সোণপাহীৰ হাঁহি

 


ভোগপুৰ গাঁৱৰ পথাৰৰ সীমনাত থকা বৰডিমৰু জোপাৰ পৰা ওলমি অহা ডালবোৰে মাটি চুই গৈছে। দুখোজ আগুৱাই সেইখিনিতে হৰিহৰ পণ্ডিতৰ ঘৰ। মানুহজন বৰ সন্ত, তেওঁৰ এজনীয়ে জীয়েক—নাম তাইৰ সোণপাহী।

পিছে লেখা নামটোহে সোণপাহী, গাঁৱৰ চেমনীয়াৰ পৰা বুঢ়ালৈকে সকলোৰে মুখত তাইৰ নাম ‘ভোল’, 'পাহাৰ', ‘ভীমকল’ আৰু যে কত। কাৰণটো জটিল নহয়—সোণপাহী গালে-মুখে মঙহ লগা, বাহুৰ দৰে পুষ্ট তাইৰ আঙুলিবোৰ। খোজ দিলে ধৰণী কঁপি যোৱা এজনী নোদোকা ছোৱালী তাই। যেতিয়া তামোলৰ বাকলি পেলাবলৈ চোতাললৈ ওলাই আহে, ওচৰৰ পেহীয়েক পদ্মপ্ৰিয়াই পানীৰ কলহটো কাষলতিত লৈ ক’বই,--

-“হেৰ’ সোণপাহী, তোৰ খোজৰ ভৰত দেখোন মোৰ চোতালৰ ভেটিটোৱেই এৰাই যাব এতিয়া! অলপ পাতলকৈ খোজ কাঢ়িবিচোন আই, মাটিৰ তলৰ কেঁচু-কুমতি বোৰো উশাহ বন্ধ হৈ মৰিব!”

সোণপাহীক দেখিলেই ওচৰৰ ভবেনে গান জুৰি দিয়ে—

“আমাৰ গাঁৱৰ সোণপাহী,

নালাগে তাইক জোনৰ হাঁহি,

কেৰাহীখন ডাঙি আনি

তাই খালে তিনি কাঁহী!”

সোণপাহীয়ে কিন্তু এইবোৰলৈ কাণ নিদিয়ে। তাই মিচিকিয়াই হাঁহে, হাঁহিলে তাইৰ মেদভৰা গাল দুখন একেবাৰে পকা ডালিমৰ দৰে ৰঙা পৰি পোটোকা খাই পৰে। তাই কয়, --

-“হেৰা ভবেন কাই, তোমাৰ দৰে শুকান জেঙা কাঠ এডাল হ’বলৈ মোৰ মন নাই বুজিছা! হ'ব পাৰো মই প্ৰকাণ্ড, পিছে তোমালোকৰ দৰে বতাহে মোক উৰুৱাই নিব নোৱাৰে!”

কিন্তু মানুহৰ কথাই কেতিয়াবা বুকুৰ কোনোবা এটা কোণত বিন্ধি নোযোৱাও নহয়। বিশেষকৈ বিয়াৰ বতৰ আহিলে সোণপাহীৰ মাক সৰলাই মূৰে-কপালে হাত দি কান্দে, --

- “হৰি ঔ! এই হাতীৰ পোৱালী হেন ছোৱালীজনীক কোনে চপাব? দৰাঘৰীয়াই দেখোন তাইক দেখিলে বতাহতকৈও আগতে লৰ মাৰে! যোৱাবাৰ বৰপেটাৰ ফালৰ পৰা অহা মানুহকেইটাই কয় বোলে—‘ছোৱালীজনী বৰ ডাঙৰ, আমাৰ পদূলিৰ জপনাখনেৰে সোমাবই নোৱাৰিব!’ এতিয়া মই কি কৰোঁ?”

সোণপাহীয়ে মাকৰ পিঠিত থপৰিয়াই সান্ত্বনা দিয়ে, --

- “আই অ’, জপনা সৰু হ’লে মই বাৰীৰ জেওৰা ভাঙি সোমাম দে, চিন্তা কিয় কৰ? মোক নিবলৈ যাৰ মন নাই, সি শুকান ঢেঁকীয়া খাই থাকক!”

মুখেৰে হাঁহি ক’লেও সোণপাহীয়ে নিশা নৈৰ ঘাটত অকলে বহি আকাশৰ তৰাবোৰ চাই হুমুনিয়াহ কাঢ়ে। ভগৱানক মনে মনে সোধে, --

- “প্ৰভু, ফুলৰো দেখোন কোনোবাটো লাহী খৰিকাজাই, কোনোবাটো আকৌ দলিচাৰ দৰে ডাঙৰ পদুম! তেন্তে মোৰ শৰীৰটোক লৈ মানুহৰ ইমান উপহাস কিয়?”

সেইবাৰ আঘোণ মাহত ভোগপুৰ গাঁৱলৈ এজন নামজ্বলা মানুহ আহিল। নাম তেওঁৰ আনন্দিৰাম ডেকা—গুৱাহাটীৰ চৰকাৰী কাছাৰীত ডাঙৰ কাম কৰে, দেখাতো শুৱনি, পঢ়া-শুনাও জানে। গাঁৱৰ মুখিয়াল মহন্ত দেউৰ ঘৰত তেওঁ আলহী। গাঁৱৰ সকলো গাভৰুৰে মাজত হুৱাদুৱা লাগিল। গাভৰুহঁতে বোলে, --

- “আনন্দিৰামে হেনো গাঁৱৰ সহজ-সৰল ছোৱালী বিচাৰিছে!”

পদ্মপ্ৰিয়া পেহীয়ে সোণপাহীক দেখি হাঁহি মাৰি ক’লে, --

- “হেৰ’ সোণপাহী, তই আকৌ আনন্দিৰামৰ আগলৈ নোলাবি দেই! তোক দেখিলে তেওঁ ভাবিব গাঁৱত কিবা মঁহ-যুঁজহে পাতিছে নেকি!”

সোণপাহীয়ে একো নকৈ তলমূৰ কৰি গুচি গ’ল।

সেইদিনা গাঁৱৰ নামঘৰত বৰসবাহ। গাঁৱৰ মানুহখিনি গোট খাইছে। ৰভাতল ভৰি পৰিছে। সন্মানীয় অতিথি আনন্দিৰামো আহি বৰপীৰাত বহিছে। হঠাতে নামতিৰ নামৰ মাজতে হুলস্থুল লাগিল। নামঘৰৰ কাষৰ পদূলিত মহন্ত দেউৰ নাতিনীয়েক—চাৰি বছৰীয়া অকণমানি পুতু—খেলিবলৈ গৈ ওচৰৰ পানীৰে উপচি থকা গভীৰ বৰপুখুৰীটোৰ পিচল ঘাটত পিছলি পানীত পৰি গ’ল!

পানীৰ ছপছপনি আৰু পুতুৰ চিঞৰ শুনি সকলোৱে চিঞৰি উঠিল, --

- “ৰক্ষা কৰা! পুতু পৰিল! পুতু ডুবিব এতিয়া!”

পুখুৰীটো সাপ, জোক, বেং, ডাঙৰ ডাঙৰ কেঁকোৰা আৰু পানী মেটেকাৰে ভৰপূৰ, পাৰটোও বৰ পিচল। দুজনমান ডেকাই আগবাঢ়িও পিছল দেখি থমকি ৰ’ল।

ঠিক সেই মুহূৰ্ততে ধুমুহাৰ দৰে কিবা এটা পাৰ হৈ গ’ল। সকলোৱে দেখিলে—সেইজনী সোণপাহী!

গাত মেৰিয়াই থোৱা পাটৰ চাদৰখন কঁকালত টানকৈ বান্ধি, কোনো দ্বিধা ভয় নকৰি, সেই গধুৰ শৰীৰেৰেই তাই ধপানকৈ পুখুৰীৰ পানীত জাপ দিলে!

তাই জঁপিয়াই পৰাৰ কোবত পানীৰ এটা ডাঙৰ ঢৌ পাৰলৈ ছিটিকি আহি মুখ মেলি চাই থকা ডেকাহঁতক ভিজাই পেলালে। পানীত পৰিয়েই সোণপাহীয়ে নিজৰ পুষ্ট আৰু শক্তিশালী দুহাতেৰে মেটেকাবোৰ আঁতৰাই-দলিয়াই আগুৱাই গ’ল। পুতু পানীৰ তললৈ সোমাই যাবলৈ ধৰিছিল। ভগৱানে দিয়া শকত, শক্তিশালী হাত দুখনেৰে তাই পুতুক খামোচ মাৰি ধৰি বুকুৰ মাজলৈ তুলি আনিলে আৰু সাঁতুৰি সাঁতুৰি পাৰলৈ লৈ আহিল। পাৰত থকা মানুহবোৰে লৰালৰিকৈ পুতুক দাঙি ল’লে। পুতু বাচিল, তাই মাত্ৰ অলপ পানীহে খাইছিল।

সোণপাহী যেতিয়া তিতা কাপোৰেৰে, ঘনাই ঘনাই উশাহ লৈ পুখুৰীৰ পাৰৰ বোকাত উঠিল, তাইৰ ভৰি পিছলি গ’ল। কিন্তু তাই বাগৰি নপৰিল, এটা হাঁহি মাৰি মূৰ জোকাৰি ক’লে, --

- “আই ঔ, পুখুৰীৰ মেটেকাবোৰে মোকো সিহঁতৰ দৰেই বুলি ধৰি ৰাখিব খুজিছিল নেকি!”

উপস্থিত সকলো মানুহ একেবাৰে নিমাত হৈ ৰ’ল। যি ভবেনে সদায় তাইক জোকাই, সি লাজতে তলমূৰ কৰিলে। পদ্মাপেহীৰ মুখৰ মাত হেৰাই গ’ল। মহন্ত দেউৱে চকুলো টুকি সোণপাহীৰ মূৰত হাত থৈ ক’লে, --

- “আই সোণপাহী, আজি যদি তোৰ এই সাহস আৰু গাৰ শক্তি নাথাকিলহেঁতেন, মোৰ বংশৰ চাকি নুমাই গ’লহেঁতেন অ' আই! তই সাক্ষাৎ দুৰ্গা হৈ আহিলি!”

ভিৰৰ মাজৰ পৰা আনন্দিৰাম ডেকা আগবাঢ়ি আহিল। তেওঁ হাতযোৰ কৰি সোণপাহীলৈ চালে। সোণপাহীৰ চুলিৰ পৰা পানী নিগৰি আছিল, গাল দুখন ঠাণ্ডাত কঁপিছিল, কিন্তু তাইৰ মুখত এটা পৰম শান্তি আৰু বিজয়ীৰ পবিত্ৰ হাঁহি। আনন্দিৰামে হৰিহৰ পণ্ডিতৰ ফালে চাই গম্ভীৰ অথচ নম্ৰ মাতেৰে ক’লে, --

- “পণ্ডিত ডাঙৰীয়া, মানুহে শৰীৰৰ পাতল-শকত বিচাৰি ফুৰে, কিন্তু যিটো শৰীৰৰ ভিতৰত ইমান ডাঙৰ আৰু উদাৰ এখন হৃদয় আছে, তাতকৈ ধুনীয়া এই পৃথিৱীত আৰু কিবা থাকিব পাৰেনে? যদি আপোনাৰ আৰু সোণপাহীৰ আপত্তি নাই, আপোনাৰ ছোৱালীক মোৰ ঘৰৰ লখিমী কৰি নিব খোজোঁ।”

মুহূৰ্ততে নামঘৰৰ বাকৰি জয়ধ্বনিৰে ৰজনজনাই উঠিল। সৰলাৰ চকুৰে আনন্দৰ পানী বৈ আহিল।

সোণপাহীয়ে লাজতে তলমূৰ কৰি তিতা চাদৰৰ আচলটো আঙুলিত মেৰিয়াবলৈ ধৰিলে। তাইৰ গুলপীয়া, মেদবহুল গাল দুখন আনন্দ আৰু লাজত আৰু বেছি উজ্বলি উঠিছিল। কাষৰ পৰা ভবেনে ফুচফুচাই ক’লে,--

- “সোণপাহী, তই ভীমকল নহয় অ’, তই আচলতে আমাৰ সকলোৰে ডিঙিৰ মণি—একেবাৰে খাঁটি সোণ!”

সোণপাহীয়ে মূৰ তুলি সকলোৰে ফালে চালে। সকলোৱে বুজি পাইছিল, শৰীৰৰ ওজন তুলাচনীৰে জুখিব পাৰি, কিন্তু মানুহৰ অন্তৰৰ মৰম, সাহস আৰু সৌন্দৰ্য্যৰ কোনো জোখ নাই। সেই সৌন্দৰ্য্য অপৰিসীম, ঠিক তাইৰ হাঁহিটোৰ দৰেই উজ্জ্বল।

 

Comments

Popular posts from this blog

ৰে'ল ঐ ৰে'ল

কৰোণাৰ_তিতা_মিঠা

পাংচাৰ