আইতা

সিদিনা গৈছিলো আইতাক চাবলৈ, তেওঁ এতিয়া বিছনাত। হয়তো বেছিদিন নাথাকিব মৰমৰ আইতা। শাৰীৰিক ৰোগ তেনেকৈ নাই, মানসিক ৰোগত ভাগি পৰা এগৰাকী একানব্বৈ বছৰীয়া বৃদ্ধা।

মামাৰ ল’ৰাজনে ধৰি মেলি বিছনাত বহুৱাই দিলে। সৰু সৰু মিঠাইৰ টুকুৰাকেইটা মুখত সুমুৱাই দি থকাৰ পৰাই লাহে লাহে তেওঁৰ খবৰ লবলৈ ধৰিলো৷

: বোপাটো ভালে আছেনে, আৰু মাটো?  -  মোৰ কণমানি ল'ৰা আৰু পত্নীৰ কথা সুধিছিল আইতাই। আচৰিত হৈছিলো, সকলো মনত আছে।

চুলিবোৰ চুটিকে কাটি দিয়া হৈছে, মুখখনো দেখিবলৈ বেলেগ হ’ল৷

: দেউতাৰাই অসুখবোৰ ভাল পাইছেনে?  -  পুনৰ মোক আচৰিত কৰি এইবাৰ দেউতাৰো খবৰ ললে!

আইতাৰ সৈতে একঁপি ফটো উঠো বুলি ফোনটো উলিয়াই ললো৷ হয়তো আৰু সেই সৌভাগ্য় নহবও পাৰে। কৰ্মৰ খাতিৰত দুহাজাৰ কিলোমিটাৰ আঁতৰত থাকো। ফ্ৰন্ট কেমেৰাৰ এংগলটো মিলাই থাকোঁতে আইতাই সুধিলে -

: সেয়া কোন?

: সেয়া মই, পাপু। - মইও সাধাৰণ ভাৱে উত্তৰ দি থলো৷

: তোমাক চিনি পাইছো৷ কাষত সেয়া কোন?

মোৰ মুখত বহুদেৰিলৈ একো মাত নাই, কি ক’ম ঠিক ভাবি নাপালো৷ আইতাই নিজকে চিনি পোৱা নাছিল। হয়তো নিজৰ জৰাজীৰ্ণ ৰূপটো কল্পনাও কৰিব পৰা নাছিল।

: সেয়া তুমি আইতা। - শুনা নুশুনাকৈ কৈ থলো৷ নিৰবে দুকঁপি ফটো উঠাই প্লেটখনত বাকী থকা মিঠাইৰ টুকুৰাকেইতা লাহে লাহে তেওঁৰ মুখত সুমুৱাই দিলো। 


×××××××××

Comments

Popular posts from this blog

য়ে দিল্লী হে মেৰে য়াৰ

শিশু গল্প:

নেপচুনলৈ