য়া আলী ৰহম

 

ফোনৰ স্ক্ৰীনত তিনিটা মিচকলৰ নোটিফিকেচন৷ ফোনটো আনলক্ কৰি ডায়েল লিষ্টখন উলিয়াব লওতে পুনৰ একেটা নম্বৰৰ পৰা কল৷ স্ক্ৰীনত ফ্লাছ কৰি আছে চিনাকি নামটো৷

আচৰিত হ’লো, বহুদিনৰ মূৰত!

উঠোৱাৰ লগে লগে সিফালৰ পৰা সি চিঞৰি উঠিল -

: মই কৈছো। ইমানকৈ ফোন কৰো নুঠাৱ কিয়? ডাঙৰ কাম এটা আছে! মাৰ্ছৰ ২৫ তাৰিখে গুৱাহাটীলৈ আহ।

: মানে? এনেদৰে হঠাতে কেনেকৈ যাম?

: সেইবোৰ নাজানো৷ তোৰ মোবাইলত টিকট পঠিয়াই আছে গৰিমাই। একো কথাই নুশুনো আৰু।

কাট খাই গ’ল ফোনটো৷ তেনেকুৱাই কৰে সি৷

হয়! সেয়া জুবিন!

সাংঘাটিক মেজাজী, সকলোৰে মৰমৰ জুবিন গাৰ্গ৷

এনেদৰে মাজে মাজে ফোন কৰি দম দি থাকে। তাৰ মতেই কৰিবলগীয়া হয় সকলো। সময়ত মোৰ একো কথাই শুনিবলৈ অপ্ৰস্তুত।

বয়সত প্ৰায় দহবছৰৰ পাৰ্থক্য যদিও আমি ভাল বন্ধু। চানমাৰী ফ্লাইঅভাৰৰ তলত বুলেটখন বেঁকাকৈ পাৰ্ক কৰি চাওমিন খাই থাকোঁতে এদিন গালি দিছিলো৷ প্ৰথমতে অলপ কাজিয়া পেছাল আৰু পিছলৈ বন্ধুত্ব। তেতিয়া সি বি. বৰুৱাত আৰু মই কমাৰ্চত!

সেয়াই আৰম্ভণি। দাগ, নায়ক, কন্যাদান, বাৰুদকে আদি কৰি তাৰ বহুকেইখন ছবিৰ সংগীতৰ কামত সহায় কৰি দিছো। তাৰ গীতবোৰৰ ইন্সট্ৰমেন্টেলখিনি সাধাৰণতে মইয়েই কৰো। ছৱিৰ গীতৰ উপৰি আন বহুকেইটা এলবাম আমি একেলগে কৰিছো। মোৰ বহুকেইটা গান আজিও তাৰ নামত চলি আছে৷

পিছে সেইবোৰক লৈ কেতিয়াও একো আক্ষেপ কৰা নাই। সি তাৰ পৃথিৱীত সুখি আৰু মই মোৰ। অৱশ্যে মাজে সময়ে কেইটামান টকা মোৰ একাউণ্টত সুমুৱাই নিদিয়া নহয়। মইহে কামৰ নাম-দাম কেতিয়াও বিচৰা নাই।

অলপ পিছতেই গৰিমাৰ মেছেজ আহিল। ২৬ তাৰিখে হেনো সিহঁতৰ নতুন ছৱি ৰিলিজ হ'ব৷ ২৫ তাৰিখৰ প্ৰিমিয়াৰলৈ মোক মাতিছে। উৰাজাহাজৰ টিকট পঠিয়াইছে তাই। জুবিনৰ কথা পেলালেও তাইক কেনেদৰে মানা কৰো! মুম্বাইৰ হোষ্টেলত থকা দিনৰ পৰাই তাইৰ সৈতে ভাল চিনাকি। হোষ্টেললৈ জুবিনক লৈ যোৱা মূল মানুহজনেই মই।

কিন্তু কথাটো হ'ল সেইদিনা গুৱাহাটীলৈ কেনেদৰে যাম! সেইদিনা মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত জীৱনৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় খেল। এফালে মোৰ ল’ৰালিৰ সপোন বাস্তৱ হোৱাৰ পথত আৰু আনফালে বন্ধুৰ এৰাব নোৱাৰা নিমন্ত্ৰণ।

১৯৮৩ চনত কপিল দেৱে দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ সময়তেই ক্ৰিকেটাৰ হোৱাৰ সপোন দেখিছিলো। তেতিয়া মই তেনেই সৰু।  সেইদিনা খেলখন হেনো ক'তো প্ৰচাৰ নহ’ল। কিন্তু আমাৰ গাঁৱত দেউতাই এণ্টিনাডাল কোনোবাফালে পোনাওতে ঝিলমিলকৈ ব্লেক এণ্ড হোৱাইট টিভিটোত দেখিবলৈ পাইছিলো সেই দুৰ্দান্ত খেল। তেতিয়াই মনে মনে শপত লৈছিলো - ডাঙৰ হৈ তেওঁৰ দৰে এজন ক্ৰিকেটাৰ হ'ম।

ক্ৰিকেটৰ বাবে অসম এৰি বাহিৰলৈ গুছি আহিলো৷ কেইবা বছৰৰপৰা ৰঞ্জী দলত খেলি আহিছো। যোৱাটো ছিজনত একেটা অভাৰতে সাতটা ছিক্স মৰাৰ পিছত (এটা ন' বল আছিল দেই) বিচাৰকৰ দৃষ্টিলৈ আহিবলৈ সক্ষম হলো৷ ভাৰতীয় দলত খেলাৰ সুবিধা পালো।

জুবিনৰ ছবিৰ প্ৰিমিয়াৰৰ বাবে কেনেদৰে এৰি দিওঁ খেলখন?

ইংলেণ্ডৰ লগত হ’বলগীয়া দ্বিতীয় এদিনীয়াখনত মই ভাৰতৰ হৈ খেলিম। আঠ নম্বৰত বেটিং। লগতে মিডিয়াম পেচ্ বলো কৰিম।

নাই নহ'ব!

তাৰ ছৱিখন পিছে পৰেও চাম। গৰিমাই বেয়া পালেও উপাই নাই৷ এনেই তাৰ ওপৰত খংটো উঠি আছে৷ এইখন ছৱি সি মনে মনে হে কৰিলে। সংগীতৰ কামৰ বাবে মোক এবাৰলৈও নক’লে। মোৰ টাচ্ছেই নাই, চাওঁচোন কেনেকৈ নো হিট হয় গানবোৰ। গুৱাহাটীলৈও নাযাও, তাৰ ছৱিও নাচাও। ৰাজনীতি বিষয়ত মোৰ অকণো আগ্ৰহো নাই৷ তাতে এইবাৰ ছবি বনাইছে ৰাজনীতিৰ ওপৰত!

কিন্তু !

এতিয়াও মনত আছে প্ৰীতমৰ কোঠাত আমি যেতিয়া "য়া আলি"ৰ অনুশীলনত ব্যস্ত আছিলো৷ সেয়া ২০০৪ চনৰ কথা।

প্ৰীতমে মোৰ প্ৰসংশাত পঞ্চমুখ হৈ পৰিছিল। মোৰ সেই গীতটো হেনো সাংঘাটিক হিট্ হ'ব। কথামতেই গীতটো হিটো হৈছিল৷ জুবিনে বেষ্ট চিংগাৰ এৱাৰ্ডো পাইছিল। কিন্তু কেছেটত মোৰ নাম ক'তো উল্লেখ নকৰাকৈ গোটেই 'গেংগষ্টাৰ' এলবামটোৰ ক্ৰেডিট প্ৰিতম চক্ৰৱৰ্তীয়ে নিজৰ নামত লৈ ললে। সেইদিনা জুবিনৰ ভীষণ খং উঠিছিল আৰু প্ৰীতমৰ লগত আগলৈ কেতিয়াও কাম নকৰে বুলি ষ্টুডিঅ'ৰ পৰা ওলাই আহিছিল।

সেয়া আছিল তাৰ বন্ধু প্ৰেম! সেয়াই জুবিন৷ প্ৰীতমৰ দৰে কম্পোজাৰক ’না’ ক’বলৈ দম লাগিব৷ অন্তত: মই নোৱাৰিলোহেঁতেন!

গানৰ কামবোৰ হৈ আছিল৷ কিন্তু লাহে লাহে মোৰ বহুকেইটা গানৰ লগত তেনেকুৱা একেই অৱস্থা হোৱা দেখি সি মনত বৰ দুখ পালে৷ আৰু এদিন দুখতে মুম্বাইৰ পৰাই আঁতৰি আহিল।

সি কৈছিল আমি অসমীয়া গীতেই বনামগৈ ব'ল৷ এই মায়ানগৰীৰ মায়া আমাৰ বাবে নহয় অ’ !

মোৰ বাবেই এদিন নিজৰ উজ্জ্বল কেৰিয়াৰ ত্যাগ কৰি অসমলৈ গুচি আহিল আৰু মই আজি তাৰ নিমন্ত্ৰণ ৰক্ষা নকৰি অন্য এটা কেৰিয়াৰৰ সন্ধানত আকৌ মুম্বাইলৈ ওলাইছো। কথাটো ঠিক হ'বনে বাৰু!

বহুত চিন্তা কৰিলো৷ শেষত গুৱাহাটীলৈ যোৱাই ঠিক হ’ল।

নেখেলো যা’ !

মই নেখেলিলে আন এজন নতুন খেলুৱৈৱে সুবিধা পাব। শ্বাৰদূল ঠাকুৰে খেলক। বেচেৰাটোৱে ভাল খেলিও সুবিধা পোৱা নাই৷

আৰু মই -  পুৰণি বন্ধুৰ নিমন্ত্ৰণ ৰক্ষা কৰিম বুলি ওলাই আহিলো। 

২৫ তাৰিখে গুৱাহাটীলৈ যাম। তাৰ ছবিৰ প্ৰিমিয়াৰ চাম৷ সি অলপ উৎসাহ পাব৷

: টিক্ টিক্ টিক্ টিক্!

কোনোবাই বহুদেৰিৰ পৰা দুৱাৰত ঢকিয়াই আছিল। মুহূৰ্ত্ততে সংগীত আৰু ক্ৰিকেটৰ পৃথিৱীৰ পৰা জপিয়াই পাকঘৰ পালোহি৷

এয়া কি? মইচোন নিজকে বাচনবোৰ ঘহি থকা অৱস্থাত আৱিষ্কাৰ কৰিলো!

ছে: ! জুবিন, প্ৰীতম, শ্বাৰদূল ঠাকুৰ, কপিলদেৱ সকলো পলাল।

দুৱাৰখন খুলি সম্মুখত দেখো মানুহজনী৷ চকুদুটা ৰঙা কৰি ঠিয় হৈ আছে। দুচকুৰে যেন জুইহে বৰষিছে।

: কিনো হ'? ইমান কিয় খং কৰিছা?  -  মোৰ মৰমীয়াল মাতষাৰ পালে আকৌ তেওঁৰ খংটো কমে৷

: কিয় খং কৰিছো মানে? অথনিৰে পৰা যে দুৱাৰত টোকৰিয়াই আছো নুশুনা নেকি? কিনো ভাবি থাকা ভিতৰত? আকৌ তোমাৰ সেই অলিক কল্পনাৰ পৃথিৱীত নাচি বাগি আছিলা হবলা?

: নাই হে! তোমাৰ কাপোৰ কেইটাকে ধুই পিছফালে শুকুৱাবলৈ মেলি দিছিলো। পুৱাই তুমি এসোপামান কাপোৰ উলিয়াই থৈ যোৱা নাছিলা? সেইখিনিয়েই কৰি আছিলো। তাৰ পিছত আকৌ বাচনো ধুই থলো! সেয়েহে শুনা নাই কিজানি!

: অ হয় নেকি? খুব ভাল কথা। এটা কলিং বেল আনি লগাবাচোন দুৱাৰখনত, কিমান ঢকিয়াম আৰু!

: 'ব দিয়া, লগাই দিম। কালিলৈ পইছা অলপ দিবা!

: ঠিক আছে৷ এতিয়া একাপ ধুনীয়াকৈ চাহ বনাবানে? চিটি বাছত ঢাক্কা খাই ভাগৰি গৈছো! গাটোও বৰকৈ বিষাইছে। অলপ আদা আৰু দুটা ইলাইচিও দিবাচোন দেই চাহকাপত।

: য়েছ মেডাম, হৈ যাব।

.

.

.

.

××××সমাপ্ত××××

Comments

Popular posts from this blog

য়ে দিল্লী হে মেৰে য়াৰ

শিশু গল্প:

নেপচুনলৈ