বেলুন

 এগৰাকী অধ্যাপকে এদিন শ্ৰেণীকোঠাত প্ৰতিজন শিক্ষাৰ্থীক একোটাকৈ বেলুন হাতত দিলে। সকলোকে বেলুনবোৰ ফুলাই প্ৰতিটো বেলুনৰ ওপৰত তেওঁলোকৰ নাম লিখি কোঠাৰ বাহিৰৰ কৰিড'ৰটোত পেলাই দিবলৈ কোৱা হ'ল। মুহুৰ্ততে তাত বেলুনেৰে ভৰি পৰিল। তাৰ পিছত তেওঁ সকলো বেলুন মিহলি কৰি পেলালে আৰু শিক্ষাৰ্থীসকলক প্ৰত্যেকৰে নিজৰ নিজৰ নাম লিখা বেলুনটো বিছাৰিবলৈ ৫ মিনিট সময় দিলে। কিন্তু কোনেও তেওঁলোকৰ নিৰ্দিষ্ট বেলুনটো বিছাৰি নাপালে।


তাৰপিছত, অধ্যাপকজনে শিক্ষাৰ্থীসকলক সম্মুখতে পোৱা যিকোনো এটা বেলুন ল'বলৈ ক'লে আৰু যাৰ নাম লিখা আছিল, তেওঁৰ হাতলৈ পাছ কৰি দিবলৈ ক'লে। তেনেদৰে কৰাৰ মাত্ৰ পা‌ঁচ মিনিটৰ ভিতৰত, সকলোৰে হাতত নিজৰ নিজৰ নাম লিখা বেলুনবোৰ আহি পৰিল।


অধ্যাপকজনে শিক্ষাৰ্থীসকলক বুজালে: এই বেলুনবোৰ আমাৰ সুখৰ দৰে। যদি সকলোৱে নিজৰ সুখ বিছাৰো তেন্তে আমি হয়তো কেতিয়াও নাপাম। কিন্তু যদি আনৰ বিষয়ে চিন্তা কৰোঁ, আমি আমাৰো সুখ অতি সহজতে বিছাৰি পাম।

Comments

Popular posts from this blog

য়ে দিল্লী হে মেৰে য়াৰ

শিশু গল্প:

নেপচুনলৈ