আইতা


ৰথেশ্বৰী আইতা সম্বন্ধত মোৰ দেউতাৰ খুড়ীয়েক মাগুৰ বৰণীয়া হাঁহিমুখীয়া আইতা আমাৰ সকলোৰে মৰমৰওচৰ চুবুৰীয়া মানুহখিনিৰো প্ৰিয় আইতা চাৰিকুৰিৰ দেওনা পাৰ কৰা আইতাই পিছে এতিয়া কথাবোৰ পাহৰিব লৈছে সকলো কামতে নিপুণ আইতাই সুন্দৰকৈ গান গাবও জানে তেওঁ যিকোনো পৰিবেশৰ লগত খাপ খুৱাই গান ৰচিবও জানিছিল অৱশ্যে আইতাই কেতিয়াবা অলপ কথা বঢ়াইও কয় যেনে আইতাক হেনো ভূপেন হাজৰিকাই গান শিকাইছিল গানটো ' 'লুইতৰ আশাৰে চাকিটি জ্বলে' প্ৰকৃত গানটোত কণ্ঠদান কৰিছিল দিলিপ শৰ্মা আৰু সুদক্ষিণা শৰ্মাই
              
আইতাৰ আন এটা টেলেন্টো আছিল আগতে ওচৰৰ মানুহবোৰে সাধাৰণ চৰ্দি জ্বৰ আদি 'লে আইতাৰ ওচৰলৈ আহিছিল জৰা-ফুঁকা কৰোৱাবলৈ গাঁৱত এইবোৰ চলেই আইতাইও বনদৰৱৰ লগতে বিৰ-বিৰকৈ কিবা মন্ত্ৰ মাতিছিল মানুহবোৰেও বিশ্বাসতে ভাল পোৱা যেন পাই হাঁহি মুখে উভতিছিল এতিয়াও আইতাৰ ওচৰলৈ বয়সস্থ মানুহবোৰ আহে আইতাই কথা পাহৰে বাবে ঘৰৰ মানুহে বাধা দিয়ে, তথাপিও তেওঁলোক আহে
               
অলপতে এগৰাকী বয়সীয়া মহিলা আহিল দৰৱ বিছাৰি আইতাৰ চিকিৎসা আৰম্ভ ' নাতিনীহঁত ওচৰলৈ গৈ আইতাৰ মন্ত্ৰ শুনি হাঁহিত ৰব নোৱাৰা ' আইতাই মন্ত্ৰ গাইছে -'লুইতৰ আশাৰে চাকিটি জ্বলে' সেইযে ভূপেনদাৰ গানটো!!
                
কিছুসময় পিছত মানুহ গৰাকীও 'লগৈ অকণো আপত্তি নকৰাকৈ কাৰণ -- তেওঁ কানেৰে নুশুনে আইতাই কি মন্ত্ৰ মাতিলে, তেওঁ গমেই নাপালে ভন্টি এজনীয়ে ফোনত কথাখিনি 'লে হাঁহিও উঠিল,দুয়োগৰাকীৰ কাণ্ড কাৰখানাত দুখো লাগিল
                 
ভাবিছো এনেদৰেই থাকক তেওঁলোক এই বয়সত ইজনে সিজনৰ লগত এনদৰেই সময়বোৰ পাৰ কৰি দিয়ক আজিৰ কৃত্ৰিমতাই আৱৰি ৰখা পৃথিৱীখনত বিশ্বাসৰ দোল ডালেৰে বান্ধ খাই থাকক

~সঙ্গীতা ভৰদ্বাজ

Comments

Popular posts from this blog

ৰে'ল ঐ ৰে'ল

কৰোণাৰ_তিতা_মিঠা

অকলশৰীয়া