অমানুষ

আকাশত ঘন ক’লা মেঘ৷ চৌপাশে ধূলি, ধোঁৱা আৰু বাৰুদৰ গোন্ধ। ঘৰবোৰ দপদপাই জ্বলি উঠিছে। জীয়াই জীয়াই জ্বলি গৈছে বহুতো, আন অলেখ লোক পৰি ৰৈছে অলিয়ে গলিয়ে। ৰাস্তাই ঘাটে য’তে ত’তে হাজাৰ হাজাৰ মৰাশ। মানুহৰ আধাপোৰা দেহবোৰৰ পৰা গোন্ধ ওলাই চাৰিওফালে এটা বিকৃত পৰিবেশৰ সৃষ্টি কৰিছে।

জুইৰ মাজৰ পৰা কিছুমানে আধাপোৰা শৰীৰটো লৈ কেঁকাই সেঁহাই উঠি আহিছে৷ অৰ্ধগলিত শৰীৰটোত জীৱনটো যেন এতিয়াও বাকী। প্ৰচণ্ড শক্তিৰে একোটা ঘৰৰ মূধচলৈ অনায়াসে উঠি গৈছে সিঁহত৷ ঘৰবোৰ ভাঙি লণ্ডভণ্ড কৰিছে। লক্ষ্য খাদ্যবস্তু ৷ খাদ্যৰ সন্ধানত সকলো এফালৰপৰা তহিলং কৰি গৈছে। সম্মুখত যিয়েই আহিছে কোনো সাৰিব পৰা নাই।

চৰকাৰে এই অৰ্ধমৃতবোৰক নাম দিছে —— অমানুষ!

প্ৰশাসনৰ ফালৰপৰা প্ৰতিদিনে অমানুষবোৰক নিৰ্মূল কৰিবলৈ বিভিন্ন চেষ্টা চলাই আছে। চহৰৰ পিছত চহৰ হেলিকপ্টাৰেৰে জ্বলাই দিয়া হৈছে। এই জুইৰ পৰা ভাল বেয়া কোনো সাৰি যোৱা নাই। তাৰ মাজতে কোনোবাটো পৰিয়াল ৰৈ গৈছে মাটিৰ তললৈ গাত খান্দি লোৱা বাংকাৰবোৰত।

ভোকাতুৰ অমানুষবোৰে খাদ্য বিছাৰি আক্ৰমণ কৰিছে বিভিন্ন এলেকাত। প্ৰসাৰিত হ’বলৈ ধৰিছে সিহঁতৰ সংখ্যা আৰু শকতি। লাহে লাহে বৃদ্ধি হোৱা খোৱা বস্তুৰ নাটনিৰ সমস্যাটোৰ বাবে ৰাস্তাৰ কাষৰ মৰাশবোৰক লক্ষ্য কৰি লৈছে সিহঁতে। পাশৱিক আনন্দত সকলো মতলীয়া। ক’ৰবাত মাতৃয়ে পুত্ৰৰ মাংস ভক্ষণ কৰিছে আৰু ক’ৰবাত পুত্ৰই মাতৃৰ।

খাদ্যৰ সন্ধানত সিহঁতে জুম বান্ধি ফুৰিছে। অত্যাধুনিক হেলিকপ্টাবোৰে প্ৰতি মুহূৰ্ত্ততে নিৰীক্ষণ কৰিছে এলেকাবোৰ। কিবা অলপ হুলস্থুলীয়া পৰিবেশ দেখিলেই আকাশৰ মাজত বৃহৎ বন্দুকবোৰ গৰজি উঠিছে আৰু তলত জ্বলি ছাৰখাৰ হৈ গৈছে তেনে একোটা জুম।

আঠমহলীয়া অট্টালিকাটোৰ একেবাৰে ওপৰৰ মহলাত মানৱৰ পৰিয়ালটো৷ একমাত্ৰ সন্তানটি আৰু পৰিবাৰৰ সৈতে মৃত্যুভয়ত এটা কোঠাত সন্তপৰ্ণে থিতাপি লৈছে৷ মানৱৰ পত্নী আৰু সন্তানে আগতেই লৈছিল বেমাৰটোৰ প্ৰতিষেধক। মাক আৰু তাৰহে লোৱা নহ’ল। চৰকাৰে দিবলৈ ওলোৱা প্ৰতিষেধক ল’বলৈ গৈ মাক ঘূৰি নাহিল। সেইদিনা তেওঁক অকলে ওলাই যাবলৈ দি মানৱ আজিও অনুতপ্ত। আজি বেছ কিছু দিন হ’ল, মাক উভতি অহাৰ কোনো আশাই দেখা নাই।

: আইতা ক’লৈ গ’ল দেউতা?

পুতেকৰ প্ৰশ্নৰ উত্তৰত তাক বুকুৰ মাজলৈ সাৱটি চকুপানী টোকাৰ বাহিৰে মানৱৰ হাতত কোনো উত্তৰ নাছিল।

প্ৰতিষেধক দি থকা চেণ্টাৰ এটাত ঘটে প্ৰথম অঘটনটো। কোনোবা এজন ৰোগীৰ শৰীৰত ভাইৰাছটোৰ পৰিমাণ ইমান বেছি হৈছিলগৈ যে তেওঁ ৰ’দত ঠিয় হৈ থকা অৱস্থাতে অসুস্থ হৈ পৰে। প্ৰতিষেধক লোৱাই নহ’ল৷ পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ পৰিল যেতিয়া মানুহগৰাকীয়ে সম্মুখত ঠিয় হৈ থকা আন এজনৰ হাতত কামুৰি দিয়ে। ভাইৰাছটোৰ বিষত তেওঁ যঠেষ্ঠ কষ্ট পাই আছিল আৰু চোকা ৰ’দে মগজুৰ চিন্তা কৰিবপৰা ক্ষমতা হ্ৰাস কৰি পেলাইছিল। তাৰ পিছত কামোৰা কামুৰি, মাৰ-পিটখন গৈ এখন যুদ্ধসদৃশ পৰিবেশলৈ ৰূপান্তৰিত হ’ল।

সেই যে আৰম্ভনি, আজিও সাম কটাৰ নামেই নাই। বৰঞ্চ পৰিস্থিতি লাহে লাহে প্ৰসাশনৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গুছি গ’ল।

মানৱহঁতে আশ্ৰয় লোৱা অট্টালিকাটোত আৰু দুটামান পৰিয়াল লুকাই থকা বুলি সিহঁতে অনুমান কৰিছে। কিন্তু কোনটো মহলাত কোন থাকিব পাৰে নাজানে। ঘিটমিটিয়া অন্ধকাৰত বৰ অনিশ্চয়তাৰ মাজেৰে পাৰ হৈছে দিন। ক’ৰবাত কিবা এটা আশাৰ ৰেঙনীৰ অপেক্ষাত বহুতো বিনিদ্ৰ ৰজনী পাৰ কৰিছে তিনিওটাই। ইফালে জমাৰ খাদ্যবস্তুও শেষ হৈ আহিছে।

মোবাইল টাৱাৰবোৰ ধ্বংস, বিদ্যুতৰ পৰিবহনো কাটি দিছে। আকাশৰ মাজত প্ৰসাশনৰ হেলিকপ্টাৰবোৰ ঘূৰি ফুৰিছে যদিও সিহঁতে কাৰোবাক উদ্ধাৰ কৰিছে নে নাই সেয়া এতিয়াও নিশ্চিত নহয়। একোটা বৃহদাকাৰ বন্দুক লৈ সিহঁতক আকাশত দেখিছে মানসীয়ে। সেইবোৰে তললৈ কেৱল জুইৰ বৃষ্টি চতিয়াই আৰু পুৰি পেলাই একোটাকৈ অঞ্চল।

প্ৰসাশনে কঠোৰ হাতেৰে আক্ৰান্ত সকলক দমনৰ চেষ্টা চলাই থকাৰ বিপৰীতে সিহঁতৰ সংখ্যা পিছে দিনক দিনে বৃদ্ধিহে পাইছে।

: ঠক্ ঠক্ ঠক্ ঠক্।

দুৱাৰত অহৰহ কোনোবাই ঢকিয়াই আছিল। ভিতৰত মানৱ আৰু পত্নী মানসী সন্ত্ৰস্ত হ’ল। কণমানিটোক বুকুত সাৱটি মানসীয়ে এখন বেৰৰ আঁৰ ল’লে। হাতত সাৰে ভৰিত সাৰে মানৱ আগুৱাই গ’ল দুৱাৰৰ ওচৰলৈ। চকুৰ ইংগিতেৰে দুয়ো কথা হৈছে। মানসীয়ে কোনো পধ্যে নিবিচাৰে দুৱাৰ খোলাটো।

তাৰ উৎকণ্ঠা বাঢ়ি গৈছে। এই বিশেষ কোঠাটোৰ ভিতৰত কোনোবা আছে বুলি আন কোনেও জানিব নোৱাৰে; অকল মাকেহে জানে ঘৰটোৰ বিষয়ে!

: যদি সঁচাকৈয়ে বাহিৰত সেয়া মা?

: তুমি ভুল কৰিবলৈ ওলাইছা, মানৱ। কণমানিটোৰ জীৱনৰ লগত খেলিবলৈ নিদিও তোমাক।

: লাগিলে বাহিৰত মায়েই থাকক?

: বুজিবলৈ চেষ্টা কৰা ৷ মা হয়তো এতিয়ালৈ জীৱিত অৱস্থাত নাই বা সিহঁতৰ মাজৰে এটা হৈ পৰিছে! এই কথাটো তুমি যিমান সোনকালে মানিবা, কষ্টও সিমানেই কমিব।

মানৱৰ মনৰ অৱস্থাটো তাই বুজিব পাৰিছে৷ কিন্তু বাহিৰত যে কোনো ভাল মানুহ নাই, সেয়াও ভালদৰেই জানে।

হাতত সাৰে ভৰিত সাৰে মানৱ আগুৱাই গ’ল। দুৱাৰৰ কীহ’লটোৰে ভয়ে ভয়ে বাহিৰলৈ চালে। ভবাৰ দৰেই মাকৰ মৰমসনা মুখখন সম্মুখত। দুটোপাল তপত চকুপানী গালেৰে বৈ আহিল। হাত দুখন কঁপিবলৈ ধৰিলে৷ পিছফালে ঠিয় হৈ থকা মানসীলৈ চাই অজানিতে হাতখন দুৱাৰৰ হেন্ডেলৰ ফালে আগুৱাই নিলে৷

মানসীয়ে বাৰে বাৰে কাবৌ কৰিছে, বাহিৰত যিয়েই নহওঁক দুৱাৰখন যেন নোখোলে।

কীহ’লটোৰ মাজেৰে সি মানুহগৰাকীৰ ওঠদুটা আকৌ এবাৰ পঢ়িবলৈ চেষ্টা কৰিলে।

: মনু! দুৱাৰখন খোল বাচা।  -  সেয়া যেন তাকেই মাতিছে ৷

কিন্তু হঠাতে মানৱ কঠোৰ হল। আতঁৰি আহিল দুৱাৰৰ কাষৰ পৰা। বাহিৰত তেজেৰে ৰাঙলী তাৰ জন্মদাত্ৰী মাক। এটা সম্পূৰ্ণ বেলেগ ৰূপত। যিটো ৰূপৰ কথা সপোনতো কল্পনা কৰিব নোৱাৰে। চুলিবোৰ চুটিকৈ কাটি পেলোৱা, মুখত এটাও দাঁত নাই। ওঠৰ কাষেৰে তেজ নিৰ্গত হৈ আছে। ডিঙিটোত আঘাতৰ চিন। সি স্পষ্টকৈ চিনি পালে সেইদিনা ঘৰৰপৰা ওলাই যাওঁতে পিন্ধি যোৱা মূগা ৰঙৰ মেখেলাখন আৰু সেউজীয়া ব্লাউজটোৰ কিছু অংশ মানুহগৰাকীৰ শৰীৰত তেতিয়াও ওলমি আছে।

: অমানুষ।

ফুচফুচাই উচ্চাৰণ কৰিলে সি। মানৱৰ মুখেৰে তেনেকুৱা কিবা এটা শুনিবলৈকে তাই প্ৰস্তুত আছিল। কণমানিটোক বুকুত সাৱটি মানসী ভিতৰলৈ দৌৰি সোমাই গ’ল। মানৱে মূল দুৱাৰখনৰ পৰা আঁতৰি আহি কিবা এটা ভাবি হঠাতে কোঠাটো বাহিৰৰ পৰা বন্ধ কৰি দিলে।

ভিতৰত মানসী সিয়ঁৰি উঠিল। মানৱৰ মতলব তাই ঠিকেই বুজিলে। চিঞৰি মাতিবও নোৱাৰে। দুৱাৰখন খুলিবলৈ ইপাৰৰপৰা ফুচফুচাই মানৱক কাবৌ কৰিবলৈ ধৰিলে।

: এইবোৰ কি কৰিবলৈ ওলাইছা মানৱ?

: আমি ইয়াতে আছোঁ বুলি সিহঁতে গম পোৱাৰ আগতেই মই মাক আঁতৰাই লৈ যাম।

: সেয়া অসম্ভৱ মানৱ। অবুজন নহ’বা। বাহিৰত সিহঁতৰ দৰে যদি এসোপামান আছে? – মানসীৰ চিন্তা হয়তো অকল এটা নহয় আন বহুতো আছে দুৱাৰৰ সিপাৰে।

: নাই, বাহিৰত অকল এটা আৰু সেয়া ‘মা’। আন কোনেও এই ঘৰটোৰ বিষয়ে এতিয়াও নাজানে।

মানৱ মূল দুৱাৰখনৰ ওচৰলৈ আগুৱাই গ’ল। ভিতৰত মানসীয়ে কান্দি কাটি শিশুটোক বুকুৰ মাজলৈ হেছি ধৰিলে৷ তাইৰ দুচকুৰ পৰা এসোপামান তপত চকুলো ওলাই আহিল। চিঞৰটো বুকুৰ মাজতে হেৰাই থাকিল -

: মানৱ...... মানৱ........ ঘূৰি আহা মানৱ......!

××××


Comments

Popular posts from this blog

য়ে দিল্লী হে মেৰে য়াৰ

শিশু গল্প:

নেপচুনলৈ