বৰশীৰ টোপ

 এজন ভাৰতীয়ই ভাৰতত চাকৰি এৰি কানাডাৰ এখন ডাঙৰ ডিপাৰ্টমেণ্টেল ষ্ট'ৰত চেলচ্ মেনৰ চাকৰিত যোগদান কৰিলে।

প্ৰথম দিনটোত, ভাৰতীয়জনে সম্পূৰ্ণ উদ্যমেৰে কাম কৰিলে।

সন্ধিয়া ৬ বজাত বছে দিনটোৰ কামৰ খাটিয়ান লয়।

বছ :- প্ৰথম দিনটোত আপুনি কিমান চেল কৰিলে?

ভাৰতীয় : ছাৰ, মই মাত্ৰ এটাহে চেল কৰিবলৈ সক্ষম হলো।

বছ : গোটেই দিনটোত মাত্ৰ এটা চেল? কি কয়হে? সাধাৰণতে ইয়াত প্ৰতিজন বিক্ৰেতাই দিনে ২০ ৰ পৰা ৩০ টালৈকে লেনদেন কৰে। আচ্ছা, মোক কওঁকচোন আপোনাৰ আজিৰ চেলটোৰ পৰা আমি কিমান মূল্য পালো?

ভাৰতীয় : ৯৩,৩০০ ডলাৰ।

বছ : কি? অবিশ্বাস্য! কিন্তু সেয়া আপুনি কেনেকৈ কৰিলে?

ভাৰতীয় : ছাৰ, এজন ব্যক্তি আহিছিল আৰু প্ৰথমতে মই তেওঁক দুটামান মাছ ধৰা সৰু ডাঙৰ বৰশী বিক্ৰী কৰোঁ। তাৰ পিছত মাছ থবলৈ এটা ডাঙৰ বাকচ, বৰশী লগাবলৈ কেইডালমান ৰড আৰু আন কিছু মাছ ধৰা সঁজুলি বিক্ৰী কৰোঁ।

মই তেওঁক সুধিছিলো মাছ ধৰিবলৈ ক'লৈ যায় আৰু তেওঁ উপকূলীয় অঞ্চলৰ কথা কৈছিল৷

তেতিয়া মই কলো যে তাৰবাবে এখন নাওৰ প্ৰয়োজন নহ'ব জানো! তেওঁ ৰাজি হ'ল। মই তেওঁক নাও বিভাগলৈ লৈ গৈ ২০ ফুট ডাবল ইঞ্জিনৰ স্কুনাৰ নাও এখন বিক্ৰী কৰি দিলো।

তেওঁ কৈছিল তেওঁৰ পূৰণী ভল্কচ্ৱাগনখনে নাওখন টানিব নোৱাৰিব৷ লগে লগে তেওঁক অটোম'বাইল শাখালৈ নি নাওখন কঢ়িয়াব পৰাকৈ এখন নতুন ৮ X ৮ ডিলাক্স ব্লেজাৰ বিক্ৰী কৰি দিলো।

তাৰ পিছত সুধিছিলো - মাছ ধৰিবলৈ লগত কোন যাব? তেওঁৰ তিনিও সন্তানসহ পৰিবাৰক লৈ যোৱাৰ কথা ক'লে। মই তেওঁক কেম্পিং শাখালৈ লৈ গৈ ছয়টা স্লিপাৰ কেম্পাৰ টেণ্ট বিক্ৰী কৰি দিলো।

....আৰু তাৰ পিছত তেওঁ ২০০ ডলাৰ মূল্যৰ আন কিছু সামগ্ৰী আৰু বীয়েৰৰ ২ টা কেচ লৈছিল।

ইমান সময়ে মানুহজনৰ কথাবোৰ মনে মনে শুনি থকা বছজন দুখোজ পিছুৱাই আহিল৷ 

: আপুনি এই সকলোবোৰ কেৱল এটা বৰশী কিনিবলৈ অহা মানুহজনক বিক্ৰী কৰিলে?

ভাৰতীয়জনে তপৰাই উত্তৰ দিলে - 

: নহয়, ছাৰ! তেওঁ কেৱল মূৰৰ বিষৰ বাবে এটা টেবলেট কিনিবলৈহে আহিছিল৷ মই তেওঁক বুজাইছিলো যে মাছ ধৰাটোৱেই হৈছে মূৰৰ বিষৰ পৰা পৰিত্ৰাণ পোৱাৰ সৰ্বশ্ৰেষ্ঠ উপায়।

বছ : আপুনি আগতে ক'ত কাম কৰিছিল হে ???

ভাৰতীয়: মই ভাৰতৰ এখন ব্যক্তিগত চিকিৎসালয়ত পি.আৰ.ও. আছিলো৷ যিকোনো সৰু ডাঙৰ অভিযোগৰ বাবে, আমি ৰোগীসকলক পেথলজী, ই.চি.ও., ই.চি.জি., টি.এম.টি., চি.টি. এছ.চি.এ.এন., এক্স-ৰে, এম.আৰ.আই. আদি পৰীক্ষা কৰোঁ।

বছ : আপুনি অনুগ্ৰহ কৰি মোৰ চকীত বহিব নেকি! মই ভাৰতলৈ গৈ প্ৰশিক্ষণৰ বাবে এখন ব্যক্তিগত চিকিৎসালয়ত যোগদান কৰি আহো।

*********😃🤣😂************


(কোনেও গাত পাতি নলয় যেন, ইট ইজ জাষ্ট এ কৌতুক; মনোৰঞ্জনৰ বাবেহে)

Comments

Popular posts from this blog

য়ে দিল্লী হে মেৰে য়াৰ

শিশু গল্প:

নেপচুনলৈ