ও_টি_পি_আৰু_অনলাইন_ফ্ৰড
আজিকালি অনলাইন ফ্ৰড তেনেই সাধাৰণ কথা৷ মানুহৰ বেংক একাউণ্টৰ পৰা আপোনা আপুনি টকা নোহোৱা হৈ যোৱা হয়তো সকলোৱে শুনিছে বা বহুতৰে ক্ষেত্ৰত নিজা অভিজ্ঞতাও আছে৷ বেংকবোৰেও এইক্ষেত্ৰত বিশেষ সহায় কৰিবলৈ অপাৰগ৷ বহুতৰে বৃদ্ধাৱস্থাৰ বাবে যতনেৰে সঞ্চিত ধন একেকোবে নোহোৱা হৈ গৈছে৷ কিন্তু সকলো দুৰ্ঘটনাৰে মূলত আচলতে আমাৰ অসাৱধানতা৷ চোৰ কিমানেই চতুৰ হওঁক, আমি যদি নিজে সাৱধান হওঁ - সহজতে বিপদত পৰিবলগীয়া নহয়৷ অনলাইন ফ্ৰডৰ বিষয়ে আমি ডেকাচামে জানো বাবে পতককৈ ফান্দত নপৰো ( তথাপিও কেতিয়াও নপৰিমেই বুলি ডাটি ক'ব নোৱাৰি ) কিন্তু এইক্ষেত্ৰত আমাৰ মা-দেউতাৰ বয়সৰ মানুহৰ বাবে সৰু সৰু কিছুমান জানিবলগীয়া কথা আছে। নিজ চকুৰে দেখা ঘটনা এটা সংক্ষেপতে কওঁ - এবাৰ এটা এটিএমত সোমালো৷ ভিতৰত এজন বয়সীয়া মানুহ, মূৰে কপালে হাত থৈ ঠিয় হৈ আছে। কাৰ্ডখন বাৰে বাৰে সুমুৱাইছে আৰু উলিয়াইছে৷ কি হৈছে সোধাত তেওঁৰ ফোনটো দেখুৱালে। তেনেই সাধাৰণ এটা নকিয়া ফোন, কীপেড থকা। বন্ধ হৈ আছে৷ তেওঁ অন অফ কৰিছে কিন্তু কাকো কল লগাব পৰা নায়৷ ডায়েল কৰিলেই কাটি কাটি যায়৷ মানুহজনে ক'লে তেওঁৰ একাউণ্টৰ পৰা পইছা ওলোৱা নাই, বেলেঞ্চ কম বুলি দেখুৱা...