দাগ

এহাল ল’ৰা ছোৱালীয়ে ইজনে সিজনক বহুত ভাল পাইছিল। কিন্তু ছোৱালীজনীৰ দেউতাকে সিহঁতৰ প্রেমক কোনোপধ্যেই গ্রহন নকৰে। দুৰন্ত প্রেমিক যুগলে এদিন পলাই যোৱাৰ কথা ভাবিলে। কথা মতেই কাম। দুয়ো মন্দিৰত বিয়া পাতি বেলেগকৈ থকাটো ঠিৰাং কৰিলে। কিন্তু ভাগ্যৰ বিড়ম্বনা! ছোৱালীজনীৰ দেউতাকে গম পালে কথাটো। সিহঁতে মন্দিৰলৈ গৈ থাকোতেই ল’ৰাটোক পিছফালৰ পৰা গাড়ী এখনে খুন্দিয়াই ওফৰাই দিলে। তেজেৰে ৰাঙলী হৈ সি আহি ছোৱালিজনীৰ গাৰ ওপৰতে পৰি গ’ল। হাতত খকা সেন্দুৰখিনি তাইৰ শুভ্র চুৰিদাৰত ছিটিকি পৰিল। তেজ আৰু সেন্দুৰে ৰাঙলী হৈ পৰিল তাই। সি নাবাচিল। ছোৱালীজনীক দেউতাকে টানি গাড়ীত উঠাই লৈ গুছি গ’ল।

.

চকুপানীয়ে বাট নেদেখা হল তাই। খাবলৈ, শুবলৈ এৰি দিলে। কিন্তু কোনে বুজিব তাইৰ দুখ। এদিনাখন ৰাতি তাই সপোনত এজনী বুঢ়ী মানুহ দেখিলে৷ তেওঁ কৈছিল -


: "তোমাৰ চুৰিদাৰৰ তেজ আৰু সেন্দুৰৰ দাগ সোনকালে মচি পেলোৱা; নহলে অথন্তৰ হব"৷ 


দুখত থকা বেচেৰীয়ে ইমান গুৰুত্ব নিদিলে সপোনটোত। কিন্তু পিছদিনা আকৌ একেটা সপোন। এইবাৰ তাই অলপ ভয় খাই চুৰিদাৰযোৰ ধুলেগৈ। কিন্তু ভালদৰে দাগবোৰ নগ’ল। সেইদিনা ৰাতি তাই একেটা সপোন আকৌ দেখিলে। এইবাৰ বুঢ়ীগৰাকীয়ে অলপ খঙত কৈছিল। তাই পিছদিনা কাপোৰযোৰ মোহাৰি মোহাৰি আকৌ ধুলে। কিন্তু তথাপিও দাগবোৰ থাকি গ’ল। সেইদিনা ৰাতি বুঢ়ীয়ে পুনৰ তাইৰ সপোনত দেখা দিলে; বুঢ়ীয়ে এইবাৰ ৰুদ্রমূর্তি ধাৰণ কৰিছিল -


: "এইবাৰেই শেষ; যদি দাগ আতঁৰাব নোৱাৰা কালি বহুত ডাঙৰ বিপদ হ’ব"। 


বেচেৰী ছোৱালীজনীয়ে পিছদিনা দিনটো কাপোৰযোৰ ধুবলৈ বহু কষ্ট কৰি ভাগৰি পৰিল। দাগবোৰ কিন্তু তথাপিও নাতৰিল। তাই বিৰাট ভয় খাই প্রার্থনা কৰিবলৈ ধৰিলে যাতে সপোনত দেখাৰ দৰে সঁচাকৈয়ে একো বিপদ নহয়। 


আবেলি দুৱাৰত কাৰোবাৰ টোকৰ শুনি তাই উচপ খাই উঠিল। দুৱাৰ খুলি দিয়াত দেখিলে শুদ্ধ শুভ্র পোছাক পৰিহিতা তাই সপোনত দেখা বুঢ়ী মানুহজনী আহি দুৱাৰদলিত উপস্থিত৷ তাইৰ হাত ভৰি ভয়তে কপিবলৈ ধৰিলে৷ 

মানুহগৰাকীৰ শুভ্র পোছাকযোৰৰ পৰা কেউদিশে পোহৰ বিয়পি পৰিছিল। শিল পৰা কপৌৰ দৰে ঠৰ হৈ তাই মাথো সম্মুখলৈ চাই ৰ’ল। বুঢ়ীগৰাকীয়ে বিশেষ একো নকৈ হাতত থকা নীলা বস্তু এটা তাইলৈ আগবঢ়াই দিলে। কপা কপা হাতেৰে তাই সেইটো হাত পাতি লৈ সুধিলে সেইটোনো কি বস্তু৷ 


অলপদেৰি ৰৈ মানুহজনীয়ে উত্তৰ দিলে -

.

.

.

.

.

.

.

.

.

.

.

"ৱাছিং পাউদাৰ নির্মা; 

ৱাছিং পাউদাৰ নির্মা!

দুধ কি চফেদি 

নির্মা ছে আয়ে

ৰংঙীন কপৰে ভি খিল খিল যায়ে

সবকি পছন্দ নিৰ্মা

.

ৱাছিং পাউদাৰ নির্মা"....

নিৰ্মা ৷৷

××××××××

( কোনেও গালি নিদিয়ে যেন; ক’ৰবাত আগতে পাইছিলোঁ )

Comments

Popular posts from this blog

য়ে দিল্লী হে মেৰে য়াৰ

শিশু গল্প:

নেপচুনলৈ