জব_উই_মেট

 এটা তেনেই সাধাৰণ যেন লগা প্ৰেম কাহিনী। আমি সাধাৰণতে প্ৰায় সকলো ছৱিতেই এনেকুৱা ঘটনা দেখিবলৈ পাওঁ। কিন্তু এইখন যেন কিবা অলপ বেলেগ। কি বেলেগ হয়তো মই বুজাব নোৱাৰিম, ছৱিখন চোৱাসকলে নিশ্চয় জানিব।


হয়তো কাহিনীৰ ট্ৰিটমেণ্ট বা পৰিচালকৰ দক্ষতাই এইখনক আন যিকোনো লাভষ্টৰি মূলক ছৱিৰপৰা পৃথক কৰিছে। তাৰোপৰি অভিনেতা সকলৰ অনবদ্য অভিনয় আৰু প্ৰীতম চক্ৰবৰ্তীৰ মন পৰশা সংগীতৰ সংযোজন ছৱিখনৰ সফলতাৰ অন্যতম কাৰণ।


ছৱিখন এতিয়ালৈকে প্ৰায় এশবাৰতকৈ বেছি সম্পূৰ্ণকৈ চাইছো আৰু আজিও আমনি নাপাওঁ। তাৰোপৰি টিভিটো অন কৰিলে যদি কোনোবাটো চেনেলত চলি থাকে তেন্তে আকৌ চাবলৈ বহাটো আছেই। 

কাহিনীটো থুলমূলকৈ এনেকুৱা: -


এটা ধনী উদ্যোগপতি পৰিয়ালৰ উত্তৰাধিকাৰী আদিত্য কাশ্যপ। 


খং, দুখেৰে জৰ্জৰিত, হতাশাগ্ৰস্ত অৱস্থাত আত্মহত্যা কৰিম বুলি নিজৰ কোম্পানীৰ এখন গুৰুত্বপূৰ্ণ সভাৰ পৰা ওলাই গৈ লক্ষ্যহীনভাৱে ঘূৰি ফুৰে। হঠাতে তেওঁ এখন ৰেলত উঠি দিয়ে য'ত এগৰাকী অত্যাধিক ফুৰ্তিবাজ আৰু বাকপটু যুৱতী গীত ধিলনক লগ পায়। 


গীতৰ কথা বাৰ্তাত আদিত্য বিৰক্ত হৈ পৰৱৰ্তী ষ্টেচনত ৰেলখনৰ পৰা নামি যায়। ইফালে গীতে ভাৱে যে আদিত্যই ৰেলখন যাবলৈ ওলোৱা কথাটো গম পোৱা নাই। তাই আদিত্যক ওভটাই অনাৰ উদ্দেশ্যে ৰেলৰপৰা নামি তাৰ পিছ লয়। কিন্তু ৰেলখন গুছি যায় আৰু দুয়ো ষ্টেচনটোত অকলশৰীয়া হৈ ৰয়। 


তেওঁলোকে এখন টেক্সিৰে পৰৱৰ্তী ষ্টেচন ৰটলামলৈ ৰেলখনৰ পিছে পিছে খেদি যায়। কিন্তু গীতে ষ্টেচনৰ দোকান এখনৰ মালিকৰ সৈতে তৰ্ক কৰিবলৈ ৰোৱাৰ বাবে আকৌ এবাৰ তাই ৰেলখন হেৰুৱাই।


গীতে ষ্টেচন মাষ্টাৰজনক পৰিস্থিতিৰ বিষয়ে জনাই তাইৰ চিটত থকা সামগ্ৰীখিনি পৰবৰ্তী ষ্টেচনত সংগ্ৰহৰ প্ৰয়োজনীয় ব্যৱস্থা কৰিবলৈ কয় আৰু ৰাতিপুৱালৈ ষ্টেচনৰ ভিতৰতে কেনেকৈ কটোৱা যাব তাৰেই উপাই বিছাৰি থাকে। ৰাতি তেনেদৰে নিৰ্জন ষ্টেচনটোৰ ভিতৰত অকলশৰীয়া অৱস্থাত দেখি কেইজনমান ব্যক্তিয়ে তাইক হাৰাশাস্তি কৰে। তেওঁলোকৰ সৈতে তৰ্ক বিতৰ্কত লিপ্ত হৈ ষ্টেচনৰ পৰা ওলাই আহি ৰাস্তাৰ কাষতে ঠিয় হওতে আন কেইজনমানে তাইক পতিতা বুলি ভাৱি অনুসৰণ কৰে। 


সৌভাগ্যক্ৰমে ৰাস্তাৰ আন এটা মূৰেদি আদিত্য খোজ কাঢ়ি গৈ আছিল। গীতে তাক দেখা পাই পিছে পিছে দৌৰি গৈ জোৰেৰে সাৱটি ধৰে। তাইক তেনেদৰে আন এজন পুৰুষৰ সৈতে দেখি, অনুসৰণ কৰা মানুহবোৰ আঁতৰি যায়। 

গীতে এই পৰিস্থিতিত পেলোৱাৰ বাবে আদিত্যকেই দোষাৰোপ কৰি ভাটিণ্ডাত থকা তাইৰ ঘৰলৈ ঘূৰাই নিয়াৰ বাবে জোৰ দিয়ে। আদিত্যৰো কোনো গন্তব্য স্থান নাছিল আৰু গীতৰ অৱস্থাটোৰ বাবে নিজকে আংশিকভাৱে দায়বদ্ধ অনুভৱ কৰিছিল। সি ভাটিণ্ডা যাবলৈ সন্মত হয়। তাৰ পিছত দুয়োজনে ৰাতিটোৰ বাবে ওচৰৰ হোটেল এখনত এটা কোঠা বুক কৰে।


লাহে লাহে আদিত্যই তাইৰ সৈতে এটা দুটা কথা পাতিবলৈ লয় আৰু নিজৰ শান্ত সংৰক্ষিত স্বভাৱটো বাদ দি যঠেষ্ট সহজ হৈ পৰে। গীতে কয় যে তাই প্ৰেমিক অংশুমানৰ সৈতে পলাই যোৱাৰ পৰিকল্পনা কৰিছে, যাৰ বিষয়ে তাইৰ পৰিয়াল অজ্ঞাত। আদিত্যই প্ৰশ্ন কৰে যে পলাই যোৱাটোৱেই একমাত্ৰ উপায় নেকি! 


উত্তৰত তাই তাক কয় যে ভাটিণ্ডাত থকা তাইৰ পৰিয়ালে তেওঁলোকৰ ধৰ্মীয় পাৰ্থক্যৰ বাবে অংশুমানক গ্ৰহণ নকৰিব। সেয়েহে তাই পৰিয়ালৰ সকলোকে এবাৰ লগ কৰিবলৈ ঘৰলৈ গৈ আছে আৰু তাৰপৰাই মানালীত থকা তাইৰ প্ৰেমিক অংশুমানৰ লগত পলাই যাবগৈ।


পিছদিনা ৰাতিপুৱা দুয়ো গীতৰ ঘৰলৈ, মানে ভাটিণ্ডালৈ যাত্ৰা আৰম্ভ কৰে। যাত্ৰাপথত লাহে লাহে দুয়ো ঘনিষ্ঠ হৈ পৰে। আদিত্যই কয় তেওঁ এজন প্ৰয়াত ধনী উদ্যোগপতিৰ পুত্ৰ আৰু দেউতাকৰ কোম্পানীৰ উত্তৰাধিকাৰী। তেতিয়াহে গীতে উপলব্ধি কৰে যে তাই প্ৰকৃততে এজন বিখ্যাত ব্যক্তিৰ লগত আছে আৰু আদিত্য কাশ্যপ নামটো তাই আগতেও শুনিছে। 


আদিত্যই দেউতাকৰ মৃত্যুৰ পিছত তেওঁৰ কোম্পানীত উদ্ভৱ হোৱা আৰ্থিক সমস্যাৰ বিষয়ে কয়। নিজৰ হতাশাৰ কাৰণ হিচাপে প্ৰেমিকাই আন কাৰোবালৈ বিয়াত সোমাৱা আৰু নিজ মাতৃয়ে বিবাহ বহিৰ্ভূত সম্পৰ্কৰ সৈতে পলায়ন কৰা আদি সকলো কথা এফালৰপৰা গীতৰ আগত কৈ যায়। অংশুমানৰ সৈতে পলাই যোৱাটো যে ঠিক নহ'ব, সেইটোও তাইক বুজাবলৈ চেষ্টা কৰে। কিন্তু গীত নিজৰ সিদ্ধান্তত অটল, তাই পলাবই।


ভাটিণ্ডাত গীতৰ পৰিয়ালে, তাইক সম্পূৰ্ণ সুৰক্ষিত ভাৱে ঘৰলৈ ঘূৰাই অনাৰ কৃতজ্ঞতা স্বৰূপে আদিত্যক এসপ্তাহৰ বাবে তেওঁলোকৰ সৈতে থাকিবলৈ কয়। তেওঁলোকে গীতৰ ককাকক লগ পায়, তেওঁ সন্দেহ কৰে যে দুয়োৰে মাজত কিবা এটা সম্পৰ্ক আছে, যিটো দুয়োজনে অস্বীকাৰ কৰে। ককাকে এইটোও কয় যে তেওঁৰ বয়সত, এহাল ল'ৰা- ছোৱালীৰ মাজত কি চলি আছে সেয়া মুখলৈ চালেই অনায়াসে জানিব পাৰে। তেওঁ আদিত্যৰ সলাগ লয় আৰু গীতক সুৰক্ষিতভাৱে ঘৰলৈ ঘূৰাই অনাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।


গীতৰ পৰিয়ালে তাইক শৈশৱৰ পাৰিবাৰিক বন্ধু মনজিৎৰ সৈতে বিবাহপাশত আবদ্ধ হ'বলৈ কয়। ইফালে গীতে আদিত্যক নিজৰ প্ৰেমিকৰ ৰূপত দেখুৱাই যাতে মনজিৎতৰ লগত তাইৰ বিয়াখন ভাঙে। 


পূৰ্বৰ পৰিকল্পনা মতে সেই নিশা গীত ঘৰৰ পৰা পলাবলৈ ওলায়। তাই আদিত্যৰ পৰা বিদায় ল'বলৈ তেওঁৰ কোঠাত সোমায়। আদিত্যই তাইক নিৰুৎসাহিত কৰিবলৈ চেষ্টা কৰে, কয় যে পলাই গলে তাই বিপদতহে পৰিব। পৰিয়ালটোৱে আদিত্যকেই সন্দেহ কৰিব।


গীত পিছে নিজৰ সিদ্ধান্তত অলৰ অচৰ। তাই পলাবই আৰু এই কামটোত আদিত্যই সহায় কৰিব লাগিব। আদিত্যই প্ৰথমতে অসন্মত হৈছিল যদিও পিছলৈ তাইৰ কথা মানি লয় কিয়নো যিকোনো পৰিস্থিতিতে পৰিয়ালটোৱে তাক এনেইও সন্দেহ কৰিব। 


ৰাতি দুয়ো পলাবলৈ লওতে গীতৰ সম্পৰ্কীয় ভনীয়েক ৰূপে তেওঁলোকক দেখা পাই ঘৰৰ সকলোকে কৈ দিয়ে। আদিত্য আৰু গীতে পৰিস্থিতি শান্ত হোৱালৈ ঘৰৰ চাদত লুকাই থাকে আৰু চেগ বুজি মানালীলৈ পলাই যায়। 


দুয়ো মানালীত উপস্থিত হয়, য'ত গীতে অংশুমানক লগ কৰাৰ কথা। অংশুমানৰ ওচৰলৈ যাবলৈ তাই আদিত্যকো লগ ধৰে কিন্তু আদিত্য বিদায় লৈ আতঁৰি আহে। গীতৰ প্ৰতি লাহে লাহে তাৰ মনত কিবা এটা অনুভৱে শিপাবলৈ লৈছিল আৰু অংশুমানৰ লগত তাইক হয়তো একেলগে চাব নোৱাৰিলেহেতেন।


আদিত্য মুম্বাইত নিজৰ ঘৰলৈ ঘূৰি আহে। এতিয়া তেওঁ এজন সম্পূৰ্ণ  পৰিৱৰ্তিত ব্যক্তি। ন মাহৰ পিছত তেওঁ দেউতাকৰ অফিচলৈ আহে আৰু মৃতপায় উদ্যোগটো পুনৰুদ্ধাৰ কৰাৰ প্ৰয়াস কৰে। গীতৰ সৈতে অতিবাহিত কৰা সময়বোৰ সোঁৱৰি কোম্পানীৰ দুৰ্বল অৱস্থাটোক সফলতাৰে পুনৰুজ্জীৱিত কৰি তোলে। জীৱনৰ প্ৰতি এক নতুন আশা দেখা যায় আদিত্যৰ মাজত। তেওঁ চাৰিওফালে গীতৰ উপস্থিতি অনুভৱ কৰে। 


আদিত্যই মাকৰ সৈতেও মিলামিছা কৰে আৰু দেউতাকৰ কোম্পানীত পুনৰ যোগদান কৰিবলৈ তেওঁক আমন্ত্ৰণ জনায়। দেউতাকৰ মৃত্যুৰ পিছত মাকে যদি আন কাৰোবাৰ লগত সুখি হ'বলৈ চেষ্টা কৰিছে সেইটোত বেয়া পাবলগীয়া একো নাই বুলি বিশ্বাস কৰিবলৈ লয়। তাৰ মনলৈ এই পৰিবৰ্তন আহিছিল গীতৰ সান্নিধ্যত থকা সময়বোৰ সোঁৱৰি।


আদিত্যই গীতৰ নামেৰে তাৰ কোম্পানীৰ বাবে এটা নতুন সামগ্ৰী মুকলি কৰে, এটা দূৰণীবতিয়া ফোন কৰিব পৰা কলিং কাৰ্ড আৰু এই অনুষ্ঠানটো টিভিত দেখুওৱা হয়। সিফালে ভাটিণ্ডাত গীতৰ পৰিয়ালে অনুষ্ঠানটো টিভিত দেখি গীত আদিত্যৰ লগতে থকা বুলি নিশ্চিত হয়।


গীতৰ দেউতাক আৰু খুড়াকে আদিত্যৰ অফিচলৈ আহি তাইক লগ কৰিবলৈ ইচ্ছা কৰে। তেওঁলোকৰ পৰা আদিত্যই জানিবলৈ পাই যে যোৱা ন মাহৰ পৰা তাই পৰিয়ালৰ সৈতে কোনো যোগাযোগ ৰখা নাই।

আদিত্য আচৰিত হয়। পৰিকল্পনা অনুসৰি গীতে অংশুমানক লৈ ভাটিণ্ডালৈ ঘূৰি যোৱাৰ কথা, নিজৰ বিয়াৰ বিষয়ে সকলোকে অৱগত কৰাৰ কথা। কিন্তু তাই কিয় তেনেকুৱা নকৰিলে!


গীতৰ দেউতাক আৰু খুড়াকক যঠেষ্ট চিন্তান্বিত দেখি আদিত্যইও মিছাকৈয়ে কৈ দিয়ে যে গীত সম্পূৰ্ণ সুস্থ আৰু তেওঁৰ লগতেই আছে আৰু অহা দহ দিনৰ ভিতৰত তাইক ঘৰলৈ ঘূৰাই অনাৰ প্ৰতিশ্ৰুতিও দিয়ে।


আদিত্যই গীত আৰু অংশুমানক বিছাৰি মানালীলৈ আহে, কিন্তু গম পাই যে অংশুমানে গীতক সেইদিনা অহাৰ লগে লগে প্ৰত্যাখ্যান কৰিছিল। অংশুমানে কেতিয়াও তাইক বিয়া কৰাবলৈ প্ৰস্তুত নাছিল। আনকি সিহঁতে একেলগে কটোৱা সময়ত তাইক বিয়া কৰাৰ কথা কেতিয়াও উল্লেখ কৰাও নাছিল। তেওঁ বুজাবলৈ চেষ্টা কৰে যে গীতৰ স্বভাবটোৱেই শিশুসুলভ। তাই অনবৰতে বিয়াৰ বিষয়ে কল্পনা কৰে। ঘৰৰ পৰ্দাৰ ৰং কি হ'ব, বেৰত কি ওলোমাই থব, এইবোৰ কল্পনাতে উৰি ফুৰে।


অংশুমানৰ উত্তৰত আদিত্যৰ ঘৃণা ওপজে। যিগৰাকী ছোৱালীয়ে গোটেই পৃথিৱীখন এৰি তাৰ ওচৰলৈকে আহিছিল, তাইক এইজন ল'ৰাই কেনেদৰে প্ৰত্যাক্ষান কৰিব পাৰে। আদিত্যই তেওঁক কয় যে গীত যোৱা ন মাহ ঘৰলৈ উভতি যোৱা নাই, তাই ক'ত আছে কি কৰিছে কোনেও নাজানে। অংশুমানে তাইক তাৎক্ষণিকভাৱে প্ৰত্যাখ্যান কৰাৰ বাবেই আজি তাই হেৰাই গ'ল বা হয়তো কিবা বিপদত পৰিছে।


মানালী এৰি গৈ আদিত্যই গীতক চিমলাত বিচাৰি পায়। তাতে তাই পূৰ্বতে পঢ়া বিদ্যালয় এখনত শিক্ষক হিচাপে কৰ্মৰত। আদিত্যই দেখিবলৈ পাই কেনেদৰে নিজৰ হুলস্থুলীয়া স্বভাৱৰ পৰা সম্পূৰ্ণ বিপৰীতে এক নিস্তেজ, শান্ত, বিৰক্ত জীৱন যাপন কৰিছে তাই। 


গীতৰ প্ৰাক্তন শিক্ষয়ত্ৰী এগৰাকীয়ে মানালীলৈ আহোঁতে কথাবোৰ কথা গম পাই তাইক চিমলালৈ লৈ আহিছিল। তেতিয়াৰ পৰা গীত তাতেই আছে। মাজে মাজে অংশুমানলৈ ফোন কৰে আৰু তাৰ কটূবাক্য শুনি আকৌ ভাগি পৰে।

আদিত্যই তাইৰ আচৰণৰ পৰিৱৰ্তন লক্ষ্য কৰে। সি গীতৰ মাজত নিজৰেই প্ৰতিচ্ছবি দেখিবলৈ পাই, ঠিক তাইক ৰেলত লগ পোৱাৰ আগতে নিজেই যেনেকুৱা আছিল; জীৱনৰ প্ৰতি হতাশাগ্ৰস্ত, দূখেৰে জৰ্জৰিত।

আদিত্যই তাইক এখন হোটেললৈ লৈ আহে আৰু অংশুমানক ফোন কৰিবলৈ কয়। ফোনত অংশুমানক এসোপামান গালি দি তাই মনৰ সকলো ক্ষোভ উজাৰে। মনটো অলপ পাতল হয় আৰু আদিত্যৰ সৈতে কিছু সহজ হ'বলৈ চেষ্টা কৰে। 


পিছদিনা, অংশুমানে নিজকে অপৰাধী অনুভৱ কৰি গীতৰ সৈতে মীমাংসা কৰিবলৈ আহে। গীত দোধোৰ মোধোৰ অৱস্থাত পৰে। তাই নিজকে প্ৰশ্ন কৰে - অংশুমানৰ ওচৰলৈ ঘূৰি যোৱাটো উচিতনে? 


উত্তৰ বিচাৰি তাই আদিত্যৰ ওচৰলৈকো যায়। আদিত্যই তাইক অংশুমানক ক্ষমা কৰি জীৱনটো নতুনকৈ আৰম্ভ কৰিবলৈ উৎসাহিত কৰে। 


কথা দিয়া মতে দুয়োকে লৈ আদিত্য ভাটিণ্ডা ওলাইগৈ। কিন্তু তেওঁলোকক আচৰিত কৰি, গীতৰ পৰিয়ালে তাইৰ বাবে এক বিশাল আদৰণি অনুষ্ঠানৰ প্ৰস্তুতি কৰে। তেওঁলোকৰ ধাৰণা যে তাই আদিত্যৰ সৈতে পলাই গৈছিল আৰু আদিত্যৰ লগতেই যোৱা নটা মাহ একেলগে কটাইছে। সকলোৱে আদিত্যক জোৱাইৰ দৰে ব্যৱহাৰ কৰে। তেওঁলোকে দুয়োৰে আনুষ্ঠানিক বিবাহৰ ইচ্ছাও প্ৰকাশ কৰে আৰু আদিত্যৰ মাককো নিমন্ত্ৰণ জনাবলৈ কয়।

গীতে বাৰে বাৰে তাইৰ পৰিয়ালক সকলোবোৰ কথা খুলি ক'ব খোজে যদিও অশান্ত মনটোত কিবা এটা অজান অনুভৱে তাইক বাৰে বাৰে বাধা দিয়ে। সুযোগ পাইও তাই অংশুমানৰ কথা পৰিয়ালৰ আগত ক'ব নোৱাৰে।

আদিত্যৰ ওচৰত তাই মনৰ উদ্বেগৰ বিষয়ে জনায়। সি সান্ত্বনা দিয়ে যে সকলো ঠিক হৈ যাব আৰু ৰাতিপুৱাই তাইক অংশুমানৰ সৈতে লগ কৰোৱাই দিব যাতে পৰৱৰ্তী সময়ত কি কৰিব লাগে সিহঁত দুয়ো মিলি আলোচনা কৰিব পাৰে।


পিছদিনা, আদিত্যই তাইক অংশুমানৰ সৈতে কথা পাতিবলৈ গোপনে এঠাইত লগ কৰাই দিয়ে আৰু নিজেও সোনকালে তাইৰ পৰিয়ালৰ পৰা বিদাই লোৱাৰ কথা কয়। অংশুমানে তাইক আশ্বাস দিয়ে যে দুয়ো মিলি পৰিয়ালৰ আগত সকলো খুলি ক'ব আৰু প্ৰকৃততে আদিত্যৰ লগত নহয় অংশুমানৰ বাবেহে যে তাই ঘৰ এৰি গৈছিল সেয়াও ক'ব। 


অংশুমানৰ কথাবোৰ তাইৰ ভাল নালাগে, বাৰে বাৰে উপলব্ধি হয় যেন তাই আকৌ এখন চলন্ত ৰেলগাড়ী মিচ কৰিবলৈ ওলাইছে। সেই ৰেলখন আন কোনো নহয়, আদিত্য। গীতে উপলব্ধি কৰে তাই নজনাকৈয়ে আদিত্যৰ প্ৰেমত পৰিছে আৰু গোটেই জীৱন তাৰ লগতেই কটাব, অংশুমানৰ লগত হয়তো সেয়া ভালপোৱা নাছিল।


অংশুমানক পথাৰৰ মাজত এৰি গীত আদিত্যৰ ওচৰলৈ দৌৰি গুছি আহে। পিছফালৰ পৰা গীতে সাৱটি ধৰাত আদিত্যইও মনৰ মাজত সুমুৱাই ৰখা অনুভৱবোৰ আৰু বেছি দেৰিলৈ দমাই ৰাখিব নোৱাৰে। 

গীতৰ পিছে পিছে দৌৰি অহা অংশুমানে দুয়োকে আৱেগিক ভাৱে চুম্বনৰত অৱস্থাত দেখি বিভ্ৰান্ত আৰু আঘাতপ্ৰাপ্ত হৈ আতঁৰি যায়।


তাৰপিছত পৰিয়ালে পৰিকল্পনা কৰা মতেই দুয়োৰে বিবাহ ধুমধামেৰে সম্পন্ন হয়।


চলচ্চিত্ৰখনৰ শেষত গীতৰ ককাদেউতাকে গীতৰ দুজনী ছোৱালীক কয় যে সিহঁতৰ মাক দেউতাক বৰ 'দুষ্ট' আছিল আৰু সিহঁতৰ মাজৰ সম্পৰ্কৰ বিষয়ে তেওঁ আগতেই অনুমান কৰিব পাৰিছিল। তেওঁৰ মতে সেই বয়সত, এজন ল'ৰা আৰু এগৰাকী ছোৱালীৰ মাজত কি চলি আছে প্ৰথম দৃষ্টিটেই জানিব পাৰে। গীত আৰু আদিত্যই ককাদেউতাৰ সৈতে সন্মত হৈ মূৰ দুপিয়াই আৰু তেনেদৰে ছবিখন শেষ হয়।


শেষলৈ মিকা সিঙৰ কণ্ঠত এটা অসমীয়া মিহলি ভাংৰা গীত বাজি উঠে আৰু ছৱিখনৰ নায়ক নায়িকাই নৃত্য কৰিবলৈ ধৰে। 


'তাতে বহি বহি ৰ'দ দে'

তাতে বহি বহি ৰ'দ......'

জগ চাৰা জগ চাৰা

নিখৰ গয়া

হুড় 

প্যাৰ কা ৱাদে ৱিচ্ছ বিখৰ গয়া

হুড়

.......

.......!


ছৱিখনৰ তিনিটা মূখ্য চৰিত্ৰত অভিনয় কৰে

গীত : কৰিণা কাপুৰ।

আদিত্য: শ্বাহীদ কাপুৰ।

অংশুমান: তৰুণ আৰোৰা।

পৰিচালক: ইমতিয়াজ আলি।

সংগীত পৰিচালক: প্ৰীতম চক্ৰৱৰ্তী।


ছৱিখন বহুতেই চাইছে নিশ্চয়। নোচোৱা সকলে চাই কেনে পাইছিল জনাবচোন।


****

Comments

Popular posts from this blog

য়ে দিল্লী হে মেৰে য়াৰ

শিশু গল্প:

নেপচুনলৈ