কঁঠাল

 এদিন মহীকান্ত নোহোৱা হ’ল৷ চোতালৰ এচুকত ৰৈ গ’ল মাথোঁ তাৰ ডাল-পাতহীন মৰমৰ কঁঠালজোপা৷

 

মালতীৰ সীমাহীন ভালপোৱা তাৰ দুচকুৱে সহ্য কৰিব নোৱাৰিলে৷ কেইবামাহলৈও সি বিশ্বাস অবিশ্বাসৰ পেণ্ডূলামদালত ইফালৰ পৰা সিফাললৈ ওলমি থাকিল৷ মালতীৰ মৰম ভালপোৱাৰ গৰাকী যে সি নহয়, বৰঞ্চ আন বহুতো - সেয়া তাৰবাবে অবোধ্য সাঁথৰ৷ মহীকান্তৰ পুৰুষত্বক দোহাই দি এদিন সিঁহতৰ পবিত্ৰ সম্বন্ধটো মলিয়ন কৰি পেলাইছিল তাই৷ চকুৰ সম্মুখতে দিন ৰাতি একাকাৰ কৰি আন কেইবাজনৰো সৈতে যেতিয়া তাই যৌৱনৰ বেহা পাতিছিল, কঁঠালজোপাৰ তলৰপৰা ঘৰটোলৈ নিৰৱে চাই থকাৰ বাহিৰে সি একোৱেই কৰিব নোৱাৰিলে৷ মালতীৰ আগ্ৰহত সিঁহতৰ ঘৰলৈ আহিবলৈ লোৱা তাৰেই ল’ৰালীৰ বান্ধৱবোৰ এদিন হৈ পৰিল চিৰবৈৰী৷ সকলোকে যেন কাটি কুটি কঁঠালৰ কোঁহবোৰৰ দৰে চিৰাচিৰ কৰিহে পেলাব৷ খঙতে একো নাই হৈ অলপ অলপ কৈ কঁঠালজোপাৰ আগটোকে কাটিবলৈ লৈছিল সি, প্ৰতিদিনে৷


মহীকান্ত নোহোৱা দিন ধৰি মালতীৰ অবাধ বিচৰণে আকাশ চুলে৷ চেগাচেৰেক কৈ কথাটো বাহিৰলৈ নোলোৱাকৈও নাথাকিল৷ বহুতেই কোৱা মেলা কৰিলে বোলে - ’মহীকান্তক হেনো মালতীয়ে ডিঙি কাটি কঁঠালজোপাৰ তলতে শৰাধ্ পাতিলে’৷ পিছে সেই ঘৰটোলৈ অহা মল্লযুঁজাৰু হেন ডেকাকেইটাৰ বাবে মুখ খুলি কিবা ক’বলৈ কাৰো সাহস নহ’ল৷ 


মহীকান্ত আগতেও নিৰৱ আছিল, এতিয়াও নিৰৱে থাকিল৷ মালতীক সি পাৰাপাৰহীন মৰম দিব বিচাৰিছিল, বিচাৰিছিল তাই সবাতোকৈ সুখী হোৱাটো৷ আজি তাই যদি এনেদৰেই সুখ বিচাৰি লৈছে, তেন্তে তাৰ কোনো আপত্তি নাই৷ আগতে কঁঠালজোপাৰ ডালত বহি ঘৰটোৰ ভিতৰৰ খিলখিলনীবোৰ শুনি ৰৈছিল, এতিয়াও শুনে; মুণ্ডহীন কঁঠালজোপাৰ তলত পৰি ৰয় মুণ্ডহীন মহীকান্ত৷ এঠোক কঁঠাল হৈ ঘৰটোলৈ জুমি চায় বাৰে বাৰে, তাৰ মৰমৰ মালতীৰ মৰমবোৰ আন কাৰোবাৰ পৌৰোষত্তৰ তুলাচনীত জুখি জুখি ক্ষণ গণে৷ 

Comments

Popular posts from this blog

য়ে দিল্লী হে মেৰে য়াৰ

শিশু গল্প:

নেপচুনলৈ