অডি অট'


বন্ধৰ দিন। আবেলি ওলাই আহিছোঁ।

'নিয়ৰ' মোৰ কাষৰ চিটত।

মাক আনদিনাৰ দৰে পিছফালে অকলে।

শনি-ৰবিবাৰে সকলোতে ভিৰ বেছি হোৱা বাবে বাকি কেইদিনৰ ভিতৰতে সাপ্তাহিক বন্ধটো পেলাই লওঁ। পুৱা বজাত স্কুললৈ ওলাই আবেলি বজাত ঘৰ সোমোৱা 'ৰাটোৰ মুখখন দেখিলে বেয়া লাগে। ছবছৰ হৈছে মাত্ৰ, এতিয়াৰ পৰাই পঢ়াৰ যিটোহে 'বোজা'

অফিচৰ সময়বোৰ প্ৰতি সপ্তাহতে সলনি হৈ থকা বাবে নিজে তাক অনা-নিয়া কৰিব নোৱাৰোঁ, মাকেও অলপ অসুবিধা পায়। সেয়েহে সি স্কুলবাছত অহা-যোৱা কৰে। বাছৰ বাবে পুৱা এঘণ্টা আৰু আবেলি এঘণ্টা সময় এনেই বাঢ়ি যায়। বেচেৰাটো দিনৰ বেছিখিনি সময় ঘৰৰ বাহিৰতেই থাকিবলগীয়া হয়! কেতিয়াবা ইচ্ছা নহলেও একমাত্ৰ তাৰ মনটো ভাল লাগক বুলিয়েই আবেলি ওলাই আহো।

গন্তব্যস্থল সদাই একেখিনি- সাগৰৰ পাৰৰ পাৰ্কখন। প্ৰতিসপ্তাহত একেটা বাটেৰে একেখিনি ঠাইলৈ গৈ আমনি লাগে যদিও উপাই নাই, বেলেগ ঠাইলৈ যাবলৈ তাৰ হেনো মন নাযায়! পাৰ্কলৈ গৈ অলপ দৌৰিব, অলপ খেলিব আৰু দুখনমান ফটো উঠিব। একেখিনি ঠাইতে একেটা পজতে উঠা ফটোৰে ফোনটো ভৰি পৰিছে, সেইবোৰ ডিলিট কৰিবও নিদিয়ে।

ঘৰৰপৰা পাৰ্কখনলৈ চল্লিশ মিনিটমান লাগে। এই সময়ছোৱাত বাপেক পুতেকৰ অনৰ্গল কথাত মাকৰ মূৰৰ বিষটো উঠি আহে। 'অমৃতাঞ্জন'টো সদাই তেওঁৰ লগতেই থাকে।

কথা বেলেগ একো নাই, কেৱল গাড়ীৰ বিষয়ে আলোচনা। মাৰ্কেটত কেইখন নতুন গাড়ী আহিছে, কাষেৰে কেইখন 'অডি' পাৰ ', কোনফালে 'মাৰ্ছিডিজ'খন সাউটকৈ গুছি ', বি. এম. ডব্লিউৰ কেইটা ৰং, ইনোভাৰ বডীটো ডাঙৰ নে ফৰছুনাৰৰ, এনফিল্ড বুলেটবোৰে কিয় ইমান চিঞৰ বাখৰ কৰে, আদিয়েই আমাৰ কথা।

ৰাস্তাত স্কুল বাছবোৰ দেখিও তাৰ বিৰাট স্ফূৰ্ত্তি। স্কুলত হেনো বাৰখন বাছ আছে। তাৰমতে, সি অহাখন সোনকালেই আহে, বাকীবোৰ বাছ ইমান দেৰিলৈ কিয় ঘূৰি থাকে সেয়া এটা ডাঙৰ সাঁথৰ। উত্তৰ বিচাৰি সদাই ত্ৰিভূৱন দেখো।

কথাৰ উপৰিও, গান। মিউজিক প্লেয়াৰটোত অনবৰতে গান লাগিবই তাক। গানৰ ক্ষেত্ৰত বিৰাট 'চিলেকটিভ' 'ৰাটো। নিৰ্দিষ্ট কেইটামান গানৰ বাহিৰে একো নুশুনে আৰু আমাকো শুনিবলৈ নিদিয়ে।

টাইটানিকৰ 'every night in my dreams',

মিছন চাইনাৰ 'দিন জ্বলে ৰাতি জ্বলে',

প্ৰিয়াৰ প্ৰিয় ছবিখনৰ ' প্ৰিয়া তুমি হয়নে মোৰ',

জুবিন গাৰ্গৰ '' আজি কেনি পাওঁ', 'ফুল ফুলক 'দৰে ফুল',

'দৰ চিঠী ছবিৰ 'প্ৰতিদিনে তুমি আহি দিয়া এপাহী ফুল'

এইবোৰ হৈছে তাৰ লিষ্টখনৰ পাৰমানেণ্ট গান। ইয়াৰ উপৰিও সময়ত আন কিছুমান গানো যোগ-বিয়োগ হৈ থাকে।

লিষ্টখনত শেহতীয়াকৈ যোগ হোৱা চাৰিটা গান হৈছে,

হিন্দীছৱি 'কলংক' শীৰ্ষগীত,

যতীন বৰাৰ ৰত্নাকৰৰ 'ৰাতি ৰাতি মোৰ সপোন বোৰে',

কোনোবা এটা অসমীয়া চেনেলত প্ৰচাৰিত 'চান্দমাৰীৰ চান্দনী' নামৰ চিৰিয়েলখনৰ নীল আকাশে গোৱা শীৰ্ষক গীতটো

আৰু য়ো য়ো হানী সিঙে গোৱা আশিকি ছৱিৰ ৰিমেকটো, 'ধীৰে ধীৰে সে মেৰি জিন্দগী মে আনা....!!'

গান সকলোৰে প্ৰিয়। গুণগুণাব কাৰনো মন নাযাই, আমাৰো যায়। তাতে যদি গাড়ীখনত ইমান ধুনীয়া গান এটা বাজি থাকে, কথাই নায়।  চেলিন ডিঅনৰ লগে লগে মইও গাবলৈ চেষ্টা কৰিছোঁ....

Every.....night in my dreams.....I see you....I feel.......

আইনাখনত পিছফালে মাকৰ মুখখন চাইছোঁ, তেৱো হয়তো মনতে গুণগুণাই আছে।

তেনেতে কণমানি হাতখন আহি মোৰ মুখত সোপা মাৰি ধৰিলে।

: তুমি নাগাবাচোন তিতা। --

নিয়ৰে মোক তিতা বুলি মাতে। এটা দুটা কথা ওলাওতে দেউতা মাতিব নোৱাৰি 'তিতা' কৈছিল, সেইটো থাকি 'ল। পিছতো আৰু শুধৰাই নিদিলো। তেনেকৈয়ে ভাল লাগে।

: কিয়? মই গালে কি হয়?

: তুমি বহুত বেয়া গোৱা তিতা।

: হয়নে? তুমিয়েই ভালদৰে গোৱাচোন।

: মই গাম, কিন্তু তুমি নাগাবা। বেয়াকৈ গালে জুবিন দাদাই বেয়া পাব নহয়।

তাৰ মতে বেছিখিনি গান জুবিন গাৰ্গেই গায় - আৰু হিন্দীবোৰ অৰিজিৎ সিঙে।

: এইটো জুবিন দাদাৰ গান নহয় ' চেলিন ডিঅ'নৰ হে।

: নহয়....এইটো টাইটানিকৰ ছং হয় তিতা, জুবিন দাদাই বা হৈ গাইছে।

: জুবিন দাদাৰাই বা হৈ গান গোৱা নাই নহয় -- গানটো গোৱা বা-জনীৰ নাম চেলিন ডিঅ'ন্।

: 'লেও তুমি নাগাবা।

: আচ্ছা! ঠিক আছে বাৰু, নাগাওঁ মই। পিছে..... মায়ে? মায়ে ভাল গাইনে বেয়া গায়?

কিছুসময় ভাবি পিছফালে বহি থকা মাকৰ মুখলৈ বেঁকাকৈ চাই কলে-

: মা.... অলপ ভাল গাই আৰু।

: ওহ.....তেল মাৰিছা মাক? ঘৰলৈ গৈ মাৰ লগতেই থাকিব লাগিবতো..!!

***

: তিতা, চোৱা অডি অটো। এইখন ৱল্ডত ( world ) নতুনকৈ আহিছে নেকি, টিভিত এডেই দিয়া নাই!

হঠাতে কাষেৰে পাৰহৈ যোৱা অটো এখন দেখুৱাই চিঞৰি উঠিল সি। অটোখনৰ পিছফালে অডিৰ চিহ্নটো লগোৱা। তাৰ কথা ' টিভিত এডভাৰ্টাইজ নিদিয়াকৈ এখন নতুন গাড়ী মাৰ্কেটত কিদৰে আহিব পাৰে!

: '? অডি অটো থাকে নেকি? নাথাকে দেই।

মইও অলপ গহীনাই কবলৈ চেষ্টা কৰিলোঁ।

: থাকে তিতা, মই দেখিছোঁ নহয়। অটোখনৰ পিছফালে অডিৰ ছিম্বলটো আছে।

অলপ হাঁহি, কিবা এটা বুজি পোৱাৰ দৰে কৰি নিজেই কলে

: দুট্ট অটো......সেইটো লগাই লৈছে তিতা...??

: , লগাই লৈছে। অডিৰ অটো নাথাকে।

: তিতা, আমাৰ কাৰখনটো অডি ছিম্বল লগাব লাগিব। ' নে? ....' নহয়, অডি নহয়.....কি লগাম....কি লগাম......বি এম ডবিউ...!? ...' নে তিতা‌...?

: ওম.... ' দিয়া, তোমাৰ যিটো ভাল লাগে......

ইমান সময়ে পিছফালে বহি মূৰত অমৃতাঞ্জন সানি থকা মাকে মাত দিলে---

: ... তহঁত দুয়োটা মনে মনে থাকিবিনে..... মই নামি যাম? দুয়োটাই দুখন অডি আৰু বি এম ডব্লিউ কিনি নলৱগৈ কিয়....? মূৰটো নষ্ট কৰি দিলি মোৰ.!! আৰু কিমান চিঞৰ বাখৰ শুনিম তহঁতৰ??

: ...মা। কিয় খং কৰিছা? তোমাক এখন মাৰ্ছিডিজ কিনি দিম নহয়। খং নকৰিবা দেই, মনে মনে বহি থাকা...

মাৰ্ছিডিজ পোৱাৰ আশাতেই নে মূৰৰ বিষতেই জানো, পিছৰ ছিটত মনে মনে বহি ' মাক।

Comments

Popular posts from this blog

ৰে'ল ঐ ৰে'ল

কৰোণাৰ_তিতা_মিঠা

অকলশৰীয়া