টু নয়না উইথ লাভ
: চুমু, তোক বিচাৰি ল’ৰা এজন আহিছে অ’৷
: কোন হয় মামা?
: নাজানোঁ! ড্ৰয়িং ৰুমতে বহিছে, যাচোন৷
: ঠিক আছে৷
চুমু আগুৱাই গ’ল সিটো কোঠালৈ৷ সম্মুখত পছিশ ছাব্বিশ বছৰীয়া লʼৰা এজন৷ নমস্কাৰ জনাই চুমুৱে প্ৰশ্নবোধক চাৱনিৰে চাই ৰ’ল তেওঁলৈ৷ চিনি পোৱা নাই সি৷ চকুলৈ চাই ল’ৰাজনেও বুজি উঠিল তাৰ উৎসুকতাৰ কথা৷ আথেবেথে মাত লগালে মানুহজনে -
: তুমিয়েই নেকি চ.........
: হয়, মইয়েই৷ কিন্তু আপোনাক চিনি পোৱা নাই..!
: তোমাৰ স্কুললৈ গৈছিলোঁ, তেওঁলোকেই পঠিয়াইছে মোক৷
বুকুখন কঁপি উঠিল চুমুৰ৷ স্কুলৰ পৰা? কিয়? কি কৰিলে সি? এনেদৰে আগতে কেতিয়াও কাকো পঠিওৱা নাই ! তেন্তে আজি কিবা হ’ল? ক্লাচত কিবা দুষ্টালি কৰিছিলে নেকি মনত পেলাবলৈ চেষ্টা কৰিলে সি৷ তাৰ চিন্তাত যঁটি পেলাই মানুহজনে নিজেই মাত লগালে -
: চিন্তা কৰিব নালাগে৷ মই সহায় এটা বিচাৰিহে আহিছোঁ তোমাৰ ওচৰলৈ৷
: মই? কিন্তু মই কেনেদৰে সহায় কৰিম আপোনাক?
চুমুৱে বুজা নাছিল কথাবোৰ৷ তেনেই সৰু ল’ৰা সি৷ নিজতকৈ ইমান ডাঙৰ মানুহজনক কেনেদৰে সহায় কৰিব, তাকেই ভাবি থাকিল৷
: তুমি ক্লাচ নাইনত পঢ়া, নহয়নে?
: হয়৷
: অহাবাৰলৈ মেট্ৰিক দিবা?
: হয়৷
চুমুৰ উশাহবোৰ চুটি হৈ আহিল৷ মেট্ৰিকৰ নাম শুনিলেই তাৰ বুকু কঁপি উঠে৷ পিছে এওঁ কোন? কিয় সুধি আছে মেট্ৰিকৰ কথা?
: তুমি এইবাৰেই মেট্ৰিক দিব লাগিব, পাৰিবানে?
: মই? কিয়? এইবাৰ মানে? মই নাইনতহে৷
মানুহজনৰ উজ্জ্বল মুখখনলৈ চাই ৰ’ল সি৷ ভাবি পোৱা নাছিল, ক্লাচ নাইনতে কিয় মেট্ৰিক দিব..! লাহে লাহে মানুহজনৰ মুখখন গম্ভীৰ হৈ পৰিল৷ হাঁহিটো নোহোৱা হৈ এইবাৰ কাঁতৰ দৃষ্টিৰে চাই ৰ’ল চুমুৰ চকুলৈ৷ যেন কিবা এটা বিপদত পৰিছে৷ তাৰ পিছত তেওঁ যিখিনি কথা কলে, সেয়া ৰৈ ৰৈ কেইবাদিনলৈও ভাহি থাকিল চুমুৰ কাণত৷
×××××
১৯৯৬ চন৷
চেনীকুঠীৰ কামৰূপ একাডেমী স্কুলত পৰীক্ষা দিলে সি৷ তাতেই তাৰ মেট্ৰিকৰ কেন্দ্ৰটো ৷ নাৰেঙ্গীৰ পৰা বাছত আহে পৰীক্ষা দিবলৈ৷ দুবেলা দুখন পেপাৰৰ মাজত এঘণ্টা জিৰণি৷ ওচৰৰে খাৰঘুলীত থকা জেঠীয়েকে দুপৰীয়া তালৈ খোৱা বস্তু লৈ আহে৷ সন্তানহীন জেঠীয়েকে ভাত খুৱাই থকাৰ মাজতে বৰ মৰমেৰে তাৰ পৰীক্ষাৰ খবৰ লয়৷
: পেপাৰ টান আহিছে নেকি অ' চুমু?
: নাই জেঠী৷ এইবোৰ মই আগতেও লিখিছোঁ নহয়, একেবাৰেই সহজ৷
লটাশিলৰ ওচৰৰে লাৱণ্য প্ৰেচত কাম কৰা জেঠীয়েকে কথাবোৰ ভালদৰে নুবুজিলেও মনে মনে ভতিজাকক আশিৰ্বাদ দি আঁতৰি গʼল৷
চুমুৱে মেট্ৰিক দিলে৷ স্টাৰ মাৰ্কসহ খুব ভালদৰেই পাছ কৰিলে সি৷ আচলতে দুবাৰকৈ দিছিল সি মেট্ৰিক৷ সেয়ে হয়তো পিছৰবাৰলৈ সহজ হৈ পৰিল প্ৰশ্নবোৰ৷
কথাবোৰ ভাবি ভাবি মনতো এবছৰ আগলৈ উৰা মাৰিলে তাৰ৷
১৯৯৫ চনত নবম শ্ৰেণীত থাকোতেও সি মেট্ৰিক দিছিল৷ পিছে নিজৰ বাবে নহয়, আন এগৰাকী ছোৱালীৰ বাবেহে৷ সেইবাৰ সি গণেশগুৰীৰ গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পৰীক্ষাত বহিছিল৷
সেইদিনা গোপাল বড়ো স্কুলৰ সম্মুখত ৰৈ আছিল সি৷ এগৰাকী ধুনীয়া ছোৱালী তাৰ সম্মুখতে আহি ৰোৱা অটোখনৰপৰা নামি আহিছিল৷ তাইক হাতত ধৰি আগবঢ়াই আনিছিল নিজে৷ দেখিবলৈ যে কিমান ধুনীয়া তাই৷ মাত কথা, ব্যৱহাৰ আদিও সিমানেই ধুনীয়া৷ লগতে সাংঘাটিক পৰিপাতি ছোৱালীজনী৷ এটা সময়ত দুয়ো ইজনে সিজনৰ হাতত ধৰি পৰীক্ষাহলৰ ভিৰতলৈ সোমাই গৈছিল৷ পিছফালে অটোখনৰ কাষত ঠিয় হৈ দুয়োলৈ চাই ৰৈছিল পছিশ ছাব্বিশ বছৰীয়া যুৱকজনে৷
: নয়না বা, ইয়াত কোঠাৰ ভিতৰত পোহৰ যঠেষ্ট কম৷ ক’লা চশমাযোৰ খুলি থব পাৰিবা চাগে৷
: এইযোৰ পিন্ধা নিপিন্ধা মোৰ বাবে একেই৷ কি দিন কি ৰাতি, সকলো সমান৷
নয়নাই চশমাযোৰ খুলি ডেস্কৰ ওপৰত থওঁতে তাইৰ সোঁ চকুটোত চুমুৰ দৃষ্টি নিবদ্ধ হৈ ৰৈছিল ৷ ইমান ধুনীয়া হ’ব পাৰেনে মানুহৰ চকু! যেন এখন নীলা সাগৰৰ সম্মুখত সি বহি আছে৷ মুহূৰ্তৰ বাবে তাৰ মনটো হেৰাই গৈছিল সেই নীলাৰ মাজত ৷ কিন্তু............. ! পিছ মুহূৰ্ততে দুচকুৰে টোপাল টোপালকৈ পানী ওলাই আহিছিল তাৰ৷
: কি চাই আছা? মোৰ চকুলৈ?
: তুমি কেনেকৈ জানিলা?
: জানো দিয়া৷ মোলৈ কোনে কেতিয়া চাই থাকে, সকলো বুজি পাওঁ৷
: নয়না বা, ঈশ্বৰলৈ আজি বৰ খং উঠিছে৷
: কিয়? মোক দৃষ্টিহীন কৰি দিয়া বাবে?
: অ, ইমান ধুনীয়া চকুযুৰিৰে তুমি ধুনীয়া পৃথিৱীখনো দেখা হ’লে কিমান ভাল আছিল, নহয়নে...!
: একো নাই দিয়া৷ ঈশ্বৰে সকলো ভালৰ বাবেই কৰে৷ আজি মোৰ চকুত দৃষ্টি থকা হ’লে তোমাৰ দৰে মৰমীয়াল ভাইটি এজন পালোহেঁতেন জানো?
খুপি খুপি চুমুৰ মূৰত হাতখন বুলাই দিছিল নয়নাই৷ হাতৰ ৰুমালখনেৰে তাৰ দুচকু মচি গাল দুয়োখনতে টিপি দিছিল মৰমতে ৷ আৰু তাৰপিছত চুমুৱে নিজকে সংযত কৰি পৰীক্ষা লিখিবলৈ সাজু হৈছিল৷
নিজৰ বাবে কেতিয়াও চিৰিয়াছ নাছিল চুমু৷ পঢ়াৰ নামত কিতাপৰ মাজত টিংকল লুকুৱাই পঢ়ি থাকোঁতে মামাকৰ পৰা প্ৰায়ে গালি খাইছিল৷ পঢ়াৰ মাজতে টোপনীত লালকাল দিয়া চুমুক পঢ়া টেবুলৰ পৰা মামাকেই আলফুলে ডাঙি আনি বিছনাত শুৱাই থৈছিল আৰু কাষতে সজাই থৈছিল তাৰ বিভিন্ন টিংকলবোৰ৷ যাতে ৰাতিপুৱাই তাক হাতে লোটে ধৰি গালি দিব পাৰে৷
কিন্তু সিদিনা ঘৰত নয়নাৰ ককায়েকক লগ পোৱাৰ পিছত, বশিষ্ঠ অন্ধ বিদ্যালয়ত নয়নাক লগ পোৱাৰ পিছত সি চিৰিয়াছ হৈ পৰিছিল৷ খুব পঢ়িছিল সি৷ নিজৰ বাবে নহলেও ছোৱালীজনীৰ বাবে পঢ়িবলৈ সি মনে প্ৰাণে ঠিৰাং কৰিছিল৷ তাইৰ ৰিজাল্ট ভাল হ’বই লাগিব৷ আশাকৰা দৰে ৰিজাল্ট ভালো হৈছিল তাইৰ৷
সেই সময়ত অন্ধ বিদ্যালয়ৰ পৰা গুৱাহাটীৰ বিভিন্ন স্কুলবোৰলৈ ক্লাচ এইট বা নাইনত পঢ়া ল’ৰা-ছোৱালী বিচাৰি মানুহবোৰ আহিছিল৷ সাধাৰণতে শ্ৰেণীৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানৰ ল’ৰা-ছোৱালীকেইজন বিচাৰি আহিছিল অভিভাৱকসকলে৷ চুমু ক্লাচত দ্বিতীয় হোৱা বাবে তাৰ ওচৰলৈ আহিছিল নয়নাৰ ককায়েক৷
: তুমি নিজে নিজেই লিখিবা দেই উত্তৰবোৰ, মই একো কব নোৱাৰিম ভাই...!
: নয়না বা, কি যে কোৱা নহয়৷ মই ক্লাচ টেন পোৱাই নাই, নাইনত হে৷ নাইনৰ কিবা আহিলে নিজেই লিখিম বাৰু৷ কিন্তু টেনৰখিনি তুমি ক’বা, মই লিখি যাম৷
: পাৰিবা দিয়া৷ মই জানো, তুমি মোৰ কাৰণে ক্লাচ টেনৰ কিতাপো পঢ়ি আহিছা৷
নয়নাৰ কথা শুনি চুমুৱে নিৰৱে হাঁহিছিল৷ সঁচাকৈয়ে তাই বহু কথাই নোকোৱাকৈও বুজি পায়৷ চকু দুটা নাথাকিলে কি হ’ল, ঈশ্বৰে হয়তো মনৰ মাজত আন এটা দৈবীক চকু দিছে৷
: আচ্ছা, তোমাৰ ভাল নামটো সদায় পাহৰি যাওঁ অ' চুমু, কোৱাচোন আকৌ এবাৰ৷
: নয়না বা ! মোৰ নাম সমুজ্জ্বল৷ পুৱাৰ পৰা কেইবাৰ যে কলো নহয় তোমাক ৷
: অ, মই পিছে চুমু বুলিয়েই মাতিম দেই৷ ইমান টান পাওঁ নামটো ক’বলৈ..........স.....মু......জ্জ্ব.........ল! .......ইমান দীঘল নাম!
.
.
.
.
*****🙏🙏******
Comments
Post a Comment