শিৱ মই জঁটাধাৰী
- পিতাই! পিতাই অ’, এইটো কি ৰূপ লৈছ?
- কোন পিতাই? কোন অ’ তই? কিয় এনেদৰে মোক বাধা দিছহি বালক?
- বালক? মোক চিনি পোৱা নাই? তোৰ ল’ৰা মই, গণেশ!
- তই গণেশ? হা হা! তেনেহ’লে মই শিৱ৷ ভাল মিলিব দে আমি বাপেক পুতেক!
- মিলিব মানে? আমি বাপেক পুতেকে হওঁ আকৌ!
- কি ক’লি? মাৰৰ চৰিত্ৰত কলংক সানিবলৈ কোনে দিলে এই দু:সাহস?
- কিনো বলকি আছ পিতাই? ভাওনাৰ চৰিত্ৰ নেকি?
- চৰিত্ৰ? তাৰমানে তই চৰিত্ৰৰ সন্তান? তেনেহ’লে মোৰ পদূলিত কি তোৰ কাম?
- ধেই এইডাল! ভাং খাই আহিছ হব’লা? আইয়ে আজিও পিটিব চাবি৷
- কোন তোৰ আই? তই চৰিত্ৰৰহে সন্তান! ইয়াত কি কৰিছ? চাওঁ মোক ভিতৰলৈ সোমাব দে!
- এতিয়াই ভিতৰলৈ সোমাব নোৱাৰিবি নহয়!
- কিয়? বাধা দিবলৈ তইনো কোন?
- আই যে আছে শুই৷
- তবে? তই কি পহৰাদাৰ?
- বাহিৰতে ৰবলৈ কৈছে আই নুঠালৈ৷ কোনেও সোমাব নোৱাৰিব ভিতৰলৈ৷
- মানে? আকৌ সেই একেই ঘটনাৰে পুনৰাবৃত্তি?
- কি কৈছ? কি ঘটনাৰ পুনৰাবৃত্তি?
- মানে তই নাজান? শুন বালক, পুনৰ মোক বাধ্য নকৰিবি ডিঙি কাটিবলৈ৷ আৰু এবাৰ নোৱাৰো পুত্ৰ হত্যাৰ বোজা ববলৈ! হস্তীও নহয় আজি সহজলভ্য!
- সম্পূৰ্ণ পগলা হ’লি পিতাই! পিছে আজি তোৰ যিমানেই নিচা নালাগক, ইয়াতে পৰি থাক; ভিতৰলৈ নোসোমাবি৷ পুনৰ মই চাব নোৱাৰোঁ তোৰ পিঠিত আইৰ টাঙোনৰ কোব!
Comments
Post a Comment