ল'ৰালিৰ বন্ধুলৈ লিখা এখন চিঠিঃ

 ল'ৰালিৰ বন্ধুলৈ লিখা এখন চিঠিঃ


ধ্ৰুৱ,


বহুদিন হ'ল, তোৰ খবৰ লোৱা নাই। আশাকৰোঁ য'তেই আছ, কুশলে আছ। কিমান বছৰ যে হ'ল তোক লগ নোপোৱা, নহয়নে? 

আজি কিয় জানো হঠাতে পুৰণি কথা কিছুমান মনলৈ আহিল। ফেচবুক চাৱ নহয়! চিঠিখন পঢ়িবিচোন।


মনত আছেনে আমি কেতিয়া প্ৰথম লগ হৈছিলোঁ? তহঁতৰ স্কুললৈ হিৰু আৰু মই ক্লাছ এইটত ট্ৰান্সফাৰ লৈ গৈছিলোঁ, মনত পৰিছে? 


দুয়োটাকে তহঁতে খুব সুন্দৰকৈ আদৰি লৈছিলি। অতি সোনকালেই ক্লাছৰ হুলস্থুলীয়া বেক বেঞ্চাৰ হৈ পৰিছিলোঁ - হিৰু, সমুজ্জ্বল, কুলদ্বীপ, ধ্ৰুৱ আৰু ৰোহিত, আমি পাঁচজন। গ্ৰুপটো গোটেই স্কুলখনত বিখ্যাত হৈ পৰিছিল। HSKDR সদাই একেলগে থাকে, একেলগে বহে, একেলগে টিফিন খাই, একেলগে গান গাই, একেলগেই ফুৰিবলৈ যাই। 


আমিযে HSKDR চিহ্ন এটা বনাই ডিঙিত একোটাকৈ লকেট পিন্ধিছিলোঁ, কি কৰিলি? হেৰুৱালি নেকি? মোৰটো এতিয়াও আছে দেই।


মনত পৰেনে লাষ্ট বেঞ্চৰ অনৰ্থক আলোচনাবোৰ? আমাৰ বিভিন্ন অবান্তৰ কল্পনাবোৰ?... হয়তো পাহৰি গলি। আমিযে হোৱাই নোহোৱাই এসোপামান গানৰ দৰে কিবাকিবি লিখিছিলোঁ, সুৰ কৰিছিলোঁ, মনত পৰে? দুখনমান তেনেকুৱা খামখেয়ালি চিন্তাৰ বহি মোৰ তাত আছিল, এতিয়া বিচাৰি পোৱা নাই। কেছেটত ৰেকৰ্ড কৰি থোৱা সুৰবোৰ হয়তো আছে। এইবাৰ ঘৰলৈ যাওঁতে কাঠৰ বাকচ এটাত মায়ে সযতনে থোৱা কেছেটবোৰ দেখিছোঁ। পিছে বজাই চাবলৈ টেপ ৰেকৰ্ডাৰ এটাহে বিচাৰি নাপালোঁ। নাজানো, সেইবোৰ কি অৱস্থাত আছেগৈ।


তোৰ কেইবিধমান বস্তু মোৰ লগত থাকিল। মাউথ অৰ্গেনটোলৈ মনত পৰেনে? মেট্ৰিকৰ টেষ্ট পৰীক্ষাৰ পিছত ক্লাছৰ ভিতৰত বজাই থাকোতে যে শৰ্মা চাৰে ৰাখি থৈছিল। মনত আছেনে হেড চাৰলৈ? তেওঁ সেইদিনা খুব গালি দিছিল। শাস্তি স্বৰূপে আমি আটাইকেইটা বেঞ্চৰ ওপৰত তিনিটা ক্লাচলৈ থিয় হৈ আছিলোঁ। সেইটো ঘুৰাই ল'বলৈ গৈ শৰ্মা চাৰৰ ওচৰত পাঁচোজনে মেট্ৰিকত ভাল ৰিজাল্ট কৰিম বুলি মই কথা দিবলগীয়া হৈছিল। ৰিজাল্ট সকলোৰে ভাল হৈছিল আৰু কথামতেই তেওঁ সেইটো মোক ওভোটাই দিছিল।


মাউথ অৰ্গেনটো এতিয়াও আছে লগত, কিন্তু তোৰ ওপৰত খং কৰিয়েই সেইটো নবজাওঁ। 


তোৰ আৰু এটা বস্তু আছে। কলেজত থাকোঁতে তহঁত প্ৰায়ে মোৰ খাৰঘূলী পাহাৰৰ ওপৰৰ ৰুমটোলৈ ৰাতি থকাকৈ আহিছিলি। মনত আছেনে, সঞ্জীৱ কুমাৰৰ চিনেমা চাই কত ৰাতি উজাগৰে পাৰ কৰিছিলোঁ? মাজৰাতি চিঞৰি গান গোৱা বাবে ওচৰ চুবুৰীয়া সকলে পিছত মোক কথাও শুনাইছিল; সেইবোৰ যেনিবা তহঁতে জনা নাছিলি।


এবাৰ হৃষিকেশ মুখাৰ্জীৰ পাঁচখন চিনেমা একে বহাতে চাইছিলোঁ, মনত আছে? সন্ধিয়াৰ পৰা পিছদিনা পুৱালৈ এক মিনিট টোপনি নমৰাকৈ যে আমি হাঁহিছিলোঁ! ৰাতিপুৱা তই পোন্ধৰটা কণীত এসোপামান টমেটো চচ্ ঢালি এগ ভুৰ্জি বনাইছিলি। মনত পৰিছে? সেইখিনি খাই দুপৰীয়া ডেৰমান বজাত তহঁতক ৰুমতে এৰি কলেজলৈ গৈছিলোঁ আৰু দুৰ্গন্ধত আমাৰ ক্লাছৰ অৰুণাচলী ছোৱালীজনী ৰুমৰ পৰা পলাই গৈছিল। হা হা!


হৃষিকেশ মুখাৰ্জীৰ সেই পাঁচখন চিনেমাৰ অৰিজিনেল চিডি কেইখন মোৰ লগত থাকিল। লাহে লাহে তহঁত আঁতৰি ফুৰিবলৈ ধৰিলি। তোক ওভোটাই দিম বুলিও চিডি কেইখন দিয়া নহ'ল। 


অ, তোক মই বেয়া পাওঁ, বহুতেই বেয়া। কাৰণ হয়তো জানই। 


বিয়ালৈ এজনো নাহিলি! আচৰিত হৈছিলোঁ। মই নিজে গৈ তহঁতক নিমন্ত্ৰণ জনোৱা উচিত আছিল বুলি ভাবিয়েই নাপালোঁ। অফিচৰ পৰা একেবাৰে কম দিনৰ চুটি পোৱা বাবে বিয়াৰ আগদিনাহে বাঙ্গালোৰৰ পৰা গৈ ঘৰ পাইছিলোঁ। সকলোবোৰ ভাইটিয়েই এৰেঞ্জ কৰিছিল, সি বোলে তহঁতক নিমন্ত্ৰণ জনাবলৈও গৈছিল, তথাপিও এজনো নাহিলি। কোনো কথা নাই, সেইবোৰ হিচাপ কেতিয়াবা পিছে পৰে লম।


বিয়াত এবাৰ দেখা নিদিয়াটো কাৰণ নহয়, বেয়া পাওঁ তোৰ মদ্যপান কৰা স্বভাবটোৰ বাবেহে। এই বদ অভ্যাসটোনো কেতিয়া আৰম্ভ কৰিলি? কিয় কাৰো কথা এবাৰো নাভাবিলি? কি হৈ গ'ল দেখিলিটো এতিয়া? 


তোক গুৱাহাটীৰ পৰা হাইডৰাবাদলৈ এয়াৰ এম্বুলেন্সেৰে লৈ অনাৰ দিনা হিৰুৱে ফোনত খবৰটো দিছিল। সি কৈছিল তই হয়তো আৰু কেতিয়াও ভাল নহৱ। সেইদিনা বহুত কান্দিছিলোঁ। তোক বেয়া পাই থকা বাবে, ইমান বছৰে গুৱাহাটীলৈ গলেও কাকো লগ নকৰা বাবে, নিজকে এসোপামান গালিও দিছিলোঁ।


মই থকা ঠাইখনৰ পৰা হাইডৰাবাদলৈ বাৰ ঘণ্টাৰ ৰাস্তা। যাবও ওলাইছিলোঁ, তোক এবাৰ চাবলৈ যে বৰ মন আছিল। কিন্তু হিৰুৱে মানা কৰিলে। তোৰ বোলে গোটেই শৰীৰটো নীলা হৈ গৈছিল, মুখখনো এফালে বেকা হৈছিল, মুখেৰে অনবৰতে তেজ ওলাইছিল। তোক সেই ৰূপত সহ্য কৰিব নোৱাৰিম বুলিয়েই হাজাৰবাৰ বিছৰাৰ পিছতো তোৰ একপি ফটোও সি মোলৈ নপঠিয়ালে।


পুৱা তিনিটা বজাত তাৰ মেচেজটো পঢ়িছিলোঁ। তই সকলোকে এৰি এখন বেলেগ পৃথিৱীলৈ গুছি যোৱাৰ খবৰটো হিৰুৱে হস্পিটালৰ পৰা সকলোকে মেচেজ কৰিছিল। 


সি ভৱাৰ দৰে কিন্তু মই একেবাৰে কন্দা নাছিলোঁ। বৰঞ্চ তোৰ ওপৰত খং উঠিছিল। 


মা-দেউতা, সৰু ভাইটী, বাইদেউ, কাৰোৱেই কথা নাভাবিলি তই? নবৌক অকলশৰীয়া কৰাৰ অধিকাৰ তোক কোনে দিলে? দুবছৰীয়া কণমানিটোৰ কি দোষ আছিল? তোৰ চিকিৎসাৰ নামত এপদ এপদকৈ সকলো বিক্ৰী যোৱা ঘৰখনে তোক হেৰুৱাই কেনেকৈ জীৱনটো কটাব এবাৰলৈ নাভাবিলি? তই গম পাইছিলিনে গুৱাহাটীৰ নবীন নগৰৰ দৰে ঠাইত থকা তহঁতৰ ঘৰটোৰ এটা অংশ তোৰ চিকিৎসাৰ নামত বিক্ৰী কৰিবলগীয়া হৈছিল?

তোক কেতিয়াও ক্ষমা নকৰোঁ। এইবোৰ কথা মনত নেপেলাওঁ বুলি ভাবিও কিয় জানো আজি মনত পৰিল। য'তেই আছ, যদি ফেচবুক পঢ়িবলৈ সুবিধা হয়, এইখন চিঠি কেতিয়াবালৈ হ'লেও পঢ়ি মোৰ মনৰ ক্ষোভখিনি বুজিবি বুলি আশা ৰাখিলোঁ।


বেছি নিলিখোঁ। আগৰ দৰে গান শুনোতে বা চিনেমা চাওঁতে এতিয়া আৰু চকুপানী নোলাই যদিও চিঠিখন লিখোঁতে বুকুখন ক'ৰবাত বিষাইছে, হয়তো দুখ লাগিছে।


কোনোবা জনমত আকৌ লগ হ'ম, তেতিয়া এসোপামান কাজিয়া কৰিম। ভালদৰে থাকিবি।


ইতি,

Comments

Popular posts from this blog

য়ে দিল্লী হে মেৰে য়াৰ

শিশু গল্প:

নেপচুনলৈ