মাই উইস্


বিছনাত বাগৰি কণমানিহঁতৰ আঞ্চাৰচিট্ কেইখন চাই আছিলোঁ পুৱা স্কুলত জমা দিব লাগিব হাসবেন্ড ওচৰতে বহি 'বাইলত 'কেণ্ডি ক্ৰাস্' খেলি আছে এখন আঞ্চাৰচিট্ চাই চকু দুটা সেমেকি উঠিল

: কান্দিছা নেকি '? কি '?......হাসবেণ্ডে সুধিলে

: কালি ক্লাছত 'ৰা-ছোৱালীকেইটাক এটা এচাইনমেণ্ট দিছিলোঁ "মাই উইস্"!.... চকু দুটা মোহাৰি লাহেকৈ কলোঁ

: সেইটোত কান্দিবলৈ কি আছে?....খেলি থকাৰ পৰা তেওঁৰ প্ৰশ্ন চকু দুটাত তেওঁৰ কেণ্ডি ক্ৰাসৰ কেণ্ডিবোৰ তিৰবিৰাই আছে

: শেষৰ আঞ্চাৰচিটখনে মনটো বেয়া লগাই দিলে

: কি লিখিছেনো?...এইবাৰ মোৰ ফালে চাই সুধিলে

: 'বা, মই পঢ়ি দিছোঁ.....

কথাখিনি পঢ়িব ললোঁ ইংৰাজীতে লিখা লাইনকেইটাৰ সাৰমৰ্মটো এনেকুৱা আছিল-----

"মাই উইছ"

মা-দেউতাই তেওঁলোকৰ ফোন দুটা বৰ ভাল পায় ফোনদুটাৰ ইম্মান কেয়াৰ লয় যে কেতিয়াবা মোৰ কেয়াৰ ' পাহৰি যায় অফিচৰ পৰা আহি দেউতাই ফোনটো ' সময় পাই, কিন্তু মই অলপ খেলিব বিছাৰিলে গাটো বিষাইছে বুলি কয় কেতিয়াবা কিবা কাম কৰি থাকোঁতে ফোন আহিলে দৌৰি আহি ফোনটো লৈ কথা পাতে, কিন্তু মই কান্দি থাকিলেও নিজৰ কামখিনি এৰি মোৰ ওচৰলৈ নাহে মায়ে ফোনত গেম খেলে কিন্তু মোৰ লগত নেখেলে ফোনত কথা পাতি থাকোতে মই চিঞৰি চিঞৰি কিবা ' খুজিলেও মোৰ কথাটোত মন নিদিয়ে আৰু মোক কয় 'অলপ সময় মনে মনে থাকাচোন, মই কথা পাতি আছোঁ, অলপ পিছত তোমাক কি লাগে দি আছোঁ নহয়!

সেইকাৰণে মোৰ উইছ্ মই এটা ফোন হম তেতিয়া মাক-দেউতাই মোৰ লগত খেলিব

********


তেওঁৰ চকুলৈ চালোঁ, চকু দুটা সেমেকি উঠিছে 

: কোনে লিখিছে?

: আমাৰ নিয়ৰে!

কাষতে শুই থকা 'ৰাটোলৈ চাই লাহেকৈ উত্তৰ দিলোঁ
কিমান সময় দুয়োটা তেনেকৈ বহি আছিলো মনত নায়নিস্তব্ধতাবোৰ কোঠাৰ ভিতৰত চটফটাই আবদ্ধ হৈ থাকিল

Comments

Popular posts from this blog

আইনা

ৰে'ল ঐ ৰে'ল

প্ৰতিশোধ