হাচিকো .....এ ডগচ টেল

ব্যক্তিগত নায়কৰ বিষয়ে বিদ্যালয়ত প্ৰেজেণ্টেচন দিবলৈ কোৱাত, ৰনীয়ে নিজৰ ককাক আৰু তেওঁৰ কুকুৰ হাচিকোৰ কাহিনী কয়।

ৰ'ড আইলেণ্ডৰ ওচৰৰ প্ৰভিডেন্স কলেজত সংগীতৰ অধ্যাপক পাৰকাৰ উইলচনে বেডৰিজৰ ষ্টেচন প্লেটফৰ্মত এটা হেৰুওৱা কুকুৰৰ পোৱালী পাই ৰাতিটোৰ বাবে ঘৰলৈ লৈ আহে। এটা জাপানী মঠৰ পৰা আমেৰিকা যুক্তৰাজ্যলৈ এৰোপ্লেনেৰে লৈ যোৱা পোৱালীটো এয়াৰপ'ৰ্টৰ পৰা হেৰাইছিল।

পোৱালীটো কোনেও দাবী নকৰা বাবে প্ৰফেছাৰৰ লগতেই থাকি যাই, আৰু তেওঁৰ সৈতে সকলোতে একেলগে অহা-যোৱা কৰে। এগৰাকী জাপানী অধ্যাপক বন্ধু কেনে পাৰকাৰক কৈছিল যে কুকুৰটো অকিতা নামৰ এটা বিশেষ প্ৰজাতিৰ আৰু সিহঁতে নিজৰ গৰাকী নিজেই চিনাক্ত কৰে। পাৰকাৰে পোৱালিটোৰ নাম দিয়ে হাচি।

হাচি, লাহে লাহে ডাঙৰ হয়। এদিন পুৱা হাচিয়ে ঘৰৰ বেষ্টনীৰ তলত খনন কৰি ষ্টেচনলৈ পাৰকাৰক অনুসৰণ কৰে। সি ঘৰলৈ ঘূৰি যাবলৈ অস্বীকাৰ কৰে৷ তাৰ লগত খেলি থাকোঁতে পাৰকাৰেও ৰেলখন মিছ কৰে। তেওঁ হাচিক ঘৈনিয়েক কেটৰ সৈতে এৰি পৰৱৰ্তী ৰেলখনেৰে কলেজলৈ যায়। সন্ধিয়া ষ্টেচনত, হাচিক তেওঁৰ বাবে অপেক্ষা কৰি থকা দেখি পাৰকাৰ আচৰিত হয়। অধিক আচৰিত হয় যেতিয়া জানিব পাৰে যে সি দিনটো অপেক্ষা কৰা নাই, বৰঞ্চ কুকুৰটোৱে প্ৰফেছাৰ আহি পোৱা সঠিক সময়তকৈ মাত্ৰ কেইমিনিটমানৰ আগতে আহি ষ্টেচনত উপস্থিত হৈছে।

এনেদৰে এটা দৈনিক নিয়ম আৰম্ভ হয়৷ তেওঁলোক একেলগে ষ্টেচনলৈ খোজ কাঢ়ে, প্ৰফেছাৰক ষ্টেচনত থৈ হাচি ঘৰলৈ যাই, আকৌ তেওঁৰ ট্ৰেইনখন আবেলি আহি পোৱাৰ ঠিক আগে আগে ষ্টেচন পাইগৈ। দুয়ো একেলগে ঘৰলৈ ওভতে।

দিনবোৰ গৈ থাকে৷ শীতকালৰ এদিনাখন ৰাতিপুৱা, হাচিয়ে অদ্ভুত আচৰণ কৰে। সেইদিনা যেন সি প্ৰফেছাৰ কলেজলৈ যোৱাতো বিচৰা নাছিল। শ্ৰেণীকোঠাত মাৰাত্মক ষ্ট্ৰোক হৈ প্ৰফেছাৰৰ মৃত্যু হয়। হাচিয়ে গোটেই ৰাতি ষ্টেচনত তেওঁলৈ অপেক্ষা কৰে।

কিছুদিন পিছত প্ৰফেছাৰৰ পত্নী কেটে ঘৰটো বিক্ৰী কৰি সেই ঠাই এৰি আঁতৰি যায়। প্ৰফেছাৰৰ জীয়েক এন্দী, জোৱাই মাইকেল আৰু তেওঁলোকৰ কেঁচুৱা ৰনিৰ সৈতে হাচি বেলেগ এঠাইলৈ থাকিবলৈ যায়। কিন্তু সি তাৰপৰা পলায়ন কৰি বেডৰিজলৈ ৰেলৰ ট্ৰেকবোৰ অনুসৰণ কৰি পুৰণি ষ্টেচনটোলৈ গুছি আহে। এণ্ডি আৰু মাইকেলে তাক বিচাৰি উলিয়াই ঘৰলৈ লৈ আহিছিল, কিন্তু এণ্ডিয়ে অনুভৱ কৰে যে কুকুৰটোৱে দেউতাকক বহুত মনত পেলাই আছে আৰু তাক তেনেদৰে বান্ধি ৰখাটো অনুচিত। তাই গেটখন খোলে আৰু হাচিয়ে তাইৰ চকুলৈ অন্তিমবাৰলৈ চাই দৌৰি আঁতৰি যায়।

তেনেদৰে দিনৰ পিছত দিন আৰু বছৰৰ পিছত বছৰ পাৰ হ’বলৈ ধৰে। প্ৰতিদিনে আবেলি পাঁচবজাত হাচি তেওঁৰ সৰ্বশ্ৰেষ্ঠ বন্ধুৰ বাবে ষ্টেচনৰ বাহিৰত অপেক্ষা কৰেহি। ষ্টেচনৰ বিভিন্ন দোকানীসকলে তাক খাবলৈ দিয়ে। এজন সাংবাদিকে বাতৰি কাকতত তাৰ বিষয়ে লিখাৰ পিছত, মানুহে ষ্টেচনলৈ টকা-পইচা প্ৰেৰণ কৰিবলৈ লয়। দোকানীসকলে সেই টকাৰে তাৰ চোৱা-চিতা কৰিবলৈ ধৰে। নিশাটো সি এটা পৰিত্যক্ত ৰেলৰ ইঞ্জিনৰ তলত কটাই দিয়ে, আকৌ এটা নতুন দিনৰ অপেক্ষাত।

প্ৰফেছাৰ পাৰকাৰৰ দশম মৃত্যু বাৰ্ষিকীত কেট তেওঁৰ স্বামীৰ কবৰলৈ আহে। প্ৰফেছাৰৰ জাপানী বন্ধু কেন ও আহে। ষ্টেচনৰ বাহিৰত বৃদ্ধ হাচিয়ে তেতিয়াও তেওঁৰ স্বামীলৈ অপেক্ষা কৰি থকা দেখি কেট ভাঙি পৰে। তেওঁ হাচিৰ ওচৰত একেলগে বহি আবেলিপৰটো কটাই দিয়ে। দুয়ো আগৰ বহুতো স্মৃতি নিজৰ মাজতে ৰোমন্থন কৰিবলৈ ধৰে৷


কাহিনীটো থুলমূলকৈ ইমানেই। এইখন হৈছে ৰিচাৰ্ড গেৰে অভিনীত এখন খুব সুন্দৰ ছৱি “হাচিকো .....এ ডগচ টেল“। খুব বেছি সংলাপ নাই, অকল অভিনয় আৰু পিয়ানোৰ সংগীতেৰে ইমান ধুনীয়াকৈ সজোৱা হৈছে ছৱিখন, যিকোনো বয়সৰ মানুহৰ বাবে এখন উপভোগ্য ছৱি। এটা সত্য ঘটনাৰ আধাৰত নিৰ্মিত ছৱিখনে কুকুৰ আৰু মানুহৰ বন্ধুত্বৰ গভীৰতাৰ বিষয়ে সোঁৱৰাই দিয়ে।

Comments

Popular posts from this blog

য়ে দিল্লী হে মেৰে য়াৰ

শিশু গল্প:

নেপচুনলৈ