আসক্তি
বড়িগাঁও হাইস্কুলৰ বাৰান্দাত ওলমি থকা ফটোখনে প্ৰতিজন
বাটৰুৱাৰ দৃষ্টি কাঢ়ি নিয়ে। ফটোগ্ৰাফাৰৰ কেমেৰাৰ ফ্লেছত বন্দী হৈ আছিল এটা
সোণালী মুহূৰ্ত— প্ৰধান শিক্ষক মাধৱ শৰ্মাৰ স্নেহাসিক্ত সান্নিধ্যত ৰাহুল, অনুৰাগ,
ৰিয়া আৰু
মিতালী। সিহঁতৰ হাতত উজলি আছিল শিক্ষকে দিয়া বঁটা আৰু মুখত পৃথিৱী জয় কৰাৰ
স্বপ্নিল হাঁহি। মাধৱ মাষ্টৰে প্ৰায়েই গৌৰৱেৰে কৈছিল, "এই চাৰিটা মোৰ বুকুৰ কুটুম।
সিহঁতেই এদিন সোণাপুৰৰ অন্ধকাৰ নিৰ্মূল কৰিব।"
কিন্তু ভাগ্যৰ কি নিৰ্দয় খেল, সেই অন্ধকাৰেই অতি গভীৰভাৱে
খোপনি পুতিলে বড়িগাঁৱৰ বুকুত।
বিগত কেইটামান মাহত অসমৰ গাঁৱে-ভূঁঞে বিয়পি পৰা নিচাযুক্ত
ঔষধৰ ক’লা ছাঁটোৱে বড়িগাঁৱকো মেৰিয়াই ধৰিছিল। এদিন পুৱা ক্লাছৰুমত পাঠদান কৰি
থাকোঁতেই মাধৱ মাষ্টৰৰ চকু পৰিল একেবাৰে শেষৰ বেঞ্চখনত বহি থকা ৰাহুলৰ ওপৰত।
ল’ৰাটোৰ চকু দুটা ৰঙা পৰি কোটৰত সোমাই গৈছে, শৰীৰটো শুকাই কাঠ হৈছে,
আৰু ওঁঠ দুটা
নীলা।
"ৰাহুল, মই তোমাক কি সুধিছোঁ?" মাষ্টৰৰ কণ্ঠত কোমল অথচ
দৃঢ় অনুশাসন আছিল।
ৰাহুল চক খাই উঠিল। তাৰ হাত দুখন কঁপি আছিল। সি ভয়ে ভয়ে
ক’লে, "চাৰ... মূৰটো ঘূৰাইছে... ঘৰলৈ যাবলৈ দিয়ক।"
কথাষাৰ শেষ কৰিবলৈ নৌপাওঁতেই সি মজিয়াত ঢলি পৰিল।
ক্লাছৰুমত হাহাকাৰ লাগিল।
চিকিৎসালয়লৈ নিয়াৰ পিছত চিকিৎসকে যেতিয়া মাধৱ মাষ্টৰক কাষলৈ
মাতি নিলে, তেতিয়া ডাক্তৰৰ মুখখন আছিল শিলৰ দৰে কঠিন।
"শৰ্মা বাবু, ল’ৰাটোৰ হাতৰ সিৰাত চিৰিঞ্জৰ দাগ আছে। সি মাৰাত্মক ড্ৰাগছত
আসক্ত। এয়া অতি উচ্চ পৰ্যায়ৰ নিচা।"
মাধৱ মাষ্টৰৰ মূৰত যেন বজ্ৰপাতহে পৰিল। তেওঁ ৰাহুলৰ কাষলৈ
দৌৰি গ’ল। জ্ঞান ঘূৰি অহাৰ পিছত ৰাহুলৰ চকুলোৰে গাৰু তিতি গৈছিল। সি মাষ্টৰৰ হাতখন
খামুচি ধৰি কান্দি উঠিল,
"চাৰ, মোক বচাওক! মই মৰি যাম! সিহঁতে মোক বিদ্যালয়ৰ কাষৰ পাণ
দোকানখনৰ পৰা বিনামূলীয়াকৈ কিবা পাউদাৰ মিহলোৱা পানীয় খুৱাইছিল। কেইদিনমান পিছত
মোক ক’লে— ‘যদি এইটো নাখাৱ, তোৰ শৰীৰ বিষত ফাটি যাব।’ সিহঁতে মোক গোলাম বনাই পেলালে
চাৰ! যি কৈছে তাকে কৰিবলৈ বাধ্য। দেউতাৰ জেপৰ পৰা টকা চুৰি কৰিলোঁ, মাৰ কানফুলিও
বিক্ৰী কৰিলোঁ... কিন্তু আৰু নোৱাৰোঁ চাৰ!"
"কোনে দিয়ে তোক এই বিহ? নাম ক ৰাহুল!" মাষ্টৰে
খঙ আৰু বেদনাত কঁপি উঠি সুধিলে।
"ৰাজু... ভবেন মহন্তৰ গাড়ী চলোৱা ৰাজুৱে..." ৰাহুলৰ
কণ্ঠ শেঁতা পৰি আহিল।
ভবেন মহন্ত! সোণাপুৰৰ মুখা পিন্ধা সমাজসেৱক, যাৰ দানৰ
পইচাৰে গাঁৱৰ উৎসৱ-পাৰ্বণ চলে। সমাজৰ চকুত ধৰ্মাত্মা, কিন্তু আঁৰত ড্ৰাগছৰ
পাইকাৰী বেপাৰী।
মাধৱ মাষ্টৰে বুজি পালে, বিষয়টো কেৱল ৰাহুলৰ মাজতে
সীমাবদ্ধ নহয়; গাঁৱৰ বহুতো কিশোৰ ইতিমধ্যে এই মৃত্যুৰ ফান্দত পৰিছে। তেওঁ
নিজৰ জীৱন পণ কৰিও এই মাফিয়া চক্ৰ উদঙাই দিয়াৰ সিদ্ধান্ত ল’লে। তেওঁ মনে মনে সকলো
অনুসন্ধান কৰি থাকিল।
সেইদিনা আছিল অমাবস্যাৰ নিশা। গাঁওখন গভীৰ টোপনিত নিমগ্ন।
নদীৰ কাষৰ পুৰণি মৰাশালিখনৰ ঠিক কাষতে থকা পৰিত্যক্ত চাউলৰ মিলটোৰ পৰা এটা মৃদু
পোহৰ বিৰিঙি আছিল। মাধৱ মাষ্টৰে জোতাযোৰ খুলি খালি ভৰিৰে নিঃশব্দে মিলটোৰ ফালে খোজ
ল’লে। মিলৰ ভগা খিৰিকীৰে তেওঁ যি দৃশ্য দেখিলে, সেয়া কল্পনাতীত আছিল।
কোঠাৰ ভিতৰত মজিয়াত মজুত আছিল লাখ লাখ টকাৰ নিষিদ্ধ
ড্ৰাগছৰ পেকেট। সন্মুখত ভবেন মহন্তই ক্ৰুৰ হাঁহি এটা মাৰি ৰাজুক নিৰ্দেশ দি আছিল,
"এই পেকেটখিনি
কাইলৈ পুৱাই গুৱাহাটীলৈ যাব লাগিব। আৰু শুন, হাইস্কুলৰ সেই ল’ৰা কেইটাক
আৰু কিছু ক’ডিন কফ চিৰাপ আৰু টেবলেট বিলা। সিহঁতৰ সংখ্যা বাঢ়িলে আমাৰ বজাৰ
বাঢ়িব।"
মাধৱ মাষ্টৰে হাতৰ মোবাইলটো উলিয়াই অতি সন্তৰ্পণে সমগ্ৰ
ঘটনাৰ ভিডিঅ’ ৰেকৰ্ডিং আৰম্ভ কৰিলে। কিন্তু ভাগ্যই লগ নিদিলে। মোবাইলৰ পোহৰৰ
প্ৰতিফলন খিৰিকীৰ কাঁচত পৰিল।
"কোন তাত?" এজন গুণ্ডাই চিঞৰি উঠিল।
মাষ্টৰে পিছ হুহকিবলৈ চেষ্টা কৰাৰ আগতেই তিনি-চাৰিটা বলিষ্ঠ
হাতৰ আঁকোৰাল বান্ধোনত তেওঁ বন্দী হৈ পৰিল। তেওঁক চোঁচৰাই মিলৰ ভিতৰলৈ লৈ যোৱা
হ’ল। মোবাইলটো কাঢ়ি লৈ ভবেন মহন্তই মাটিত থেকেচি ভাঙি পেলালে।
ভবেন মহন্তই কুটিল হাঁহিৰে মাষ্টৰৰ ডিঙিত ধৰি ক’লে,
"মাষ্টৰ,
ছাত্ৰক কিতাপ
পঢ়োৱা কাম তোৰ। আমাৰ কামত নাক সুমুৱাবলৈ কিয় আহিছ? সমাজখনক বচাবলৈ ওলাইছ নেকি?
তোক আজি নদীৰ
পানীত উটুৱাই দিলে কোনেও তোৰ হাড়ডালো বিচাৰি নাপাব দেখোন।"
লোহাৰ ৰডেৰে মাষ্টৰৰ কান্ধত এটা প্ৰচণ্ড কোব পৰিল। তেওঁ
যন্ত্ৰণাত মাটিত বাগৰি পৰিল, কিন্তু তেওঁৰ চকুৰ জুইকুৰা নুমাই যোৱা নাছিল।
"মহন্ত, তই মানুহ নহয়, এটা পিশাচ! ধনৰ লোভত এই নিষ্পাপ কণ-কণ
ল’ৰা-ছোৱালীবোৰৰ জীৱন ধ্বংস কৰিছ। ভগৱানে তোক কেতিয়াও ক্ষমা নকৰে!"
"ভগৱান? এইখন গাঁৱত ময়েই ভগৱান!" মহন্তই পকেটৰ পৰা বন্দুকটো
উলিয়াই মাষ্টৰৰ কপালত লগাই দিলে।
মৃত্যু মাথোঁ এক ছেকেণ্ড দূৰত, ঠিক সেই মুহূৰ্ততে মিলৰ
টিনৰ চালখনত জোৰেৰে শব্দ হ’ল আৰু এটা দিশৰ পৰা জুইৰ এক স্ফুলিংগ ভিতৰলৈ সোমাই
আহিল। বাহিৰত শুনা গ’ল শতাধিক মানুহৰ কোলাহল আৰু আৰক্ষীৰ চাইৰেনৰ ভয়ংকৰ শব্দ!
মহন্তৰ হাতৰ পিষ্টল ওফৰি গৈছিল। তেওঁৰ হাতেৰে তেজ ওলাই মাটিত টোপ টোপকৈ পৰিবলৈ
ধৰিলে।
দৰাচলতে, সেইৰাতি মাষ্টৰ যেতিয়া ওলাই গৈছিল, তেওঁৰ ছাত্ৰ অনুৰাগ আৰু
ৰিয়াই আগতে পৰিকল্পনা কৰা মতে মাক-দেউতাকৰ আগত কথাবোৰ খুলি কৈছিল। দেৰিলৈকে তেওঁ
ওভটি নহাত সিহঁতৰ মনত সন্দেহ হৈছিল। সিহঁতে জানিছিল মাষ্টৰ নিশ্চয় ডাঙৰ বিপদত
পৰিছে। পলম নকৰি সিহঁতৰ দেউতাকে গাঁৱৰ ৰাইজক একত্ৰিত কৰি স্থানীয় থানাৰ অ’চিক সকলো
কথা বিৱৰি ক’লে। আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চ ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হ’ল।
"চাৰিওফালৰ পৰা ঘেৰি লোৱা হৈছে, আত্মসমৰ্পণ কৰক!"
মেগাফোনত আৰক্ষীৰ ঘোষণা বাজি উঠিল।
মহন্তৰ মানুহবোৰৰ মাজত হুৱাদুৱা লাগিল। আৰক্ষীয়ে গুলীচালনা
কৰি দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰিলে। এক চমু কিন্তু ৰক্তক্ষয়ী সংঘৰ্ষৰ অন্তত ভবেন
মহন্ত আৰু তাৰ গোটেই ড্ৰাগছ চক্ৰটোক হাতকেৰেয়া লগাই কৰায়ত্ত কৰা হ’ল।
মাধৱ মাষ্টৰকো ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰা হ’ল। অনুৰাগ আৰু
ৰিয়াই দৌৰি আহি মাষ্টৰৰ বুকুত সোমাই ফেকুৰি উঠিল, "চাৰ! আপুনি ঠিকে আছেনে?"
মাষ্টৰে হাঁহি মাৰি সিহঁতৰ মূৰত হাত ফুৰালে। কিন্তু সেই
হাঁহিটো ক্ষন্তেকতে ম্লান হৈ গ’ল। মিলটোৰ এটা আন্ধাৰ চুকত এজন আৰক্ষী জোৱানে টৰ্চ
মাৰি চিঞৰি উঠিল, "চাৰ, ইয়াত এটা ল’ৰা পৰি আছে!"
মাধৱ মাষ্টৰে গাৰ সমস্ত শক্তিৰে সেই অন্ধকাৰ চুকটোলৈ খোজ
ল’লে। তেওঁৰ পিছে পিছে আন সকলোৱে সেইফালেই দৌৰি গ'ল। মাটিত পৰি আছিল ৰাহুল।
নিশাৰ আন্ধাৰত ড্ৰাগছৰ তীব্ৰ হেঁপাহত কেতিয়ানো সি গোপনে এই গুদামটোলৈ সোমাই
আহিছিল কোনেও তৰ্কিবই নোৱাৰিলে।অধিক মাত্ৰাত বিষাক্ত ঔষধ সেৱন কৰিছিল সি।
মাষ্টৰে তাৰ মূৰটো কোলাত তুলি ল’লে। "ৰাহুল! চকু মেলা!
চোৱা, আমি দুষ্টবোৰক
ধৰিলোঁ। তোমাৰ একো নহয়..."
ৰাহুলে অতি কষ্টেৰে চকু দুটা মেলিলে। তাৰ শেঁতা ওঁঠত এটি
কৰুণ হাঁহি বিৰিঙি উঠিল। "চাৰ... মোক মাফ কৰি দিব... মই স্কুলৰ ফটোখনৰ দাগ হৈ
পৰিলোঁ... মা-দেউতাক ক’ব... মই ইচ্ছাকৃতভাৱে এইটো কৰা নাছিলোঁ..."
কথাখিনি শেষ হোৱাৰ লগে লগে ৰাহুলৰ হাতখন মাটিত ঢলি পৰিল।
তাৰ নিস্পন্দ চকু দুটা আকাশৰ ফালে স্থিৰ হৈ ৰ’ল।
"ৰাহুল!!!" মাষ্টৰৰ হৃদয়ভেদী চিৎকাৰ আৰু পিছমুহূৰ্ততে
দৌৰি অহা ৰাহুলৰ মাকৰ বুকুত চপৰিয়াই কৰা কান্দোনে বড়িগাঁৱৰ বতাহজাকক গধুৰ কৰি
তুলিলে।
পৰৱৰ্তী দিনবোৰত গাঁওখন সলনি হ’ল। আৰক্ষীৰ সহযোগত সমগ্ৰ
অঞ্চলটো ড্ৰাগছমুক্ত কৰিবলৈ গাঁওবাসীয়ে কঠোৰ প্ৰতিৰোধ গঢ়ি তুলিলে। মানুহবোৰে আগৰ
দৰে পাল পাতি নিশা পহৰা দিবলৈ ধৰিলে। কিন্তু বিদ্যালয়ৰ বেৰত ওলমি থকা সেই ফটোখনৰ
সন্মুখত যেতিয়াই কোনোবা থিয় হয়, তেওঁলোকৰ চকু সেমেকি উঠে। চাৰিটা উজ্জ্বল হাঁহিৰ মাজত
ৰাহুলৰ মুখত উজ্জীৱিত হাঁহিটোৱে সমাজক অহৰহ সকীয়াই দিয়ে— ড্ৰাগছ কোনো ব্যক্তিগত
ভুল নহয়, ই এটা মহামাৰী। যদি পৰিয়াল আৰু সমাজে সময়মতে নিজৰ সন্তানৰ
যত্ন নলয় আৰু এনে ক’লা ব্যৱসায়ৰ বিৰুদ্ধে মাত নামাতে, তেন্তে আৰু বহুতো ৰাহুলৰ
সপোন এনেদৰেই অকালতে মৰহি যাব।

Comments
Post a Comment