জোনবাইৰ দেশলৈ

সোণাপুৰ। ২০০৮!

ডুমুনীচকিৰ পৰা ৮ কিলোমিটাৰ উত্তৰ-পশ্চিমত অৱস্থিত গাঁওখন। ভুটানৰ পৰা বৈ অহা আন দুখন পাহাৰীয়া নৈ বৰনদীত লগ হোৱা অংশটো অলপ পশ্চিমে৷ তিনিখন নৈ একেলগ হোৱা বাবে বহুতেই ঠাইখনক তিনিসুঁতিমুখ বুলিও কয়৷ 

একমাত্ৰ বাছ আস্থানৰ পৰা চাৰি কিলোমিটাৰ আগুৱাই গ'লে আঘোণাৰ ঘৰ। আচলতে ঘৰ বুলিবলৈ বাঁহৰ চাৰিবেৰৰ ওপৰত খেৰৰ চালিদুখনেৰে তেনেই সাধাৰণভাৱে বান্ধি থোৱা আকৃতি এটা।

বৰনদীৰ পানীয়ে বাৰে বাৰে ভাঙি পেলোৱা পঁজাটোত পত্নী আৰু দুই সন্তানৰ সৈতে আঘোণাৰ সৰু পৰিয়ালটোৱে যেনেতেনে দিনবোৰ অতিবাহিত কৰি আছিল। সম্পত্তি বুলিবলৈ ঘৰৰ সম্মুখতে মাটি অলপ। তাতে বিভিন্ন শাক-পাচলিৰ খেতি কৰি পৰিয়ালটো যেনে তেনে চলে। 'পোনা' আৰু 'কণ' দুয়ো পঢ়াত ভাল৷ কিন্তু আৰ্থিক অৱস্থাটোৰ বাবে দুয়ো নিজেই স্কুললৈ যোৱা বাদ দিলে।

কিন্তু সিহঁতৰ সেই অৱস্থা সদায় একে হৈ নাথাকিল৷ সকলোৰে সময় সলনি হ’বলৈ মাথোঁ একোটা সুযোগৰ প্ৰয়োজন৷ অঘোণাৰ জীৱনলৈও সুযোগ আহিল৷ 

এদিন বন্ধু এজনৰ কথামতে আঘোণাই বিভিন্ন শাক-পাচলি, ফল-মূল আদিৰ বীজ আনি খেতি আৰম্ভ কৰিলে। আগতকৈ অলপ বেলেগে ভাবি এইবাৰ বিজ্ঞানসন্মত ভাৱে বীজবোৰ অলপ পৃথকে তৈয়াৰ কৰি লোৱা হৈছিল৷ স্বামী-স্ত্ৰী আৰু ল'ৰাদুটা মিলি খেতিডৰাত যঠেষ্ট কষ্ট কৰিলে। তেওঁলোকৰ কষ্ট সাৰ্থক কৰি, খেতিও সাংঘাটিক ভাল হ’ল। সাপ্তাহিক বজাৰত আঘোণাৰ শাক-পাচলিৰ চাহিদা বৃদ্ধি পাবলৈ ধৰিলে। আৰ্থিকভাৱে জুৰুলা পৰিয়ালটোৱে সাময়িকভাবে কিছু সকাহ পালে।

লাহে লাহে আঘোণাই ইটোৰ পিছত সিটোকৈ নতুন নতুন বস্তুু খেতিত লগাবলৈ ধৰিলে৷ গাঁৱৰ মানুহে আগতে কেতিয়াও নেদেখা নুশুনা বিভিন্ন ফল-মূল, শাক-পাচলিৰে আঘোণাৰ সৰু পথাৰখন ভৰি পৰিল৷ লাহে লাহে তেওঁৰ নাম অকল নিজৰ গাঁৱতেই সীমাবদ্ধ নাথাকি সমগ্ৰ জিলাৰ লগতে অসমৰ চুকে কোণে জনপ্ৰিয় হৈ পৰিল।

বিভিন্ন ঠাইৰ পৰা আঘোণাৰ পৰামৰ্শ বিচাৰি খেতিয়কসকল সোণাপুৰলৈ আহিবলৈ ধৰিলে। আঘোণাইও সাধ্যানুষাৰে সকলোকে হাইব্ৰিড পাচলিৰ বিষয়ে শিকাবলৈ ধৰিলে। তেওঁৰ একাগ্ৰতা দেখি কেইবাটাও বেচৰকাৰী সংস্থাও আগুৱাই আহিল৷ আঘোণালৈ সহায়ৰ হাত আগবঢ়ালে৷ আৰু তেনেকৈয়ে এসময়ত আঘোণা চৰকাৰৰো দৃষ্টিলৈ আহিল। কৃষিকৰ্মত পৰীক্ষা-নিৰীক্ষা চলোৱা বাবে অসম চৰকাৰে তেওঁলৈ বিভিন্ন ভাট্টা আগবঢ়ালে।

সোণাপুৰলৈ এতিয়া কেইবাখনো বাছ চলে। 'পোনা' আৰু 'কণ'ৰ স্কুলো পুনৰ আৰম্ভ হৈছে। লাহে লাহে আঘোণাৰ খেৰি ঘৰটোৱেও দুটা কোঠাৰ পকীঘৰৰ ৰূপ পাইছে।

                                         ***

'ড্ৰেগন ফল'

সুমধুৰ আৰু তেজৰ বাবে উপকাৰী এবিধ বিশেষ ফল৷ অসমৰ মাটিত আগতে এইবিধ তেনেকৈ নহৈছিল৷ কিন্তু আঘোণাৰ একাণপতীয়া চেষ্টাই সেই অসাধ্য বহুতৰে বাবে সহজ কৰি তুলিলে৷ অসমৰ বিভিন্ন ঠাইত এতিয়া 'ড্ৰেগন ফল'ৰ খেতি কৰি বহুতো যুবক স্বাৱলম্বি হৈছে৷

এইবিধ ফলৰ খেতি কৰা প্ৰথমজন অসমীয়া খেতিয়ক হিচাপে আঘোণা সৰ্বভাৰতীয় পৰ্যায়ত পুৰষ্কাৰ লবলৈ দিল্লী অভিমুখে ৰাওনা হ'ল। ৰাষ্ট্ৰপতি ভৱনত পুৰস্কাৰ লোৱাৰ সময়ত বৰপুত্ৰ 'পোনা'ও লগত আছিল।

পিছে তেওঁলোকৰ সেই আনন্দৰ সময়চোৱাত, বাটতে ঘাট পাতি ৰৈ থকা ধুমুহা‌জাকৰ কথা কোনেও কল্পনা কৰা নাছিল।

ৰাষ্ট্ৰপতি ভৱনৰ পৰা অসম ভৱনলৈ উভতি আহোতে দিল্লীৰ কনৌট প্লেচৰ ওচৰত কেইবাখনো গাড়ীয়ে আঘোণা উঠি অহা অটোখন আগচি ধৰিলে। কোনেও একো বুজি পোৱাৰ আগতেই বাপেক পুতেক দুয়োৰে মুখত ক'লা কাপোৰেৰে বান্ধি আতঁৰাই লৈ যোৱা হ'ল।

সেইযে গ', মানুহজনৰ ক'তো একো খবৰেই নোলাল। ইফালে গাঁৱত স্বামী আৰু পুত্ৰৰ শোকত মামনিয়ে মানসিক ভাৰসাম্য হেৰুৱাই পেলালে। সৰু পুতেক 'কণ'ক বুকুত সাৱটি সিহঁত দুটা ঘূৰি আহিব বুলি কেৱল পদূলি মূৰলৈ চাই থাকে মামনিয়ে।

চৰকাৰৰ ফালৰপৰাও আঘোণাক বিচাৰি উলিওৱাৰ কোনো তৎপৰতা নাছিল। পত্নীৰ নামত কিছু আৰ্থিক সাহায্য দি বিষয়টো গাপ দিবলৈহে চেষ্টা কৰা হ'ল।

আৰু মামনি...

দিনৰ পিছত মাহ, আৰু মাহৰ পিছত বছৰ মানুহজনৰ অপেক্ষাত কটাই দিলে।

***

(২০১৯ চন)

পদাৰ্থবিজ্ঞানৰ স্নাতক হৈ গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়িবলৈ ওলাইছে কণ। গুৱাহাটীৰ হোষ্টেলত থাকিব। তাৰ অনুপস্থিত গাঁৱৰে এগৰাকী মহিলা মাকৰ লগত থাকিব। তেওঁ আপত্তি কৰা নাই....... নিজেও অকলশৰীয়া।

জানুৱাৰী মাহৰ সন্ধিয়া, পিঠিত বেগটো ওলোমাই 'কণ' ঘৰৰ পৰা ওলাল। মাকৰ চকুদুটা সেমেকা৷ ল'ৰা ঘৰৰ পৰা আঁতৰি থাকিব, চিন্তাৰ কথাই। তাতে আকৌ কোনোদিনে বাহিৰ নোলোৱা ল'ৰা।

: মই আহিলো। -- ভৰিদুখন চুই কণে মাকক সাৱটি ধৰিলে।

: যা। ......ভালদৰে খোৱা মেলা কৰিবি।

: 'ব বাৰু।

: ভালদৰে থাকিবি দেই......। - মাতটো অলপ থোকা-থুকি হৈছে মামনিৰ।

: 'ব। মই পোৱালি হৈ থকা নাই নহয়।

: বেগত তই ভাল পোৱা নাৰিকলৰ লাড়ু দুটামান আৰু কৰদৈৰ আচাৰ দিছো, খাবি।

: ঠিক আছে। তই ভালদৰে থাকিবি। - মাকৰ দুগালেৰে বাগৰি অহা চকুপানীখিনি মচি 'কণ' ওলাই আহিল।

মামনি আগুৱাই আহি বাৰান্দাৰ খুটাটোতে আউজি পুতেক ওলাই যোৱা চাবলৈ ধৰিলে। বাহিৰত বাঁহৰ জেওৰাখন আতঁৰোৱাৰ শব্দ হ'ল কিন্তু এন্ধাৰৰ মাজেৰে একো চকুত নপৰিল। জানুৱাৰী মাহৰ সন্ধিয়া, কুঁৱলীৰ চাদৰে গোটেইখন ঢাকি থৈছিল।

আজিৰ পৰা ১১ বছৰ আগতে ঠিক একেদৰেই বৰপুত্ৰ আৰু স্বামী ওলাই গৈছিল একেটা বাটেৰে....!!

: ২১ বছৰ হ'ল কণৰ, এতিয়াও মাকৰ লগত একেলগে শুৱে। অকলে হোষ্টেলত কেনেকৈ থাকিব, কি খাব?  -- কথাবোৰ ভাবি ভাবি মানুহজনীৰ মনতো ভাগি পৰে।

***

কেঁকুৰীটো পাৰ হৈ সি বাঁহজোপাৰ আঁৰত ক'লা ৰঙৰ দীঘলীয়া গাড়ী এখন ৰৈ থকা দেখিলে। ইফালে সিফালে চাই ওচৰত কোনো নথকা বুলি নিশ্চিত হৈ গাড়ীখনত সোমাই পৰিল। উঠা মাত্ৰকে গাড়ীখন তাৰপৰা আঁতৰি গ'ল।

: কিহে ডেকা ল'ৰা, একেবাৰে সাজু হৈ আহিছা? - গাড়ীখনৰ আগফালে বহি থকা টংকেশ্বৰ খুড়াই মাত দিলে।

: একদম সাজু খুড়া।

: মাই কিবা সন্দেহ কৰিছে নেকি? - ডিঙিটো পিছলৈ বেকা কৰি খুড়াই কণৰ মুখলৈ চালে।

: নাই! কিন্তু এনেকৈ মিছাকথা কৈ আহিব মোৰহে ভাল লগা নাই.....! - মাকৰ মুখখন কণৰ চকুৰ আগত ভাহি আহিছিল।

: একো নাই, আমিবোৰ আছো নহয়। -

: ও। - মনে মনে কণে মূৰটো দুপিয়ালে।

: ও মানে..? হাহিব লাগেহে ডেকা ল'ৰা, কিয় মন মাৰি আছা....?? ইমান ভাল কাম এটাত ওলাইছা তুমি.....!!

কণে হাঁহিবলৈ চেষ্টা কৰিছিল যদিও হাঁহিটো নোলাল। কিবাএটা অজান আশংকাত তাৰ কলিজাটোৱে ধপ্ ধপাই আছিল। তাৰ অৱস্থাটো দেখি, গাড়ীখনত আগৰেপৰা বহি থকা আন কেইজনমান ব্যক্তিয়ে হাঁহি দিলে। কণে তেতিয়াহে মন কৰিলে সি অকলশৰীয়া নহয়, আন দুজন মানুহো আছে তাত। মনত অলপ সাহস গোটাই পৰিস্থিতিৰ লগত সহজ হ'ব চেষ্টা কৰিলে সি।

***

টংকেশ্বৰ খুড়া।

মানুহজনৰ ঘৰ ক'ত কোনেও নাজানে। গাঁৱৰ চাৰিআলিটোৰ কাষৰ দোকানখনত সৰুৰেপৰাই তেওঁক দেখি আহিছে। বয়স ৫০ ৰ ওপৰত যদিও মনটো এতিয়াও ২৪ বছৰীয়াটোহে যেন! অনবৰতে হাঁহি স্ফূৰ্ত্তি কৰি থকা মানুহজনক গাঁৱৰ সকলোৱে ভাল পায়। কথাৰ মাজতে সম্মুখৰজনক পেটত গুদ্ গুদাই দিয়াটো তেওঁৰ স্বভাৱ। সৰুবোৰে কথাটোত বৰ আমোদ পাই যদিও ডাঙৰ বোৰে অলপ অস্বস্তিবোধ নকৰাও নহয়।

সিদিনা নৈৰ পাৰত বহি তেওঁ যিখিনি কথা ক'লে, কণৰ জীৱনলৈ এটা সাংঘাটিক পৰিবৰ্তন আনিবলৈ সেয়া যঠেষ্ট আছিল। প্ৰথমতে তেওঁৰ কথাবোৰ বিশ্বাস কৰিবলৈ টান আছিল যদিও কথাখিনিৰ সত্যাসত্য বিচাৰি চাবলৈ সি মান্তি হৈছিল। এই বিষয়ে ক'তো একো নুলিয়াই বুলি চৰ্ত্ত কৰিবলগীয়াও হৈছিল।

মাকক অকলশৰে এৰি যাবলৈ মনটোৱে একেবাৰে মনা নাছিল। দুয়ো ইটোৱে সিটোক এৰি আজিলৈ থাকি পোৱা নায়। গুৱাহাটীৰ হোষ্টেলত থাকিম বুলি মিছাকৈ কৈ আহিছে সি।

যিটো কামত ওলাইছে, সফল হ'লে জীৱনৰ বহুতো খেলিমেলিৰ সমিধান ওলাই পৰিব-- এই ভাবিয়েই টংকেশ্বৰ খুড়াৰ কথাত সি সন্মতি দিছিল। গাড়ীখনৰ পিছৰ ছিটত বহি, যোৱা কিছুদিনত হৈ যোৱা বিভিন্ন নাটকীয় কথাবোৰ এফালৰ পৰা সি ভাবি গ'ল।

***

: দেউতালৈ মনত পৰেনে, কণ?

: কিয় নপৰিব খুড়া, সদাই পৰে। মাৰ মুখখন দেখিলে আৰু মনত পৰে। ক', কেনেকৈ বিচাৰি উলিয়াম তাকেই ভাবি থাকো। জীয়াই আছেনে নাই, সেয়াও নাজানো।

: মই যদি কও তোমাৰ দেউতা জীয়াই আছে.........!

: আপুনি কেনেদৰে জানিলে? - অলপ আচৰিত হৈছিল সি।

: তোমাৰ দেউতা চন্দ্ৰত আছে। - কণৰ মুখলৈ বেকাকৈ চাই তাৰ মনৰ ভাৱটো জানিবলৈ চেষ্টা কৰিলে টংকেশ্বৰ খুড়াই।

: কি...!!? চন্দ্ৰত....!!?? কেনেকৈ...?....এইবোৰ  কি ধেমালি খুড়া......!!??? - কঁপালৰ সিৰবোৰ কোচ খাই আহিছিল তাৰ।

: মই কেতিয়াও ধেমালি নকৰো। সেয়া মোৰ কাম নহয়।

: মোৰ দেউতা..জীয়াই আছে... আৰু আছেগৈ চন্দ্ৰত!

: তোমাৰ দেউতা আৰু দাদা দুয়োজনেই জীয়াই আছে।

: এইবোৰ কি কৈছে খুড়া? কিয় ধেমালি কৰি আছে..?

: ঠিকেই কৈছো। শুনি আচৰিত হৈছা নহয়?

: 'ব নালাগিছিল নেকি? মোক ভালদৰে ক'বনে... কথাটো আচলতে কি??

: ২০০৮ চনত তোমাৰ দেউতাক 'ভাৰতীয় মহাকাশ বিজ্ঞান সংস্থা'ৰ ফালৰ পৰা চন্দ্ৰলৈ পঠিওৱা হৈছিল। কেইজনমান বিজ্ঞানীয়ে চন্দ্ৰৰ মাটি অধ্যয়ন কৰিবলৈ তেওঁক লগত লৈ গৈছিল। তোমাৰ দেউতাই কোনো আনুষ্ঠানিক শিক্ষা অবিহনে মাটিৰ গুণাগুণৰ বিষয়ে ইমান ভালদৰে জানে যে তেওঁক এই অভিযানৰ বাবে লবলৈ বহুকেইজন মানুহে নামটো প্ৰস্তাৱ কৰিছিল।

: কি?.....আৰু দাদা?

: তোমাৰ দাদা সেইসময়ত দেউতাৰ লগতে আছিল আৰু গোপনে তেওঁক অনুসৰণ কৰি মহাকাশ যানখনত সোমাই পৰিছিল। সকলোৰে লগত তোমাৰ দাদাও চন্দ্ৰ গৈ পোৱা কথাটো আমি পিছতহে গম পাইছিলো।

: আমি মানে ....? আপুনিও এইবোৰত ...জড়িত আছে?

: মইও সেই মহাকাশ বিজ্ঞান সংস্থাটোৰ এজন কৰ্মচাৰী। তোমালোকৰ পৰিয়ালটোৰ সুৰক্ষাৰ বাবে যোৱা ১০ বছৰৰ পৰা ইয়াত নিয়োজিত হৈ আছো।

: এইবোৰ কি কৈছে....!! মই একো বুজা নায়। এয়া জানো সম্ভৱ? মোৰ বিশ্বাস হোৱা নাই.....খুড়া।

: নিশ্চয় সম্ভৱ। তোমাৰ দেউতাই উদ্ভাৱন কৰা বিভিন্ন হাইব্ৰিড শাক-পাচলি আৰু আন কিছুমান উদ্ভিদৰ ওপৰত গৱেষণা কৰাৰ বাবে কৃষি বিজ্ঞানীৰ দলটো চন্দ্ৰলৈ পঠিওৱা হৈছিল, ২০০৮ চনত। "চন্দ্ৰযান-১" অভিযানৰ লগত, সম্পূৰ্ণ গোপনে চলোৱা হৈছিল সেই অভিযানটো।

: কি কৈছে এইবোৰ....? এই বিষয়ে আমাক একো জনোৱা হোৱা নাই কিয়?

: 'চন্দ্ৰযান-১' ত যে মানুহ আছিল, সেয়া চৰকাৰে সদৰি কৰিব বিচৰা নাছিল।

: কিন্তু ইমান বছৰে কি কৰিছে? তেওঁলোক কেতিয়া ঘূৰিব? আৰু আমাৰ সুৰক্ষাৰ বাবে আপুনি ইয়াত থকা কথাটো নুবুজিলো।

: সেইটোৱেই সমস্যা।

: কিয়? - কণৰ চকুদুটা টিৰবিৰাই উটা টংকেশ্বৰ খুড়াই ঠিকেই দেখিছিল।

: ২০০৯ চনত আমাৰ চুবুৰীয়া দেশৰ পৰা যোৱা আনএটা মহাকাশযাত্ৰী দলে ভাৰতীয় বিজ্ঞানীৰ দলটোক চন্দ্ৰৰ বুকুত বন্দী কৰে। সিহঁতে চন্দ্ৰৰ বুকুত গোপনে স্থাপন কৰা স্পেচ চেণ্টাৰ এটাৰ বিষয়ে ভাৰতীয় বিজ্ঞানীসকলে গম পাইছিল। ভাৰতৰ লগতে আন বহুতো দেশৰ ওপৰত চকু দিয়াৰ উদ্দেশ্যে সেইটো বনাইছিল সিহঁতে। আমাৰ বিজ্ঞানীকেইজনক সিহঁতেই বন্দী কৰি থৈছে।

: কি কয়...? চন্দ্ৰলৈ এনেদৰে মানুহ যোৱা সম্ভৱ জানো..?

: সম্ভৱ হৈছে। বহু বছৰৰ পৰা চন্দ্ৰলৈ বিভিন্ন দেশৰ মানুহ অহা-যোৱা কৰি আছে। এই কথাবোৰ গোপনে ৰখা হয়। মহাকাশ বিজ্ঞানৰ প্ৰগতিৰ বিষয়ে আমি কল্পনাও কৰিব নোৱাৰো। চৰকাৰী-বেচৰকাৰী এনেকুৱা বিভিন্ন প্ৰচেষ্টা অহৰহ চলি আছে, যিবোৰৰ বিষয়ে সৰ্বসাধাৰণ মানুহক জানিবলৈ দিয়া নহয়।

: চৰকাৰে কি ব্যৱস্থা লৈছে, এইবিষয়ত? দেউতা আৰু দাদাক ঘূৰাই আনিব পাৰিবনে?

: তেওঁলোকক ঘূৰাই অনাৰ কাম আইনীভাৱে প্ৰায় সম্পন্ন হৈ উঠিছে। আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ৰাজনৈতিক হেঁচাত চুবুৰীয়া দেশখনে আটাইকেইজন বন্দীকে মুকলি কৰি দিবলৈ সন্মত হৈছে। চৰ্তমতে বন্দীকেইজনৰ পৰিয়ালৰ কোনোবা তালৈ গলেহে তেওঁলোকক মুকলি কৰি দিয়া হ'ব। তাত পৰিয়ালৰ লোকসকলৰ 'ডি এন এ' টেষ্ট কৰিব আৰু সেইমতে তেওঁলোকক মুকলি কৰি দিব।

: তাৰ মানে মা বা মই যাব লাগিব .....চন্দ্ৰলৈ..?!

: তেনেকুৱা বুলিয়েই ধৰা।

আনন্দত আত্মহাৰা হৈ পৰিছিল কণ। চন্দ্ৰলৈ যাম বুলি নহয়, দেউতাক আৰু দাদাক জীয়াই আছে বুলি জানিহে। দৌৰি গৈ মাকক যেন এতিয়াই সকলো ক', চিঞৰি চিঞৰি গোটেই গাঁওখনকে জনাব। কিমান আনন্দ তাৰ। কিন্তু টংকেশ্বৰ খুড়াই এই বিষয়ে কাকো একো ক'ব নোৱাৰিব বুলি সকিয়াই দিছিল।

টংকেশ্বৰ খুড়াই কৈছিল, চুবুৰীয়া দেশখনে 'চন্দ্ৰযান-১' ৰে মহাকাশলৈ যোৱাসকলৰ পৰিয়ালবোৰ নি:শেষ কৰিব বিচাৰি ফুৰিছে, যাতে কাৰো ডি এন এৰ চেম্পল পোৱা নাযায়। চন্দ্ৰৰপৰা সিহঁতে বন্দীসকলক ঘূৰাই পঠিয়াব বিচৰা নায়। কিন্তু ভাৰত চৰকাৰে সকলোৰে সুৰক্ষাৰ দিশত কাঢ়া নজৰ দি আহিছে।

***

: 'লা ডেকা ল'ৰা, নামিবৰ হ'ল।

টংকেশ্বৰ খুড়াৰ মাতত খকামকাকৈ সাৰ পালে কণে। টোপনিটোৱে হেচি ধৰিছিল তাক! কিমান দেৰি গাড়ীত বহি আছিল একেবাৰে মনত নাই। বাহিৰত যঠেষ্ট পোহৰ দেখি সি ইফালে সিফালে চালে, কিন্তু সেয়া দিনৰ নে লাইটৰ পোহৰ ভালদৰে বুজি নাপালে।

: আমি এতিয়া ক'ত খুড়া?

: এয়াৰপৰ্ট, গুৱাহাটী এয়াৰপৰ্ট। হে হে হে।

টংকেশ্বৰ খুড়াৰ কথামতে গাড়ীখনৰ পৰা সি নামি আহিল। নামিয়েই খুড়াৰ ৰূপটো চালে। ক'লা চুট পৰিহিত মানুহজন আজি সম্পূৰ্ণ বেলেগ যেন লাগিছে। ধুতিখন মেৰিয়াই পাঞ্জাবী চোলাটোৰ জেপত সুমুৱাই লোৱা টংকেশ্বৰ খুড়াক আজি জোতা-মোজা, লংপেণ্ট, টাইৰে দেখি প্ৰথমতে ভালদৰে ধৰিবই পৰা নাছিল। খুড়াৰ পিছে পিছে আটাইকেইজন এয়াৰপ'ৰ্টৰ ভিতৰলৈ সোমাই গ'ল।

'স্পাইচজেট'ৰ সৰু প্লেনখনলৈ লৈ যোৱা হ'ল তাক। এৰোপ্লেনত এয়া প্ৰথম উঠিছে কণ। প্লেনখন উৰা মাৰোতে বৰ ভয় খাইছিল সি। টংকেশ্বৰ খুড়াৰ হাতখনত খামুচি নিজকে সংযত কৰিবলৈ চেষ্টা কৰিছিল। ডিঙিৰপৰা ওলাই আহিব ধৰা চিঞৰটো কোনোমতেহে চেপি ৰখাইছিল।

গুৱাহাটীৰ পৰা তিনিঘণ্টা যাত্ৰাৰ অন্তত প্লেনখন আহি বাঙ্গালোৰ পালে। এয়াৰপৰ্টৰ পৰা চিধাই তাক 'বিমানপুৰা' নামৰ ঠাইডোখৰলৈ লৈ যোৱা হ'ল।

ইউ. আৰ. ৰাও চেটেলাইট চেণ্টাৰ গেষ্ট হাউচৰ ১৬ নম্বৰ কোঠাটোৰ ভিতৰত তাৰ থকাৰ ব্যৱস্থা কৰা হৈছিল। ইয়াত এটা ট্ৰেইনিং হ'ব। টংকেশ্বৰ খুড়াই কৈছিল, ট্ৰেইনিংৰ শেষত তাৰ লগতে আন তিনিজন মানুহক মহাকাশলৈ পঠিয়াব।

: মাৰ কাৰণে একো চিন্তা নকৰিবা, তেওঁক মই যি ক'ব লাগে কম। তেওঁ সম্পূৰ্ণ সুৰক্ষিত। তুমি মাত্ৰ ভালদৰে ট্ৰেইনিংটো পূৰা কৰা আৰু সুকলমে কামটো কৰি ঘূৰি আহা।

: ঠিক আছে খুড়া।

: খুড়া নহয়, চাৰ বুলি কবা মোক ইয়াত। সন্মান এটা আছে ভাই। হে হে সে সে!

: ঠিক আছে বাৰু। মাক ভালদৰে চাব।

: একদম বিন্দাছ থাকা তুমি।

*************

২২ জুলাই। ২০১৯।

সমগ্ৰ ভাৰতবাসীৰ কাৰণে এটা গৌৰৱৰ দিন। আজি ভাৰতত নিৰ্মিত দ্বিতীয়খন মহাকাশযান চন্দ্ৰলৈ উৰা মাৰিব। "চন্দ্ৰযান-২"!!

নিৰ্ধাৰিত সময়মতে দুপৰীয়া ২ বাজি ৪৩ মিনিটত, অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোট্টাৰ 'সতীশ ধাৱান স্পেচ ৰিচাৰ্ছ চেণ্টাৰ' ৰ ২ নং লঞ্চপেডৰ পৰা "প্ৰজ্ঞান" নামৰ লুনাৰ ৰভাৰখন, "বিক্ৰম" নামৰ লেন্দাৰখন আৰু "লুণাৰ অৰবিটাৰ"খন লৈ "জি.এছ্.এল. ভি. এম. কে. ।।।" ৰকেটটোৱে মহাকাশলৈ উৰা মাৰিলে। দেশৰ ইতিহাসত এটা নতুন অধ্যায়ৰ সূচনা হ'ল। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা ভাৰতীয় মহাকাশ বিজ্ঞনীসকললৈ শুভেচ্ছাবাণী পঠিয়াবলৈ ধৰিলে। সমগ্ৰ দেশত উখল-মাখল পৰিবেশ। চন্দ্ৰৰ বুকুত ভৰি দিবলৈ ওলোৱা চতুৰ্থখন দেশ হিচাপে সমগ্ৰ বিশ্বতে পৰিচিত হ'বলৈ ওলাইছে ভাৰত।

ইফালে চন্দ্ৰযানৰ লগত সমান্তৰালভাৱে চলোৱা এই গোপন অভিযানৰ বিষয়ে মাত্ৰ চাৰিজন বিশেষ ব্যক্তিয়েহে গম পাইছিল। এওঁলোক হৈছে "ভাৰতীয় মহাকাশ বিজ্ঞান সংস্থা"ৰ ছিফ শিবানন, চিকিউৰিটি অফিচাৰ টংকেশ্বৰ শৰ্মা, ড০ পুৰুষোত্তম ৰাণা আৰু স্বয়ং ভাৰতৰ প্ৰধান মন্ত্ৰী ডাঙৰীয়া। এক গোপন স্থানৰ পৰা এওঁলোকে চন্দ্ৰযানৰ গতিবিধি নিৰিক্ষণ কৰি আছিল।

"প্ৰজ্ঞান" নামৰ লুণাৰ ৰভাৰখনৰ এটা গোপন কক্ষত কণৰ লগতে আন তিনিজনক সুমুৱাই দিয়া হ'ল। এই চাৰিজনৰ উপৰিও চন্দ্ৰযানত এগৰাকী মহাকাশ বিজ্ঞানী আৰু এজন সামৰিক বিষয়াও আছিল।

২০১৯ চনৰ ফেব্ৰুৱাৰীৰ পৰা জুনলৈ এওঁলোকৰ ট্ৰেইনিং হৈছিল। ট্ৰেইনিংৰ সময়ছোৱাত এওঁলোকে প্ৰফেছাৰ পুৰুষোত্তম ৰাণাৰ তত্বাৱধানত মহাকাশৰ সকলো ৰহস্য আয়ত্ত্ব কৰিবলগীয়া হৈছিল।

ৰকেটৰ পৰা বিচ্ছিন্ন হৈ আগষ্টৰ ২০ তাৰিখে চন্দ্ৰৰ কক্ষপথত ভাৰতীয় মহাকাশ যানখন প্ৰবেশ কৰিলে।

৭ চেপ্তেম্বৰ!

ৰাতিপুৱা ১ বাজি ৪৫ মিনিটত "বিক্ৰম" নামৰ লেন্দাৰ যানখনে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ যোঁ-জা চলাইছে। ঠিক তেনেতে "প্ৰজ্ঞান"ৰ গোপন কোঠাৰ পৰা ওলাই সামৰিক বিষয়াজন "বিক্ৰম"ত প্ৰবেশ কৰিলে আৰু যানখনৰ 'কমিউনিকেশ্বন চিষ্টেম'টো বিকল কৰি দিলে। তেওঁৰ উদ্দেশ্যে আছিল যানখন অৱতৰণ কৰাৰ সময়ত বিশ্ববাসীৰ পৰা লাইভ ভিজুৱেলছবোৰ লুকুৱাই ৰখা।

চাৰিওফালে হাহাকাৰ লাগি পৰিল। যান্ত্ৰিক বিজুতিৰ বাবে "চন্দ্ৰযান-২" অভিযান অসফল হোৱা বুলি মিডিয়াত প্ৰচাৰ কৰি দিয়া হ’ল। সকলো ভাৰতীয়ৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকসকল নিৰাশ হৈ পৰিল।

কিন্তু সেই সময়চোৱাতে সকলোৰে অজ্ঞাতে লেন্দাৰ "বিক্ৰম" নিৰ্ধাৰিত সময় মতে চন্দ্ৰত অৱতৰণ কৰিলে। আটাইকেইজন ব্যক্তি চন্দ্ৰপৃস্থত উপস্থিত হোৱা মাত্ৰকে চন্দ্ৰৰ বুকুত থকা গোপন স্পেচ চেণ্টাৰটোলৈ লৈ যোৱা হ’ল। পৰিয়ালৰ মানুহখিনি দেখি সকলো আনন্দত আত্মহাৰা হৈ পৰিল। সময় অপচয় নকৰি সকলোৰে 'ডি এন এ' টেষ্ট কৰোৱা হ’ল আৰু সেইমতে সকলোকে ভাগে ভাগে পৰিয়ালৰ সদস্যৰ হাতত গটাই দিয়া হ’ল।

দুয়োটাকে জীৱিত অৱস্থাত দেখি আনন্দত কণে পাহৰি গৈছিল তাৰ কৰ্তব্য। সাৱটি ধৰিছিল দুয়োকে। শৰীৰৰ পোচাকযোৰৰ বাবে ভালদৰে স্পৰ্শ কৰিব পৰা নোৱাৰিলে দেউতাকক। পোনাক চুই চালে, সি সম্পূৰ্ণ বেলেগ হ'ল দেখিবলৈ।

সামৰিক বিষয়াজনে আবেগিক হ'বলৈ মানা কৰিছিল। যেনে তেনে নিজকে সংযত কৰি প্ৰয়োজনীয় ডকুমেণ্টচবোৰ অদলা বদলি কৰি ততাতৈয়াকৈ আটাইকে ৰভাৰযান খনলৈ অনা হ'ল। আৰু ৮ চেপ্তেম্বৰৰ পুৱাই আন এখন ৰভাৰযান চন্দ্ৰপৃস্থৰ পৰা পৃথিৱী অভিমুখে ওভটনি যাত্ৰা আৰম্ভ কৰিলে।

এই তথ্যবোৰ সোনকালেই হয়তো মিডিয়াত প্ৰচাৰ হ'ব বা নহ'বও পাৰে। সেইদিনা চন্দ্ৰৰ বুকুত প্ৰকৃততে কি হৈছিল সেয়া পৃথিৱীবাসীৰ বাবে হয়তো চিৰদিনলৈ সাঁথৰ হৈও ৰ'ব পাৰে।

চন্দ্ৰত তেতিয়া ৰাতি, পৃথিৱীৰ ১৫ দিনৰ অন্তত চন্দ্ৰত ৰাতিপুৱাব। হয়তো চন্দ্ৰত ৰাতিপুৱালে 'বিক্ৰম'ৰ সৈতে সম্পৰ্ক স্থাপন হোৱা বুলি ঘোষণা কৰা হ'ব। তাৰ পিছত পাঁচ বছৰলৈ চন্দ্ৰযান মহাকাশত থাকিব। আন বিভিন্ন দিশৰ ওপৰত গৱেশনা চলিব৷

২০০৮ চনত, 'চন্দ্ৰযান-১' ৰ সময়ত হোৱা ঘটনাটোত জড়িত কেইটামান পৰিয়ালৰ মুখত হাঁহি ঘূৰাই অনাৰ এই দীঘলীয়া প্ৰয়াসৰ অৱশেষত সফল সমাপ্তি ঘটিল, 'চন্দ্ৰযান-২' ৰ জৰিয়তে।

ভাৰতীয় মহাকাশ বিজ্ঞান সংস্থাৰ গোপন কমিটীখনে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই বৃহৎ চেষ্টাৰ সলাগ ললে। 'চন্দ্ৰযান-১' আৰু 'চন্দ্ৰযান-২' ৰ সফল টেষ্টিঙৰ পিছত ভাৰত চৰকাৰ এতিয়া চন্দ্ৰৰ বুকুত থকা গোপন স্পেচ চেণ্টাৰটোৰ বিষয়ে আমেৰিকাৰ লগত আলোচনাত ব্যস্ত। এই বিষয়ে তদন্ত কৰিবলৈ, অতি সোনকালেই আনুষ্ঠানিক ভাৱে চন্দ্ৰলৈ মানুহ পঠিওৱা হ'ব।

........

আৰু সোণাপুৰত......

কণহতৰ ঘৰখনত....

মাকৰ চকুদুটা পিছফালৰ পৰা ঢাকি কণে তেওঁক বাহিৰলৈ উলিয়াই আনিলে। চোতালত থিয় হৈ থকা 'আঘোণা' আৰু 'পোনা'ৰ সম্মুখলৈ আনি মাকৰ চকুৰ পৰা হাতদুখন আঁতৰাই দিলে.......

: চাচোন মা! জোনবাইৰ দেশৰ পৰা তোলৈ তৰা আনিছো....!!

মামনিয়ে এবাৰ কণৰ মুখলৈ আৰু এবাৰ সম্মুখত ঠিয় হৈ থকা মানুহ দুজনলৈ চাই ৰ'ল।

Comments

Popular posts from this blog

য়ে দিল্লী হে মেৰে য়াৰ

শিশু গল্প:

নেপচুনলৈ