বান্ধোন

 ২০১২ চনত মুক্তিপ্ৰাপ্ত ছৱিখনত বিষ্ণু খাৰঘৰিয়া আৰু বীনা পাটঙ্গিয়াই মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। জাহ্নু বৰুৱাদেৱে পৰিচালনা কৰা ছৱিখন অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) কৰ্পোৰেচন লিমিটেডৰ দ্বাৰা প্ৰযোজিত। ছবিখন প্ৰথমতে ২৬ অক্টোবৰ ২০১২ তাৰিখে অসমত আৰু পিছলৈ ৫ জুলাই ২০১৩ তাৰিখে সমগ্ৰ ভাৰতৰ কেইটিমান নিৰ্বাচিত পিভিআৰ থিয়েটাৰত মুক্তি লাভ কৰে।


এযোৰ বৃদ্ধ দম্পতীয়ে, ২৬/১১/২০০৮ ৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত তেওঁলোকৰ সন্ধানহীন নাতিক বিছাৰি মুম্বাইত উপস্থিত হোৱাৰ পিছত তেওঁলোকৰ জীৱন সংগ্ৰামৰ ওপৰত নিৰ্মিত এই ছবিখন। ছবিখনে ৬০ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ফিচাৰ ফিল্ম বঁটা লাভ কৰে আৰু ২০১২ চনৰ বেংগালুৰু আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত ভাৰতীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটালাভ কৰে।


বেছিভাগ গুৱাহাটীত ছুটিং কৰা ছৱিখনৰ ক্লাইমেক্স মুম্বাইলৈ স্থানান্তৰিত হয়। ছৱিখনত মূলতঃ এহাল ৭৩ বছৰীয়া দম্পতীৰ কাহিনী  দেখুওৱা হৈছে - 


দণ্ডেশ্বৰ (বিষ্ণু খাৰঘৰিয়া) আৰু হকাৱনি (বীনা পাটঙ্গিয়া), গুৱাহাটীৰ দাঁতি-কাষৰীয়া অঞ্চল এটাত বাস কৰে। সৰু সৰু কথাতে অনবৰতে খুটুং খাটাং লাগি থকা বুঢ়া বুঢ়ীয়ে আনকি বিবাহ বিচ্ছেদৰ কথাও চিন্তা কৰে। তেওঁলোকে এজন এক্স-ভাড়াটিয়া, এতিয়াৰ পাৰিবাৰিক বন্ধু, এজন সফল স্থানীয় অধিবক্তা যতীন (যতীন বৰা) ৰ ওচৰত বিবাহ বিচ্ছেদৰ আবেদন দাখিল কৰিবলৈ যায়। যতীনে জানে যে এইটো এটা নিত্য নৈমিত্তিক ঘটনা আৰু দম্পতিহাল সোনকালেই আকৌ মিল হ'ব। তেওঁ দুয়োকে ঘৰৰ দুটা শোৱা কোঠাত পৃথকে থাকিবলৈ পৰামৰ্শ দিয়ে। দম্পত্তিহালে কিছু বছৰ আগতে এটা দুৰ্ঘটনাত তেওঁলোকৰ একমাত্ৰ ল'ৰা আৰু বোৱাৰীয়েকক হেৰুৱাইছিল আৰু এতিয়া তেওঁলোকৰ নাতি 'পোনা'ই হৈছে একমাত্ৰ আত্মীয়। তেওঁ বৰ্তমান আই আই টি বোম্বাইত অধ্যয়ন কৰি আছে। 


সেইদিনা ৰাতি পোনাৰ সৈতে ফোনত কথা পাতি থকা অৱস্থাত ফোনৰ সংযোগ বিচ্ছিন্ন হয়। বাৰে বাৰে নাতিয়েকৰ সৈতে কথা হ'ব খুজিও তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ বিফল হয়। ঘটনাটো ঘটিছিল  ২৬/১১ / ২০০৮ ত মুম্বাইত হোৱা সেই ভয়াবহ সন্ত্ৰাসবাদী আক্ৰমণৰ নিশা। 


যতীনৰ পৰা সমষ্ট ঘটনাৰ বুজ লৈ দম্পত্তিহালে তেওঁলোকৰ সন্ধানহীন নাতিৰ সন্ধানত মুম্বাইলৈ আহে। আৰু তাৰ পিছৰখিনি জানিবলৈ আপুনি ছৱিখন চাব লাগিব।

Comments

Popular posts from this blog

য়ে দিল্লী হে মেৰে য়াৰ

শিশু গল্প:

নেপচুনলৈ