এইট_বিল'

 ১৯৯৩ চনৰ জানুৱাৰীত, নেচনেল চাইনছ ফাউণ্ডেচনৰ অধীনৰ অণ্টাৰ্কটিকা গৱেষণা কেন্দ্ৰৰ গাইড জেৰী শ্বেপাৰ্ডক বুধ গ্ৰহৰ পৰা আহি পৃথিৱীত চিটিকি পৰা এটা বিৰল উল্কাপিণ্ড বিচাৰিবলৈ ইউচিএলএ অধ্যাপক ড০ ডেভিছ মেকক্লাৰেনক মাউন্ট মেলবৰ্ণলৈ লৈ যাবলৈ কোৱা হয়। যিহেতু বৰফৰ মাজেৰে ৰাস্তাটো অতি দুৰ্বল, সেই বৰফৰ পৰ্বতৰ সৰ্বশ্ৰেষ্ঠ উপায় হৈছে কুকুৰ স্লেজৰ দ্বাৰা যোৱা।


শ্বেপাৰ্ড আৰু মেকক্লাৰেনে এখন স্লেজ তৈয়াৰ কৰি নিৰ্দিষ্ট ঠাইটুকুৰাৰ সন্ধানত যাত্ৰা কৰে, কিন্তু একেবাৰে ওচৰ পাওঁতে আহিবলগীয়া এজাক ভয়ংকৰ বৰফৰ ধুমুহাৰ বাবে দুয়োকে বেচ কেম্পলৈ ঘূৰি আহিবলৈ কোৱা হয়। দুয়ো উল্কাপিণ্ড টুকুৰা সংগ্ৰহ কৰি বেচ কেম্পলৈ ঘূৰি যাওঁতে, মেকক্লাৰেন স্লেজখনৰ পৰা পিছলি হিমশীতল পানীত পৰি যায়। বৰফৰ টুকুৰাত খুন্দিয়াই তেওঁৰ ভৰিও ভাঙিছিল। শ্বেপাৰ্ডে কুকুৰ কেইটাৰ সহযোগত ৰচীৰে যেনেতেনে মেকক্লাৰেনৰ জীৱনটো বচাবলৈ সক্ষম হয়। এই অপাৰেশ্যনৰ নেতৃত্বত আছিল জেৰীৰ মৰমৰ লিড ডগ, মায়া।


কুকুৰকেইটাই হাইপোথাৰ্মিয়া, হিমবাইট আৰু সাংঘাটিক  হোৱাইটআউট পৰিস্থিতিৰ সৈতে যুঁজ কৰি যেনেতেনে আলহিক বেচ কেম্প পোৱাইহি। চৰকাৰে বৰফৰ ধুমুহাজাকৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য কৰি তাৎক্ষণিক ভাৱে বেছ কেম্পৰ সকলোকে মেইন লেণ্ডলৈ স্থানান্তৰ কৰাৰ নিৰ্দেশ দিয়ে। জেৰী শ্বেপাৰ্ডে তেওঁৰ মৰমৰ কুকুৰ কেইটাক এৰি যাবলৈ অমান্তি হয় যদিও স্বাস্থ্যৰ অধিক অৱনতি হ'বলৈ ধৰা বাবে সকলোৰে লগতে তেওঁ বেছ কেম্প এৰি চিকিৎসাৰ বাবে আঁতৰি যায়।


আটাইকেইটা কুকুৰৰ দ্বায়িত্ব মায়া নামৰ কুকুৰজনীৰ ওপৰত এৰি জেৰীয়ে প্ৰতিশ্ৰুতি দিয়ে যে সিহঁতক নিবলৈ তেওঁ অতি সোনকালেই ওভতি আহিব। 


শ্বেপাৰ্ডে সিহঁতৰ কলাৰবোৰ এডাল দীঘলীয়া চেইনেৰে মেৰিয়াই টান কৰি নিশ্চিত কৰে যে তেওঁলোকে ঢিলা হ'ব নোৱাৰে। কিন্তু তেওঁ ভাবি পোৱা নাছিল যে কঠোৰ বতৰৰ পৰিস্থিতিৰ বাবে সিহঁতক তাৎক্ষণিক উদ্ধাৰৰ চেষ্টা কৰিব নোৱাৰিব। আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ওভতি আহি, শ্বেপাৰ্ডে কুকুৰবোৰক ঘূৰাই আহিবলৈ বিমানযোগে এটা অপাৰেশ্যনৰ চেষ্টা কৰে, কিন্তু সেই বিপদজনক অভিযানক বিত্তীয় সাহায্য দিবলৈ কোনেও ইচ্ছুক নহয়। 


তেনেদৰে পাঁচ মাহ অতিক্ৰম হয়। শ্বেপাৰ্ডে কুকুৰ কেইটাক ওভতাই আনিবলৈ এটা অন্তিম প্ৰয়াস কৰে। তেওঁ ড° ডেভিছ মেকক্লাৰেনৰ ওচৰ চাপে। এসময়ত কুকুৰকেইটাৰ অনুগ্ৰহতে আজি জীয়াই থকা প্ৰফেছাৰে নিজৰ অকৃতজ্ঞতাৰ কথা অনুভৱ কৰে আৰু উদ্ধাৰ অভিযানটোৰ বাবে সম্পূৰ্ণ বিত্তীয় সাহায্য কৰাৰ ওপৰিও তেখেত নিজেও তালৈ জেৰীৰ সৈতে যোৱাৰ আগ্ৰহ প্ৰকাৱ কৰে। তেওঁলোকে ভয় কৰে যে ইমান দিনলৈ বৰফৰ মাজত বান্ধি থোৱা কুকুৰকেইটা বাচি থাকিব পৰাৰ সম্ভাৱনা কম, কিন্তু তেওঁলোকে চেষ্টা কৰাৰ সিদ্ধান্ত লয়।


ইফালে আঠটাকৈ স্লেডজ কুকুৰ – মায়া, জেক, চৰ্টী, ডেৱে, টিৰুমেন, ছাঁ, বাক, আৰু মেক্সে, সিহঁতৰ মৰমৰ গৰাকী জেৰী শ্বেপাৰ্ড ঘূৰি আহিব বুলি সেই হিমশীতল অৱস্থাত অপেক্ষা কৰে। দুসপ্তাহ নোখোৱাকৈ থকাৰ পিছত, সিহঁত দুৰ্বল হৈ পৰে আৰু আহাৰৰ সন্ধানত এটা এটাকৈ মুক্ত হ'বলৈ আৰম্ভ কৰে।


বৃদ্ধ জেকৰ ইতিমধ্যে বৰফৰ মাজতে মৃত্যু হৈছিল। মায়াই অতি দুখমনেৰে লগৰ আন কুকুৰ কেইটাৰ সৈতে জেকৰ মৃতদেহটো বৰফৰ মাজতে এৰি খাদ্যৰ সন্ধানত আঁতৰি যায়। সিহঁতে য'তেই যেনেদৰে পাই গুল পক্ষীৰ জাকবোৰ আক্ৰমণ কৰি খাদ্য হিচাপে গ্ৰহণ কৰিবলৈ লয়।


তেনেকৈ দুমাহ পাৰ হয়। এদিন চিকাৰ বিচাৰি থাকোঁতে ডেৱ নামৰ কুকুৰটো পিছলি দুটা শিলৰ মাজলৈ সোমাই পৰে। দলটোৱে তাক উলিয়াবলৈ বহুত চেষ্টা কৰিও বিফল হয়। কুকুৰটো বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল। গোটেই নিশা দলটো তাৰ কাষত শুই থাকে আৰু ৰাতিপুৱালৈ সি মৃত বুলি গম পায়। 


ইফালে শ্বেপাৰ্ডে তেওঁৰ পুৰণি বন্ধুবৰ্গৰ সৈতে পুনৰ একত্ৰিত হয় আৰু তেওঁলোকে এণ্টাৰ্কটিকাৰ সেই বেচকেম্পলৈ যাত্ৰা আৰম্ভ কৰে। বেচকেম্পত উপস্থিত হৈ তেওঁলোকে বৃদ্ধ জেকৰ মৃত শৰীৰটো বৰফৰ মাজত চেইনডালেৰে বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰে। শৰীৰটো তেনেদৰে বিচাৰি পাই জেৰী শ্বেপাৰ্ডৰ লগতে আন সকলোৱে বিচলিত হয়। সিহঁত সকলোৰে মৰমৰ আৰু একেটা পৰিয়ালৰ দৰেই আছিল।


চেইনডালত আন কুকুৰ কেইটাৰ কোনো চিহ্ন নেদেখি তেওঁলোকে এটা আশাৰ ৰেঙনী দেখিবলৈ পাই। তেওঁলোকে তাৰ পিছত দূৰণীত সিহঁতৰ ভুকা শব্দ শুনিবলৈ পায় আৰু পাগলৰ দৰে জেৰী সেই শব্দৰ দিশে দৌৰি যায়। বৰফৰ মাজত কিছুদূৰত তেতিয়া ঠিয় হৈ আছিল  মেক্স, চৰ্টী, টিৰমাণ্ড, ছাঁ আৰু বাক। পুনৰমিলনৰ সেই দৃশ্য হৃদয় বিদাৰক। আটাইকেইজনে কুকুৰকেইটা সাৱটি বৰফৰ মাজত বাগৰি পৰে আৰু সিহতেও চেলেকি চেলেকি আটাইকে যেন এই ছমাহৰ দুখৰ কথাবোৰ এফালৰপৰা কৈ যায়।


শ্বেপাৰ্ডে কুকুৰবোৰ এটা এটাকৈ কঢ়িয়াই গাড়ীত উঠায়, কিন্তু মেক্স দৌৰি এফালে আঁতৰি যায়। মেক্স যোৱা দিশত জেৰীয়েও লগৰীয়াকেইজনৰ সৈতে দৌৰ দিয়ে। কিছুদূৰ আগত তেওঁলোকে দেখিবলৈ পায় বৰফৰ মাজত দুৰ্বল মায়া পৰি আছে আৰু মেক্সে কু কুৱাই এবাৰ তাইক চেলেকিছে আৰু এবাৰ জেৰীৰ ওচৰলৈ দৌৰি আহিছে, আকৌ গৈ মায়াৰ ওচৰত বহি পৰিছে। 


তেওঁলোকৰ বুজিবলৈ বাকী নাথাকে যে মায়াও জীয়াই আছে আৰু সেয়েহে মেক্স আঁতৰি যাবলৈ অমান্তি হৈছিল। জেৰীয়ে অশ্ৰুশিক্ত নয়নেৰে খোজ কাঢ়িবলৈ অপাৰগ মায়াক কোলাত তুলি লয় আৰু হেলিকপ্টাৰ খনৰ দিশে আগবাঢ়ে।


তেওঁলোকে ওভটনি যাত্ৰা আৰম্ভ কৰে আঠটা স্লেজ কুকুৰৰ ভিতৰত ছয়টাৰ সৈতে। ইফালে বৰফৰ মাজত দুয়োটা মৃত কুকুৰ বৃদ্ধ জেক আৰু ডেৱৰ কবৰৰ ওপৰত বৰফে আৱৰি পৰে।

Comments

Popular posts from this blog

ৰে'ল ঐ ৰে'ল

কৰোণাৰ_তিতা_মিঠা

অকলশৰীয়া