ও_টি_পি_আৰু_অনলাইন_ফ্ৰড

 আজিকালি অনলাইন ফ্ৰড তেনেই সাধাৰণ কথা৷ মানুহৰ বেংক একাউণ্টৰ পৰা আপোনা আপুনি টকা নোহোৱা হৈ যোৱা হয়তো সকলোৱে শুনিছে বা বহুতৰে ক্ষেত্ৰত নিজা অভিজ্ঞতাও আছে৷ বেংকবোৰেও এইক্ষেত্ৰত বিশেষ সহায় কৰিবলৈ অপাৰগ৷ বহুতৰে বৃদ্ধাৱস্থাৰ বাবে যতনেৰে সঞ্চিত ধন একেকোবে নোহোৱা হৈ গৈছে৷ কিন্তু সকলো দুৰ্ঘটনাৰে মূলত আচলতে আমাৰ অসাৱধানতা৷ চোৰ কিমানেই চতুৰ হওঁক, আমি যদি নিজে সাৱধান হওঁ - সহজতে বিপদত পৰিবলগীয়া নহয়৷


অনলাইন ফ্ৰডৰ বিষয়ে আমি ডেকাচামে জানো বাবে পতককৈ ফান্দত নপৰো ( তথাপিও কেতিয়াও নপৰিমেই বুলি ডাটি ক'ব নোৱাৰি ) কিন্তু এইক্ষেত্ৰত আমাৰ মা-দেউতাৰ বয়সৰ মানুহৰ বাবে সৰু সৰু কিছুমান জানিবলগীয়া কথা আছে।


নিজ চকুৰে দেখা ঘটনা এটা সংক্ষেপতে কওঁ  - 


এবাৰ এটা এটিএমত সোমালো৷ ভিতৰত এজন বয়সীয়া মানুহ, মূৰে কপালে হাত থৈ ঠিয় হৈ আছে। কাৰ্ডখন বাৰে বাৰে সুমুৱাইছে আৰু উলিয়াইছে৷ কি হৈছে সোধাত তেওঁৰ ফোনটো দেখুৱালে। তেনেই সাধাৰণ এটা নকিয়া ফোন, কীপেড থকা। বন্ধ হৈ আছে৷ তেওঁ অন অফ কৰিছে কিন্তু কাকো কল লগাব পৰা নায়৷ ডায়েল কৰিলেই কাটি কাটি যায়৷


মানুহজনে ক'লে তেওঁৰ একাউণ্টৰ পৰা পইছা ওলোৱা নাই, বেলেঞ্চ কম বুলি দেখুৱাইছে৷ তেওঁৰ মতে প্ৰায় ৯৮০০০ মান টকা থাকিব লাগে একাউণ্টত। মই নিজে চালো, হয় - একাউণ্টত আছে মাত্ৰ ১২ টকা৷ ষ্টেটমেণ্ট উলিয়াই দেখিলো কেইবাটাও ট্ৰান্জেক্সন৷ মানুহজনে গমেই নাপাই একো৷ অনলাইন ট্ৰান্জেক্সন কি বস্তু তেওঁ নাজানে, কাৰ্ডেৰে অকল এটিএমৰ পৰা টকা ওলাই বুলিহে জানে৷ 


ফোনটো দুবাৰমান অন-অফ কৰি চালো, চিগ্নেল নোহোৱা হৈ আছে (মানে চিমখন হয়তো ডিএক্টিভেটেড)। চিমখন খুলি সৰু ( neno sim ) কৰি মোৰ মোবাইলত লগাই চালো, ডিটেক্ট নকৰে৷ আকৌ তেওঁৰ মোবাইলত চিমখন লগাই মেচেজবোৰ পঢ়ি দেখিলোঁ তেওঁৰ এটা বেলেগ বেংক একাউণ্টৰ পৰা (আমি সোমাই থকা এটিএমটো নহয়) বহুকেইটা OTP আৰু অনলাইন ট্ৰান্জেক্সনৰ মেচেজ। সিটো একাউণ্টৰ পৰা সৰ্বমুঠ ৪৭,৯০০ টকা উধাও৷ সেইটো একাউণ্টৰ পৰাও পইচা নোহোৱা কথাটো তেওঁ মোৰপৰাহে গম পালে। দুয়োটা একাউণ্টৰ পৰা প্ৰায় ডেৰ লাখমান টকা হেৰুৱালে মানুহজনে৷


কান্দোনত ভাঙি পৰিল তেওঁ। পুলিচ ষ্টেচনলৈ লৈ গলো। তেওঁলোকে যি পাৰে সহায় কৰিম বুলি ক'লে হয় কিন্তু সেই পইছা ঘূৰাই পোৱা অসম্ভৱ। খুব বেছিতে লাষ্ট ২৪ ঘণ্টাৰ ভিতৰত হোৱা ২ টা ট্ৰান্জেক্সনৰ পইচাখিনি বেংকে ঘুৰাই দিব পুলিচৰ হেচাত, তাৰ আগৰবোৰ নোৱাৰে৷


সিটো একাউণ্টৰ পৰা আগতেই কোনোবাই টকা উলিয়ালে৷ তেওঁলৈ কোনোবাই ফোন কৰাটো হয় আৰু তেওঁ কিবা এটা নম্বৰো (OTP) কৈছে হেনো৷ তাৰপিছত তেওঁৰ বোৱাৰীয়েকেও বহু কেইটা কল এটেন্ড কৰিছে৷ আধাৰ কাৰ্ডত বোলে নাম ভুল হৈ আছিল, সেয়া কাৰেক্ট কৰিবলৈ সেই নম্বৰবোৰ লাগে৷ বোৱাৰীয়েকে বিনাদ্বিধাই সকলো কৈ দিছে সিহঁতক৷ তাৰ পিছত সিহঁতে যেতিয়া গম পালে সেই নম্বৰটোত আৰু এটা বেংক একাউণ্ট লিংক হৈ আছে, হয়তো মানুহজনৰ নম্বৰটো ডিএক্টিভেট কৰি সিহঁতে নিজৰ নামত প’ৰ্ট কৰি ললে৷ 


বেচেৰা মানুহজন আৰু বোৱাৰীয়েকে গমেই নাপালে তেওঁলোকৰ একাউণ্টৰ পৰাযে টকাবোৰ উধাও হৈছে৷ মই তেওঁক লগ পোৱা এটিএমটো যিটো বেংকৰ, সেইটোৰ পৰা টকা উলিওৱা কোনো মেচেজ নাই মোবাইলত, কিন্তু একাউণ্ট খালি৷


তাৰপিছত কি হ'ল নাজানো। মানুহজনক পিছত বহুকেইদিন এটিএম টোৰ বাহিৰত বহি থকা অৱস্থাত দেখিছোঁ, মাতো দিছো, কিন্তু তেওঁ নামাতে। হয়তো মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে। 


এনেকুৱা আৰু কত ঘটনা আছে। কোনোবা মানুহে ওটিপি বা কাৰ্ড নম্বৰ খুজিলে কেতিয়াও দিব নালাগে। তেওঁ কথাটো বুজি নাপালে আৰু ফোনত অহা ওটিপি কৈ দিলে। ফলত তেওঁৰ নম্বৰটো কোনোবা বেলেগে নিজৰ নামত পৰ্ট কৰি ল'লে আৰু তাৰপিছত অনলাইন ট্ৰান্জেক্সন কৰি সেই নম্বৰত কানেক্টেড বেংক একাউণ্টৰ টকা উঠাই ললে। 


ওটিপি অকল বেংক ট্ৰানজেক্সনৰে নহয়, ফোন নম্বৰ পৰ্টিঙৰ বাবেও আহিব পাৰে। আজিকালি ল’ৰা-ছোৱালীয়ে মাক দেউতাকৰ একাউণ্টত নিজৰ মোবাইল নম্বৰ লিংক কৰি পইচা উধাও কৰা খবৰো শুনিবলৈ পাওঁ৷ আপোনজনকেই কেতিয়াবা বিশ্বাস কৰিবলৈ টান, তেনেস্থলত নাজানা নুশুনা ব্যক্তি এজনক আপুনি কিয় ক’ব আপোনাৰ বেংকৰ বিষয়ে?


কোনোবাই যদি এইবিষয়ে কিবা সোধে বা আপোনাৰ একাউণ্টত (বা আধাৰ, পান আদিত) কিবা ভুল হৈ আছে বুলি কয়, আপুনি ভয় নাখাব৷ আপুনি নিজেই গৈ বেংকত সেয়া ঠিক কৰিব বুলি কৈ কলটো কাটি দিয়ক৷ সিহঁতৰ লগত যিমান বেছি সময় কথা পাতিব, সিমানেই সিহঁতে নতুন নতুন ফান্দ পাতিবলৈ সুবিধা পাব৷ এটা কথা মনত ৰাখিব, আপোনাৰ বেংক একাউণ্টত কিবা ভুল থাকিলে সেয়া ফোনত ঠিক কৰিব নোৱাৰি৷ সিহঁতে ক’ব আপোনাৰ একাউণ্ট বন্ধ হৈ যাব বুলি৷ তেতিয়াও ভয় নাখাব, বন্ধ নহয়৷ বেংকৰ মানুহে এইবোৰ সুধিবলৈ আপোনাক কেতিয়াও ফোন নকৰে৷


মোবাইলত চিগনেল নোহোৱা হ’লে আপোনাৰ ল’ৰা-ছোৱালী বা আন কোনোবা জনা শুনা মানুহক তৎক্ষাণাত দেখুৱাওক৷ সকলো সময়তে সেয়া নেটৱৰ্কৰ অসুবিধা নহ’বও পাৰে৷


সকলোৱে সাৱধান আৰু সতৰ্ক থাকক৷

Comments

Popular posts from this blog

য়ে দিল্লী হে মেৰে য়াৰ

শিশু গল্প:

নেপচুনলৈ