য়ে দিল্লী হে মেৰে য়াৰ

 

জীৱনৰ প্ৰথম চাকৰি। তাতে আকৌ দিল্লীত। মনত এসোপামান হেপাহ লৈ, ৰাজধানী চহৰলৈ ওলালোঁ। নতুন ঠাই, নতুন মানুহৰ সান্নিধ্য। মুঠতে মনটো উগুল-থুগুল।

সেয়া ২০০৫ চনৰ কথা। পোষ্ট গ্ৰেজুৱেচনৰ হেপাহ মনতে সামৰি চাকৰি কৰাৰ সিদ্ধান্ত লৈছিলোঁ। 

- তেনেই সৰু মই; পঢ়িবলৈ বয়স আছে, ইচ্ছাও আছে। পঢ়া-শুনা পিছে পৰেও হ'ব কেতিয়াবা! দেউতাই দুয়োটাকে সমানে পঢ়া খৰছ ক'ৰ পৰা দিব? ভাইটীয়ে ভালদৰে পঢ়ক, মই কিজানিবা দুটা পইচা উপাৰ্জন কৰি নিজেই চলিবগৈ পাৰোঁ...!

পল্টনবজাৰত ৰত্ন কুবেৰৰ ওপৰৰ কনচাল্টেন্সি এখনত ইণ্টাৰভিউ দিলোঁ। সৌভাগ্যক্ৰমে দিল্লীৰ ডাঙৰ কোম্পানী এটাত চাকৰিটো হৈ গ'ল। পিছে তিনিদিনৰ ভিতৰতে জইন কৰিবগৈ লাগে। 

আহি পৰিল দিল্লীলৈ যোৱাৰ সমস্যা। ৰে', উৰাজাহাজত কোনোদিনে উঠি নোপোৱা ল'ৰাটো, কেনেকৈ যাম?

ডাঙৰ মাহীয়ে ক'লে -- "তোৰ দিল্লীলৈ যোৱা টিকটটো মই কৰি দিম দে"। - 

মহাই উৰাজাহাজৰ টিকট বিচাৰিবলৈ ধৰিলে, - "'ৰাটো ফ্লাইটতে যাওক, ৰে'লত বৰ কষ্ট পাব।"

সেই সময়ত 'এয়াৰ ডেক্কান' নামেৰে এটা কমদামী এয়াৰলাইঞ্চ আছিল। মহাই বহুতো বিচাৰি খোচাৰিও পিছে কম দামত টিকট এটা নাপালে। ইন্টাৰনেটৰ ব্যৱহাৰ অকল নেটকাফে বোৰতেই সীমিত, এয়াৰপৰ্টলৈ গৈ বা এজেণ্টৰ যোগেদিহে উৰাজাহাজৰ টিকট ল'ব লাগিছিল তেতিয়া।

যেনেতেনে ৰেলৱেত কামকৰা মানুহ এজনৰ যোগেদি ৰাজধানী এক্সপ্ৰেছৰ তৎকালীন টিকট দুটা পালোঁ - গুৱাহাটীৰ পৰা মোগলচঢ়াইলৈ এটা আৰু তাৰ পৰা দিল্লী। একেখনেই ট্ৰেইন, কিন্তু মোগলচঢ়াই জংচনত ডবাটো সলাব লাগিব। 

ৰে', উৰাজাহাজৰ বিষয়ে একোৱেই নাজানো; অসমৰ বাহিৰলৈ আগতে কেতিয়াও গৈ পোৱা নাই। কেনেদৰে যাম, কি কৰিম ভাবি থাকোঁতেই যোৱাৰ সময় আহি পালেহি।

পল্টনবজাৰ ৰেলষ্টেচনৰ এক নং প্লেটফৰ্মৰ পৰা প্ৰেয়সীৰ কপালত চুমা আঁকি ৰাজধানী এক্সপ্ৰেছৰ ভিতৰলৈ সোমাই পৰিলোঁ। ২৮ ঘণ্টীয়া আমনিদায়ক যাত্ৰাৰ অন্তত পিছদিনা পুৱাই নতুন দিল্লী ৰেলষ্টেচন পালোহি। এতিয়া সমস্যা হ'ল যাম ক'লৈ, একোৱেই চিনি নাপাওঁ! অহাৰ আগতে কাকো ভালদৰে সোধাও নহ'ল। নিজৰ ওপৰতেই খং উঠিল। এটকীয়া কইন বুথ এটাৰ পৰা বন্ধু এজনলৈ ফোন লগালোঁ, সি দিল্লীত থাকে বুলি জানো। ফোনটো পাই সিফালৰ পৰা সি গৰজি উঠিল -

 "তইনো এনেদৰে গুছি আহিব লাগেনে?"

সি ফৰিদাবাদত থাকে, দিল্লীৰ পৰা ৪৮ কিলোমিটাৰ আঁতৰৰ হাৰিয়ানা ব'ৰ্ডাৰত ঘৰ। আজি শনিবাৰ, অফিচৰ পৰা ওলাওতে দেৰি হ'ব হেনো। কালিলৈ দেওবাৰ, অফিচ নাই যেতিয়া পুৱাই আহি মোক লৈ যাব। 

তাৰ কথামতে ষ্টেচনৰ ওচৰৰ হোটেল এখনত সোমালোঁ। গাটো ধুই বিছনাত দেহাটো এৰি দিবলৈ বৰ আগ্ৰহেৰে বাট চাই আছিলোঁ।

হোটেল ৰজনীগন্ধাৰ কোঠাত কম্বলখন মেৰিয়াই বাগৰি লৈ টিভিটো চাই আছোঁ। অক্টোবৰ মাহ, দিল্লীত অলপ শীতৰ অনুভৱ আৰম্ভ হৈছে। তেতিয়া হয়তো সন্ধিয়া ৫ - ৬ মান বাজিছে। হঠাতে এটা বিৰাট জোকাৰণীয়ে ঠাইখন কঁপাই তুলিলে। ভূমিকম্প নে আন কিবা গম লওঁ বুলি টিভিটো অফ কৰি শুনিবলৈ চেষ্টা কৰিলোঁ। দুদিন পিছতে দেৱালী। কোনোবাই বোমা ফুটাইছে হʼবলা বুলি আহি আকৌ শুই পৰিলোঁ। ঠিক তেনেতে দুৱাৰত কোনোবাই জোৰেৰে ঢকিয়াবলৈ ধৰিলে। দুৱাৰ খুলি দেখিলোঁ - সৰু ল'ৰা এজন ৰৈ আছে, নিশ্চয় হোটেলৰ কৰ্মচাৰী হ'ব।

 

: বোমা ফুটিছে বাহিৰত, ৰুমৰ পৰা একদম নোলাব দেই দাদা।:

:  '? মানুহ মৰিল নেকি অ'?

: , চাৰিজন মৰিছে। আমাৰ হোটেলৰ কাষতে।

' .....তাৰমানে দেৱালীৰ বোমা নহয়, আচলটো হে!

ভয়তে পেপুৱা লাগি কম্বলৰ তলত আহি আশ্ৰয় ললোঁ। কিবা হ', কোনেবা ফুটালে বোমাআলফা নহয়তো? কিন্তু আলফাই দিল্লীত কিয় বোমা ফুটাব..!!

                                         **

হোটেলতে কামকৰা মৰমলগা ল'ৰাটোৱে দুৱাৰৰ বাহিৰৰ পৰা মাতি আছিল। তেতিয়া সময় কিমান গম নাপাওঁ। দুৱাৰখন খুলি বুকুখন চিৰিংকৈ গ'ল। বাহিৰত ল'ৰাটোৰ লগত দুজন পুলিচ। বুকুখন ঢেঁকিটোৰ দৰে ঢপ-ঢপাবলৈ ধৰিলে।

'ত ফঁচিলো, ইহঁতে মোকেই বোমা দিয়া সন্ত্ৰাসবাদী বুলি সন্দেহ কৰা নাইতো? বাতৰিত দেখিছোঁ বোমা ফুটা ঘটনাটো। ল'ৰাটোৱে মোৰ ফালে চাই আছে, তাৰ চকুদুটাই যেন কৈছে "পলাওঁক দাদা, সোনকালে ইয়াৰপৰা পলাই যাওঁক।"

: মইটো একো অপৰাধ কৰা নাই...কিয় ভয় কৰিছোঁ..! - মনটো ডাঠ কৰিবলৈ চেষ্টা কৰিলোঁ।

: অসমৰ পৰা আহিছ? - সম্মুখৰ পুলিচ অফিচাৰ এজনে মাত লগালে।

: হয়, আজি পুৱা আহি পাইছোঁ। -- ভয়তে মাতটো হয়তো কঁপিছিল।

: আজি ? ‌কিন্তু....হোটেলৰ মানুহৰ মতে তই ইয়াত দুদিন আগৰ পৰা সোমাই আছ।

এইবাৰ মোৰ আচৰিত হোৱাৰ পাল। ক্ৰমান্বয়ে কঁপনিটো সৰ্বশৰীৰলৈ বিয়পি পৰিল। সাম্ভাব্য বিপদৰ কথা ভাবি হাড় কঁপোৱা ঠাণ্ডাৰ মাজতো ঘামি উঠিলোঁ।

: নহয়.....মই আজি পুৱাহে আহিছোঁ, এয়া টিকট চাওঁক। -

পেণ্টৰ জেপৰ পৰা পাৰ্চটো উলিয়াই টিকটটো বিচাৰিবলৈ ধৰিলোঁ। কিন্তু ক'ত গ', টিকটটো চোন জেপত নাই!

: হে হৰি, কি হ'ব এতিয়া....!

ইতিমধ্যে পুলিচ দুজন ৰুমৰ ভিতৰলৈ সোমাই আহিছিল।

: বিচাৰ, টিকট বিচাৰ। - এজনে ধমকিয়াই কলে।

: অ... অ ....হয় ....বিচাৰিছোঁ। এ.....এক মিনিট, এক মিনিট ৰ', 'ত ৰাখিলোঁ মনত পৰা নাই।

: মনত পৰা নাই নে মিছা কৈছ?

: কিয় মিছা কম বাৰু মই?..... আৰু আপোনালোকে এইবোৰ কিয় সুধি আছে? মই আজি আহো বা দুদিনৰ আগতেই আহো, আ....আ.... আপোনালোকক কিয় লাগে?

: কাৰণ ৰাতিপুৱা হোৱা বোমা বিস্ফোৰণৰ ঘটনাটোত তই জড়িত আছ। - পুলিচৰ গপছ কথা।

: সেইটো কেনেকুৱা কথা! এই ল'ৰাজনক সোধক, হোটেলৰ ৰেজিষ্টাৰত চাওঁক, মই ৰাতিপুৱা ইয়াত সোমাইছোঁ। - অলপ সাহসেৰে সৰু ল'ৰাজনক দেখুৱাই নিজকে নিৰ্দোষী প্ৰমাণ কৰাৰ চেষ্টা কৰিলোঁ।

: সেই ল'ৰাটোৱেই কৈছে তই দুদিন আগৰপৰাই ইয়াত আছ বুলি।

: হয়নে? এইবোৰ কি হৈছে? মই দুদিনৰ আগতে কেনেকৈ আহিলোঁ, এ... এই... পোৱালি.....কি.... হৈছে....এইবোৰ?

'ৰাটোলৈ চাওঁতে সি বাহিৰলৈ দৌৰ দিলে। ইতিমধ্যে দুই এজনকৈ হোটেলৰ আন আবাসী কেইজনমানো তাত উপস্থিত হ'ল। সকলোৱে উৎকণ্ঠা ভৰা চাৱনীৰে মোলৈ চাই নিজৰ মাজতে আলোচনা কৰিবলৈ ধৰিলে। তেওঁলোকৰ ফুচফুচনি মোৰো কাণত পৰিল।

: '...বোমা ফুটুৱাটো আমাৰ হোটেলতে সোমাই আছিল। ....অসমৰ বোলে, ই উল্ফা নেকি...!!??

কিবা ৰিয়েক্ট কৰাৰ আগতে পুলিচ বিষয়া এজনে হাতত দীঘল হেণ্ডকাফডাল লগাই দিলে। আনজনে ৰুমত সিঁচৰতি কৰি পেলোৱা বস্তুবোৰ সামৰি বেগত ভৰাই ওলাই গ'ল। পিছে পিছে মোক ৰুমৰ পৰা বাহিৰলৈ লৈ অনা হ'ল।

বাহিৰত ৰৈ থকা টাটা চুম'খনত উঠি কোনোবা চিনাকি মুখৰ সন্ধানত ইফালে সিফালে চাবলৈ চেষ্টা কৰিলোঁ। নাই....এই অচিনাকী ঠাইত কোননো থাকিব, তাতে পুলিচৰ হাতত ফঁচি গৈছোঁ। মানুহবোৰে ভিৰৰ মাজৰপৰাই ডিঙি মেলি মেলি মোক চাবলৈ চেষ্টা কৰিছে। কেইজনমানে আকৌ হাতচাপৰি বজাই পুলিচৰ দলটোক অভিনন্দন জনাইছে।

: দ্বীপ আহিছে নেকি, তাক জনাব লাগিছিলে নহয়। এতিয়া যে সিয়েই একমাত্ৰ আশা-ভৰষা। দ্বীপেহে ক'ব পাৰিব মই এইবোৰত জড়িত নহয় বুলি। 

মাৰ্ডাৰ কেচত ফঁচি গৈছোঁ ভাই, চাৰিজনকৈ মানুহৰ মাৰ্ডাৰ, তাকো বোমা ফুটাই। ....ধেই জীৱন!

ভিৰৰ মাজেৰে পুলিচৰ টাটা চুম'খন আগুৱাই গৈ থাকিল। পিছফালে বহি মই অচিনাকী ৰাস্তাবোৰলৈ চাই বিভিন্ন কথা ভাবি গৈ থাকিলোঁ।

: দ্বীপে কথাবোৰ গম পাবনে? হোটেলখনৰ নামটো তাক কৈছিলোনে ফোনত? আহিম বুলি কৈছিলচোন সি...!! দ্বীপৰ ফোন নম্বৰটো কি আছিল বাৰু..মনত পৰা নাই যে...! ৰে'লৰ টিকটটো নোহোৱা হোৱাৰ দৰে, তাৰ ফোন নম্বৰ লিখা নোটবুকখনো হেৰাল নেকি?

আন্ধাৰ নামি আহিছে। পিছফালে হোটেলখনৰ নামটো ক্ৰমান্বয়ে নেদেখা হৈ পৰিছে। ৰাস্তাৰ কাষৰ নিয়ন লাইটবোৰ লাহে লাহে জ্বলিবলৈ লৈছে। হোটেলখন পাৰহৈ দুয়োকাষে শাৰী শাৰীকৈ ঠিয় হৈ থকা বৃহৎ অট্টালিকাবোৰে মোলৈ চাই হাঁহিছে। বিশাল ৰাস্তাবোৰত ইফাল সিফাল দৌৰি ফুৰা প্ৰতিখন ক'লা-বগা টেক্সীৰ পৰা একোহাল চকুৱে যেন কেৰাহীকৈ মোলৈকে চাই গৈছে। তাৰে কোনোবা এখনত হয়তো দ্বীপো বহি আছে!

: কিযে বিপদত সোমালোঁ, ঘৰত গম পালে কি হ'ব! অসমৰ বাতৰি কাকতত হয়তো ওলাই যাব কথাটো। আৰু দেউতা...? কম লাজ পাবনে তেওঁ? মোক সন্ত্ৰাসবাদী বুলি যেনিবা মানি নলয়, কিন্তু ওচৰ-চুবুৰীয়াৰ কথাত তেওঁ আঘাট নাপাবনে..? পুলিচষ্টেচনৰ পৰা কাৰোবালৈ ফোন কৰিব পাৰিমনে? ইয়াৰপৰা কেনেকৈ ওলাই আহিম? চাকৰিটো থাকিবনে মোৰ?

কথাবোৰ ভাবি ভাবি চুম'খনৰ পিছফালেৰে ৰাস্তাৰ কাষৰ গ্লোচাইনবোৰত চকু ফুৰাই গলোঁ। এখনত লিখা আছিল --

 

                                      Welcome to Delhi

                                  দিল্লী মে আপকা স্বাগত হে।

 

                                               ****

 

২৯ অক্টোবৰ, ২০০৫ চন।

দিল্লীৰ ইতিহাসত এটা ক'লা দিন। তিনিটাকৈ বোমা বিস্ফোৰণৰ শব্দই ৰাজধানী চহৰখন কঁপাই তুলিলে। চৰকাৰী হিচাপ মতে ৬৫ জন লোকৰ মৃত্যু হ'ল আৰু ৩০০ তকৈও বেছি আঘাতপ্ৰাপ্ত হ'ল। দুদিন পিছত, মানে ৩১ তাৰিখে দ্বীপাৱলী। বজাৰত যঠেষ্ট মানুহে ভিৰ কৰিছিল আৰু তাৰে সুযোগ লৈ কূটাঘাটকাৰীয়ে তিনিটাকৈ বোমা ফুটাই ৰাজধানীখন ৰক্তাক্ত কৰি পেলালে।

৫ বাজি ৩৮ মিনিটত প্ৰথমটো বোমা ফুটে ৰেলষ্টেচনৰ বাহিৰৰ 'পাহাৰগঞ্জ' অঞ্চলত। ঠিক মই থকা হোটেলখনৰ কাষতে। দ্বিতীয়টো ৬ বজাত গোবিন্দপুৰি অঞ্চলত এখন বাছৰ ভিতৰত আৰু তৃতীয় বোমাটো সৰোজিনী নগৰৰ ব্যস্ত বজাৰৰ মাজত। সময় তেতিয়া প্ৰায় ৬:০৫ সন্ধিয়া।

হোটেলৰ কোঠাত বহি সকলোবোৰ টিভিত চাই আছোঁ। চাৰিওফালে মৃত্যুৰ কিৰিলি, চিঞৰ বাখৰ। পুলিচ আৰু ফায়াৰ ব্ৰিগেডৰ চাইৰেণৰ শব্দ। দিল্লীৰ লোকেল চেনেলবোৰত সকলো লাইভ দেখুৱাই আছে। দৃশ্যবোৰ কিছু পৰিমানে ব্লাৰ কৰি দিছে যদিও ভালদৰেই ধৰিব পাৰি।

'ফায়াৰ ব্ৰিগেডৰ শব্দটো সৰুৰে পৰাই ভয় কৰোঁ, কিয় জানো বুকুখন কঁপি উঠে।'

সৰোজিনী নগৰত হোৱা ব্লাষ্টটোত মাৰুটি ভেন এখন চিন্ন-ভিন্ন হৈ থকা দেখাইছে, বহুদূৰলৈ আইনাৰ টুকুৰাবোৰ পৰি আছে। বিস্ফোৰণৰ ফলত কাষৰে দোকান এখনত চিলিণ্ডাৰ ফাটি জুই লাগিছে, জুই ক্ৰমান্বয়ে আন দোকানবোৰলৈও বিয়পি গৈছে। ফায়াৰ ব্ৰিগেডৰ গাড়ীকেইখন বজাৰৰ মাজত সোমাবলৈ চেষ্টা কৰিছে, কিন্তু ৰাস্তাটো ঠেক হোৱা বাবে অসুবিধা হৈছে।

আপোনজনক হেৰুৱাই চিঞৰি চিঞৰি কন্দা দৃশ্যবোৰ হৃদয়বিদাৰক। ৰিমোটেৰে চেনেল সলাবলৈ চেষ্টা কৰিলোঁ যদিও সকলো চেনেলতে একেবোৰেই দেখুৱাই আছে।

আন এটা চেনেলত গোবিন্দপুৰী অঞ্চলত বাছৰ ভিতৰত হোৱা ব্লাষ্টটো দেখুৱাইছে। তিনিটা শিশুৰ মৃতদেহ এতিয়াও বাছখনৰ ভিতৰতে পৰি আছে। ড্ৰাইভাৰজনে বোমাটোৰ বিষয়ে গম পাই মানুহখিনিক বাছৰ পৰা উলিয়াবলৈ চেষ্টা কৰি থাকোঁতেই হেনো বোমাটো ফুটিছে। কেইজনমানে সিচঁৰতি হৈ পৰা মৃতদেহৰ টুকুৰাবোৰ সামৰি পলিথিনৰ বেগত ভৰাবলৈ চেষ্টা কৰিছে।

অলপ আগতে দ্বীপে হোটেললৈ ফোন কৰিছিল। বাহিৰ ওলাবলৈ মানা কৰিছে। পৰিস্থিতি বৰ বেয়া, সি হয়তো পুৱাই আহিব নোৱাৰিব। আবেলি আহি মোক লৈ যাব বোলে।

: মই অহাৰ দিনাই এইবোৰ হ'ব আছিল। কেনেকৈ ওলাম ইয়াৰ পৰা? বাহিৰত চাৰিওফালে পুলিচ, কাৰফিউ। ওলাই গৈ দুটামান ফোন কৰিব লাগিছিল, ঘৰত নিশ্চয় ঘটনাটো গম পাইছে। সকলোৱে চিন্তা কৰি থাকিব।

মনৰ মাজতে ভোৰভোৰাই থাকোঁতে দুৱাৰত কোনোবা ৰৈ থকাৰ উমান পাই খুলি দিলোঁ। সম্মুখত কাঁহী এখনত ভাত দুটামান সজাই সৰু ল'ৰা এজন ৰৈ আছিল। ওপৰলৈকে আনিবলৈ দিছিলোঁ ভাতকেইটা। সি ভিতৰলৈ সোমাই টেবুলৰ ওপৰতে ভাতকেইটা সজাই থলে।

: কি নাম তোমাৰ?

: চোটু।

: ঘৰ ক'?

: নাজানো, হোটেলতে থাকোঁ।

: ভাত কেতিয়া খোৱা তোমালোকে?

: আমি ৰুটি খাওঁ, ভাত নাখাওঁ।

: খালানে?

: নাই, দেৰিকৈ খাম।

তেৰ চৈধ্য বছৰীয়া মৰমলগা ল'ৰাটো। ৰুমতে চকীএখনত বহি মোৰ ৱাকমেনটো কানত লৈ গান শুনিবলৈ ধৰিলে। খোৱা হ'লে কাঁহীখন লৈ যাব।

: ফোন কৰিব লাগে, ওচৰত এছ. টি. ডি. বুথ ক'ত আছে?

: হোটেলৰ বাহিৰতে আছে, কিন্তু বাহিৰত কাৰফিউ। সব বন্ধ।

: বেলেগ কিবা ব্যৱস্থা হ'ব নেকি?

কিছুসময় চিন্তা কৰি সি ক'লে যে ৰাতি ১০:৩০ ৰ পিছত হোটেলৰ ৰিচেপচনৰ পৰা ফোন কৰিব পাৰিম। ভাতকেইটা খাই পাৰ্চৰ পৰা ১০ টকাৰ নোট এখন হাতত দি মোক ৰাতি মাতি দিবলৈ কলোঁ। সিও হ'ব বুলি কৈ ওলাই গ'ল। টিভিটো অন কৰি আকৌ বাতৰিত মন দিলোঁ।

 ....

 .....

 : তাৰ পিছত?

 : ভাতকেইটা খোৱাৰ পিছত মূৰটো বেয়া লাগি আহিছিল। মূৰৰ পিছফালে খুব বিষ অনুভৱ কৰিছিলোঁ। আৰু তেনেদৰে থাকি কেতিয়া টোপনি আহিল গম নাপাওঁ।

 : তই সঁচাকৈ কৈছনে এইবোৰ?

 : ১০০% সত্য চাৰ।

 : হমমম্।

ঘটনাটো পুলিচ অফিচাৰজনৰ সম্মুখত অনৰ্গল বকি গলোঁ। পাহাৰগঞ্জত হোৱা বোমা বিস্ফোৰণৰ পিছত মোক এৰেষ্ট কৰি আনিছে। লক্ আপত সোমাই আছোঁ। টুল এখনত বহি অফিচাৰ জনে বিভিন্ন প্ৰশ্ন সুধি গৈছে।

: ভাত খাই উঠি তই সম্পূৰ্ণ দুদিন হোটেলৰ কোঠাত পৰি থাকিলি? ভাতৰ লগত কি খাইছিলি?

: কি কৈছে চাৰ? দুদিন মানে? মই আজিহে দিল্লী আহি পাইছোঁ।

: বাৰে বাৰে একেটা কথাতে কিয় লাগি আছ? তই পৰহিয়েই দিল্লী আহিছিলি।

: মানে?

: বোপাই, আজি ৩১ অক্টোবৰ। বোমা ফুটিছিল, ২৯ তাৰিখে আবেলি।

: এয়া কেনেকৈ সম্ভৱ?

: তাকেইতো কৈ আছোঁ। পৰহি ৰাতি হোটেলৰ ভাত খোৱাৰ পিছত আজি সন্ধিয়া আমি তোক উঠাই অনালৈ তই শুই আছিলি!!

: মই এইবিলাক একো বুজা নায়।

: বুজিবি ৰ। গোটেই ৰাতিটো পৰি আছে। লাহে লাহে সব বুজি পাবি।

--"হেপ্পী দীৱালী"-- বুলি কৈ অফিচাৰজন ওলাই গ'ল। 

সচাকৈয়ে একো বুজা নাই মই। পৰহি সন্ধিয়াৰ পৰা আজি আবেলিলৈ শুই থাকিলোঁ, এয়া কেনেকৈ সম্ভৱ? তাৰমানে কিবা নিচা খাইছিলোঁ নেকি? দ্বীপে কথাবোৰ গম পাইছেনে?

ভিতৰলৈ হাবিলদাৰ এজন সোমাই আহিল। লক্ আপত মই অকলে। তেওঁৰ পৰা গম পালোঁ আই. আৰ. এফ. নামৰ কোনোবা এটা ইছলামিক সংগঠনে বোমা বিস্ফোৰণৰ ঘটনাটো গাত পাতি লৈছে। মোৰ লগতে ধৰি অনা সন্দেহজনক ল'ৰাকেইজনক হয়তো মুকলি কৰি দিব।

: মোক কেতিয়া এৰিব?

: তোক এৰা দিকদাৰ আছে।

: কিয়?

: তোৰ ব্লাডত ড্ৰাগছ পোৱা গৈছে।

: ড্ৰাগছ?

: হোমমমম.....তই অসমৰ পৰা অহা নাই জানো? কোন ঠাইৰপৰা ড্ৰাগছ আনিছিলি? নাগালেণ্ড নে মিজোৰাম? 'ত লুকুৱাই থৈছ কৈ দে, তাৰ পিছতহে তোৰ ব্যৱস্থা হ'ব।

হে হৰি, কি কয় এওঁ? বুকুখন আকৌ এবাৰ চিৰিংকৈ গ'ল। এইবাৰহে ভাল ফঁচিলো। হয়তো ইয়াৰ পৰা আৰু কোনোদিনেই ওলাব নোৱাৰিম।

: মোৰ তেজত ড্ৰাগছ ক'ৰ পৰা আহিল? মই চাকৰি কৰিবলৈ হে আহিছোঁ, মোৰ ওচৰত এটা ডাঙৰ কোম্পানীৰ 'অফাৰ লেটাৰ' আছে।

সেইটো কি বস্তু?

তেওঁক একো বুজাই থকাৰ ইচ্ছা নাছিল। অফিচাৰজন আহিলে ভালদৰে কাকুতি মিনতি কৰিব লাগিব। তেওঁকেই কৈ দ্বীপৰ লগতো কথা হ'ব লাগিব। লক্ আপৰ ভিতৰত অসংখ্য মহ। গোটেইসোপা তেজ খাই শেষ কৰিলে। বাহিৰফালে বেৰত ওলোমাই থোৱা ঘড়ীটোত তেতিয়া ৰাতি ২টা‌ বজাৰ সংকেট দিছে। ঘড়ীটোৰ কাষতে লিখি থোৱা শ্লোগানটোৱে মোলৈ চাই হাঁহিবলৈ ধৰিছে -- তাত লিখা আছিল

 

                                              :দিল্লী পুলিচ:

                           🙏সদা আপকে সাথ.....আপকে লিএ 🙏

 

                                                 ****

  'পাহাৰগঞ্জ' পুলিচ ষ্টেচনৰ অ'চি দীপক চড্ডা আৰু হাবিলদাৰ সাহেব সিঙৰ সম্মুখত ৰেজিষ্টাৰ এখনত চহী কৰি ওলাই আহিলোঁ। দ্বীপৰ কান্ধত ধৰি টেক্সীখনত বহাৰ আগতে অ'চিজনে সোঁৱৰাই দিছিল পুনৰ যেন দেখা সাক্ষাৎ নহয়। লগত অহা উকীলজনে গাড়ীখনৰ ভিতৰলৈ বহিব সহায় কৰি দিলে। সৰোজিনী নগৰ মাৰ্কেটৰ ওচৰত তেওঁক নমাই আমাৰ টেক্সী ফৰিদাবাদলৈ আগবাঢ়িল।

ৰাস্তাৰ কাষৰ বিভিন্ন অট্টালিকাবোৰ দেখুৱাই দ্বীপে কোনটো কি অফিচ বৰ্ণনা দি গ'ল। মোৰহে পিছে সেইবোৰ চোৱাত একেবাৰে মন বহা নাই। কেনেকৈ কি হ'ল তাকেই মনত খেলাই আছে। মোৰ মনৰ ভাৱ হয়তো বুজি পালে সি -

: বাদ দে এইবোৰ.... চিন্তা কৰি নাথাকিবি। দিল্লীয়ে এটা ডাঙৰ 'ৱেলকাম' দিলে বুলি ভাবি ল।

: কেনেকৈ বাদ দিওঁ, কথাটো ওলাইছে যদি অসমত!

: নোলাই দে। বাছি গলি তই।

: নোলাই মানে? কেনেকৈ মানিলে পুলিচে?

: মানিব? দিল্লীৰ পুলিচে মানিব? মেনেজ কৰা হৈছে সিহঁতক।

: মেনেজ? মানে টকা ললে? কিমান?

: 'ব দে, এতিয়া থাকক সেইবোৰ। প্ৰথমতে আমি হস্পিটাল যাম, তাৰ পৰা ৰুম। মূৰটো পেলাই অলপ শুই ল। ফৰিদাবাদ পাবলৈ দেৰি আছে।

মোক আৰু একো কোৱাৰ সুযোগ নিদিলে সি। নতুনকৈ কিনা জ্যামিতি বক্স টোৰ দৰে মোবাইল ফোনটো লৈ কাৰোবাৰ লগত কথাত ব্যস্ত হ'ল। গোটেই ৰাতি পুলিচ ষ্টেচনত যিখিনি যন্ত্ৰণা পালোঁ, দেহ-মন সকলো বিষাই আছিল। মূৰটো লাহেকৈ চিটত এৰি দি পাৰ হৈ যোৱা তিনিটা দিনৰ কথাবোৰ এফালৰপৰা ভাবিবলৈ ধৰিলোঁ।

: কিমান টকাত ই পুলিচক মেনেজ কৰিলে বাৰু? তাৰমানে মই নিৰ্দোষী প্ৰমাণ নহ'লো নেকি? ঘৰত কথাবোৰ ক'মনে নাই? ড্ৰাগছ লৈ দুদিন হোটেলৰ কোঠাত পৰি থকা কথাটো যদি বাতৰি কাকতত ওলাই যায়?

দ্বীপ বৰপেটাৰ ল'ৰা। সম্পূৰ্ণ নাম দ্বীপজ্যোতি বায়ন। হাইস্কুলত একেলগে পঢ়িছিলোঁ, দেউতাক ঢুকুৱাৰ পিছত সি দিল্লীলৈ গুছি আহিল। এতিয়া গুড়গাঁৱত এটা চফ্টৱেৰ কম্পেনীত কাম কৰে। আজি সি মোৰ বাবে ভগৱানতকৈ কম নহয়। সি নহ'লে হয়তো জেলত পৰি থাকিলোঁহেতেন। গালেৰে বাগৰি অহা কৃতজ্ঞতাৰ দুটোপাল চকুপানী নিৰৱে মছি থলোঁ।

প্ৰাথমিক চিকিৎসাৰ অন্তত মোক দ্বীপৰ ৰুমলৈ লৈ যোৱা হ'ল। সিহঁত চাৰিজন ল'ৰা মেচ কৰি থাকে। আটাইকেইজন অসমীয়া, বেলেগে বেলেগে কাম কৰে। বিছনা এখনত বহুৱাই দ্বীপে মোক আনকেইজনৰ লগত চিনাকি কৰাই দিলে।

: এইখন নৱ দাৰ বিছনা দেই। সি বৰ্তমান নাই, বঙাইগাঁও গৈছে। পোন্ধৰ দিন পিছত আহিব। তেতিয়ালৈ তই আমাৰ লগতে থাকিব পাৰিবি। সি অহাৰ পিছত কিন্তু বেলেগ ব্যৱস্থা কৰিব লাগিব ভাই।

: 'ব বাৰু।

দ্বীপৰ কথাত সন্মতি জনাই, বিছনাখনত বাগৰি দিলোঁ।

***

অফিচত জইন কৰোঁতে এসপ্তাহ দেৰি হ'ল। ট্ৰেইনিং আৰম্ভ হোৱাৰ দুদিন পিছত ম'বাইল এটা ললোঁ। পিছে ঘৰত কথাবোৰ জনোৱাহে নহ'ল। মা-দেউতাই মনত কষ্ট পাব বুলিয়েই লুকুৱাই ৰাখিলোঁ। গীতাকো এইবিষয়ে একো নকলোঁ, তাই যে আৰু বেছি চিন্তা কৰিব। দিল্লীলৈ অহা কথাটোৱেই মানি লোৱা নাছিল। ব্ৰহ্মপুত্ৰৰ পাৰত বহি থাকোঁতে সেইদিনা হাতদুখন খামুচি ধৰি তাই সুধিছিল -

: গুৱাহাটীত চাকৰি নাই নেকি? মই ইয়াত অকলে কেনেকৈ থাকিম?

: তইচোন জানই, যোৱা ডেৰ বছৰৰ পৰা চাকৰিয়েই বিচাৰি আছোঁ। দোকানে দোকানে, মানুহৰ ঘৰে ঘৰে গৈ ডিক্সনাৰি বিক্ৰী কৰি ফুৰিব নোৱাৰোঁ দেই। কম্পিউটাৰ চায়েন্সৰ ডিগ্ৰীটো লৈ যদি এইবোৰেই কৰিবলৈ আছে, তাতকৈ এনেই বহি থাকিম যা।

: প্লীজ ইগোবোৰ এৰি দে। কামৰ সৰু-ডাঙৰ একো নাই নহয়। কম্পিউটাৰ চায়েন্সৰ ডিগ্ৰী কৰিলে মাৰ্কেটিঙৰ কাম কৰিব নোৱাৰি বুলি ক'ত লিখা আছে নো? অন্ততঃ একো নোপোৱালৈ কৰি থাকচোন। সকলোৱেই চোন কৰি আছে! গুৱাহাটীত ক'ত চফ্টৱেৰৰ চাকৰি পাবি?

: সেইকাৰণেই বাহিৰলৈ যাব খুজিছোঁ।

: যি কৰ তাকেই কৰ, মুঠতে মই হোষ্টেলত থাকিমনে ঘৰলৈ গুছি যাম সোনকালে কবি মাত্ৰ।

: মানে?

: মানে আৰু কি! তই যদি দিল্লীলৈ যাৱ, মইও ঘৰলৈ গুছি যাম। মাষ্টাৰ ডিগ্ৰীটো তাতেই কৰিমগৈ। এনেই এনেই হোষ্টেলত কিয় থাকোঁ!

আমি দুয়োটা সমবয়সীয়া যদিও সৰু ছোৱালীজনী হৈয়েই থাকিল তাই। অভিমানত নাকটো ফুলি উঠিছিল, চকু দুটাও চলচলীয়া হৈছিল আৰু শেষত খং কৰি গুছি গৈছিল তাই। মই দিল্লী অহাটো মুঠেই বিচৰা নাছিল। বহুত বুজোৱাৰ পিছত যেনিবা মান্তি হ'; চৰ্ত আছিল দিল্লীত মই কোনো ছোৱালীৰ লগত বন্ধুত্ব কৰিব নোৱাৰিম। কথাবোৰ ভাবি কেতিয়াবা হাঁহি উঠে যদিও এয়াই হয়তো মৰম। 

****

আজিকালি মূল দিল্লী চহৰত থাকোঁ। ফৰিদাবাদৰ পৰা নিতৌ অহা-যোৱা কৰা অসুবিধা বাবে দ্বীপে দিল্লীতে থাকিবলৈ কৈছে। দিল্লীত ৰুম ললোঁ যদিও ফৰিদাবাদ এতিয়াও এৰিব পৰা নাই। শুক্ৰবাৰে ৰাতি অফিচৰ পৰা ফৰিদাবাদলৈ যাওঁ আৰু সোমবাৰে পুৱা তাৰপৰাই অফিচ কৰোঁ। দিল্লীতকৈ প্ৰদূষণৰ মাত্ৰা কম হোৱা বাবে অসমৰ ল'ৰাবোৰ ফৰিদাবাদতে থাকিবলৈ বিচাৰে। তাত অসমৰ দৰে পৰিবেশ এটা এতিয়াও আছে। ৰাস্তাবোৰ সৰু, জনবসতি কম, গাড়ী মটৰৰ সংখ্যাও দিল্লীতকৈ তুলনামূলকভাৱে যথেষ্ট কম। ৰিক্সাত উঠিয়েই আমি বজাৰ-সমাৰ কৰোঁ। একমাত্ৰ অসুবিধা হৈছে দূৰত্ব। ফৰিদাবাদত থকাকেইটাৰ বাবে দিল্লীলৈ অহা-যোৱা কৰাটো আমনিদায়ক।

ট্ৰেইনিং শেষ কৰি কামত জইন কৰা বেচ কিছুদিনেই হ'ল। আজিকালি অফিচতো দেৰি হয়। পুৱা আঠবজাৰ পৰা কেতিয়াবা নিশা দুটা তিনিটাও বাজে। ৰাতি বেছি হ'লে অফিচৰ বাংকাৰত শুই পৰোঁ, আকৌ পুৱাই অনলাইন হ'ব লাগে। কাম শেষ হোৱাৰ নিৰ্দিষ্ট সময় নাথাকে।

মনতে ভাবোঁ, অসমৰ চৰকাৰী চাকৰিয়াল কেইজনমানক আনি ইয়াত সুমুৱাই দিলে কেনে হ'ব বাৰু! দিনৰ এঘাৰ বজাত অফিচ সোমাই আবেলি চাৰিবজাৰ আগতেই ঘৰত উপস্থিত হোৱা কেইজন হয়তো বেমাৰি হৈ যাব। পিছমুহূৰ্ত্ততে আকৌ ভাবোঁ, তেওঁলোকো হয়তো এদিন মোৰ দৰেই 'এডজাষ্ট' হৈ যাব।

দিল্লীখন ফুৰাই নাই, সময় মিলাব নোৱাৰোঁ যে। গীতাৰ লগতো আগৰ দৰে সদায় কথা নহয়। তাই হোষ্টেলৰ পৰা ঘৰলৈ গুছি গৈছে। ৰাতি অফিচৰ পৰা ওলাই সিহঁতৰ লেন্দলাইনত ফোন কৰিবলৈ ভাল নালাগে। ইফালে আকৌ দিনত ফোনটো অফিচৰ ভিতৰলৈ নিব নোৱাৰোঁ। গতিকে সাপ্তাহিক বন্ধৰ দিনা গোটেই দিনটো তাইৰ লগত কথা পাতি কটাই দিয়া হয়। ফৰিদাবাদ যোৱাও কমিছে। ফৰিদাবাদত লগ পোৱা আটাইকেইজন বন্ধুৰ লগত মেচেঞ্জাৰতে কথা হওঁ। পিছে বহুদিন হ'ল কাৰো একো খবৰ পোৱা নাই। সিহঁতেও আজিকালি খবৰ লʼবলৈ এৰিলে। 

হঠাতে দ্বীপৰ ই-মেইল এটা দেখি খুলি চালোঁ। সাতদিন আগতেই পঠোৱা, মইহে দেখা নাছিলোঁ। নিজৰ ওপৰতে খং উঠিল--

: মইতো মেইলটো খুলিব লাগে অন্ততঃ!

দ্বীপে লিখিছিল -

চা ভাই, কথা দুটামান কওঁ, বেয়া নাপাবি। তোক লক্ আপৰ পৰা উলিয়াই আনোতে মোৰ যঠেষ্ট খৰচ হ'ল। বন্ধু বুলি কোৱা নাছিলোঁ যদিও এতিয়া ক'বলৈ বাধ্য হৈছোঁ। ভাবিছিলোঁ একো নোকোৱাকৈ এদিন নিজেই পইছাখিনি ঘূৰাই দিবি। কিন্তু আজি ১০ মাহ পাৰ হ', তই এবাৰলৈও কথাটো নুলিয়ালি। ঘৰত ভণ্টিৰ বিয়া পাতিছে, দেউতা নাই যেতিয়া সমস্ত দ্বায়িত্ব মোৰ ওপৰত। পইচাখিনি ওভতাই মোক সহায় কৰিবি বুলি আশা কৰিলোঁ। তোৰ সেই পোন্ধৰ দিনৰ খৰচবোৰৰ লিষ্ট এখন পঠিয়াইছোঁ, ভালদৰে চাই লবিচোন। মেচত থাকোঁ যে, দিয়াশলাইৰ কাঠিডালৰ পৰা এটা এটা টকা হিচাপ ৰখা হয়। তইতো আৰামত থাকি মেলি গুছি গ'লি, মোক লগৰ কেইটাই সদাই সুধি থাকে টকাকেইটা কেতিয়ালৈ ঘূৰাবি বুলি। 

এইখন চাবিচোন-

 

পাহাৰগঞ্জ পুলিচ ষ্টেচন: ৪৫০০০

উকীল: ২০০০০

হস্পিটেলৰ বিল: ২০০০

দিল্লীৰ পৰা ফৰিদাবাদ টেক্সী: ৫০০

খোৱা (১৫ দিন) : ১৮০০

ঘৰ ভাড়া: ১০০০

ৰান্ধনী: ৫০০

বাচন ধোৱা মৌসী : ৪০০

গাখীৰ: ২০০

তোৰ মেডিচিন: ২৮০০

মোবাইলৰ ৰিচাৰ্জ: ৫০০

এইখিনি এটা ৰাফ্ হিচাপ, আৰু কিবা থাকিলে নিজেই মনত পেলাই লিখি দিবি। বেয়া নাপাবি ভাই, বুজিছইটো দিল্লীত কিমান খৰচ। ...আৰু শুন, অহা শনিবাৰে নৱ দাৰ জন্মদিন। পাৰ্টি দিব বোলে সি, নহাকৈ নাথাকিবি দেই। সোমবাৰে ইয়াৰ পৰা অফিচ কৰিব পাৰিবি।

 

-- ইতি

-- দ্বীপজ্যোতি।

 

 ই-মেইলটো পঢ়ি অন্যমনষ্ক হৈ থকা দেখি সহকৰ্মী এজনে কি হৈছে সুধিলে। তাক সেইটো দেখুৱালোঁ। মেইলটো পঢ়ি মোলৈ চাই হাঁহি মাৰি সি গুছি গ'ল। ৰুমৰ পৰা ওলাই যাওঁতে কৈ যোৱা কথাকেইটা মোৰ কাণত বহুদেৰিলৈ বাজি থাকিল।

 

                                       য়ে দিল্লী হে মেৰে য়াৰ

                                  য়হা না দোষ্ট মহব্বত প্যাৰ।

                                        দিল্লী হে মেৰে য়াৰ।

 

 

*****************************************************************

২০০৬ চন।

আগষ্ট মাহৰ কোনোবা এটা দিন।

সময় ভৰ দূপৰীয়া।

 

দিল্লীৰ ৰাজপথত অকলে ঘূৰি ফূৰিছোঁ। এহাতে ফাইল ক'ভাৰটোত বিভিন্ন নথি-পত্ৰবোৰ লৈ আনখন হাতেৰে কঁপালৰ পৰা টোপটোপকৈ ডিঙিৰে নামি সৰ্বশৰীৰলৈ বিয়পি পৰা ঘামবোৰ মচি পেলোৱাৰ বৃথা চেষ্টা চলাই গৈছোঁ। লাজপট নগৰৰ ওচৰত ফ্লাই অ'ভাৰৰ কাম চলি থকা বাবে বাছবোৰ এইফালেৰে নাহি বেলেগ এটা ৰাস্তাৰে সুমুৱাই দিছে, ফলস্বৰূপে অঞ্চলটোৰ মানুহখিনি লটিঘটি হৈ বহুখিনি বাট খোজ কাঢ়িয়েই অহা-যোৱা কৰিবলগীয়া হৈছে। ইয়াত ৰিক্সাৰ ব্যৱস্থাও নাই, 'টোবোৰ থাকে যদিও উঠা অসম্ভৱ। মানুহেৰে ঠাহ খাই ভৰি থকা অ'টোবোৰৰ ভিতৰলৈ চি এন জিৰ আমনিদায়ক গোন্ধটোৰ বাবেও সোমাবলৈ অনিচ্ছা। অঞ্চলটোত থকা বহুকেইটা কম্পেনীৰ কাৰ্যালয়লৈ ঘাইপথৰ পৰা খোজ কাঢ়ি অহা-যোৱা কৰিয়েই ইন্টাৰভিউ দি ফূৰিছোঁ।

আগৰ চাকৰিটো এৰা তিনিমাহ হ', ঘৰত এতিয়াও জনোৱা নায়। 'অন্য কিবা এটাত সোমাই লওঁ, তাৰ পিছত লাহে লাহে ক'ম - এনেকুৱা ভাৱ এটা লৈ যোৱা তিনিটা মাহ ফাকি দি আছোঁ। সকলোৱে ভাবি আছে মই এতিয়াও তাতেই কাম কৰি থকা বুলি।

ঘৰত চিন্তা কৰিয়েই থাকে। অচিনাকী ঠাইখনত ল'ৰাটো কেনেদৰে আছে, কি খাইছে, বিভিন্ন চিন্তা। তাতে চাকৰিটো বাদ দিলোঁ বুলি গম পালে আৰু ৰক্ষা নায়। যেনে তেনে ঘৰলৈ ঘূৰি যাবই লাগিব। হাতৰ জমা টকাকেইটাও শেষ হৈ আহিছে। দৈনিক ইটোৰ পিছত সিটোকৈ ইন্টাৰভিউ দিয়েই গৈছোঁ, 'তো একো এটা মিলাবহে পৰা নায়।

প্ৰথম চাকৰিটো এৰি আন এটাত সোমাইছিলোঁ যদিও মাত্ৰ এদিন কাম কৰি সেইটোও এৰিবলগীয়া হৈছিল। কনচালটেন্সী ফাৰ্ম এখনৰ জৰিয়তে দিল্লী ইলেকট্ৰিচিটি ব'ৰ্ডৰ চাব ডিভিজনেল অফিচ এটাত 'ডাটা অপাৰেটৰ'ৰ কাম পাইছিলোঁ। তিনিমহীয়া কন্ট্ৰেক্ট বেচিছৰ চাকৰিটোত দৰমহা একেবাৰে সামান্য যদিও অন্য কিবা এটা নোহোৱালৈ সেইটোকে কৰি থকাৰ সিদ্ধান্ত লৈছিলোঁ।

জইন কৰিবলগীয়া নিৰ্দিষ্ট দিনটোত দিল্লীৰ একেবাৰে পশ্চিম দিশে ভিতৰুৱা অঞ্চল এটাত বিছাৰি বিছাৰি যেনেতেনে অফিচটো উলিয়ালোঁ। ৰুমৰ পৰা যঠেষ্ট দূৰ। দহ বজাত ৰিপোৰ্টিং টাইম যদিও গৈ পাওঁতে প্ৰায় বাৰটামানেই বাজিল। সোমাইয়ে অফিচৰ অৱস্থা দেখি মই আচৰিত। ডাটা অপাৰেটৰৰ কাম কৰিবলৈ কম্পিউটাৰ এটা দূৰৰে কথা, টেবুল এখনো নায়! ওখ দীঘলীয়া বেঞ্চখনৰ ওপৰত এটা বৃহৎ আকাৰৰ ফাইল খোলা অৱস্থাত পৰি আছে আৰু কাষতে এটা খোলা আঠাৰ বটল। য'তে ত'তে এসোপামান কাগজৰ টুকুৰা। এটা কোণত ছাগলী পোৱালি এটা বেৰতে গাটো লগাই শুই আছে। চাইকেলৰ ফটা টায়াৰ দুটামান ছাগলীজনীৰ কাষতে পেলাই থোৱা আছে।

অফিচটোৰ পৰিবেশ দেখি কামটো কেনেকুৱা হ'ব ভাবি চিন্তি মূৰ ঘমাই বহি থাকোতে দূপৰীয়া এটা বাজিল। মোৰ বাহিৰে এজনো মানুহ তেতিয়ালৈ উপস্থিত হোৱা নাছিল। ডেৰমান বজাত দুজন ডেকা ল'ৰা হঠাতে সোমাই আহি মোক একপ্ৰকাৰৰ টানি বাহিৰলৈ উলিয়াই আনিলে।

: নতুন ল'ৰাটো তইয়েই নে? চল কাম পে নিকলনা হেই.. বিপ্ বিপ্।

( এই বিপ্ বিপ্ টো হৈছে তেওঁলোকৰ বৰ মৰমৰ ভাষা, দিল্লীৰ মানুহবোৰে এইটো ব্যৱহাৰ নকৰাকৈ সাধাৰণতে কথা নকয় )

: পিছে দাদা, মোৰ কামটোনো কি হ'?

উৎসুক মনটোৰে ভয়ে ভয়ে সুধিয়েই পেলালোঁ।

: ৰাস্তে মে বতায়েঙ্গে, অভি চল........বিপ্। 

'ৰাজনে টানি আনি বাহিৰত ৰখাই থোৱা ৰিক্সা এখনত বহিব ক'লে। তিনিওজন একেখন ৰিক্সাত যেনেতেনে বহি আগুৱাই গলোঁ। ৰিক্সাৱালালৈ বেয়া লাগিছিল, বেচেৰাই ইমান ৰ'দত তিনিজনক কেনেকৈ টানিছে সিহে বুজিছে। কিন্তু মুখ ফুটাই একো ক'ব নোৱাৰিলোঁ, হাজাৰ হ'লেও ছিনিয়ৰৰ লগত ৰিক্সা সৱাৰী কৰি আছোঁ। তাতে আকৌ প্ৰথম দিন।

: দাদা আমি ক'লৈ গৈ আছোঁ নক'লে যে?

: ইয়াৰ পৰা তিনি কিলোমিটাৰ আগলৈ যিটো এৰিয়া পাম, তাত মিটাৰ ৰিডিং লম...... বিপ্ বিপ্। কুছ খায়া কে নেহী বে....বিপ্ বিপ্?

: আৰে ৱাহ, বৰ সোনকালে মনত পৰিল 'কুছ খায়া কে নেহী'। তাকো দূপৰীয়া দুটা বজাত! ধুৰ এইসব!

মনতে নিজকে গালি পাৰিলো, কি এটা চাকৰিত আহি সোমালোঁ। ...আৰু মিটাৰ ৰিডিং? মানে মই এতিয়া ঘৰে ঘৰে গৈ কাৰেণ্টৰ বিলৰ ৰিডিং ল'ব লাগিব? কন্ট্ৰেক্টত দেখোন তেনেকুৱা একো উল্লেখ নাই!

: দাদা, মোৰ কামটো ডাটা অপাৰেটৰৰ নাছিল জানো?

: হা, ৱহি ত' কৰণে জা ৰহা হে বে.. .. বিপ্ বিপ্...!

: দাদা, মই ডাটা অপাৰেটৰৰ পোষ্টত জইন কৰিবলৈ আহিছিলোঁ! এনেদৰে দূপৰীয়া ৰ'দে ৰ'দে ঘূৰি মিটাৰ ৰিডিং লোৱাহে কাম হ'ব নেকি?

ন বজাৰ পৰা পাচ বজালৈ কোনোবা এটা ৰুমৰ ভিতৰত আৰামচে বহি কম্পিউটাৰ এটাত কিবাকিবি কাম কৰাৰ মানসিকতাৰে পৰিপুষ্ট মনটোৱে খুদুৱাই আছিল।

: তেৰি বিপ্ কি বিপ্! ইসমে কৌনসি বড়ি বাত হেই বে? হমটো কবসে য়হি কাম কৰ ৰহে হে....বিপ্ .....হে হে !

একেটা ধমকতে মোৰ জোশ ঠাণ্ডা হৈ গ'ল। উপাই নাপাই শান্ত শিষ্ট ল'ৰাটো হৈ ৰিক্সাত বহি থাকিবলৈ চেষ্টা কৰিলো যদিও মনটোৱে নামানিলে আৰু বহুদেৰিৰ পৰা ভাবি থকা কথাটো সুধি দিলোঁ -

: আপোনালোকে পঢ়া শুনা কিমানলৈ কৰিলে?

: ই আমাৰ চড্ডা ভাই, পাচ বছৰ আগতে এম. টেক. কৰিছিল আৰু মই, বি. ই. ইলেক্ট্ৰনিক্স; 'ল তিনি চাৰিবছৰ মোৰো। পিছে তই? কি ডিগ্ৰী লৈ জোতা ঘিসি আছ ৰে ইয়াত.... বিপ্ বিপ্?

সিহঁতৰ মৰমীয়াল ভাষা মিহলি আট্টহাস্যত মোৰ মুখৰ মাত হৰিল। বেয়া লাগিছিল, উচ্চশিক্ষিত ল'ৰা দুজনে ঘৰে ঘৰে মিটাৰৰ ৰিডিং লৈ ফূৰিবলগীয়া হৈছে আৰু মই সামান্য গ্ৰেজুৱেচনটো কৰি নিজকে এসোপামান জনা দেখুৱাই ফুৰিছোঁ। তথাপিও সিহঁত দুয়োটাৰ মাজত কোনোবাখিনিত যেন নিজৰেই প্ৰতিচ্ছবি দেখা পালোঁ। পুনৰাই ঠাইখনত ভৰি নিদিয়াৰ সংকল্প লৈ প্ৰথমঘৰ মানুহৰ কাৰেণ্টৰ ৰিডিং ল'বলৈ সোমাই গলোঁ।

*****

বাছষ্টপেজটোৰ ৰেইলিংডালত ধৰি ভাবিছো, আগৰ চাকৰিটো এৰাৰ সিদ্ধান্তটো ভুল আছিল নেকি! ক'ত এয়াৰ কণ্ডিচনড্ ৰুমত শীতল বতাহৰ মজা লৈ কাম কৰি আছিলো আৰু এতিয়া ক'ত ধূলি বালিৰ মাজেৰে টিকা ফটা ৰ'দত খোজকাঢ়ি ঘূৰি ফুৰিছোঁ!

: কিয় এৰিলি চাকৰিটো, এচিৰ বতাহ হজম নহ'ল নে সোতৰ-ওঠৰ ঘণ্টা একেৰাহে কাম কৰিবলৈ টান পালি? এনেকৈ নহ'ব বোপাই, আমি একেৰাহে বিশঘণ্টাও কাম কৰো কেতিয়াবা। কামচোৰ মনোবৃত্তিবোৰ এৰ, দিল্লীত টকা উপাৰ্জন কৰিবলৈ হলে কষ্ট কৰিবলৈ শিক।

ফৰিদাবাদলৈ যাওঁতে দ্বীপজ্যোতিৰ প্ৰশ্নৰ উত্তৰ দিব পৰা নাছিলোঁ। চাকৰিটো এৰাৰ প্ৰকৃত কাৰণটো কিয় জানো তাক জনাবলৈ ইচ্ছা নাছিল।

কাৰণটো আছিল মোৰ এজন ছিনিয়ৰ। জইন কৰা এবছৰৰ ভিতৰতে মোৰ দুবাৰকৈ প্ৰমোচন হোৱা বাবে তেওঁৰ মনত ঈৰ্ষাৰ ভাৱ হৈছিল। তেওঁ পাবলগীয়া প'ষ্টটো মেনেজমেন্টে হঠাতে মোক দিয়া বাবে ল'ৰাজন জ্বলি-পুৰি মৰিবলৈ ধৰা বুলি ইকানে সিকানে শুনিবলৈ পাইছিলোঁ। লাহে লাহে কথাই কথাই তেওঁৰ পৰা বিভিন্ন তাচ্ছিল্য, অপমান, বেয়া ব্যৱহাৰ পাবলৈ ধৰিলোঁ। সেইবোৰলৈ ভ্ৰূক্ষেপ কৰিবলগীয়া বিশেষ একো নাছিল যদিও কৰ্প'ৰেট ৱৰ্ল্ডত প্ৰথমবাৰৰ বাবে কাম কৰিবলৈ অহা মোৰ দৰে চিধা চাধা অসমীয়া ল'ৰাটোক তেওঁৰ বেপেৰুৱা কথাবোৰে একোডাল বিষাক্ত শেলৰ দৰে আঘাত কৰিবলৈ ধৰিলে। আতঁৰি ফূৰিব পাৰ্যমানে চেষ্টা কৰিও প্ৰতিদিনে তেওঁৰ সম্মুখতে ওলাবলগীয়া হৈছিলোঁ।

'ৰাজনে এদিন হঠাতে ক'ৰবাৰ পৰা ফাইল এটা আনি মোৰ টেবুলৰ ওপৰলৈ দলিয়াই সেইটো পঢ়িবলৈ ক'লে। ফাইলটো খুলি বুকুখন চিৰিংকৈ গ'ল। দিল্লীলৈ আহি সম্মুখীন হোৱা সমগ্ৰ ঘটনাৱলী এটা এটাকৈ চকুৰ আগেৰে চিনেমাৰ ৰীলডালৰ দৰে বাগৰি গ'ল। পাহাৰগঞ্জত বোমা বিস্ফোৰণ ঘটাই তিনিদিন লক আপত থকাৰ পৰা আৰম্ভ কৰি, ড্ৰাগছ আসক্ত হৈ হোটেলৰ কোঠাত পৰি থকা আৰু পিছত পুলিচক টকা পইচা খুৱাই লক আপৰ পৰা ওলাই অহা, সকলোবোৰ ৰেকৰ্ড এটা এটাকৈ সন্নিবিষ্ট হৈ আছিল সেই ফাইলখনত।

: বেটা দিল্লী কা লড়কা হু, মেৰে চে পঙ্গা মত লিজিঅ'

কি পঙ্গা লৈছিলোঁ নুবুজিলো যদিও মনে মনে থকাই ভাল ভাবি মুখফুটাই একো নক'লো। মেনেজমেণ্টৰ আগত সকলো খুলি কোৱাৰ ভয় দেখুৱাই ল'ৰাজনে মোক ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰিলে। কথাবোৰ মেনেজমেণ্টৰ পৰা লুকুৱাই ৰাখিবলৈ মাহিলী দৰমহাৰ বিশ শতাংশ তেওঁক দিবলৈ বাধ্য হ'লো। কিন্তু মাহে মাহে তেওঁৰ ডিমাণ্ড বাঢ়ি গৈ থাকিল আৰু ছমাহৰ পিছত দৰমহাৰ প্ৰায় আটাইকেইটা টকা ল'ৰাজনৰ হাতত তুলি দিবলগীয়া অৱস্থা হ'ল। অফিচত কাৰো আগত কথাবোৰ খুলি ক'বও পৰা নাছিলো, বিপদ মোৰেই। পুলিচি ৰেকৰ্ড থকা ল'ৰা এজনক কোনটো ভাল কম্পেনীয়ে চাকৰিত ৰাখিব। তাৰ উপৰিও সমগ্ৰ "নাছকম"তে ব্লেকলিষ্টেড হোৱাৰ ভয়। বিভিন্ন কথা চিন্তা কৰি শেষত কামটো এৰি দিয়াই উচিত বিবেচনা কৰিলোঁ। অন্তিম মাহৰ আটাইকেইটা টকা তেওঁৰ হাতত তুলি ফাইলটো হস্তগত কৰি অফিচটোৰ পৰা লাহেকৈ বিদাই ললোঁ।

***

: ওয়ে কাশ্যপু....ইধৰ কেইসে ভাই?

সম্মুখেৰে পাৰ হৈ অলপ আগুৱাই ৰৈ যোৱা ৱেগনাৰখনৰ পৰা এখন চিনাকি যেন লগা মুখে ভুমুকিয়াই মাতিলে। মূহুৰ্ততে মনৰ ভিতৰৰ পৰা ভিলেইনজনৰ ছবিখন আঁতৰাই একে দৌৰে গাড়ীখনৰ কাষ পালোগৈ।

: ডিউটি নেহী হেই ক্যা...কুছ কাম থা ইধৰ?

হালধীয়া পাগুৰীৰে চৰদাৰ জনক ফৰিদাবাদত লগ পাইছিলো নেকি! দ্বীপজ্যোতিহঁতৰ লগত কোনোবাটো পাৰ্টিলৈ যাওঁতে হয়তো চিনাকি হোৱা। ভালদৰে মনত নাই যদিও অচিনাকী চহৰখনত কোনোবাই নামধৰি মতা শুনি সাগৰৰ মাজত কাঠ এটুকুৰা বিচাৰি পোৱাৰ দৰে উধাতু খাই তেওঁৰ ওচৰ পালোঁ।

: ডিউটি চিউটি বাদ দিয়ক হে চৰদাৰ জী, মোক চাকৰি এটা লাগে। কিবা ব্যৱস্থা হ'ব নেকি? বহুত আৰজেণ্ট!

মোৰ কথাত চৰদাৰ আচৰিত হ'ল। ভৰিৰ পৰা মূৰলৈ এবাৰ চকু ফুৰাই গাড়ীত বহিবলৈ ইচাৰা কৰিলে। গৰমত ঘামি জামি এচিৰ হাৱা খাবলৈ আঁতুৰ হৈ থকা মইও আগ পিছ নাভাবি একেজাপে ৱেগনাৰখনৰ পিছলৈ জপিয়াই দিলোঁ। ভিতৰলৈ সোমায়েই চোলাৰ বুটামবোৰ খুলি পেলালোঁ। চি এন জিৰ অদ্ভূত গোন্ধটো নাকত লাগি আহিছিল। গাড়ীখনৰ শক্তিশালী এচিটোৰ পৰা ওলোৱা ঠাণ্ডা বতাহ জাকে গাটো কঁপাই গ'ল। নিজকে সম্পূৰ্ণৰূপে চিটত এৰি চৰদাৰৰ লগত কথাত ব্যস্ত হলোঁ। কি কথা হৈছিলো ভালদৰে মনত নাই, কাৰণ শীতল বতাহ জাকৰ আমেজত চকুদুটা জাপ খাই আহিছিল।

কিছুদেৰি পিছত চকু মেলি মই হতবাক। চৰদাৰ, ৱেগনাৰ সকলো উধাও। ৰাস্তাৰ কাষৰ সৰু বাছ আস্থান এটাত মই শুই থকা অৱস্থাত। ইফালে সিফালে চাই ঠাইখনত মানুহৰ বৰ এটা আহ যাহ নেদেখিলো, পৰিবেশটো একেবাৰে নিৰিবিলি। চোলাটোৰ বুটামবোৰ তেতিয়াও আধা খোলা। মূৰত প্ৰচণ্ড বিষ। লগে লগে 'ৰাণ' বোলছবিৰ অভিনেতা বিজয় ৰাজলৈ মনত পৰিল। বিপদৰ গোন্ধ পাই গোটেই শৰীৰটো খেপিয়াব ধৰিলোঁ। নাই...একো হোৱা নাই....শৰীৰত কোনোধৰণৰ কটা-চিঙাৰ চিন নাই, ৰক্ষা! হয়তো বিজয় ৰাজৰ দৰে কিডনী বেপাৰীৰ ৰেকেটত সোমোৱাৰ পৰা বাচি গৈছিলোঁ।

কিন্তু পেণ্টৰ জেপ একেবাৰে খালি। পাৰ্চটো নাইয়েই, হাতৰ ফাইল কভাৰটোও ওচৰত নায়। ভাগ্য ভাল তাত অৰিজিনেল ডকুমেণ্টছবোৰ নাছিল। কিন্তু এতিয়া ৰুমলৈ যাওঁ কিদৰে! ভাড়া ভৰিব পৰাকৈ হাতত এটকাও নায়। এ টি এম কাৰ্ডখনো পাৰ্চৰ ভিতৰতে আছিল; এই মূহুৰ্তত পইছা উলিয়াব পৰা ব্যৱস্থাও নহ'ব। তাতোকৈ ডাঙৰ কথা, কোন ঠাইত আছো একেবাৰে ধৰিব পৰা নাই। এইফালে আগতে অহা মনত নপৰে। দিল্লীৰ মেপখনো হেৰোৱা ফাইল ক'ভাৰটোৰ মাজতেই আছিল।

: ছে: কি যে কৰোঁ! মোৰ লগতহে এইবোৰ হয়!

 ***

দিল্লী ট্ৰান্সপ'ৰ্ট কৰ্প'ৰেচনৰ বাছখনত যেনেতেনে উঠি ভিতৰলৈ সোমাই যাব চেষ্টা কৰিলোঁ। দৰজাখনত মানুহবোৰ ওপৰা জপৰাকৈ যেনেতেনে ওলমি দিছে। এইখনেই বোলে শেষ বাছ, আওহতীয়া অঞ্চলটোৰ পৰা কালি পুৱালৈ আৰু এখনো গাড়ী নায়। পৰিবেশতো দেখি আমাৰ গাঁৱলৈ মনত পৰিল।

: ডাঙৰ ডাঙৰ চহৰতো তাৰমানে আমাৰ গাঁৱৰ দৰে ছোটি ছোটি বাতে হোতে ৰহতে হে। "ধুৰ দিল্লী!"

মনতে এটা তাচ্ছিল্যৰ হাঁহি ওলাই আহিল, কোনোবা খিনিত মনটো ভালো লাগিছিল। ইমান ভিৰৰ মাজত টিকট বাবুৱে নিশ্চয় টিকট দিবলৈ নাহে। কোনফালেৰে আহিব,  বাছখনত ঠাহ খাই থকাবোৰ মানুহেই নে পৰুৱাই ধৰিবলৈকে টান। শৰীৰৰ কোনোবা এটা অঙ্গৰে ইজনে সিজনৰ ওপৰত ভেজা দি ওলমি আছে মাত্ৰ।

তেনেকৈ থকাৰ পৰাই মন কৰিলো, টিকট বাবুৱে পিছফালৰ দুৱাৰৰ সম্মুখৰ আসনখনত বহি কিবাকিবি হিচাপত ব্যস্ত। গাড়ীখনত কোন উঠিছে কোন নামিছে, লক্ষ্য কৰিবলৈ তেওঁৰ সময় নায়। এখন কাগজত টিকটবোৰৰ নম্বৰ লিখিছে আৰু সমানে পইছাৰ হিচাপো চলাই গৈছে। নিশ্চয় কিমান টকা অমিল দেখুৱাব পাৰে তাৰেই হিচাপ। ড্ৰাইভাৰৰ সৈতে ৰাতি হয়তো হিচাপৰ বাহিৰৰ টকা কেইটাৰ ভাগ বতৰা চলিব।

: এওঁ টিকট চেক কৰিবলৈ মুঠেও উঠি নাহে। - মনতে ভোৰভোৰাই সন্তুষ্টি ললোঁ। বাছখনে যেনেতেনে মই থকা ঠাইখনৰ ওচৰে পাজৰে পহুচাই দিলেই ৰক্ষা।

বাছৰ ভিতৰ সোমাবলৈ বহু কষ্ট কৰিবলগীয়া হৈছিল। কিছু আগলৈ চিট এটা পাই বহি পৰিলোঁ। লাহে লাহে গাড়ীখনত মানুহৰ সংখ্যা কমি আহিল। শেষলৈ আমি মাত্ৰ দহজনমানহে ৰ'লোগৈ। কেতিয়ানো মানুহবোৰ নামি শেষ হ'ল গম পোৱা নাছিলো, হয়তো ভাগৰতে কিছু সময় টোপনি আহি গৈছিল। ৰাস্তাৰ কাষৰ গ্লোচাইনবোৰ দেখি ঠাইখন চিনাকি যেন লাগিল। আগৰ ষ্টপেজটোত নমাৰ উদ্দেশ্যেৰে সম্মুখৰ দুৱাৰখনলৈ আগুৱাই গলোঁ। সম্মুখত তেতিয়া বাছখনৰ শেষ ষ্টপেজটো।

বাছৰ পৰা নমাৰ লগে লগে কেইজনমান মানুহে আমাক ঘেৰি ধৰিলে আৰু এটা লাইনেৰে সকলোকে আগুৱাই যাবলৈ ক'লে।

: এইবাৰ আকৌ কি?

সম্মুখত ডি টি ছি ৰ কেইজনমান অফিচাৰে যাত্ৰীসকলৰ টিকট চেক কৰি আছে। এইবাৰহে মৰিলোঁ। হাতত টিকটটো নাইয়েই, পইছাও নায়। কি অজুহাত দেখুৱাম ভাবি থাকোঁতে মোৰ নম্বৰ আহিল। অফিচাৰ এজনে মুখলৈ নোচোৱাকৈ কেৱল হাতখন আগবঢ়াই আঙুলিকেইটা জোঁকাৰি জোঁকাৰি টিকট উলিয়াবলৈ ইঙ্গিত দিলে।

: ছাৰ, টিকট নাই লোৱা। মানে কণ্ডাক্টৰ চোন নাহিলেই টিকট দিবলৈ। তেওঁ পিছফালে বহি থাকিল আৰু মই ভিৰৰ মাজত আগফালে ৰৈয়েই থাকিলোঁ!

অফিচাৰজনে এইবাৰ মূৰ তুলি চালে। হয়তো ভাবিলে এই প্ৰাণীটো ক'ৰপৰা ওলাল বুলি।

: ডি টি চি ত টিকট নিদিয়ে বোপাই, 'ব লাগে। পিছফালে যে কণ্ডাক্টৰজন বহে, তেওঁৰ ওচৰলৈ গৈ টিকট ল'ব লাগে। কাহা সে আয়ে হ'?

: ছাৰ, মই অসমৰ পৰা আহিছোঁ। এইবোৰৰ একো ভু নাপাওঁ, আমাৰ তাত যিমান ভিৰ হ'লেও কণ্ডাক্টৰ নিজেই আহি পইছা লৈ লয়। সেয়েহে তেওঁ আগুৱাই আহিব বুলি মইও ৰৈ আছিলোঁ।

: 'ই বাত নেহী....অভি কৰা লো টিকট।

এইবাৰহে মৰিলোঁ। বুজিলো যে পলোৱাৰ কোনো চাঞ্চ নাই।

: ছাৰ, একেবাৰে পইছা নাই অ'! এইবাৰলৈ এৰক আৰু!

এইবুলি দুয়োজনকে এফালৰ পৰা মোৰ দূখভৰি দাস্তান শুনাই গ'লো। কিদৰে হালধীয়া পাগৰ চৰদাৰে মোক লুটি অজান ঠাইখনত এৰি গ'ল আৰু লগত থকা কাগজ-পত্ৰ, পইছাৰ বেগ, এ টি এম কাৰ্ড সকলো হেৰুৱাই নিথৰুৱা হৈ পৰিলোঁ - একে উশাহতে সকলো বৰ্ণনা কৰি পেলালোঁ।

ঘটনাৰ বিবৰণ শুনি দুয়ো অলপ নৰম হোৱা যেন অনুভৱ হ'ল। দুয়ো নিজৰ মাজতে আলোচনা কৰি কাগজ পত্ৰ সোপাত কিবাকিবি লিখিবলৈ ধৰিলে। মই তেনেকৈয়ে তেওঁলোকৰ ওচৰত ঠিয় হৈ ৰলোঁ। ইতিমধ্যে বাছৰ পৰা ড্ৰাইভাৰ আৰু কণ্ডাক্টৰজনো নামি আহি অফিচাৰ দুজনৰ সৈতে হিচাপ নিকাচত ব্যস্ত হৈছিল। কোনেও একো নোকোৱা দেখি মই নিজেই আগবাঢ়ি আহি সুধি পেলালোঁ-

: ছাৰ, এতিয়া পিছে কি? মই যাওঁনে?

: আৰে তুমি কেনেকৈ যাবা? তোমাৰ ওচৰত পইচাই নায়। আমাৰ গাড়ীতে যাব পাৰিবা...একদম চেফ জগহ চোড় দেঙ্গে।

মনতে লাড্ডু ফুটি গ'ল যদিও তেওঁলোকক ধন্যবাদ নজনাই নোৱাৰিলোঁ। মানুহবোৰ ইম্মান ভাল, আমিহে কথাই কথাই সন্দেহ কৰি থাকোঁ। অফিচাৰ জনে দেখুৱাই দিয়া জীপখনলৈ আগুৱাই গলো, তেওঁলোকে ঘৰত নহ'লেও ওচৰে পাজৰে কোনোবাখিনিত নমাই দিলেও হ'ব।

জীপখনৰ ভিতৰলৈ আৰু চাৰিজনমান মানুহ বহি আছিল। সকলোৰে মুখত চিন্তা। অলপ আগতে আটাইকে বাছত দেখা মনত আছে। মোক হাঁহিমুখে জীপৰ পিছলৈ উঠি যোৱা দেখি তেওঁলোকে আচৰিতভাৱে চাইছিল।

: একো নাই, কিয় চিন্তা কৰিছে? আমাক সকলোকে তেওঁলোকে চেফ জাগাত পহুচাই দিব।

সকলোকে নিৰ্ভয় দি মইও জীপখনৰ ভিতৰলৈ বহি পৰিলোঁ।

: হা ভাই, একদম চেফ জগহ জা ৰহে হোঁ।

বেকাকৈ হাঁহিটো মাৰি কোৱা কথাষাৰত তাচ্ছিল্যৰ গোন্ধ আছিল।

এওঁ এনেকৈ কিয় ক'লে? অফিচাৰ কেইজনৰ ব্যৱহাৰ ইমান ভাল, এওঁলোকক মোৰ দৰে ট্ৰিট নকৰিলে নেকি!

: 'ত থাকে আপোনালোক?

: আমি চাউথ দেল্হীৰ ফালে থাকো, কিন্তু আমাক লৈ গৈ আছে নৰ্থ দেল্হীৰ কোনোবা এটা পুলিচ ষ্টেচনলৈ। উধৰ লক্ আপ মে ডাল দেঙ্গে।

: হে প্ৰভূ! মানে মিঠা মিঠা কথা কৈ ইহঁতে মোক পুলিচত গটাবহে ওলাইছে?

: হা হা। তুমহে ভী খিলাই দিয়ে লড্ডু!?

মানুহজনৰ কথাবোৰ ৰিপিট হৈ ঘূৰি থকা ৰেকৰ্ডখনৰ দৰে মনৰ মাজত বহুদেৰিলৈ বাজি থাকিল।

: আজ চুক্ৰবাৰ হেই, কলতো ছেকেণ্ড ছেটাৰডে। চোমবাৰ তক ৰহো লক আপ মে।

: শুক্ৰ, শনি, ৰবি, সোম!.......ধুৰ জিন্দগী!!

*******

                                

                                           :সমাপ্ত:

 

 

 

সমুজ্জ্বল কাশ্যপ।

Comments

Popular posts from this blog

শিশু গল্প:

সাগৰ দেখিছানে