সৰস্বতী_পূজাৰ_কেইটামান_স্নেপছট্

(কোনেও যেন গাত পাতি নলয়, কেৱল মনোৰঞ্জনৰ বাবেহে লিখা হৈছে)


চেনেলৰ গাড়ীখন লেহেমীয়া গতিৰে কলেজৰ চৌহদলৈ প্ৰবেশ কৰিছে। হাতত মাইকটো লৈ ধুনীয়াকৈ সাজি কাচি ছোৱালী এগৰাকী নামি আহিছে। লগত এজন ল'ৰা, তেওঁৰ হাতত এটা কেমেৰা। দুয়ো কিছুসময় কেমেৰা, মাইকৰ তাঁৰবোৰ বিভিন্ন সঁজুলিৰ লগত সংযোগ কৰি পূজা মণ্ডপৰ দিশে আগবাঢ়ি গৈছে।


গাড়ীখন দেখি ছোৱালীজাকৰ মাজত ইতিমধ্যে গুণগুণ গানগান আৰম্ভ হৈছিল। ল'ৰা ছোৱালী দুজন সেইফালেই আগুৱাই অহা দেখি সকলো সন্ত্ৰষ্ট হৈ পৰিল। শাৰী, চাদৰ-মেখেলাবোৰ ঠিক কৰি সকলোৱে দৌৰা-দৌৰিকৈ হাতৰ মোবাইলৰ ফ্ৰণ্ট কেমেৰা অন কৰি নিজৰ অবয়বকেইটা চাই ল'লে। 


কেইজনীমানে কাণৰ ওপৰেৰে পৰি থকা ষ্ট্ৰেইট কৰি লোৱা চুলি কেইডালমান তৰ্জনী আঙুলিৰে কাণৰ পিছলৈ ঠেলি পঠিয়ালে। কেইজনীমানে দুয়োটা ওঠ ইটোৰে সিটো চেপি ধৰি ৰংখিনি সমান্তৰালকৈ মিলাই ল'লে। দুই মিনিটমানৰ ভিতৰতে নিজকে কেমেৰাৰ বাবে সাজু কৰাৰ যুঁজত কাৰ ভৰিৰ হিলে কাৰ ভৰি ফুটাই তেজ উলিয়ালে কাৰো ভ্ৰূক্ষেপ নাই। বৰ্তমান সেইবোৰ থাকক, কেমেৰা ভৰিলৈ নোপোনাই নহয়।


আমাৰ চেনেলৰ বাইদেউ জুমটোৰ ওচৰলৈ আগবাঢ়ি গ'ল। মুখত এটা মিচিকিয়া হাঁহি। কেমেৰা পাৰছন দাদাৰ মুখতো অলপ লাজ লাজ ভাৱ, ইমানগাল সৰস্বতীৰ মাজত বেচেৰা অকলশৰীয়া। লাহে লাহে বাইদেউৰ প্ৰশ্ন আৰম্ভ হ'ল-


: এইখন কোন কলেজ?

: এইখন, মানে অমুক কলেজ।

: আচ্ছা। কেনে লাগিছে আজি?

: খুবেই ভাল লাগিছে।

: কিয়? 

: আজি সৰস্বতী পূজা আকৌ।

: বাৰু, সৰস্বতী পূজা কিয় পালন কৰা হয় কোৱাচোন...

: ও...ম, মানে......কৰা হয় আৰু.... সকলোৱে জানেই চোন!

: ঠিক আছে বাৰু। তোমাৰ নাম?

: মই অমুকী....

: ধন্যবাদ।


বাইদেউ এইবাৰ আন এগৰাকীৰ ওচৰলৈ আগবাঢ়ে। কেমেৰা পাৰছন দাদাইও সেইফালে কেমেৰা ঘূৰাই।


: তোমাৰ নাম?

: অমুকী।

: কেনেকুৱা লাগিছে আজি?

: মজ্জা।

: পূজা কৰিলা?

: অ.... কৰিলোঁ।

: কিমান দিনৰ প্ৰস্তুতি?

: আমি দুসপ্তাহৰ আগৰ পৰাই কিনিছো আৰু কাপোৰ কানিবোৰ?

: কাৰ? তোমাৰ নে সৰস্বতীৰ?

: মোৰ আকৌ!

: ধন্যবাদ!


বাইদেউ আন এগৰাকীৰ ওচৰত এইবাৰ।


: পূজা কৰিলা নিশ্চয়?

: হয় হয়।

: সৰস্বতীৰ বাহন কি ক'ব পাৰিবানে?

: সেইটো কি বস্তু?

: বাহন মানে কিহৰ ওপৰত সৰস্বতী বহে?

: অ'......আমাৰ ছাৰহতে ডাঙৰ পিড়া এখনৰ ওপৰত থৈছে মূৰ্তিটো।

: ধন্যবাদ।


বাইদেউ আকৌ আগবাঢ়ে আন এগৰাকীৰ ওচৰলৈ।


: তুমি পূজা কৰিলা নিশ্চয়?

: হয় কৰিলোঁ।

: মূৰ্তিটো চাইছা নিশ্চয় ভালদৰে?

: চাইছো, কিয় সুধিলে?

: সৰস্বতীৰ বাহন কি ক'ব পাৰিবানে?

: ফেঁচা নেকি, ভালদৰে নাজানো দেই। 

: ঠিক আছে, ধন্যবাদ।

: তুমি জানা সৰস্বতীৰ বাহন কি?

: সেইটো কেতিয়াও চোৱাই নাই, হি হি।

: ঠিক আছা, চাবাচোন কেতিয়াবা।

: শাৰিখন বৰ ধুনীয়াকৈ পিন্ধিছা। তুমি ক'বানে সৰস্বতীৰ বাহন কি?

: মুই হেইবোৰ নাজানো দেই!

: ধন্যবাদ।

: আমাৰ লগত আছে ধুনীয়াকৈ, একেবাৰে পৰিপাতিকৈ এয়া......কি তোমাৰ নাম ( ফুচফুচাই)....

: অমুকী...

: এয়া অমুকী আৰু তেওঁ আমাক ক'ব সৰস্বতীৰ হাতত থকা সঁজুলি বিধৰ বিষয়ে। কি লৈছে বাৰু সৰস্বতীয়ে সেয়া হাতত?

: ও....ম....জানো কিবা?

: ঠিক আছে, তেওঁৰ বাহন কি জানা? মানে কিহৰ ওপৰত বহিছে?

: ওখ টেবুল এখন দিছে নেকি ছাৰহতে।

: অশেষ ধন্যবাদ জনাইছোঁ।


আমাৰ চেনেল বাইদেউৰ কঁপাল কোচ খাই আহিছে। কেমেৰা পাৰছন দাদাও অলপ কনফিদেণ্ট দেখাইছে এইবাৰ। তেওঁৰ মনত ভাৱ


: ছেঃ, এওঁলোকৰ মাজলৈ আহিবলৈকে আমাৰ বাইদেৱে পুৱাই ইমান খদমদমখন লগাইছিল নে!


বাইদেউ এইবাৰ জুমটোৰ পৰা ফালৰি কাটি আন এঠাইলৈ আগবাঢ়ি গৈছে। ইয়াত আন কেইজনীমান ইতিমধ্যে কেমেৰাৰ সম্মুখীন হ'বলৈ সাজু।


: তোমালোক কোন ক্লাছৰ?

: আমি পি জি থাৰ্ড চেমৰ।

: বাঃ বঢ়িয়া। তোমালোকে মোৰ মনৰ খোকোজাবোৰ দূৰ কৰিবা নিশ্চয়। আচ্ছা আমাৰ কেমেৰা পাৰছন দাদালৈ চাই কোৱাচোন, সৰস্বতীৰ বাহন কি?

: বাহন....অ সেইটো মই জানিছিলোঁ। মানে কিতাপত পঢ়ি আহিছিলো কালিয়ে, আপোনালোক আহিব বুলি ভাবিছিলোৱেই মই।

: অ, হয়নেকি?

: কোৱাচোন।

: দাদা, কেমেৰাটো ধৰক, এওঁলোকে পাৰিব।

: মানে...কি আছিলে জানো......পাহৰিলো। অই তমুকী তই জান নেকি ৰে?


কেমেৰা পাৰছন দাদাই কেমেৰা তমুকীলৈ ঘূৰালে।


: বাহন মানে সেই বাহ টাইপৰ কিবা নেকি অ'!

: নহয়, বাহন মানে য'ত বহি আহে। - আমাৰ বাইদেৱে ধৈৰ্য সহকাৰে উত্তৰ দিলে।

: অ'...কিবা সেইটো! কালি এনেই টাটা হাথী এখনত উঠাই আনিছে মূৰ্তিটো।

: ঠিক আছে বাৰু। কোনোবাই ক'ব পাৰিবানে বাকী সকলোকে কৈছোঁ?

: বাইদেউ, বগা ফেঁচা হ'ব পাৰে। মই শুনিছিলো, পাহৰিলোঁ।

: ধন্যবাদ। পিছে ফেঁচা নহয়, সেইটো এটা ......এ থাকক দিয়া তোমালোকে চিনি নাপাবও পাৰা।

: বাৰু কোৱাচোন, সৰস্বতীৰ আন এটা নাম কি?

: এনেই লক্ষীয়েই আৰু....

: ঠিক আছে।

: কোনোবাই ক'ব পাৰিবানে তেওঁৰ হাতত সেইটো কি লৈ আছে?

: হাৰমনিয়াম হ'ব পাৰে, ভালদৰে নাজানো বাইদেউ।

: কোনো কথা নাই।

: তুমি জানা নেকি হাতত কি লৈছে? মূৰ্তিটো চাইছানে?

: চাইছো, সেইটো এটা সৰু গীটাৰ।

: ধন্যবাদ, তুমি বহু ওচৰৰ পৰা চাইছা।

: বৰ ভাল লাগিল দেই তোমালোকৰ সৈতে সময়কণ কটাই। নিশ্চয় আগলৈ লগ হ'ম। ভালদৰে পঢ়া-শুনা কৰা, তোমালোক দেশৰ ভৱিষ্যত।

: বাইদেউ প্ৰগ্ৰামটো কেতিয়া দেখিম টিভিত?

: দেখিবলৈ পাবা, সোনকালেই দিম দেই। এতিয়া পূজা এনজয় কৰা, নহয় জানো। আজিলৈ আহিছোঁ।


আমাৰ বাইদেউ এইবাৰ চেনেলৰ ভেনখনৰ ফালে আগুৱাই গ'ল। পিছৰ পৰা কেমেৰা পাৰছন দাদাই মাত লগালে-


: শিক্ষকৰ কমন ৰুমৰ ফালে এবাৰ নাযাই জানো?

: এহ্ থাকক। টেবলেট আছে নেকি গাড়ীত? ডিছপ্ৰিণ?


*****


(চেনেল এটাত প্ৰচাৰিত ভিডিঅ' এটাৰ আলমত লিখা!)

Comments

Popular posts from this blog

য়ে দিল্লী হে মেৰে য়াৰ

শিশু গল্প:

নেপচুনলৈ