চৈধ্যটা চকা এঘাৰটা মন আৰু এটা সপোন



চকা বুলিলেই হয়তো মনলৈ আহিব এখন গাড়ী বা ভ্ৰমণৰ কথা। আহক আজি আপোনালোকক এটা ভ্ৰমণ কাহিনী কওঁ৷ কিন্তু এইটো অকল ভ্ৰমণ কাহিনী বুলি ক’লে হয়তো ভুল হ’ব৷ দীৰ্ঘদিনীয়া সপোন এটাই বাস্তৱ ৰূপ পোৱাৰ দুই চাৰিটা কথাহে‌ কবলৈ চেষ্টা কৰিছো। 

ভ্ৰমণ মোৰ চিৰদিনীয়া আবেগ। দুটা চকাৰ ওপৰত পৃথিৱীখন ঘূৰি ফুৰাৰ আৱেগটো কেনেকৈ জানো এক দুৰন্তৰ হেঁপাহ হৈ পৰিছিল, গমেই নাপালো৷ মালয়ালম ছবি ‘নীলাকাশম পাঁচকডাল সুৱন্না ভূমি” খন চাই সেই হেঁপাহটো গৈ সাংঘাতিক জেদলৈ পৰিণত হ’ল। 

”নীলাকাশম পাঁচকডাল সুৱন্না ভূমি” - যাৰ অৰ্থ হৈছে ‘নীলা আকাশ, সেউজীয়া সমুদ্ৰ আৰু ৰঙা পৃথিৱী’। 
দুজন ল’ৰাই মটৰ চাইকেলেৰে প্ৰেয়সীৰ সন্ধানত ওলাই সুদীৰ্ঘ যাত্ৰাপথৰ বিভিন্ন বাধা বিঘিনি নেওচি কেৰেলাৰ পৰা তামিলনাডু, কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ, উৰিষ্যা, পশ্চিমবংগ আৰু অসমৰ মাজেৰে আহি শেষত নাগালেণ্ডত প্ৰেয়সীৰ সৈতে মিলিত হোৱাৰ কাহিনী এটা ছবিখনত দেখুওৱা হৈছে। বিভিন্ন নাটকীয় ঘটনাৰ অন্তত নায়ক নায়িকাই অৰুণাচল প্ৰদেশৰ টাৱাং জিলা অভিমুখে ৰাওনা হোৱা দৃশ্যাংশৰে ছবিখন শেষ হয়। যাত্ৰাপথত দুয়োজন নায়কে সম্মুখিন হোৱা বিভিন্ন ঘটনাৱলী, চৰিত্ৰাদিৰ আটকধুনীয়া আৰু মনোগ্ৰাহী উপস্থাপনেৰে এইখন সকলোৰে বাবে এখন চাবলগীয়া ছবি। 

সৰুতে পথৰ দাঁতিত ৰৈ থাকোতে কাষেৰে পাৰ হৈ যোৱা মটৰ চাইকেল আৰোহী সকললৈ চাই হাঁত জোকাৰি মাত দিওঁ৷ কিয় মানুহবোৰ এনেদৰে ঘূৰি ফুৰে তেতিয়া বুজি নাপাওঁ। মনতে ভাৱো, বৃহৎ মটৰ চাইকেলৰ পিছফালে একোটা বোজা আঁৰি লৈ ভিন্নৰঙী জেকেট পিন্ধা এই মানুহবোৰ ক’লৈনো যাই! লাহে লাহে ‘ৰাইডিঙ’ৰ বিষয়ে অলপ বুজি পোৱা হোৱাত এই দৃশ্যবোৰ ভাল লাগিবলৈ ধৰিলে। 

তেওঁলোকলৈ চাই ময়ো সপোন ৰচিলো - তেওঁলোকৰ মাজৰে এজন হোৱাৰ সপোন, এখন বিশাল মটৰ চাইকেলৰ ওপৰত পৃথিৱীখন পৰিভ্ৰমণ কৰাৰ সপোন, এজন ‘ৰাইডাৰ’ হোৱাৰ সপোন। মোৰ মাজৰ শিশুটো ডাঙৰ হৈ অহাৰ লগতে ডাঙৰ হৈ আহিল বুকুত সংগোপনে বাস কৰিব ধৰা সপোনটোৱে। 

”Someday I will become a Rider!” 

দেউতাক এদিন কৈছিলো। তেওঁ ভেকাহি মাৰি উঠিছিল - ‘এইবোৰ কৰি জীৱনত কি পাবি? ক’ৰবাত হাত ভৰি ভাঙি পৰি থাকিলে কি হ’ব? ‘

কথাটো নোহোৱা নহয়, কিন্তু সকলো কামৰ বিনিময়ত কিবা আশা কৰাটো জানো উচিত! পৃথিৱীত এনে বহুতো কাম আছে যাৰ বিনিময়ত একোৱেই পোৱা নাযাই। পোৱা যাই অকল আত্মসন্তুষ্টি৷  

Nothing to gain, it’s just about living a dream.

অৱশেষত বহুদিনীয়া অপেক্ষাৰ অৱসান ঘটাই মোৰ সপোনটো বাস্তৱ হোৱাৰ দিশেৰে আগবাঢ়িল। 

”আমি এঘাৰজন বন্ধু কোচিনৰ পৰা কোডাইকানাললৈ মটৰ চাইকেলেৰে যাত্ৰা কৰিম।” 

প্ৰায় পাঁচশ কিলোমিটাৰ দূৰত্বৰ এই পথচোৱা কিয় বাচি লোৱা হ’ল, সেই বিষয়ে বৰ্ণনা নকৰো। মুঠতে বহুজনীয় সমৰ্থনৰ ওপৰত লোৱা এটা সিদ্ধান্ত বুলিব পাৰি। 

কৰ্মসূত্ৰে বিশাখাপট্টনমত থাকো। লগৰ বেছিখিনি ল’ৰা কেৰেলাৰ, গ্ৰুপটোত ময়েই একমাত্ৰ অসমীয়া। আটাইকেইজন একেবাৰে নতুন৷ ‘ৰাইডিঙ’ৰ অভিজ্ঞতা এজনৰো নাই। বিভিন্ন আলোচনা চলিল, ৰাস্তাৰ বিষয়ে কিছু অধ্যয়ন কৰা হ’ল আৰু নানা পৰিকল্পনাৰ অন্তত নিৰ্দিষ্ট দিনটো আহি পালে। এইকেইদিনত সৰু ডাঙৰ অজুহাত দেখুৱাই কেইজনমান গ্ৰুপৰ পৰা ওলাল, আনহাতে নতুনকৈ কেইজনমান গ্ৰুপত অন্তৰ্ভুক্তও হ’ল। 

সাতজন ল'ৰা কোচিনলৈ ট্ৰেইনেৰে আহিলো। ইয়াত আন চাৰিজন লগ হোৱাৰ কথা। সিহঁতে সাতখন মটৰ চাইকেল আৰু ৰাতিটো থকাৰ বাবে এটা হোষ্টেল ঠিক কৰিছিল, যাতে পিছদিনা পুৱাই আটাইকেইজনে একেলগে ওলাবলৈ অসুবিধা নহয়। 

ধলপুৱাতে নিয়ৰে আৱৰি ৰখা কিচকিচিয়া ক’লা ৰাস্তাটোৰ ওপৰত মটৰ চাইকেলেৰে যাত্ৰা আৰম্ভ কৰাৰ সপোন লৈ ১৩ আগষ্টৰ নিশা, এঘাৰজন বন্ধু একেলগে শুই পৰো। 


:প্ৰথম দিন: Get Set Go:

সম্মুখত কেবাশ কিলোমিটাৰ পথ৷ কিন্তু তাৰ চিন্তাই কাকো বিচলিত কৰা নাছিল। যদিওবা কৰিছিল, ৰাতিপুৱা চাৰিবজাতেই উঠি মটৰ চাইকেল কেইখন সাজু কৰি তোলা কথাটোৱেহে কৰিছিল।

নিশা এজনৰো টোপনি নহ’ল। সকলোৰে মনত উৎকণ্ঠা, আটাইকেইটা এনেদৰে প্ৰথমবাৰলৈ ওলাইছো। এলাৰ্ম বজাৰ ঠিক আগ মুহূৰ্তত হয়তো মোৰ চকুদুটা লাগি আহিছিল। খকামকাকৈ এলাৰ্মটো বন্ধ কৰি বাহিৰ ওলাই দেখো যে সকলোৱে ইতিমধ্যে গা-পা ধুই উঠিছে। ততাতৈয়াকৈ বাইককেইখনত বেগবোৰ বান্ধি সাজু কৰি তুলিলো। 

জেকেট, গ্লোভছ্, নি-পেড, জোতা-মোজা, হেলমেট আদি পিন্ধি বাইকত ষ্টাৰ্ট দিলো। তিনিখন এনফিল্ড, তিনিখন কে.টি.এম. আৰু এখন হোণ্ডাৰ গৰ্জনত পুৱতি নিশাৰ আকাশখন কঁপি উঠিল। 

Engines roared, gears shifted, and the trip was on! 

নিশা কটোৱা হোষ্টেলটোৰ গেটেৰে ওলাই, বাইপাছ এটাৰে পোনাই ট্ৰিশূৰ হাইৱেত উঠিলো। ৰাতিপুৱাৰ চেঁচা বতাহজাকে বৰকৈ আমনি কৰিছিল, কোনোপধ্যেই চল্লিশৰ ওপৰত চলাব নোৱাৰি। সূৰ্য্যদেৱতা তেতিয়াও নিদ্ৰামগ্ন। সকলোৰে মনত এটাই চিন্তা - ৰ’দ ওলোৱাৰ আগতেই যিমান বেছি দূৰত্ব অতিক্ৰম কৰিব পাৰো সিমানেই ভাল। তাৰ পিছত হয়তো এই চেঁচা বতাহজাক আৰু নাপাম, গৰম বতাহৰ কোবেহে আমনি কৰিব। 

কালিকাট্ ব’ৰ্ডাৰ পাৰ হৈ মল্লাপুৰম সোমাওঁ মানে পেটত ভোকে কলমলাবলৈ ধৰিলে। ৰ’দো ওলাই আহিছিল। ইয়াৰ পৰা আৰু দুঘণ্টা ৰাইডৰ অন্তত আমি সোমাই পৰিম, কেৰেলাৰ সাংস্কৃতিক ৰাজধানী, ট্ৰিশূৰত। 

ৰাস্তাৰ কাষতে এখন সৰু হোটেল, ‘ভাৰত’। পেটৰ কলমলনি আঁতৰোৱাৰ উদ্দেশ্যে হোটেলখনৰ ওচৰত ৰলো। ঠাইখনত তেতিয়াও মানুহৰ সমাগম আৰম্ভ হোৱা নাই। এইপিনে কম খৰচতে পেট ভৰাই খাব পৰাকৈ ঢেৰ সৰু-ডাঙৰ হোটেল আছে; পিছে মইহে এইবোৰত খাই ইমান ভাল নাপাওঁ। দক্ষিণ ভাৰতত বহুবছৰ থাকিলো যদিও এতিয়াও ৰুটি সব্জি, পুৰি শ্বোলেৰহে মই ভক্ত। পিছে ইয়াত এইবোৰ পাবলৈ প্ৰথমতে এখন উত্তৰ ভাৰতীয় হোটেল বিচাৰিব লাগিব, যিটো ইমান পুৱাতেই সম্ভৱ নহয়। এখন দোচা আৰু দুটা বড়া পেটলৈ যেনেতেনে ঠেলি চাহ একাপ ললো। নিমখিয়া বস্তুৰ লগত চাহ খোৱা বাবে মোক সকলোৱে হাঁহে, সেইদিনাও ব্যতিক্ৰম নহ’ল। 

গৰম দোচাখনৰ লগত চাহকাপে চকুৰপৰা টোপনিৰ ভাৱটো সম্পূৰ্ণ নোহোৱা কৰি পেলালে। মনটো যথেষ্ট মুকলি লাগিল। ইতিমধ্যে সকলোৱে খোৱা-মেলা সামৰি সাজু হৈছিল। 

ময়ো আহি হোণ্ডাখনত ষ্টাৰ্ট দিলো। 

নিয়ৰত ভিজি থকা চকাদুটা কিচকিচিয়া ৰাস্তাটোৰ স্পৰ্শ পাবলৈ আঁতুৰ হৈ আছিল। এক্সেলেটৰডাল পকাই দিয়াৰ লগে লগে ইঞ্জিনটোৱে আকৌ গৰজি উঠিল। সূৰ্য্যটো ওলাই আহিছিল। এখনৰ পিছত এখনকৈ এডাল পৰুৱাৰ লানিৰ দৰে আমি ৰাস্তাৰ মাজলৈ ওলাই আহিলো। 

কেৰেলাৰ সাংস্কৃতিক ৰাজধানী, ট্ৰিশূৰ চহৰ। ঠাইডোখৰ বিভিন্ন পবিত্ৰ স্মাৰকেৰে ভৰা। যিফালেই চকু যাই সেইফালেই মন্দিৰ। ইয়াৰে বেছিখিনি শিৱ মন্দিৰ। চহৰখনৰ উত্তৰ দিশত থকা ‘থিৰুৱামৱেদী’ মন্দিৰত বহুতো হাতী থাকে বুলি শুনিছো। মন্দিৰ দৰ্শন কৰিবলৈ যোৱা ভক্তসকলক হাতীবোৰে হেনো শুৰডালেৰে মূৰত স্পৰ্শ কৰি আশিৰ্বাদ কৰে। মন্দিৰৰ পৰা কিছু নিলগত থকা ‘শাক্তন-থামপুৰণ’ নামৰ প্ৰাসাদটোও বহুবছৰ পুৰণি; ব্ৰঞ্জৰ মূৰ্তি আৰু মুদ্ৰাৰ বাবে বিখ্যাত। 

মন্দিৰ দৰ্শন কৰি ট্ৰিশূৰ - আৰ্ণাকুলম হাইৱেত উঠিলো। ৰাস্তাটোৰ সৌন্দৰ্য্যই আটাইকে মোহিত কৰি পেলাইছিল। এনে লাগিল যেন সেউজীয়া দলিছা এখনৰ মাজৰে আমি প্ৰকৃতিৰ বুকুলৈ সোমাই গৈ আছো। পথটো ইমানেই মসৃণ, নিৰ্ধাৰিত গতিবেগ পাহৰি কেতিয়া স্পীড’মিটাৰৰ ৰিডিং গৈ এশৰ ওপৰ পালেগৈ ধৰিবই নোৱাৰিলো। 

ট্ৰিশূৰৰ মাজেৰে গৈ থাকোঁতে ৰাস্তাৰ কাষত আহি ঠিয় হোৱা সৰু ল’ৰা কেইজনমানে আমালৈ হাঁত জোঁকাৰি সম্ভাষণ জনালে। সিহঁতক দেখি ঠিক সৰুতে মই কৰাৰ দৰেই লাগিল। সিহঁতলৈ চাই মনটো ল’ৰালিলৈ উৰা মাৰিলে। 

ঘৰত এখন স্কুটাৰ আছিল, ‘নৰ্মদা ১৫০ প্ৰিঞ্চ’। বৰ ওখ পাখ স্কুটাৰখন চলাবলৈ বিৰাট অসুবিধা। তেতিয়া বহুলভাৱে প্ৰচলিত ‘বাজাজ ছুপাৰ’ খনতকৈ বহুখিনি ওখ আছিল নৰ্মদাখন। দেউতাই কিয় কিনিছিল নাজানো, বেছিখিনি সময় ঘৰতেই পেলাই থোৱা আছিল। চাইকেল চলাই এফালে তেৰ কিলোমিটাৰকৈ মুঠতে ছাব্বিশ কিলোমিটাৰ দৈনিক স্কুললৈ অহা-যোৱা কৰিছিল তেওঁ। স্কুটাৰ চলাওঁতে বুকুত ঠাণ্ডা লাগি হোৱা বিষটোৰ পৰা উপসম পাবলৈ ডাক্টৰে এখন এক্সৰে প্লেট চোলাৰ মাজেৰে বুকুত বান্ধি লবলৈ কৈছিল। কিন্তু দেউতাই এইবোৰ জঞ্জালত নোসোমাই পুৰণি চাইকেলখনেৰেই বাট কুৰি বাই স্কুললৈ অহা-যোৱা কৰি থাকিল। 

অলপ ডাঙৰ হৈ স্কুটাৰখন লাহে লাহে ঘৰৰ বাহিৰলৈ উলিয়াব পৰা হওঁ। সৰুতেই মই যথেষ্ট ওখ-পাখ। চুবুৰীয়া খূড়া এজনে দেউতাৰ অজানিতে দুদিনমান সেইখন চলাবলৈ শিকাইও দিলে। দেউতা ওলাই যোৱাৰ পিছত স্কুল নাথাকিলে মাক পিছফালে বহুৱাই ওচৰৰ দোকানখনলৈ বা কেতিয়াবা অকলেই ওলাই যাব পৰা হলো। 

আমাৰ গাঁৱৰ হস্পিটালখন ঘৰৰ পৰা কিছু আঁতৰত। এদিন মাৰ লগত হস্পিটালৰ পৰা উভতি আহোঁতে, স্পিডব্ৰেকাৰ এটাত ব্ৰেকডাল হেচিবলৈ পাহৰিলো। কিছুদূৰ আগত কেইজনমান মানুহে মোক আগভেটি ধৰিলে। তেওঁলোকে মোক মাৰিবলৈহে বাকী, মই ইফালে কাৰণটো বুজিয়েই পোৱা নায়। চিঞৰ বাখৰত মা যে স্কুটাৰৰ পিছফালে নাই, মনলৈকে নাহিল। এজনে চিঞৰি চিঞৰি পিছলৈ দেখুৱাই দিয়াতহে মন কৰিলোঁ, মা সেই স্পিডব্ৰেকাৰটোত পৰি ৰৈছিল। ৰাস্তাৰে গৈ থকা এগৰাকী মহিলাক চেপি থৈ পলোৱা বুলি ভাবি মানুহখিনিয়ে মোক আগভেটি ধৰিছিল। বহু বুজনিৰ অন্তত যেনিবা তেওঁলোকে মোক এৰি দিলে। মায়ে কেকাই কেকাই আগুৱাই আহি মোক সাবটি ধৰাতহে মানুহবোৰে মোক বিশ্বাস কৰিলে। সেইদিন ধৰি মাৰ কঁকালৰ বিষটোও চিৰস্থায়ী হ’ল আৰু মোৰ স্কুটাৰ চলোৱাও বন্ধ। কিছুদিনৰ পিছত খঙতে দেউতাই স্কুটাৰখনেই বিক্ৰী কৰি দিলে। 

হাইৱেৰ পৰা আটাইকেইজনে এটা সৰু পথেৰে নামি আহিলো। এইফালেৰে তিনি কিলোমিটাৰ আগলৈ এটা জলপ্ৰপাত আছে। তাতেই দুপৰীয়াৰ আহাৰৰ পৰিকল্পনা কৰা হৈছে। ঠাইখনত বেছি মানুহৰ সমাগম নহয়, দুই এখন সৰু হোটেলো আছে হেনো। 

জলপ্ৰপাতৰ ওচৰ চাপি দিনটোৰ কষ্টখিনি নিমিষতে পাহৰি গলো। খল খল শব্দ কৰি পানীৰ এটা বিশাল ধাৰা তললৈ নামি আহিছে। কিমান ওপৰৰ পৰা পানিখিনি পৰিছে তলৰ পৰা চালে ধৰিব নোৱাৰি। ওপৰলৈ কেৱল পানীৰ মাজেৰে ধোৱাৰ দৰে জলীয় বাষ্পবোৰহে চকুত পৰে। নামি অহা পানিখিনি জমা হৈ, আন এটা দিশেৰে আকৌ বেলেগলৈ নামি গৈছে। 

আমাৰ হাঁতত যেন এক মিনিটো সময় নাই, এজন এজনকৈ জলপ্ৰপাতৰ তলত জমা হোৱা পানীখিনিলৈ জঁপিয়াই দিলো। ভীষণ ঠাণ্ডা পানী, প্ৰথমতে কেইজনমান কঁপি কঁপি উঠি আহিবলৈ বাধ্য হৈছিলো যদিও দ্বিতীয় বাৰ নামোতে অসুবিধা নহ’ল। আধাঘণ্টামান সকলো পানীৰ মাজত ফটোচেছনত ব্যস্ত৷ পেটৰ ভোকৰ কথা কাৰোৱেই মনলৈ অহা নাই৷ দুই বাজি যোৱাৰ পিছতহে আমাৰ মনত খেলালে এয়া আচল লক্ষ্যস্থান নহয়, সূৰ্যাস্তৰ আগতে আমি আৰু নব্বৈ কিলোমিটাৰ পথ অতিক্ৰম কৰিবলৈ আছে। 

যাত্ৰাৰ প্ৰথম দিনৰ গন্তব্যস্থল ঠিক কৰা হৈছিল ‘ভেলাপেৰাই’। তামিলনাডুৰ এখন বিখ্যাত পাহাৰীয়া চহৰ। জলপ্ৰপাতৰ ওচৰত খোৱা লোৱা শেষ কৰি আকৌ ৰাস্তা ললো। ভেলাপেৰাই পোৱাৰ কিছুসময় আগতে এজাক বৰষুণে আটাইকে সম্পূৰ্ণৰূপে ভিজাই গ’ল, আশ্ৰয়ৰ বাবে অকণো ঠাই বিছাৰি নাপালো। আমিও ৰাস্তাৰ মাজতেই ঠিয় হৈ বৰষুণজাক মূৰ পাতি ললো। বৰষুণৰ পানীয়ে আমাৰ লগতে মটৰ চাইকেল কেইখনো ধুই দিলে। বৰষুণজাকৰ অন্তত ঠেক পথ এটাৰে লাহে লাহে পাহাৰীয়া চহৰখনলৈ উঠি গলো। 

’সোলায়াৰ’ জলপ্ৰকল্পত উপস্থিত হওঁতে গোটেইখন আন্ধাৰে আৱৰি পেলাইছিল। আন্ধাৰে পোহৰে ইয়াতে কিছুসময় ফটোচেছন কৰি চহৰৰ মাজলৈ সোমাই আহিলো। নিশাটো কটোৱাৰ বাবে এটা সৰু ডৰমিট্ৰী ঠিক কৰা হ’ল। বৰষুণ নপৰাকৈ মটৰ চাইকেলবোৰ ডৰমিট্ৰীটোৰ সম্মুখতে পাৰ্ক কৰিলো। বৰষুণজাকে চহৰখনলৈ শীতল ভাৱ এটা নমাই আনিছিল। ডৰমিট্ৰীটোত থকাৰ লগতে খোৱাৰো ব্যৱস্থা আছে। আটাইকেইজনে যি পাওঁ তাকেই গোগ্ৰাসে গিলি নিজৰ নিজৰ বিছনা ললো। কেমেৰাৰ পৰা ফটোবোৰ লেপটপলৈ ট্ৰান্সফাৰ কৰি, কেমেৰা, মোবাইল আদিবোৰ ছাৰ্জত লগাই বাগৰি দিলো। ভাগৰটোৱে যেনেদৰে হেঁচা মাৰি ধৰিছিল, ঘোৰ টোপনিত ঢলি পৰিবলৈ বেছি সময় নালাগিল। 

×××

দ্বিতীয় দিন: 
:কোডাইকানাল - here we come:

পুৱা ছয় বজাৰ এলাৰ্মটো বন্ধ কৰি স্বভাৱসুলভ ভাৱে কম্বলখন মূৰলৈ টানি ললো। কিন্তু টোপনি নাহিল। তেনেদৰে কিছুসময় পৰি থকাৰ আমেজটোৱেই সুকিয়া; বিছনাখন সহজতে এৰিবলৈ মন নাযায়। কিবা অলপ খাই মেলি পুনৰ ৰাস্তালৈ ওলাওঁ মানে ন বাজিল। আগদিনা বৰষুণত ভিজা বাবে সকলোৰে গা বেয়া৷ মই অলপ জ্বৰো অনুভৱ কৰিছিলো। ভেলাপেৰাই হিল ষ্টেচনৰ পৰা বিদাই লৈ পাঝানী অভিমুখে যোৱা পথটোৰে আগুৱাই আহিলো।

মটৰ চাইকেলবোৰ এটা পৰুৱাৰ শাৰীৰ দৰে অকোৱা-পকোৱা ৰাস্তাটোৰে নামি আহিল। পথৰ সৌন্দৰ্য্য মোহনীয়। এজনৰ পিছত আন এজনকৈ ঠেক পথটোৰে তললৈ আহোঁতে সম্মুখত পোৱা বিভিন্ন জলপ্ৰপাত, গছ-গছনিবোৰৰ ফটো সংগ্ৰহ কৰিবলৈ কোনেও নাপাহৰিলে৷ 

কোনোবাই ফটো উঠিবলৈ ৰোৱাৰ বাবে কেতিয়াবা বাকীবোৰ আগুৱাই গৈ ৰৈ থাকিবলগীয়াও হৈছিল। ক'ৰবাত পঢ়িব পাইছিলো যে ৰাইডিঙৰ হেনো নিয়ম - সকলোৱে একেলগে এটা গতিৰে আগবঢ়া।

Stay together, ride together, help each other!

পথৰ দাঁতিৰ সৰু চাহ দোকানবোৰে আমাক সতেজ কৰি ৰখাৰ লগতে অঞ্চলটোৰ বিষয়ে অলপ জ্ঞান আহৰণ কৰাতো সহায় কৰিলে। সম্পূৰ্ণ দুঘণ্টাৰ অন্তত আমি ভেলাপেৰাই পাহাৰৰ একেবাৰে তলত উপস্থিত হলো।

নামনিত জলপ্ৰপাত এটাৰ কাষেৰে এখন সৰু বনাঞ্চল৷ কোনো পৰিকল্পনা নোহোৱাকৈ ভিতৰলৈ সোমাই পৰিলো। বান্দৰৰ বাবে সংৰক্ষিত এই বনাঞ্চলখনত দৈনিক বহু পৰ্যটকৰ আগমন ঘটে বুলি গম পালো। বান্দৰবোৰৰ লগত আমিও ফটো উঠিলো। গছৰ ওপৰৰ পৰা বান্দৰবোৰে আমালৈ আচৰিতভাৱে চাই আছিল৷ হয়তো এসোপামান বেগ, কেমেৰা আৰু অন্যান্য বিভিন্ন সা-সঁজুলি লৈ তেনেদৰে সিহঁতৰ মাজত গৈ উপস্থিত হোৱাত সন্ত্ৰস্ত হৈ পৰিছিল। ইতিমধ্যে মানুহবোৰ গোট খাবলৈ আৰম্ভ হোৱাত সিহঁতক আৰু বেছি আমনি নকৰি সোনকালে তাৰপৰা ওলাই আহিলো।

পৰবৰ্তী লক্ষ্য 'উদামালপেট'। ঘড়ীৰ কাটাবোৰ মিলাই লোৱা হ'ল। মটৰ চাইকেলবোৰ আগুৱাই গ'ল। গ্ৰুপত থকা তিনিজন মুছলমান বন্ধুৰ শুক্ৰবৰীয়া নামাজৰ আগে আগে উদামালপেট গৈ পোৱাৰ পৰিকল্পনা, যাতে তিনিওজনে সময়মতে প্ৰাথনা কৰিব পাৰে। পুৱা বান্দৰৰ মাজত যঠেষ্ট সময় অপচয় হোৱা বাবে গতিবেগ বঢ়াবলগীয়া হৈছিল। 

বনাঞ্চলখন অতিক্ৰম কৰাৰ পিছত পথটোৱে সৌন্দৰ্য্য হেৰুৱাই পেলালে। দুয়োকাষে কেৱল শুকান ৰঙা মাটি, বহুদূৰলৈ ঘাঁহ বননীৰ কোনো চিন-চাবেই নাই। কোনো ঠাইত মাটি ফাটি চিৰা-চিৰ হৈ থকাও দেখিলো। বহুবছৰ যেন ইয়াত বৰষুণ হোৱা নাই। গছৰ শুকান পাতবোৰে যেন আৰ্ত্তনাদ কৰিছে৷ সূৰ্য্যৰ ৰশ্মিবোৰ আগ্নেয়গিৰিৰ লাভাৰ দৰে নামি আহি এফালৰ পৰা সকলোবোৰ যেন জ্বলাই চাৰখাৰ কৰিহে পেলাব! সামান্য দূৰত্বৰ ব্যৱধানত প্ৰকৃতিৰ এনে বিচিত্ৰ ৰূপ দেখি মৰ্মাহত হলো। 'ৰাইডিঙ'ৰ উৎসাহ কিছুসময়ৰ বাবে কমি গ’ল। মনটো বৰ বেয়া লাগিল৷

বাঙ্গালোৰৰ পৰা ৰেলেৰে গুৱাহাটী অহাৰ সময়ত উৰিষ্যাৰ বহুতো ঠাইত এনেকুৱা দৃশ্য দেখা মনত পৰে। কেতিয়াবা মৰুভূমিৰ মাজেৰে ৰেলখন গৈ থকা যেন অনুভৱ হয়। চাৰিওফালে শুকান মাটি, দূৰ-দূৰণীলৈ পানীৰ অৱস্থিতি নাই। এবাৰ এনেকুৱা এটুকুৰা ঠাইত আমাৰ ৰেলখন ছয়ঘণ্টা সময় আবদ্ধ হৈ পৰিছিল। কিবা কাৰিকৰী বিজুতিৰ বাবে গাড়ীখন হেনো আগুৱাব পৰা নাছিল। ইফালে ডবাবোৰত পানীও শেষ। পুনৰ পানী ভৰাব পৰাকৈ 'কটক' জংচন পাবলৈ তেতিয়াও দুশ কিলোমিটাৰমান বাকী। গৰমত সকলোৰে অৱস্থা অতি বেয়াৰ ফালে ঢাল খোৱাৰ আগতে যেনিবা কেইজনমান লোক ক'ৰবাৰ পৰা হঠাতে সেই জয়াল পথাৰৰ মাজলৈ ঈশ্বৰৰ দূতৰ দৰে হাতত এসোপামান পানীৰ বটল লৈ আহি ওলাইছিল। অৱশ্যে তেওঁলোকে বিশটকীয়া একোটা বটল ডেৰশৰ পৰা দুশটকালৈকে বিক্ৰী কৰিছিল।

'উদামালপেট' পোৱাৰ আগে আগে গৰু আৰু ঘোঁৰাগাড়ীৰ ওপৰত বিপৰীত দিশৰ পৰা আহি থকা এদল মানুহে বৰ আমনি কৰিলে। কোনো উৎসৱৰ পৰা ওভটি অহাৰ দৰে অনুমান হোৱা দলটোৱে আমাক যেনিয়ে তেনিয়ে খুন্দিয়াই গ'ল। আমি যঠেষ্ট সাৱধানেৰে তেওঁলোকৰ জন্তুবোৰ পাৰহৈ যাবলৈ পথটো এৰি দিছিলো যদিও তেওঁলোকে একেধৰণৰ সাৱধানতা অৱলম্বন কৰা দেখা নগ'ল। লগৰ এজনৰ ভৰিত এখন ঘোঁৰাগাড়ীৰ চকাই খুন্দিয়াই যোৱাৰ ফলত মটৰ চাইকেলখনৰ ফুটগাৰ্ডডাল ভাঙি তাৰ ভৰিত আঘাত কৰিলে। সেইডাল নাথাকিলে হয়তো ভৰিখন চিঙি থাকিলহেতেন। ফুটগাৰ্ডডাল বেয়াকৈ ক্ষতিগ্ৰস্থ হৈছিল। লগত থকা 'ফাৰ্ষ্ট এইড' কিটৰ সহায়ত তাৰ প্ৰাথমিক চিকিৎসাৰ লগতে মটৰ চাইকেলখন মেৰামতি কৰি আমি আগবাঢ়ো মানে বহু পলম হ'ল।

দেখাত সামান্য যেন লাগিলেও ঘটনাটোৱে আমাৰ যঠেষ্ট সময় অপচয় কৰিলে। উদামালপেট পাওঁতে দুপৰীয়া এটা বাজিল। মুছলমান বন্ধু কেইজনৰ নামাজৰ অন্তত আটাইয়ে আহাৰ কৰিলো। খাই মেলি আধা ঘণ্টামান জিৰণী লৈ পাঝানী অভিমুখে ৰাওনা হ'লো। উদামালপেটৰ পৰা পাঝানী এঘণ্টাৰ বাট।

সূৰ্য্যদেৱতাৰ প্ৰকোপলৈ লক্ষ্য ৰাখি পাঝানী পাহাৰৰ ওপৰত মন্দিৰ দৰ্শনৰ পৰিকল্পনা তলতেই সামৰিবলগীয়া হ’ল। উৎকট গৰমত এশৰো অধিক চিৰি বগুৱাই পাহাৰৰ ওপৰলৈ উঠি যাবলৈ কেইজনমান প্ৰস্তুত নাছিল। ভাগৰুৱা শৰীৰেৰে তলৰপৰাই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই আমাৰ গন্তব্যস্থল 'কোডাইকানাল' অভিমুখে আগবাঢ়িলো। আমাৰ আগত এতিয়াও প্ৰায় সত্তৰ কিলোমিটাৰ অকোৱা পকোৱা পথ।

কিছুদূৰ গৈ ৰ'দৰ বাবে আগুৱাব নোৱাৰা হলো৷ গছ কেইজোপামানৰ আঁৰ লৈ পথৰ কাষতে সকলো বহি পৰিলো। তেনেদৰে কিছুসময় জিৰণী লৈ বেলিটোৰ প্ৰকোপ অলপ কমা যেন পালেই পথৰ মাজলৈ ওলাই আহো৷ আকৌ কিছুদূৰ গৈ বহি পৰো। এনেদৰে ৰৈ ৰৈ যাওঁতে আমাক যঠেষ্ঠ সময়ৰ প্ৰয়োজন হৈছিল। 

সন্ধিয়া কোডাইকানালৰ ওচৰৰ সৰু বজাৰ এখনত আহি সোমাও। ইয়াত সকলোৱে একোকাপ কফি খাই সৰু সুৰা ঢেৰ বস্তু কিনিলো৷ কোডাইকানাল ট্ৰিপৰ স্মৃতিৰূপে সকলোৰে বেগবোৰ পৰিজনৰ কাৰণে কিনা উপহাৰেৰে ভৰি পৰিল।

বজাৰৰ পৰা ওলাও মানে যঠেষ্ট আন্ধাৰ হ’ল। স্থানীয় লোকসকলৰ উপদেশমতে ঘাইপথ এৰি লুংলুঙীয়া বাট এটাৰে আগবাঢ়ি গলোঁ। এইটোৰে গলে কোডাইকানাললৈ মাত্ৰ পোন্ধৰ কিলোমিটাৰ৷ কিন্তু ৰাস্তাটো ভাল নহয়, কেঁচা। হেডলাইটৰ পোহৰকেই সাৰথি কৰি এন্ধাৰৰ বুকু ফালি লাহে ধিৰে আগুৱাই গৈ থাকিলোঁ। বৰষুণৰ পানীয়ে ঠায়ে ঠায়ে খলা বমা কৰি পেলাইছিল৷ বেছি বেগত যাব পৰা নাছিলোঁ। পথচোৱা ঠিয়, বিপদজনক।

তেনেতে ঘটিল ঘটনাটো। বৰষুণৰ বাবে পিছল হৈ থকা পথটোত মোৰ আগেৰে গৈ থকা এনফিল্ড খনৰ পিছৰ চকাটো পিছলি গ'ল। ৰাইডাৰজনে বহু চেষ্টা কৰিও সেইখন নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। দুজন ল'ৰা বুলেটখনৰ লগতে পথৰ দাঁতিত বাগৰি পৰিল। মটৰ চাইকেলখনে কিছুদূৰ সিহঁতক চোঁচৰাই নিলে। গছ এজোপা সাৱটি যেনেতেনে দুয়োটা ওপৰতে ৰ'ল যদিও বুলেটখন বচাব নোৱাৰিলে। সেইখন প্ৰায় এশফুটমান তলৰ দ খাৱৈ এটাত বাগৰি পৰিল।

বহুদেৰি বিচাৰ খোচাৰ কৰি টৰ্ছৰ পোহৰত বুলেটখন তলত পৰি থকা দেখিলোঁ। সেইখন ওপৰলৈ উঠাব পৰাকৈ কোনো ব্যৱস্থা আমাৰ নাই, তাতে চাৰিওফালে আন্ধাৰে আৱৰি আছে। পোহৰ হোৱাৰ আগতে তাক উঠোৱা অসম্ভৱ। ভাগ্য ভাল যে পেট্ৰ'ল টেংকটো লিক হোৱা নাছিল, গাড়ীখন বিস্ফোৰিত নহ'ল। টৰ্ছৰ পোহৰত ওপৰৰ পৰা তেল লিক হোৱা যেন নেদেখিলোঁ, তললৈ নামি গৈ ভালদৰে চাবলৈ মনত অলপ ভয়ো হৈছিল। মুঠতে পুৱাৰ আগত সেইখন পোৱাৰ কোনো সম্ভাৱনা নাই। স্থানীয় মানুহৰ সহায়ত ৰাতিপুৱা সেইখন উঠোৱাৰ সিদ্ধান্ত লৈ আমি ওপৰলৈ আগুৱাই গলো। ৰাতিপুৱা ঠাইখিনি চিনি উলিয়াবলৈ যাতে অসুবিধা নহয়, তাৰবাবে আমাৰ মটৰ চাইকেলত লগোৱা দুখনমান হালধীয়া-ৰঙা পতাকা তাতে লগাই থোৱা হ'ল।

মূল চহৰৰ পৰা কিছু আঁতৰত বুক কৰা কটেজটো আহি পাওঁতে নিশা এঘাৰটা বাজিল। দূৰ্ঘটনা সংঘটিত হোৱা ঠাইখনৰ পৰা আঠ কিলোমিটাৰ ওপৰত। সকলোৰে মনবোৰ গধূৰ, খোৱাৰ বাবে কাৰো আগ্ৰহ নাই। তথাপিও কিবা অলপ খাই নিজৰ নিজৰ কোঠাত সোমালো। 

ঘটনাটোৰ পৰা এটা ভাল শিক্ষা হ’ল - 'অচিনাকী ঠাইত ঘাইপথেই নিৰাপদ, সি লাগিলে দুগুণ সময় নলওক কিয়।' 

মটৰ চাইকেলৰ ভাগৰুৱা ইঞ্জিনকেইটা বাহিৰত ইতিমধ্যে শুই পৰিছিল। ৰাতিপুৱাই বুলেটখন উঠাই চহৰখনৰ মনোৰম দৃশ্য উপভোগ কৰাৰ বিভিন্ন পৰিকল্পনাৰ লগতে আন এসোপামান অৰ্থহীন কথাবাৰ্তাৰ অন্তত আমিও শুই পৰিলো। 

×××

তৃতীয় দিন: Freedom Ride:

সেইদিনা ১৫ আগষ্ট৷ স্বাধীনতা দিৱস। পুৱাৰ শীতল বতাহজাকে সকলোৰে মনত দুগুণ উৎসাহ জগাই তুলিলে। তাৰ বিপৰীতে আগৰাতিৰ ঘটনাটো বেয়া সপোন বুলি পাহৰিবলৈ চেষ্টা কৰিও মই বাৰে বাৰে ব্যৰ্থ হ’লো। বহু কষ্টৰ অন্তত কেইজনমান স্থানীয় ব্যক্তিৰ সহায়ত এনফিল্ডখন জংঘলৰ মাজৰ দ খাৱৈটোৰ পৰা উলিয়াই অনা হ'ল। পিছে সেইখন মেৰামতি কৰিবলৈ মেকানিক বিছাৰিহে হাবাথুৰি খাবলগীয়া হ'ল। তিনিজন মেকানিক পালো যদিও কোনেও সেইখন ষ্টাৰ্ট কৰিবলৈ সক্ষম নহ'ল। থাণ্ডাৰবাৰ্ডৰ ইঞ্জিনৰ বিষয়ে তেওঁলোক বিশেষ অভিজ্ঞ নাছিল।

হাতত সময় তেনেই কম। মটৰ চাইকেলখন গেৰেজতে থৈ কোডাইকানাল ভ্ৰমণ কৰিবলৈ ওলালো। আমি থকা কটেজটোৰ ল'ৰা এজনে ওচৰৰ আন এঠাইৰ পৰা এনফিল্ডৰ কাৰিকৰী অভিজ্ঞতা থকা মেকানিক এজন অনাৰ দ্বায়িত্ব ললে। 

মানুহবোৰ ইমান ভাল, আনক সহায় কৰাৰ মানসিকতা দেখি আপ্লূত হৈ পৰিছিলো।

'কোডাইকানাল' হ্ৰদত এঘণ্টা নৌকা বিহাৰ কৰি, 'ব্ৰায়ান পাৰ্ক'ৰ চৌদিশে এবাৰ ফুৰিলো। তাৰ পিছত 'লা-ছালেট্' গীৰ্জাঘৰ, 'পাইন ফৰেষ্ট', 'আন্দাৱৰ মন্দিৰ', 'গুণা কেভ', আদি ভ্ৰমণ কৰি কটেজলৈ উভতো মানে তিনিটা বাজিল। পাইন ফৰেষ্টৰ ভিতৰলৈ তিনিটা সৰু সৰু জলপ্ৰপাত আছে৷ দৃশ্যবোৰ উপভোগ কৰি আপোন পাহৰা হৈ গলো। চাইট চিইঙৰ বাবে ইয়ালৈ অসংখ্য পৰ্যটক আহে৷ তেওঁলোকৰ মাজতে অসমৰ দুজন ল'ৰা-ছোৱালী লগ পালো। তেওঁলোকেও তেনেদৰে অসমীয়া ৰাইডাৰ এজনক লগ পাই আনন্দিত হৈছিল।

এনফিল্ডখন মেৰামতি হ’ল। কোডাইকানালত লগ পোৱা সকলো শুভাকাঙ্ক্ষীৰ পৰা বিদাই লৈ আমি আকৌ ৰাস্তাৰ মাজলৈ ওলাই আহিলো। ওভটনি যাত্ৰা আৰম্ভ হ'ল, কিন্তু এইবাৰ অন্য এটা পথেৰে।

Engines roared, gears shifted and the trip was on, once again!

এইবাৰ আমাৰ গন্তব্যস্থল 'উটি'। 'কোডাইকানাল' পাহাৰলৈ উঠি যাওঁতে ব্যৱহাৰ কৰা বিপদশংকুল পথটো নলৈ এইবাৰ আমি ঘাইপথেৰে নামি আহিলো। এইফালেৰে পাঝানীলৈ ঘূৰি আহিম৷ তাৰপৰা বেলেগ এটা পথেৰে 'কইম্বাটুৰ', আৰু তাৰপৰা 'উটি' ওলামগৈ।

তললৈ নামি আহোঁতে ওপৰলৈ উঠি যোৱা বহুকেইজন 'ৰাইডাৰ' লগ পালো। অচিনাকী হ'লেও দুয়োটা দলৰ সদস্য সকলে ইজনে সিজনলৈ চাই হাঁহিৰে সম্ভাষণ জনালে। এয়া গৌৰৱৰ হাঁহি, ভাতৃত্ববোধৰ হাঁহি, Freedom Ride ৰ হাঁহি।

জয় হিন্দ, ভাৰত মাতা কি জয়!

তেওঁলোকে আমালৈ চাই অতি উচ্চ স্বৰত চিঞৰি চিঞৰি পাৰহৈ গ'ল। আমিও প্ৰতি সম্ভাষণ জনাই চিঞৰি উঠিলো -

ভাৰত মাতা কি জয়। জয় হিন্দ!!

পাহাৰৰ তলত আহি উপস্থিত হ'বলৈ এঘণ্টা লাগিল। সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে 'কইম্বাটুৰ' অভিমুখে মটৰ চাইকেলবোৰ পোনাই দিলো। পথৰ সৌন্দৰ্য্য আৰু মসৃণতাই এক্সেলেটৰডাল বেছি জোৰেৰে পকাই ধৰিবলৈ লোভ দেখুৱাই আছিল৷ আমিও সেই লোভতে মোহিত হৈ অপ্ৰয়োজনীয় ভাৱে প্ৰত্যেকেই একোটা ৰকেটলৈ পৰিবৰ্তিত হলো। স্পীড'মিটাৰৰ কাটা এশদহ, এশবিশ পাওঁতেহে সম্বিত ঘূৰাই পাইছিলো। ৰাইডিঙৰ বিষয়ে একেবাৰে অনভিজ্ঞ, আমাৰ মটৰ চাইকেল কেইখনো সাধাৰণ শ্ৰেণীৰ। ছুপাৰবাইক হ'লে ঘণ্টাত 'এশবিশ' কিলোমিটাৰ হয়তো ভয় কৰিবলগীয়া কথা নহয়।

সন্ধিয়া আঠটা বজাত 'কইম্বাটুৰ' আহি পাওঁ। Fun Mall নামৰ ছুপাৰ মাৰ্কেট এখনত সোমাই খোৱা লোৱা কৰা হ'ল। 'এয়াৰ কণ্ডিছনড' ৰুমত অলপ জিৰণী লোৱাৰ উদ্দেশ্যেৰে আমি তাত সোমাইছিলো। মলটোৰ ভিতৰত প্ৰায় এঘণ্টামান কটাই 'উটি' অভিমুখে ওলাই আহিলো। ইয়াৰ পৰা আৰু চাৰিঘণ্টা ৰাইডৰ অন্তত আমি 'উটি' পামগৈ।

ভাগৰত অৱশ হৈ পৰিছিলো। এঘণ্টা ৰাইডৰ পিছতেই আৰু অলপো আগবাঢ়িব নোৱাৰা অৱস্থা হ'ল। দুজন ল'ৰা মটৰ চাইকেলৰ পৰা বাগৰি পৰাৰ উপক্ৰম হৈছিল। তেতিয়া নিশা দহ বাজিছে আৰু আমি 'মেট্টুপালায়ম' নামৰ এখন সৰু চহৰৰ মাজত। এখন হোটেল বিছাৰি নিশাটো তাতেই কটোৱাৰ চিন্তা কৰিলো। সৌভাগ্যক্ৰমে কম খৰচতে আৰু একেবাৰে চহৰৰ মাজমজিয়াতে হোটেল এখন পোৱা গ’ল৷ ৰুম পোৱাৰ লগে লগে আটাইবোৰে বিছনালৈ জপিয়াই দিলো।

*****

চতুৰ্থ আৰু অন্তিম দিন :a ride to be remembered for the lifetime:

যাত্ৰাৰ অন্তিম দিনটোৰ আৰম্ভণি পুৱা আঠ বজাত। আমাৰ নিৰ্ধাৰিত গতি অনুযায়ী 'উটি'লৈ তিনিৰ পৰা চাৰিঘণ্টা সময় ল'ব বুলি অনুমান কৰিছিলো। পাহাৰৰ মাজেৰে এটা সুন্দৰ পথ। গোটেই পথচোৱাৰ দাঁতিত বিচৰণ কৰি ফুৰা 'য়াক' বোৰে ঘাঁহ পাগুলীয়াই আমালৈ চাই থকা যেন লাগিল। বাটত 'উটি'লৈ উঠি যোৱা আৰু নামি অহা অসংখ্য ৰাইডাৰ লগ পালো, কোনোৱে হাত জোঁকাৰি মাত দি গ'ল, আন কোনোৱে চিঞৰি মাতিলে। আমিও সকলোকে প্ৰতি সম্ভাষণ জনাই থাকিলো।

আগদিনা ভাগৰুৱা হৈ 'মেট্টুপালায়ম'ৰ হোটেলত কটোৱা ঘটনাটো আমাৰ বাবে ঈশ্বৰৰ আশিৰ্বাদ যেন আছিল। নিশা পাহাৰীয়া পথটোৰে উঠি আহিলে হয়তো প্ৰকৃতিৰ এই আচৰ্য্যকৰ ৰূপ দেখাৰ পৰা বঞ্চিত হলোহেঁতেন। বাট-পথ, গছ-বিৰিখ, চৰাই-চিৰিকতি সকলোবোৰ ইমান ধুনীয়া হ'ব পাৰে বুলি সপোনতো ভবা নাছিলো। সেউজীয়া কফি বাগনবোৰৰ মাজেৰে মটৰ চাইকেলৰ ওপৰত আমি আৰু আমাৰ ওপৰত নীলা আকাশৰ মাজত শুকুলা মেঘবোৰ৷ যেন আমাৰ লগতেই আগুৱাই গৈ আছে। মেঘৰ মাজেৰে ভিন্নৰঙী চৰাইবোৰে ৰিঙিয়াই আমাক আদৰি লৈ গৈছে। বতৰটো একেবাৰে ফৰকাল৷ শীতল বতাহজাকেও মনবোৰ প্ৰফুল্লিত কৰি ৰাখিছিল। 

'কুন্নুৰ'ৰ পৰা 'উটি'লৈ চলা পুতলা ৰেলগাড়ীখন কফি বাগানখনৰ মাজেৰে লেহেমীয়া গতিৰে গৈ আছিল। সেইখনৰ কাষেৰে যাওঁতে ভিতৰৰ পৰা দেশী বিদেশী পৰ্যটকসকলে চিঞৰি মাত দিলে। পুতলা ৰেলখনৰ খিৰিকীৰে বাহিৰলৈ হাত জোঁকাৰি মাত দিয়া কণমানি হাত এখনৰ পৰা সৰি পৰা ৰঙা গোলাপৰ পাঁহিকেইটা বতাহত উৰি আহি মোৰ মটৰচাইকেলখনৰ তেলৰ টেংকটোৰ ওপৰতে পৰি গৈছিল৷

কি যে সুন্দৰ, এক অতুলনীয় প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে আহি 'উটি'ত উপস্থিত হলো। পাহাৰৰ ওপৰলৈ আৰু সকলোবোৰ আৰু মনোৰম। কেইজনমান স্থানীয় ল'ৰাক লগত লৈ কেইবাখনো ঠাই ঘূৰিলো। বহুতো মানুহ লগ পালো৷ বিভিন্ন খাদ্যৰ সোৱাদ ললো। দুপৰীয়াৰ আহাৰৰ পিছত কিছুসময় জিৰণী লৈ উটিৰ পৰা আমাৰ ওভটনি যাত্ৰা আকৌ আৰম্ভ হ'ল।

যাত্ৰাপথৰ আটাইবোৰ স্মৃতি মনত বান্ধি গধূৰ মনেৰে 'উটি'ৰ পৰা বিদাই ললো। 'গুডালপুৰ ৰোডে'ৰে আহিলে হয়তো তিনিঘণ্টামানৰ ভিতৰতেই কেৰেলাত সোমাব পাৰিলোহেঁতেন৷ কিন্তু যাত্ৰাৰ সময় অলপ বঢ়োৱাৰ বাবে আমি এটা দীঘলীয়া পথ বাচি ললো। জীৱনৰ প্ৰথম ৰাইডিঙৰ অভিজ্ঞতাখিনিৰ মাজত আমি আৰু কিছুসময় অতিবাহিত কৰিবলৈ বিচাৰিছিলো।

'বান্দিপুৰ ফৰেষ্ট'ৰ মাজেৰে যোৱাটো ঠিক কৰা হ'ল৷ এইফালেৰে ওভতি কেৰেলা সীমান্তত সোমাবলৈ সাত ঘণ্টামান লাগিব। মজ্জা হ'ব। জংঘলৰ মাজেৰে যদিও, ঘাইপথটো সাংঘাটিক ধুনীয়া বুলি শুনিছো। বনাঞ্চলখন পাৰ হওঁতে বিভিন্ন বনৰীয়া জন্তুবোৰ সম্মুখেৰে দৌৰি গ'ল। মটৰ চাইকেলৰ ওপৰৰ পৰা সকলোবোৰ দৃশ্য কেমেৰাত বন্দী কৰিবলৈ চেষ্টা কৰি আমি বিফল হলো৷ 'জংঘলৰ মাজত ফটো তুলিবলৈ ৰোৱাটো বিপদজনক' বুলি সকিয়নি মূলক ফলক এখন মূল প্ৰৱেশ দ্বাৰতেই আঁৰি থোৱা আছিল। বনৰীয়া গাহৰিৰ জাক আৰু হৰিণৰ পোৱালিবোৰে কেতিয়াবা পথৰ মাজেৰে বিপদজনক ভাৱে দৌৰ মৰাৰ বাহিৰে বিশেষ অসুবিধাৰ সম্মুখিন নোহোৱাকৈ আমি ভালেখিনি পথ অতিক্ৰম কৰিলো।

কিন্তু কয় নহয়, 'ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি'! আমাৰো একেই অৱস্থা হ'ল। বিপদ আমাৰ বাবেও ৰৈ আছিল। কেঁকুৰী এটা ঘূৰি বৃহৎ হাতী জাক এটাৰ সম্মুখতে পৰিলো। বনৰীয়া হাতীকেইটাই প্ৰথমতে একো অপকাৰ কৰা নাছিল যদিও বাট এৰি দিব খোজাও নাছিল। দূৰ্ভাগ্যক্ৰমে আমাৰ মাজৰ কোনোবা এজনে ভুলতে নে ভয়তে হৰ্ণটো বজাই দিলে। লগে লগে হাতীৰ জাকটো অস্থিৰ হৈ পৰিল। দুটা বৃহদাকাৰ হাতীয়ে আমালৈ চোঁচা মাৰি আহিল। মৃত্যুৰ ভয়ত কিংকৰ্তব্য বিমূৰ্হ হৈ মটৰ চাইকেলৰ ওপৰতে কিছুসময় বহি থাকিলো৷ অতি ক্ষীপ্ৰতাৰে পিছুৱাই অহাৰ সিদ্ধান্ত লোৱাত বাছি গলো৷ আৰু দুই ছেকেণ্ড দেৰি হলেই হয়তো সেইদিনা মই শেষ৷

মই সকলোৰে আগত আছিলো। হাতী দুটা যঠেষ্ট কাষ চাপি আহিছিল। হোণ্ডাখন ঘূৰাব নোৱাৰি যেনেতেনে পথৰ ওপৰতে পেলাই থৈ ওভতি দৌৰ মাৰিলো। হাতী দুটাই আমাক কিছুদূৰ খেদি লৈ আহিল। সৌভাগ্যক্ৰমে হোণ্ডাখনৰ একো অপকাৰ নকৰিলে৷ সেইখন পথৰ মাজতেই পৰি থাকিল। মৃত্যুক ইমান ওচৰৰ পৰা দেখি ঘৰলৈ বৰকৈ মনত পৰিছিল; সেইদিনা খাটাং মৰিম বুলি বুলি ভাবি লৈছিলো।

ঠিক তেনেতে সকলোকে আঁচৰিত কৰি অসংখ্য মটৰ চাইকেলৰ গোজৰণীয়ে গোটেই বননীখন কঁপাই তুলিলে। ক'ৰবাৰ পৰা হঠাতে এসোপামান এনফিল্ড বুলেট আহি ঠাইখন ভৰি পৰিল। তেওঁলোকো আমাৰ দৰেই ৰাইডাৰ৷ দলটোত প্ৰায় সত্তৰ আশীখন মান বুলেট আছিল। ইমানসোপা বুলেটৰ সমূহীয়া গৰ্জনত হাতীকেইটা ৰাস্তাৰপৰা জংঘলৰ মাজলৈ নামি গ'ল। আমাৰ বাবে ত্ৰাণকৰ্তা হৈ অহা দলটো পিছে তাত এক মূহুৰ্তও নৰ'ল৷ তীব্ৰ বেগেৰে তেওঁলোক যেনেদৰে আহিছিল তেনেদৰেই আঁতৰি গ'ল। আমিও পলম নকৰি তেওঁলোকৰ পিছে পিছে জংঘলৰ মাজৰপৰা ওলাবলৈ আপ্ৰাণ চেষ্টা চলালো। কিন্তু তেওঁলোকৰ গতিবেগৰ সমানে সমানে ফেৰ মাৰিব পৰা অভিজ্ঞতা আমাৰ নাছিল; আটাইকেইজন বহু পিছ পৰি ৰ'লো।

কিছুসময় পিছত আমি আহি কেৰেলা সীমান্তত উপস্থিত। পথৰ দাঁতিত বহি আটাইয়ে একোকাপ কফি হাতত লৈ যাত্ৰাপথৰ স্মৃতিবোৰ এফালৰপৰা ৰোমণ্ঠন কৰিবলৈ ধৰিলো। এটা পাহৰিব নোৱাৰা অভিজ্ঞতা৷ কিছু তিতা আৰু কিছু মিঠাৰ মাজেৰে জীৱনৰ প্ৰথম 'ৰাইডিং', অৱশেষত সমাপ্তিৰ পথত।

এই চাৰি দিনত আমি এঘাৰজন ল'ৰাই যিখিনি অভিজ্ঞতা গোটালো, তাৰ স্মৃতি চিৰজীৱন অন্তৰত ৰৈ যাব। তাতোকৈ ডাঙৰ কথা যাত্ৰাটোৱে আমাক আগতকৈও কাষ চপাই আনিলে৷ ইজনে সিজনক ভালদৰে বুজি পোৱাত সহায় হ'ল। বুকুত সিঁচি থৈ গ'ল হেজাৰটা সিঁহৰণ৷ ল’ৰালিৰ সপোন বাস্তবায়িত হোৱাৰ সিঁহৰণ, মৃত্যুৰ সৈতে যুঁজি বিজয়ী হৈ উভতি অহাৰ সিঁহৰণ।

'থামাৰাছেৰীসুৰম'ৰ মাজেৰে পাৰ হৈ হোষ্টেল পাবলৈ তেতিয়াও এঘণ্টা বাকী। ধৰাৰ বুকুলৈ আকৌ এজাক বৰষুণ নামি আহিছিল। আটাইকেইটা ভিজিলো। বৰষুণজাকে দেহৰ সমষ্ট দূখ-ভাগৰ আঁতৰাই লৈ গ'ল। হেডলাইটৰ পোহৰে বৰষুণৰ টোপালবোৰ ভেদ কৰি সন্তপৰ্ণে আগুৱাই গৈ থাকিল। কাৰো মুখত এটা শব্দও নাই৷ মটৰ চাইকেলৰ ইঞ্জিন কেইটাৰ বাহিৰে চাৰিওফালে কেৱল নিস্তব্ধতা। হয়তো এই যাত্ৰাৰ সমাপ্তি এজনৰো কাম্য নাছিল।

One last acceleration, gears shifted engines roared and we all were back in the hostel.


🙏সমাপ্ত🙏

Comments

Popular posts from this blog

য়ে দিল্লী হে মেৰে য়াৰ

শিশু গল্প:

নেপচুনলৈ