ধোঁৱাময় এই জীৱন

 ধ্ৰুৱ,


বহুদিন হ'ল, তোৰ খবৰ লোৱা নাই। আশাকৰোঁ কুশলে আছ। কিমান বছৰ হ'ল তোক লগ নোপোৱা, নহয়নে? আজি কিয় জানো হঠাতে পুৰণি কথা কিছুমান মনলৈ আহিল। ফেচবুক চাৱ নে! চিঠিখন পঢ়িবিচোন।


আমি কেতিয়া প্ৰথম লগ হৈছিলোঁ বাৰু? স্কুলত? অ’ হয় চাগে! তহঁতৰ স্কুললৈ হিৰু আৰু মই ক্লাছ এইটত ট্ৰান্সফাৰ লৈ গৈছিলোঁ৷ তেতিয়া স্কুল সপ্তাহ নে কিবা চলি আছিল৷ তই তবলা বজাইছিলি আৰু ডিঙিত কিবা অসুবিধা হোৱা বাবে ৰোহিতে গাব নোৱাৰা হোৱাত, মই গাইছিলোঁ তহঁতৰ লগত৷ 


সেয়াই আৰম্ভণি৷ তাৰ পিছত আমি দুয়োকে খুব সুন্দৰকৈ আদৰি ললি তহঁতে। সোনকালেই ক্লাছৰ হুলস্থুলীয়া বেক বেঞ্চাৰ হৈ পৰিলোঁ পাঁচোজন - হিৰু, সমুজ্জ্বল, কুলদ্বীপ, ধ্ৰুৱ আৰু ৰোহিত। আমি গোটেই স্কুলখনতে বিখ্যাত হৈ পৰিছিলোঁ, নহয়নে? HSKDR সদাই একেলগে থাকে, একেলগে বহে, একেলগে টিফিন খাই, একেলগে গান গাই, একেলগে ফুৰিবলৈ যাই। আমাৰ বিষয়ে আৰু যে কিমান কি.....! আমি HSKDR চিহ্ন এটা বনাই ডিঙিত একোটাকৈ লকেট পিন্ধিছিলোঁ, কি কৰিলি? হেৰুৱালি নেকি? মোৰটো এতিয়াও আছে দেই ভাই।


লাষ্ট বেঞ্চৰ অনৰ্থক গল্পবোৰ মনত পৰেনে? অবান্তৰ কল্পনাবোৰ? ...পাহৰি গলি ন। চানমাৰীৰ বৰষুণত প্ৰায়ে আমাৰ স্কুল বন্ধ থাকিছিল বা হাফ হৈছিল৷ তেনেকুৱা বৰষুণৰ দিনবোৰত স্কুলৰপৰা গৈ ৰোহিতহঁতৰ ভাড়াঘৰত মনৰ কথাবোৰ গানৰ দৰে লিখি হোৱাই নোহোৱাই কিবাকিবি সুৰ কৰিছিলোঁ, ব্লেংক কেছেটত ৰেকৰ্ড কৰিছিলোঁ - মনত আছে? দুখনমান তেনেকুৱা খামখেয়ালি চিন্তাৰ বহি মোৰ তাত আছিল, এতিয়া বিচাৰি পোৱা নাই। ৰেকৰ্ড কৰি থোৱা সুৰবোৰ আছে। এইবাৰ ঘৰলৈ যাওঁতে কাঠৰ বাকচ এটাত মায়ে সযতনে থোৱা কেছেটবোৰ দেখিছোঁ। খুলি চাবলৈহে সাহস নহ’ল৷ বজাই চাবলৈ টেপ ৰেকৰ্ডাৰো নাই। নাজানো, সেইবোৰ কি অৱস্থাত আছে। বাজিব নে নাই সেয়াও নাজানোঁ৷ 


তোৰ কেইবিধমান বস্তু মোৰ লগত থাকিল। বিশেষকৈ নীলা মাউথ অৰ্গেনটো - মনত আছে? মেট্ৰিকৰ টেষ্ট পৰীক্ষাৰ পিছত ক্লাছৰ ভিতৰত বজাই থাকোতে যে শৰ্মা চাৰে ৰাখি থৈছিল। হেড চাৰৰ কথা মনত আছেনে? তেওঁ সেইদিনা খুব গালি দিছিল। শাস্তি স্বৰূপে আমি আটাইকেইটা বেঞ্চৰ ওপৰত তিনিটা ক্লাচলৈ থিয় হৈ আছিলোঁ। পিছত তহঁতক নোকোৱাকৈ মই অকলে সেইটো ঘূৰাই ল'বলৈ গৈ শৰ্মা চাৰৰ ওচৰত পাঁচোজনে মেট্ৰিকত ভাল ৰিজাল্ট কৰিম বুলি কথা দি আহিছিলোঁ। ৰিজাল্ট সকলোৰে ভাল হৈছিল আৰু কথামতেই তেওঁ সেইটো মোক উভটাই দিছিল। সেইযে মোৰ লগতে থাকিল, থাকিয়ে গ’ল৷ 


মাউথ অৰ্গেনটো এতিয়াও আছে লগত৷ মনে মনে কেতিয়াবা উলিয়াই চাওঁ, কিন্তু তোৰ ওপৰত খং কৰিয়েই সেইটো নবজাওঁ। 


তোৰ আৰু এটা বস্তু আছে অ’! কলেজৰ সময়ত তহঁত প্ৰায়ে খাৰঘূলী পাহাৰৰ ওপৰৰ মোৰ ৰুমটোলৈ ৰাতি থকাকৈ আহিছিলি। হৃষিকেশ মুখাৰ্জিৰ চিনেমাবোৰ চাই কত ৰাতি উজাগৰে পাৰ কৰিছিলোঁ আমি! মাজৰাতি চিঞৰি গান গোৱা বাবে ওচৰ চুবুৰীয়াই পিছত মোক কথাও শুনাইছিল; সেইবোৰ যেনিবা তহঁতক কেতিয়াও জনোৱা নহ’ল৷

এবাৰ হৃষিকেশ মুখাৰ্জিৰ পাঁচখন চিনেমা একে বহাতে চাইছিলোঁ, মনত আছে? সন্ধিয়াৰ পৰা পিছদিনা পুৱালৈ এক মিনিট টোপনি নমৰাকৈ আমি কিমান যে হাঁহিলোঁ! পুৱা তই পোন্ধৰটামান কণীত এসোপামান টমেটো চচ ঢালি এগ ভুৰ্জি বনালি। মনত পৰিছে? সেয়া খাই দুপৰীয়া ডেৰমান বজাত তহঁতক ৰুমতে এৰি মই কলেজলৈ গৈছিলোঁ আৰু মোৰ পেট বেয়া হোৱা দুৰ্গন্ধত আমাৰ ক্লাছৰ অৰুণাচলী ছোৱালীজনী ৰুমৰ পৰা পলাই গৈছিল। হা হা!


হৃষিকেশ মুখাৰ্জীৰ সেই পাঁচখন চিনেমাৰ অৰিজিনেল ডিভিডি কেইখন মোৰ লগত থাকি গ’ল। লাহে লাহে তহঁত আঁতৰি ফুৰিবলৈ ধৰিলি। উভটাই দিম বুলিও সেই কেইখন দিয়া নহ'ল। 

অ, তোক মই বেয়া পাওঁ, বহুতেই বেয়া পাওঁ। কাৰণটোও হয়তো জান!


মোৰ বিয়ালৈ এজনো নাহিলি! আচৰিত হৈছিলোঁ। মই নিজে গৈ তহঁতক নিমন্ত্ৰণ জনোৱা উচিত আছিল বুলি ভাবিয়েই নাপালোঁ। অফিচৰ পৰা একেবাৰে কম দিনৰ চুটি পোৱা বাবে বিয়াৰ আগদিনাহে বাঙ্গালোৰৰ পৰা গৈ ঘৰ পাইছিলোঁ। সকলোবোৰ ভাইটিয়ে অকলে এৰেঞ্জ কৰিছিল৷ সি বোলে তহঁতক নিমন্ত্ৰণ জনাবলৈ গুৱাহাটীলৈ গৈছিল, তথাপিও এজনো নাহিলি। কোনো কথা নাই, সেইবোৰ হিচাপ কেতিয়াবা পিছে পৰে লম।


বিয়াৰ দিনা এবাৰ দেখা নিদিয়াটো মূল কাৰণ নহয়, বেয়া পাওঁ তোৰ চিগাৰেট আৰু মদ্যপান কৰা স্বভাবটোৰ বাবেহে। এই বদ অভ্যাসটোনো কেতিয়া আৰম্ভ কৰিলি? কিয় কাৰো কথা এবাৰো নাভাবিলি? কি হৈ গ'ল দেখিলি নহয় এতিয়া?


তোক গুৱাহাটীৰ পৰা হাইডৰাবাদলৈ এয়াৰ এম্বুলেন্সেৰে লৈ অনাৰ দিনা হিৰুৱে ফোনত খবৰটো দিছিল। সি কৈছিল তই হয়তো আৰু কেতিয়াও ভাল নহৱ। সেইদিনা বহুত কান্দিছিলোঁ। তোক বেয়া পাই থকা বাবে, ইমান বছৰে গুৱাহাটীলৈ গলেও তহঁত কাকো লগ নকৰা বাবে, নিজকে এসোপামান গালি দিছিলোঁ।


মই থকা ঠাইখনৰ পৰা হাইডৰাবাদলৈ মাত্ৰ বাৰ ঘণ্টাৰ ৰাস্তা। যাব ওলাইছিলোঁ, তোক এবাৰ চাবলৈ যে বৰ মন আছিল। কিন্তু হিৰুৱে মানা কৰিলে। তোৰ বোলে গোটেই শৰীৰটো নীলা হৈ গৈছে, মুখখনো এফালে বেঁকা হৈছিল, মুখেৰে অনবৰতে তেজ ওলাই আছিল। তোক সেই ৰূপত সহ্য কৰিব নোৱাৰিম বুলিয়েই হাজাৰ বাৰ বিচৰাৰ পিছতো তোৰ একপি ফটোও সি মোলৈ নপঠিয়ালে।

পিছদিনা পুৱা তিনি বজাত তাৰ মেচেজটো পঢ়িছিলোঁ। তই সকলোকে এৰি এখন বেলেগ পৃথিৱীলৈ আঁতৰি যোৱাৰ খবৰটো হিৰুৱে হস্পিটালৰ পৰা স্কুলৰ গ্ৰুপত সকলোকে মেচেজ কৰিছিল।

সি ভৱাৰ দৰে কিন্তু মই ভাগি পৰা নাছিলোঁ, একেবাৰে কন্দাও নাছিলোঁ। বৰঞ্চ তোৰ ওপৰত খং উঠিছিল। 


মা-দেউতা, সৰু ভাইটী, বাইদেউহঁত, কাৰোৱেই কথা নাভাবিলি তই? নবৌজনীক অকলশৰীয়া কৰাৰ অধিকাৰ তোক কোনে দিলে? দুবছৰীয়া কণমানিটোৰ কি দোষ আছিল? তোৰ চিকিৎসাৰ নামত এপদ এপদকৈ সকলো বিক্ৰী কৰিবলগিয়া হোৱা ঘৰখনে তোক হেৰুৱাই কেনেকৈ জীৱনটো কটাব এবাৰলৈ নাভাবিলি? তই গম পাইছিলিনে নাই নাজানোঁ - গুৱাহাটীৰ নবীন নগৰৰ দৰে ঠাইত থকা তহঁতৰ ঘৰটোৰ এটা অংশ তোৰ চিকিৎসাৰ নামত যে বিক্ৰী কৰিবলগীয়া হৈছিল!


জাননে, তোৰ পিছে পিছে ৰোহিতো গ’ল সেইদিনা৷ খাদ্যনলীৰ কেন্সাৰ বোলে তাৰ৷ দেউতাৰ শ্ৰাদ্ধৰ দিনা তাৰ পত্নীয়ে ফোন কৰিছিল মোলৈ৷ সি বোলে কথা ক’ব নোৱাৰে, ডিঙিত পাইপ লগোৱা৷ কথা ক’ব মইও পৰা নাছিলোঁ সেইদিনা৷  


তহঁত দুয়োটাকে ক্ষমা কেতিয়াও নকৰোঁ। এইবোৰ কথা মনত নেপেলাওঁ বুলি ভাবিও কিয় জানো আজি মনত পৰিল। এইটোও জানো যে য'ত আছ, তাত ফেচবুক পঢ়িবলৈ সুবিধা নাই৷ তথাপিও বলিয়াটোৰ দৰে কেতিয়াবা এনেদৰে চিঠি লিখি মনৰ ক্ষোভখিনি আঁতৰাবলৈ চেষ্টা কৰোঁ।


বেছি নিলিখোঁ দে। আগৰ দৰে গান শুনোতে বা চিনেমা চাওঁতে এতিয়া আৰু চকুপানী নোলাই যদিও চিঠিখন লিখোঁতে বুকুখন ক'ৰবাত বিষাই আহিছে৷ কিবা এটা অনুভৱ কৰিছোঁ, হয়তো দুখ লাগিছে। যদি কোনোবা জনমত পুনৰ লগ হওঁ, তেতিয়া এসোপামান কাজিয়া কৰিম। ভালদৰে থাকিবি।



ইতি,

সমু

Comments

Popular posts from this blog

য়ে দিল্লী হে মেৰে য়াৰ

শিশু গল্প:

নেপচুনলৈ