জীৱন সদাই নহয় অনুপম


()
ৰুদ্ৰ আৰু কণ, দুয়ো ভাই ককাই চাকৰি সুত্ৰে ৰুদ্ৰ ঘৰৰ পৰা আতঁৰত থাকে 'ৰা ছোৱালী দুটা পঢ়ি আছে, ক্ৰমে স্নাতক প্ৰথম আৰু তৃতীয় বৰ্ষত ঘৰত পত্নী আৰু 'ৰা ছোৱালী দুটাৰ বাহিৰে আন কোনো নায় সৰু ভায়েক কণক দুবছৰ আগতে এখন গেলামালৰ দোকান খুলি দিছে সি তাতেই ব্যস্ত কেইদিনমান আগত কণৰ বিয়াখনো পাতি দিছে বিয়াত ককায়েকৰ পৰা লোৱা টকাকেইটা ঘূৰাই দিব আহিছিল কণ, কিন্তু বৌৱেকে নাৰাখিলে বিয়াৰ পিছত পত্নীৰ সৈতে কণ বেলেগে থাকে আজিকালি

সিদিনা হঠাতে ককায়েক ৰুদ্ৰৰ কেন্সাৰ ধৰা পৰিল ডিঙিটো বিষোৱাত ডাক্তৰৰ ওচৰলৈ লৈ গৈছিল পত্নী মেনকাই পৰীক্ষাত ওলাল ডিঙিৰ কেন্সাৰ, চতুৰ্থ পৰ্যায় ডাক্তৰৰ মতে কেম' থেৰাপী 'লে ভাল ' কেম' লব গুৱাহাটীলৈ যাব লাগে গাটো বেয়া হোৱা কাৰণে বাছত অহা-যোৱা নকৰি কণৰ নতুনকৈ লোৱা গাড়ীখন বিছাৰিলে বৌৱেকে প্ৰথমতে সি বেলেগ গাড়ী বিছাৰিব কৈছিল যদিও পিছলৈ ককায়েক বৌৱেকক লৈ যাব মান্তি ' ঘূৰি আহোঁতে তাৰ হাতত বৌৱেকে এহেজাৰ টকা এটা গুজি দিছিল

এনেদৰে কিছুদিন চলি থাকিল ডাক্তৰৰ ওচৰলৈ যাব লাগিলে কণৰ গাড়ীখন লৈ যায় এহেজাৰ টকা লয় সি আৰু আহোঁতে দোকানৰ বস্তু এসোপা মান কিনি, লৈ আহে গাড়ীখনত মানে একেটা গুলিতেই দুটা চিকাৰ ককায়েক বৌৱেকে কথাবোৰ নুবুজা নহয়, 'লেও একো নকয় নিজৰেই ভায়েক

সিদিনা কণ যাব নোৱাৰিলে, গাটো বেয়া হেনো উপাই বিহীন হৈ মেনকাই চিনাকি আন এখন গাড়ী ভাড়া কৰি গিৰিয়েকক কেম' থেৰাপী দিয়াব লৈ ' ঘূৰি আহোঁতে ড্ৰাইভাৰ জনৰ পৰা গম পালে যে আগদিনা কণে দোকানৰ বয়-বস্তু আনিছে গতিকে আজি আকৌ ককায়েকক লৈ যোৱাৰ প্ৰশ্নই নাহে দোকানৰ বস্তু আনিব লগীয়া নাই, তাতে আকৌ অলপ পানীলগা জ্বৰ কবলৈকে ভাল
***** 


()
অনিল চৌধুৰী আৰু আৰু মণি বৰুৱা দুয়োৰে বিয়া হোৱা ২৪ বছৰ ' বিয়াৰ পিছত বিভিন্ন খেলিমেলিৰ বাবে তেওঁলোক ঘৰৰ পৰা পৃথকে থাকিব লৈছিল 'লেও ঘৰৰ লগত একো বেয়া সম্পৰ্কও নায় প্ৰতি সপ্তাহতে দুয়ো ঘৰলৈ যায় ঘৰত, মাক আৰু তিনিজন ভাতৃৰ সৈতে এটা ডাঙৰ পৰিয়াল দেউতাক নাই তিনিজন ভায়েক, সকলো ভালদৰেই প্ৰতিস্থিত ভাই বোৱাৰীয়েক সকলো চাকৰিয়াল টকা পইচাৰ ক্ষেত্ৰত কোনো অভাৱ অনাটন নায় তাৰ উপৰিও গাঁৱত কেইবাবিঘা খেতি মাটিৰ পৰাও বছৰি যঠেষ্ট ধান পায় সেইবোৰ বেছি এটা মোটা অংক ঘৰলৈ আহে ঘৰৰ ওচৰৰ তিনিআলিটোত ভাড়ালৈ দিয়া দোকানকেইখনৰ পৰাও ভাল পইচা আহে মাকেই সমস্ত চোৱা-চিতা কৰে সেইবোৰ

পি ডব্লিউ ডি কাম কৰা অনিল চৌধুৰীয়ে নিজে থকা মাটিখিনিৰ উপৰিও গুৱাহাটীৰ এঠাইত আৰু অলপ মাটি কিনি থৈছে ঘৰ এটাও বনাব আৰম্ভ কৰিছে নিজৰ ছোৱালী দুজনীৰ বাবে ভবিষ্যতে প্ৰয়োজন ' ডাঙৰ ছোৱালীজনীক আই টি আই নামভৰ্তি কৰি গুৱাহাটীতে এখন হোষ্টেলত থকাৰ ব্যৱস্থা কৰি দিছে সৰু ছোৱালীজনীয়ে হায়াৰ চেকেণ্ডেৰী উত্তীৰ্ণ হৈ মেডিকেলৰ বাবে প্ৰস্তুতি কৰি আছে

সিদিনা গুৱাহাটী গৈ থকা অৱস্থাত হঠাতে ট্ৰাক এখনৰ খুন্দাত অনিল চৌধুৰী ঢুকাল গাড়ীখনত পত্নীও আছিল সম্পূৰ্ণ ১২ দিন মৃত্যুৰ সৈতে যুঁজ দি শেষত পত্নী মণিয়েও হাৰ মানিলে পিছে টকা পইচাৰে সহায় কৰাটো দূৰৰ কথা, মণি হস্পিটেলত থকা সময়ত অনিল চৌধুৰীৰ ঘৰৰ কোনো এজন ব্যক্তি এদিন গৈ তেওঁক দেখাও নকৰিলে শেষত হস্পিটেলৰ সকলো খৰছ মণিৰ মাকে বহন কৰিবলগীয়া হয়

অনিল চৌধুৰীৰ মাকৰ হাতত, অফিচৰ পৰা ডেৰ লাখ টকাৰ এটা সাহাৰ্য্য দিয়া হৈছিল সহকৰ্মীৰ পত্নী মণি বৰুৱাৰ চিকিৎসাত ব্যৱহাৰ কৰাৰ বাবে দিছিল অফিচৰ পৰা কিন্তু তাৰে ৯৫ হাজাৰ টকাহে হস্পিটেলত জমা দিয়ে অনিল চৌধুৰীৰ ঘৰখনে চৰকাৰী অনুদানৰ লাখ টকাও কেনেকৈ ' কাৰ জেপত সোমাল সেয়া আজিও ৰহস্য

দুদিনৰ আগত অনিল চৌধুৰীৰ সৰু ছোৱালীজনীৰ আগত আইতাকে বোৱাৰীয়েকৰ সোণৰ গহনাখিনি খুজি পঠিয়াইছে সোধন কৰিব লাগে হেনো
***** 




Comments

Popular posts from this blog

শিশু গল্প:

য়ে দিল্লী হে মেৰে য়াৰ

সাগৰ দেখিছানে