Born_free

 বৰ্ণ ফ্ৰী হৈছে ১৯৬৬ চনৰ এখন ব্ৰিটিছ চলচ্চিত্ৰ য'ত বাস্তৱ জীৱনৰ দম্পতী ভাৰ্জিনিয়া মেককেনা আৰু বিল ট্ৰাভাৰ্ছে জয় আৰু জৰ্জ এডামছনৰ চৰিত্ৰত অভিনয় কৰিছে। জয় আৰু জৰ্জ বাস্তৱিক চৰিত্ৰ যিয়ে এলছা নামৰ এটা অনাথ সিংহৰ পোৱালীক প্ৰাপ্তবয়স্ক অৱস্থালৈ ডাঙৰ-দীঘল কৰি শেষত তাইক কেনিয়াৰ অৰণ্যলৈ মুকলি কৰি দিয়ে।

 

ছবিখন অপেন ৰোড ফিল্মছ লিমিটেড আৰু কলম্বিয়া পিকচাৰ্ছে প্ৰযোজনা কৰে। জয় এডামছনৰ ১৯৬০ চনৰ অ-কল্পকাহিনী গ্ৰন্থ 'বৰ্ণ্ ফ্ৰী'ৰ আধাৰত হলীউডৰ লেখক লেষ্টাৰ কোলৰে চিত্ৰনাট্যখন লিখি উলিয়াইছিল। জেমছ হিলৰ দ্বাৰা পৰিচালিত ছবিখনৰ প্ৰযোজক আছিল চেম জাফ আৰু পল ৰেডিন। জন বেৰীৰ দ্বাৰা পৰিচালিত ছৱিখনৰ সংগীতে অস্কাৰকে আদি কৰি অসংখ্য পুৰস্কাৰ লাভ কৰে। ডন ব্লেক আৰু মেট মনৰোৱে ছৱিখনত গীত গাইছিল।


কাহিনীটো থুলমূলকৈ এনেকুৱা: -


কেনিয়াৰ উত্তৰ প্ৰান্তত এগৰাকী মহিলাক এটা সিংহই হত্যা কৰি খাই পেলায়। ব্ৰিটিছ জ্যেষ্ঠ বন্যপ্ৰাণী বিশেষজ্ঞ আৰু চিকাৰী, জৰ্জ এডামচন (বিল ট্ৰাভাৰ্ছ)ক সেই ভয়ংকৰ সিংহটোক পৰিয়ালৰ সৈতে হত্যা কৰিবলৈ পঠোৱা হয়। কিন্তু তেওঁ তিনিটা পোৱালিক মাৰিব নোৱাৰে, সিহঁতলৈ ভীষণ মৰম ওপজে। পিতৃ মাতৃহীন তিনিওটা পোৱালীক তেওঁৰ পত্নী জয় (ভাৰ্জিনিয়া মেককেনা)ৰ ওচৰলৈ লৈ আহে আৰু দুয়ো মিলি সিহঁতক ডাঙৰ-দীঘল কৰে। তেওঁলোকে পোৱালীবোৰৰ নাম দিয়ে বিগ ৱান, লাষ্টিকা আৰু এলছা। আটাইতকৈ কনিষ্ঠ এলছাৰ সৈতে জয় আৰু জৰ্জ বিশেষভাৱে সংলগ্ন হৈ পৰে। যেতিয়া পোৱালীবোৰ ডাঙৰ হৈ আহে, ডাঙৰ দুটাক ৰটাৰডাম চিৰিয়াখানালৈ পঠোৱা হয় কিন্তু এডামছনে এলছাক ৰাখিবলৈ ঠিৰাং কৰে।


কিছু বছৰৰ পিছত, জয় আৰু জৰ্জে কিউঙ্গালৈ যাত্ৰা কৰিবলগীয়া হয় কিয়নো জৰ্জক তেওঁৰ বছ জন কেণ্ডেলে (জেফ্ৰি কিন) স্থানীয় গাঁৱ এখনত ছাগলী হত্যা কৰা এটা সিংহৰ বিষয়ে কৈছিল। জৰ্জে সিংহটোক হত্যা কৰিবলৈ সক্ষম হয়। জৰ্জ আৰু জয়ে এলছাকো লগত লৈ গৈছিল আৰু তেওঁলোকে তাইক ভাৰত মহাসাগৰৰ সৈতে পৰিচয় কৰায়। 


উত্তৰ প্ৰান্তলৈ উভতি অহাৰ পিছত, এদিন এডামছনে জানিব পাৰে যে এলছাই হাতীৰ এক বৃহৎ দলক খেদি পঠিয়াইছে। জৰ্জৰ বছ কেণ্ডেলে কয় যে এলছা এতিয়া ডাঙৰ হৈ আহিছে আৰু তাইক তেনেদৰে লগত ৰাখিব নোৱাৰিব। তাইক লৈ যাবলৈ এখন চিৰিয়াখানা বিচাৰি উলিয়াবলৈও তেওঁ আগ্ৰহ প্ৰকাশ কৰে। কিন্তু জৰ্জৰ পত্নী, জয়ে চিৰিয়াখানাৰ পৰিৱৰ্তে এলছাক বনাঞ্চলত কেনেকৈ জীয়াই থাকিব লাগে শিকাব বিচাৰে, যিটো কেণ্ডেলে অনিচ্ছা স্বত্বেও মান্তি হয়্। এলছাক আৰু তিনি মাহ ৰখাৰ বাবে তেওঁ অনুমতি দিয়ে আৰু এইখিনি সময়ৰ ভিতৰত যদি তাই বনাঞ্চলৰ বাবে প্ৰস্তুত নহয়, তেন্তে চিৰিয়াখানালৈ নিয়া হ'ব।


আৰম্ভ হয় জয় আৰু জৰ্জৰ মেৰু ৰাষ্ট্ৰীয় উদ্যানলৈ যাত্ৰা য'ত তেওঁলোকে এলছাক মুক্ত কৰি দিয়াৰ ইচ্ছা কৰে। প্ৰথমতে, তেওঁলোকে এলছাক এটা মতা সিংহৰ সৈতে পৰিচয় কৰাবলৈ চেষ্টা কৰে। কিন্তু তাই সিংহটো এৰি গুছি আহে। দ্বিতীয়বাৰ – তেওঁলোকে তাইক এটা জেব্ৰাৰ জাকৰ মাজত এৰি দিয়ে চিকাৰ কৰিবলৈ। কিন্তু তাই এটাও জেব্ৰা হত্যা কৰাত ব্যৰ্থ হয় আৰু নিজেই আঘাতপ্ৰাপ্ত হৈ জয় আৰু জৰ্জৰ চাউনীলৈ ওভতি আহে। অৱশেষত, জয় আৰু জৰ্জে এলছাক কমেও এসপ্তাহৰ বাবে জোপোহাৰ মাজত এৰি তেওঁলোকৰ শিবিৰৰ অৱস্থান সলনি কৰাৰ সিদ্ধান্ত লয় যাতে এলছা অধিক স্বতন্ত্ৰভাৱে ঘূৰি ফূৰিব পাৰে সহজতে তেওঁলোকক বিছাৰি ওভতি আহিব নোৱাৰে।

জয়ে বিশ্বাস কৰে যে তাই এলছাক এটা মুকলি জন্তুৰ দৰে জীয়াই থাকিবলৈ শিকাব, কিয়নো তাইক চিৰিয়াখানালৈ পঠালে তাইৰ কোনো স্বাধীনতা নাথাকিব। এইটো এটা ভাল সিদ্ধান্ত হিচাপে প্ৰমাণিত হয় কিয়নো এলছাই অৱশেষত কেইবাটাও জন্তু হত্যা কৰিবলৈ সক্ষম হয়। 


এদিন জৰ্জ এডামছনে তাইক অন্তিম পৰীক্ষাৰ বাবে বাহিৰলৈ লৈ যায়। এলছাই আন এজনী মাইকী সিংহক যুঁজত হৰুৱাই মতা সিংহটোৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় আৰু সেই পৰিয়ালটোৰ লগত জংঘলৰ মাজলৈ আতঁৰি যায়।


জয় আৰু জৰ্জ তেওঁলোকৰ সফলতাত আনন্দিত হয় কিন্তু কেনিয়ালৈ উভতি অহাৰ সময়ত তেওঁলোকৰ মৰমৰ বন্ধুক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি দিয়ে।


এবছৰৰ পিছত দুয়ো কেনিয়ালৈ উভতি আহে আৰু এলছাক বিছাৰি সেই জংঘলৰ মাজলৈ যায়। তেওঁলোকে এলছাক দেখি আনন্দিত হয়। তাই এতিয়া এজনী সম্পূৰ্ণ বনৰীয়া সিংহ আৰু তিনিটা সন্তানৰ মাতৃ। এলছাই দুয়োকে সাবটি আগৰ দৰে আদৰ ল'বলৈ চেষ্টা কৰে। 


অৱশ্যে, জয় আৰু জৰ্জ দুয়ো সন্মত হয় যে তেওঁলোকে এলছাৰ মৰমলগা পোৱালীকেইটাক তাইৰ দৰে মৰম নকৰে, সিহঁত বনৰীয়া সিংহ হিচাপেই ডাঙৰ দীঘল হওঁক। দূৰত মতা সিংহটোৱে মাত দিয়ে আৰু দুয়োকে অন্তিম বিদাই জনাই তিনিওটা পোৱালিৰ সৈতে এলছা জংঘলৰ মাজলৈ সোমাই যায়।


অস্কাৰ বঁটাৰে সন্মানিত এই ছবিখন চালে আপোনাৰ একেবাৰে নালাগিব যে আপুনি ১৯৬৬ ৰ ছৱি চাইছে। একেবাৰে এখন নতুন ছবিৰ দৰে।

Comments

Popular posts from this blog

য়ে দিল্লী হে মেৰে য়াৰ

শিশু গল্প:

নেপচুনলৈ