰ পিছফালে উঠাই আন্ধাৰৰ মাজতে গাঁৱৰ পৰা উলিয়াই লৈ গৈছিলোঁ তাইৰ মৃত শৰীৰটো৷ কোকেইনৰ নিচাত নাকেৰে মোৰ তেজ ওলাই আছিল৷ একো ক’ব পৰা নাছিলোঁ সেইদিনা৷ ৰজতে কেবল গাড়ী চলাইছিল, দূৰলৈ, বহু দূৰলৈ৷ তাইৰ শৰীৰটো মাটিত পুতি থৈ উভতি যাওঁতে জংঘলৰ মাজৰ পুখুৰীটোৰ পাৰত চকামকাকৈ দেখা মনত পৰিছে ’মধুপুৰ’ লিখা এই একেখন চাইন ব’ৰ্ড৷


: সিহঁত দুয়োকে তেতিয়াই শেষ কৰিলোঁ৷ এইবাৰ তোৰ পাল বাবুলা!            


ৰাঙলীৰ মাততো কঠিন হৈ আহিল৷ নিশা তেতিয়া কেইটা বাজিছে নাজানো৷ আন্ধাৰৰ মাজেৰে ৰিক্সাখন তীব্ৰবেগেৰে আগুৱাই গৈ আছে৷ ৰাঙলীৰ কথাৰ লগে লগে যেন সেইখনৰ গতিবেগো ক্ৰমান্বয়ে বাঢ়ি গৈছে৷ ঠিক তাইৰ মৃত শৰীৰটো লৈ এদিন আমি তীব্ৰ বেগেৰে এই গাঁওখনৰ ফালে অহাৰ দৰে৷ বতাহৰ সোঁ সোঁ শব্দৰ মাজতো সম্পূৰ্ণ শৰীৰটো ভিজি গৈছে মোৰ৷ ঘাম নে তেজ কিবা এসোপামান যেন দুয়োখন কাণৰ পৰা অহৰহ ওলাই আহিছে৷ চিঞৰিব চেষ্টা কৰিলোঁ, পিছে মাতটো নোলোৱা হৈ থাকিল৷ কিবা এটাই ডিঙিটো চেপি ধৰিছিল৷ সম্মুখলৈ একো দেখা নাই, চকুৰ সম্মুখত কেৱল এসোঁপামান আন্ধাৰ৷ ঘোপমৰা আন্ধাৰে আৱৰা ঘন বননীখনৰ মাজলৈ জলন্ত অগ্নিপিণ্ডটোৰ দৰে ৰিক্সাখন আগুৱাই গৈ থাকিল৷ লগতে গৈ থাকিলোঁ মই, দুচকুত মৃত্যু সাৱটি৷ 

Comments

Popular posts from this blog

য়ে দিল্লী হে মেৰে য়াৰ

শিশু গল্প:

নেপচুনলৈ