জীৱন বৰ অনুপম

#জীৱন_বৰ_অনুপম


(১)

চকুৰ সম্মুখতে নিজৰ ঘৰটো তাচ পাতৰ দৰে খহি পৰা দেখি স্নেহাম্মাই চিঞৰিবলৈও পাহৰি গ’ল৷ ভাঙি পৰা জুপুৰিটোলৈ চাই মূৰে কঁপালে হাত থৈ মানুহজনী চোতালৰ মাজতে পৰি নোযোৱাকৈ কেনেবাকৈ বহিল৷ চোতালখন তেতিয়াও সাগৰৰ ঢৌৰ দৰে কঁপি আছিল৷ মাটিখিনি এবাৰ ওপৰলৈ উঠি আহি আকৌ তললৈ নামি যোৱা দৃশ্যটোৱে তেওঁৰ সৰ্বশৰীৰ কঁপাই তুলিলে৷ ঠায়ে ঠায়ে মাটিত ফাট মেলি পানী ওলাই আহিছিল৷ মুহূৰ্ত্ততে পুৱাৰ আকাশখন ক’লা, ঘন মেঘে আৱৰি ধৰিলে৷ ওপৰত বিজুলী ঢেৰেকনীৰ জোৰ দেখি স্নেহাম্মাৰ বৰ ভয় হ’ল৷


মানুহগৰাকীৰ চিন্তাৰ কাৰণ, একমাত্ৰ পুত্ৰ - ভেল্গা ৰাজন৷ 

এই বিপদৰ সময়ত সি ওচৰত থকা হ’লে!


কঁপি কঁপি এটা সময়ত সকলো শান্ত হ’ল৷ ভূমিকম্পটোৱে সিহঁত থকা জুপুৰিটো সম্পূৰ্ণকৈ ভাঙি পেলালে৷ ভিতৰৰ সকলো বয় বস্তু ধ্বংস হ’ল৷ টকৌ পাতেৰে বনোৱা চালিখন পৰি গোটেইখন হেছি ধৰিছিল৷ ভাগ্য ভাল যে সেই সময়ত প্ৰাতঃকৰ্মৰ বাবে তেওঁ বাহিৰত আছিল৷ 


কাষতে কোনোবা এঘৰৰ পৰা কন্দা কটাৰ শব্দ ভাঁহি আহিছে৷ ওচৰে পাজৰে কাৰ কি ক্ষতি হৈছে একো উমান কৰিব নোৱাৰি৷ চিঞৰ-বাখৰবোৰ লহে লাহে চাৰিওফালৰ পৰা আহিবলৈ ধৰিলে। এটা হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হ’ল৷ স্নেহাম্মাই বুজিলে - এইটো ডাঙৰকৈয়ে হৈছে৷


ৰাজন আছে সাগৰৰ মাজত৷ আজি সাত দিন হ’ল, মাছ মাৰিবলৈ গৈ সি এতিয়াও উভটি অহা নাই৷ কালি বৰদিনৰ আনন্দৰ সময়কণ পুতেক অবিহনেই তেওঁ চুবুৰীয়া সকলৰ সৈতে পালন কৰিবলগীয়া হ'ল। এইবাৰ বৰদিন সেমেকা, গাঁৱৰ ডেকাবোৰ বেছিভাগ কামৰ পৰা অহাই নাই।

দুই এদিনতে হয়তো সি আহিব৷ তাৰ নৌকাত গাঁৱৰ আন ছজনমান যুৱক আছে৷ পাঁচ ছয়খনমান নাও লৈ ডেকাবোৰ ওলাই যায়৷ সাধাৰণতে আঠৰ পৰা দহ দিনমানৰ মূৰত সিহঁত উভতে৷ সাগৰীয় মাছবোৰ ধৰি আনি চহৰত বিক্ৰী কৰে৷ তেনেদৰেই গাঁওখনৰ আটাইবোৰ পৰিয়াল প্ৰতিপালিত হয়৷ 


নাওত দহদিনমানৰ খাদ্য আৰু ইন্ধন মজুদ থাকে৷ পিছে এইবাৰ সকলো সামগ্ৰী সিহঁতে অলপ সৰহকৈ লৈ গৈছিল৷ উদ্দেশ্য, সাগৰৰ অলপ বেছি গভীৰলৈ সোমাই যোৱা। আটাইকেইজন মিলি সাগৰৰ মাজতে বৰদিনো পালন কৰিব হেনো।


ভেল্গা উভটি আহিলেহে ঘৰটো মেৰামতি কৰিব পৰা হ'ব! বতৰে যিটোহে ৰূপ লৈছে, যদিহে ধাৰাষাৰ বতাহ বৰষুণ আহে! 


ঘৰটোৰ মেৰামতি ডাঙৰ কথা নহয়, আঁচলতে তেওঁ ভাবিছিল বতাহ ধুমুহাৰ মাজত পুতেক সাগৰৰ মাজত থকা কথাটোহে! গাঁৱৰ পুৰণা মানুহখিনিৰ মুখত শুনিছে, এনেকুৱা ভুমিকম্পৰ পিছত হেনো ঢৌবোৰ বৰ ওখকৈ উঠে৷ পাৰিবনে ভেল্গাৰ কণমাণি নাওখনে সাগৰৰ মাজৰ পৰা সিহঁতক নিৰ্বিঘ্নে উলিয়াই আনিবলৈ?


: ভগৱানে সিহঁতক ভালে ৰাখক৷ - স্নেহাম্মাই পুতেকৰ লগতে তাৰ লগৰীয়াকেইটাৰ বাবেও প্ৰাৰ্থনা কৰিবলৈ ধৰিলে৷ 


কোনোবা এজন আহি দুবাহুত ধৰি জোকাৰি দিয়াত মানুহজনী বাস্তবলৈ ঘূৰি আহিল৷ কিমান দেৰি চোতালৰ মাজতে আঠুকাঢ়ি বহি আছিল তেওঁৰ মনত নাই৷ 


: অম্মা____অম্মা_____ স্নেহা___ম্মা____৷

: হে____হে_____ক___কোন______কি হ’ল ?

: অম্মা____যাব লাগিব৷ ইয়াৰ পৰা পলাব লাগিব৷ সোনকালে ওলোৱা৷

: তই টুনিগা নহয়নে? কিয় পলাব লাগে? ক'ত কি হৈছেনো?


উত্তৰত টুনিগাই যিখিনি ক’লে, স্নেহাম্মা ঠাইতে মূৰ্ছা যোৱাৰ উপক্ৰম হ’ল৷ আউলী বাউলীকৈ মানুহজনী সাগৰৰ পাৰলৈ দৌৰ মাৰিলে৷ পিছৰপৰা ল’ৰাজনে চিঞৰি চিঞৰি তেওঁক ঘূৰি আহিবলৈ সকিয়াই থাকিল৷ কিছুসময় তেনেকৈ ৰৈ সি বুজিলে মানুহগৰাকীক ওভতাই অনাটো অসম্ভৱ৷ ইফালে সিফালে এবাৰ চাই ল’ৰাজনে বিপৰীত দিশেৰে ভিৰাই দৌৰ মাৰিলে৷


++++++++


(২)

মহিশে যিমান সোনকালে পাৰে ভাত কেইটামান বনাই যাবলৈ ওলাল৷ আগদিনাই কাটি থোৱা পাঁচলিখিনি একেলগে কুকাৰটোত সুমুৱাই, নিমখ, হালধী আৰু সাম্ভৰ পাউডাৰ অলপ মিহলাই ঢাকনিখন লগাই দিলে৷ সেইখিনি হয় মানে সি গাটো ধুই আহিল। ইফালে পুৱা পাঁচটা বাজিলেই। দৌৰাদৌৰিকৈ কাটি থোৱা নাৰিকলৰ টুকুৰা কেইটামান লৈ তিয়াই থোৱা বুটৰ দাইলখিনিত মিহলাই, কেইপাতমান নৰসিংহ, নহৰুৰ কেইটামান কোহ আৰু শুকান জলকীয়া এটাৰে মিক্সীটোত চাটনী এখন বনালে৷ 


বাচনবোৰ সামৰি, খোৱা বস্তুখিনি স্টীলৰ টিফিন বক্স এটাত বেলেগে বেলেগে ভৰাই, সি হস্পিটেললৈ ৰাওনা হ’ল৷ দুৱাৰখনত তলাটো মাৰিবলৈ লওতে মেকুৰীজনীয়ে ভৰিতে মূৰটো লগাই বৰকৈ আমনি কৰিছিল৷ দৌৰাদৌৰিকৈ তাইক এমুঠি ভাত উলিয়াই দি সি তলাটো লগালে৷ পত্নী সুজনা হস্পিটেলত থকাৰ পৰা মেকুৰীজনীৰ খোৱা-লোৱাও অনিয়মীয়া হৈছেগৈ৷ বেছিখিনি সময় সিও বাহিৰতেই থাকে৷ যি অলপ সময়ৰ বাবে ঘৰলৈ আহে সেইখিনি সময়ত ঘৰ চাফ-চিকুণেই কৰিব নে ভাতেই বনাব নে মেকুৰী কুকুৰৰ খোৱাৰ চিন্তাই কৰিব৷


এইবাৰ বৰদিন বুলি সিহঁতৰ চাৰিবছৰীয়া ল’ৰা 'টাইটাছ' ককাক আইতাকৰ ঘৰত৷ দ্বিতীয় সন্তানটো গৰ্ভতেই ঢুকাল৷ জন্মৰ সময়ত হোৱা বিভিন্ন অসুবিধাৰ বাবে মৃত সন্তানটোৰ সৈতে তাইৰ গৰ্ভাশয়টো উলিয়াই দিবলগীয়া হৈছিল৷ তেতিয়াৰ পৰা আজি দুমাহমান হ’ল - তাই হস্পিটেলতেই আছে৷ ঢলপুৱাতে ঘৰৰপৰা অনা ভাতকেইটা তাইক চমজাই দি, মহিশে বাহিৰে বাহিৰে অফিছ কৰে৷


অষ্টম মহলা পাবলৈ তেতিয়াও সময় আছে৷ হস্পিটেলৰ লিফ্ট বেয়া হোৱা বাবে, সি চিঢ়ি বগাই লাহে লাহে ওপৰলৈ গৈ আছিল৷ ঠিক চতুৰ্থ মহলামান পাওঁতেই সমগ্ৰ অট্টালিকাটো খুব জোৰে কঁপিবলৈ ধৰিলে৷ এসময়ত কম্পনৰ পৰিমাণ ইমানেই বেছি হ’লগৈ যে তাৰ লগতে আন কেইবাজনো ব্যক্তি চিটিকি আহি তলৰ মজিয়াত পৰি গ’ল৷ হাতৰ খোৱা বস্তুখিনি যেনিয়ে তেনিয়ে সিঁচৰতি হৈ পৰিল৷


মজিয়াত ভৰ দি আটায়ে উঠিবলৈ চেষ্টা কৰিলে৷ কিন্তু হঠাতে মজিয়াখন এটা বিকট শব্দ কৰি মাজেৰে দুফাল হৈ গ’ল৷ কেইজনমান সেইফালেৰে পৰুৱাৰ দৰে তললৈ সৰি পৰিল৷ চাৰিওফালে হুৱাদুৱা লাগিল৷ চিঢ়িৰ কাষতে থকা খুটা এটাত সাৱটি মহিশে যেনেতেনে নিজকে পৰি যোৱাৰ পৰা বচালে৷ 


বেলেগ একো ভাবিবলৈ তেতিয়া সময় নাছিল৷ চকুৰ আগত ভাহি আছিল পত্নী সুজনা আৰু পুত্ৰ টাইটাছৰ মুখদুখন৷ এক মিনিটো বিলম্ব নকৰি সি ওপৰলৈ দৌৰ দিলে৷ ইতিমধ্যে চাৰিওফালে চিঞৰ বাখৰ আৰম্ভ হৈছিল৷ আধা ঘণ্টামানৰ পিছত বহু কষ্ট কৰি অষ্টম মহলা পালেগৈ। ভীতিগ্ৰস্থ মানুহবোৰ যেনিয়ে তেনিয়ে চেদেলি ভেদেলি হৈ আছিল। ৱাৰ্ডত সোমাই দেখিলে সুজনা যন্ত্ৰণাত চটফটাই আছে। পেটটো দুহাতেৰে চেপি বিছনাৰ তলত চেপা খাই থকা ভৰিখন উলিয়াবলৈ তাই অহৰহ চেষ্টা কৰি আছিল। বিছনাখন আঁতৰাই পিছফালে পৰি থকা সুজনাক কান্ধত তুলি ল'লে। 


মানুহজনীক লৈ লাহে লাহে সি তললৈ নামি আহিল। কেবাটাও মহলাৰপৰা বেৰবোৰ ফাটি মানুহবোৰ তললৈ সৰি পৰিছিল৷ অতি সাৱধানে আহিবলগীয়া হোৱাত দ্বিতীয় মহলা পাবলৈ সিহঁতৰ প্ৰায় এঘন্টামান লাগিল৷ 


দুয়োকে আঁচৰিত কৰি দ্বিতীয় মহলাত থকা ৱেইটিং হলটো তেতিয়া সম্পূৰ্ণকৈ পানীৰ তলত৷ সিহঁতে বুজি নাপালে ইমান পানী ক’ৰ পৰা সোমাইছে৷ সাগৰখনৰ একেবাৰে কাষতে হস্পিটেলৰ বিল্ডিংটো। তাৰমানে কি সাগৰৰ পানী দ্বিতীয় মহলালৈ উঠি আহিছে নেকি?


ভূমিকম্পৰ পিছত চুনামী .......!!?


বুকুলৈ ডুবি থকা মানুহবোৰ সাঁতুৰি তাৰপৰা ওলোৱাৰ চেষ্টা কৰি আছিল৷ অট্টালিকাটোৰ পৰা বাহিৰলৈ ওলোৱাৰ কোনো বাট নেদেখি এইবাৰ সি সুজনাক কান্ধত লৈ আকৌ অহা বাটেৰে ওপৰলৈ উঠি যাবলৈ চেষ্টা কৰিলে৷ তৃতীয় মহলা পাবলৈকে দুয়ো যঠেষ্ঠ কষ্ট কৰিবলগীয়া হ’ল৷ 


ঠিক তেতিয়াই এটা ডাঙৰ শব্দ কৰি অট্টালিকাটো এফলে হেলনীয়া হৈ পৰিল৷ দুয়োটা চিঢ়িৰ পৰা ওফৰি আহি আকৌ দ্বিতীয় মহলালৈ পৰি গ'ল৷ কান্ধৰ পৰা ওলাই ক'ৰবাত পৰি যোৱা সুজনাক সি চিঞৰি চিঞৰি বিছাৰিবলৈ ধৰিলে। কিন্তু মাতটো ওলাই নাহিল, তেতিয়া সি সম্পূৰ্ণ পানীৰ তলত৷ হাত ভৰি মাৰি সাঁতুৰি সাঁতুৰি মহিশে পানীৰ মাজতে এফালৰ পৰা তাইক বিছাৰি গ'ল, সুজনাৰ হলে কোনো সন্ধান নোলাল৷ 


×××××××××××


(৩)

জেনিফাৰ আৰু কেড দুয়ো দুয়োৰে হাতত ধৰি সাগৰৰ ঢৌবোৰৰ মাজলৈ নামি গৈছিল৷ ডেনমাৰ্কৰ পৰা ভাৰতলৈ অহা সিহঁতৰ তিনিমাহ হৈছে, কিন্তু বেলেগ বেলেগ কামৰ বাবে একেলগে থাকিব পৰা নাই৷ যোৱা তিনিটা মাহ কেড আছিল ৰাজস্থানত আৰু জেনি চেন্নাইত৷ তাইৰ প্ৰজেক্টটো দুদিনৰ আগতে শেষ হ’ল, কেড কালিহে আহি পালে৷ আহিয়েই নিশাটো বৰদিনৰ পাৰ্টিৰ নামত হোটেলতে কটালে দুয়ো।


ৰাতিপুৱাই কিবা অলপ খাই সিহঁতে নিমখীয়া সাগৰখনতে কিছুসময় কটোৱাৰ উদ্দেশ্যেৰে ওলাই আহিছিল৷ এসপ্তাহ পিছত দুয়ো ডেনমাৰ্কলৈ উভটি যাবগৈ৷ তাৰ আগতে এইকেইদিন চেন্নাইৰ ওচৰে পাজৰে অলপ ঘূৰি ফুৰাৰ পৰিকল্পনা৷ ডেনমাৰ্কলৈ উভটি অহা মাহত সিহঁতৰ বিয়া৷ 


নাৰিকল গছবোৰৰ পাতৰ মাজেৰে সুৰুযৰ ৰাঙলী আভাবোৰ হঠাতে নোহোৱা হ’ল৷ দুঘণ্টামানৰ আগতে এটা ভূমিকম্প হোৱা সিহঁতে জানে৷ কোনো কোনো ঠাইত ক্ষয় ক্ষতি হোৱা বুলিও শুনিছে৷ কিন্তু সিহঁতে সপোনতো ভবা নাছিল যিখন সাগৰৰ পানীৰ মাজত দুয়ো অলপ অন্তৰঙ্গ সময় কটাবলৈ বিছাৰিছে, সেয়া গৈ মৰণফাণ্ডলৈ পৰিণত হ’ব৷ 


××××××××××


ভেল্গা ৰাজন, স্নেহাম্মাহঁতৰ দৰে হাজাৰ হাজাৰ মানুহ গৃহহীন হ'ল। ৰাজনৰ নাওখন উটি আহি পাৰ পালেহি ঠিকেই, কিন্তু আটাইকেইজন লগৰীয়া সহিতে তাক পোৱা নগ'ল। স্নেহাম্মাই নাৰিকল এজোপাৰ ওপৰলৈ উঠি জীৱনটো ৰক্ষাৰ চেষ্টা কৰিছিল, যদিও নিৰ্দয় ঢৌবোৰে গছজোপাকে ওফৰাই লৈ গ'ল। পিছলৈ তেনেকুৱা অসংখ্য নাৰিকল গছ চহৰৰ মাজমজিয়াত ভঙা ঘৰবোৰত মাজে মাজে অলিয়ে গলিয়ে আবদ্ধ হৈ থকা দেখা গৈছিল। স্নেহাম্মাৰ কিন্তু কোনো খবৰ নোলাল।


পানীৰ তলত সাঁতুৰি নাদুৰি মৰমৰ পত্নী সুজনাক বিছাৰি থকা মহিশৰ ভৰিখনত এটুকুৰা লোহা সোমাই বান্ধি ধৰিছিল। পিছত উদ্ধাৰকাৰী দলে তাৰ মৃত শৰীৰটো পানীৰ তলৰ পৰা বিছাৰি উলিয়ায়। 


জেনিফাৰ আৰু কেডৰ পৰিয়ালে আজিও প্ৰতি বছৰে ভাৰতলৈ আহে সিহঁতৰ সন্ধানত। হঠাতে প্ৰায় ৩০ ফুট ওপৰলৈ উটি অহা এটা বিশাল ঢৌৰ কোবে দুয়োৰে আশা, মৰম, পৰিকল্পনা, ভালপোৱা সকলোবোৰ ধুলিসাৎ কৰি লৈ গৈছিল৷  


এনেকুৱা আৰু কত কাহিনী, কত চৰিত্ৰ, সকলো হেৰাই গ'ল প্ৰকৃতিৰ সেই অদ্ভূত পৰিঘটনাৰ মাজত।


২০০৪ চনত ভাৰত মহাসাগৰৰ মাজত হোৱা এটা বৰ ভূমিকম্পৰ ফলত, দাঁতিকাষৰীয়া প্ৰায় দহ বাৰখনমান দেশ বাৰুকৈয়ে প্ৰভাবিত হয়। বতৰ বিজ্ঞানীসকলৰ মতে ইণ্ডোনেছিয়াৰ সুমাত্ৰা দ্বীপৰ ওচৰত কেন্দ্ৰীভুত এই ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল ৯.৩। ইমান ডাঙৰ এটা ঘটনাৰ বাবে সাগৰৰ পানী ওফণ্ডি উঠি এটা বৃহৎ চুনামীৰ ৰূপ লৈ ওচৰে পাজৰে থকা সকলো দেশৰে ঊপকুল অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰে। প্ৰায় পাঁচ লাখতকৈও অধিক মানুহৰ মৃত্যু হোৱাৰ লগতে আৰু কেবা হাজাৰো নিৰূদ্দেশ হয়। সমীক্ষা অনুসৰি অকল ভাৰততে প্ৰায় ৬০ ৰ পৰা ৭০ হাজাৰৰো অধিক মানুহ প্ৰভাবিত হয়। তাৰে মাত্ৰ ২৫ হাজাৰমানহে মৃতদেহ পোৱা গৈছিল আৰু বাকীবিলাকৰ আজিও কোনো সম্ভেদ নাই। চুনামীটোৱে ধ্বংস লীলা চলোৱা দেশসমূহ:


ইণ্ডোনেছিয়া

শ্ৰী লংকা

ভাৰত

থাইলেণ্ড

চোমালিয়া

ম্যানমাৰ

মালদ্বীপ

মালয়েছিয়া

টানজানীয়া

চেইচেলচ

বাংলাদেশ

দক্ষিণ আফ্ৰিকা

য়মন

কেনীয়া

মাডাগাস্কাৰ।


লেখাটোৰ জৰিয়তে সেই দুৰ্ঘটনাটোত সৰ্বস্ৰান্ত সকলোলৈকে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলোঁ।


**********🙏**********

Comments

Popular posts from this blog

য়ে দিল্লী হে মেৰে য়াৰ

শিশু গল্প:

নেপচুনলৈ