বন্ধুত্ব

 ১৯৮৯ চন।

নাৰেংগী, গুৱাহাটী।


পাহাৰৰ ওপৰৰ কণমানি টিঙৰ চালিৰ ঘৰটোত মামা, আৰু তিনিজনী মাহীৰ লগত মোৰ নতুন জীৱনৰ আৰম্ভনি। আগফালে নাক থকা চিটীবাছ বোৰত উঠিবলৈ পাই মনত কি যে আনন্দ। মা-দেউতাক গাঁৱত এৰি অহাৰ দুখবোৰ তেতিয়াও ভালদৰে বুজি নাপাওঁ। মামাই ওচৰৰে নাৰেঙ্গী হাইস্কুলত পঞ্চম শ্ৰেণীত নাম লিখাই দিলে। ওচৰ মানে পাহাৰৰ ওপৰৰ লুংলুঙীয়া পথটোৰে গলে ডেৰ কিলোমিটাৰ মান হ’ব। পাহাৰখন নামি হাইৱেৰে গলে চাৰি কিলোমিটাৰ মানেই হয়। প্ৰথম কেইদিন মামাৰ লগতেই স্কুললৈ গৈছিলোঁ যদিও পিছলৈ অকলে অহা যোৱা কৰিবলৈ ললো।


স্কুলৰ পৰা আহি আবেলিৰ পৰা সন্ধিয়ালৈ ঘৰটোত অকলশৰে থাকোঁ। মামা আৰু মাহীকেইজনী অফিছলৈ যাই, আহি পাওঁতে প্ৰায় দেৰি হয়। মাহীহঁতে পুৱাতে বনাই থৈ যোৱা ভাতকেইটা খাই মামাৰ হাৰম’নিয়াম খন উলিয়াই লওঁ। কেতিয়াবা শুবলৈ চেষ্টা কৰোঁ। লাহে লাহে অকলশৰীয়া সময়খিনিত মা-দেউতালৈ মনত পৰা হ’ল। মামাই কিয়নো মোক মা-দেউতাৰ ওচৰৰ পৰা লৈ আহিছিল বুজি পোৱা নাছিলোঁ।


ওচৰতে আন এটা টিঙৰ চালিৰ ঘৰ। আমাৰ ঘৰলৈ আহোঁতে সেইটোৰ চোঁতালেৰে আহিব লাগে, আমাৰ নিজাকৈ ৰাস্তাটো তেতিয়াও ওলোৱা নাছিল। সেই ঘৰটোত এজন ল'ৰা থাকে। বয়সত মামাতকৈ অলপ সৰু। এদিন মামাই তেওঁৰ লগত চিনাকি কৰি দিলে।


সেই চিনাকি অতি সোনকালেই বন্ধুত্ব হʼল। দুয়োটাৰে মাজত বয়সৰ যঠেষ্ট পাৰ্থক্য থকা স্বত্বেও আমি ভাল বন্ধু হৈ পৰিলোঁ। মোক মামা-মাহীহঁতৰ দৰেই বৰ মৰম কৰে। তেওঁক গগৈদা বুলি মাতো। ৰাতি মামাই অফিচৰ পৰা অহাৰ পিছত খোৱা-লোৱা সামৰি হাৰম’নিয়ামখন উলিয়াই আৰু মোক বজাবলৈ শিকায়। স্কুলৰ পৰা আহি সেই একেখিনি মই গগৈদাক শিকাও। দুপৰীয়াৰ পৰা সন্ধিয়ালৈ অকলশৰীয়া সময়খিনি তেওঁৰ লগতেই কটাই দিও, কেতিয়াবা আমাৰ ঘৰত আৰু কেতিয়াবা তেওঁৰ ঘৰত। 


শিৱসাগৰৰ কোনোবা এখন ঠাইৰ পৰা তেওঁ গুৱাহাটীলৈ আহিছিল চাকৰি বিছাৰি। আৰ্মীত কাম কৰা ককায়েকে গুৱাহাটীৰ পাহাৰৰ ওপৰৰ ঘৰটোতে তেওঁক থাকিবলৈ দিছিল।


হাৰম'নিয়ামৰ বিনিময়ত তেওঁ মোক ঢোল বজাবলৈ শিকালে। আচলতে হাৰম'নিয়ামখন আৰু ঢোলটো, দুয়োৰে সময় কটোৱাৰ অজুহাত হে আছিল।


ডাঙৰ হোৱাৰ লগে লগে আমাৰ সম্বন্ধটোও বেছি মজবুত হৈ গ’ল। মামা, মাহী, গগৈদাহঁতৰ সান্নিধ্যত ঘৰৰ পৰা দুৰত থকাৰ দূখটোও লাহে লাহে পাহৰিবলৈ ধৰিলোঁ। 


সময়বোৰ বাগৰিল, বহু বছৰ পাৰ হ’ল। কলেজীয়া শিক্ষা সামৰি কৰ্মসূত্ৰে দিল্লী, বাঙ্গালোৰ, বিশাখাপট্টনমৰ দৰে বিভিন্ন ঠাইত ঘুৰি ফুৰিলোঁ। মামা, মাহীকেইজনী, গগৈদা আৰু লগতে মোৰো বিয়া হ'ল, সকলোৰে সংসাৰো বাঢ়িল। আগৰদৰে কথা বতৰাও কমি আহিল। ফোনৰ জৰিয়তে আমি ইজনে সিজনৰ খবৰবোৰ পাই থাকিলোঁ। বস, সিমানেই।


২০১৮ চনৰ কোনোবা এদিনাখন হঠাতে মামাই ফোন কৰিলে........


: বাবা, এটা ডাঙৰ এক্সিডেণ্ট হ’ল। আমাৰ লগৰ এজন বেয়াকৈ আঘাট হৈছে। 

: কেনেকৈ কি হ'ল? কাৰ? - 


মামাৰ লগৰ প্ৰায় সকলোকেই চিনি পাওঁ। সেয়েহে জানিবলৈ উৎসুক হৈ পৰিলোঁ।


: অলপ আগতে আমি কেইজনমানে একেলগে ভাত খাই আছিলোঁ, ওচৰৰে মানুহ এঘৰত সকাম আছিল। ভাত খাই উঠি সকলো নিজৰ কামত ওলাই আহিলোঁ। তাৰ স্কুটাৰখন ট্ৰাক এখনে পিছফালৰ পৰা খুন্দিয়াই দিলে। মূৰটো সম্পূৰ্ণ ঠেতেলি গৈছে। বাছিব নে নাই আশা কম। পিছফালে তাৰ ঘৈণীয়েক আৰু সৰু ল’ৰাটোও আছিল। সিহঁতেও বেয়াকৈ দূখ পাইছে।


: কোননো?------মনটো অজান আশংকাত কঁপি উঠিছিল।

: গগৈ।


নামটো শুনিবলৈ মই একেবাৰে প্ৰস্তুত নাছিলোঁ। ফোনটো যেনেতেনে হাতৰ পৰা পৰি যোৱাৰ পৰা ধৰিলোঁ। সিফালৰ পৰা কিবাকিবি আৰু কৈ আছিল মামাই, ভালদৰে নুশুনিলোঁ। কাণখন বহুত গধূৰ লাগি আহিছিল।


*********

Comments

Popular posts from this blog

য়ে দিল্লী হে মেৰে য়াৰ

শিশু গল্প:

নেপচুনলৈ