আলাদ্দিন


অফিচৰ পৰা ওলাই ঘৰলৈ ঢাপলি মেলোতে ৰাস্তাৰ কাষত পৰি থকা অদ্ভূত কিবা এটা চকুত পৰিল। বৰকৈ চিকমিকাই থকা বস্তুটো কিনো বুলি বাইকখন একাষৰীয়া কৰি ওচৰলৈ গৈ দেখোঁ চাকিৰ দৰে কিবা এটা চিকমিকাই আছে। পিছফালে এডাল নেজৰ দৰে আছে, ঠিক যেন আলাউদ্দিনৰ চাকিটোহে।

আহ্! আজি বস্তুটো পালোঁ ।

লাখপতি হোৱাৰ হেজাৰটা সপোন মুহূৰ্ত্ততে চকুৰ আগেৰে দৌৰ মাৰিলে। চাকিটো হাতেৰে ঘহি দিম, জিন্ এটা ওলাব আৰু তাৰ পৰা মোটা এমাউণ্ট এটা বিছাৰিম। বিহুৰ বোনাছটো নাপালোঁৱেই, দৰমহাৰ পইছাকেইটাও হাতত নাথাকে। মাহৰ তিনি তাৰিখেই সকলো শেষ। ইফালে আলহি, অতিথি এগালমানটো আছেই.....। গাড়ীখনৰ ই.এম.আই. পাৰচনেল লোন, ল'ৰাৰ স্কুলৰ ফিজ, গাড়ীৰ তেল...। উফ্ উফ্। আৰু যে কিমান!!

সিদিনা এটা মেইল আহিছিল। মই হেনো ঢেৰ গ্ৰেট ব্ৰিটেইন পাউণ্ড জিকিলোঁ, কিবা বোলে লটাৰী হৈছিল। হিচাপ কৰি পালো প্ৰায় ৯৫০০ কোটিমান হ'ব।

ন হাজাৰ পাচশ কোটি?? বাপৰে বাপ্!!

মনতে হিচাপ কৰি চালোঁ, মই বাৰু কাৰ সমান ধনী হ'ম। অজয় কালিয়া, পিতল তম্বানী নে জুৱেল মোদী??

পিছে মোৰ চেক্ খন পঠাব কাৰণে ছিপিং ছাৰ্জ এটা লাগে সিহঁতক। সেয়া প্ৰায় ৭৫০০০ টকা। মই কলোঁ বোলে মোৰ পাবলগীয়া টকা কেইটাৰ পৰা ছিপিংটো কাটি ৰাখক আৰু বাকীখিনি মোলৈ পঠিয়াই দিলেই হ'ল। আটাইতকৈ সহজ উপাই, "চেক পঠিয়াব নালাগে, একাউণ্ট ট্ৰা্ন্সফাৰ কৰক।"

ৰিপ্লাই দিয়া নাই এতিয়ালৈ, কি যে কৰোঁ! ছে: পঠিয়াব লাগিছিল নেকি বাৰু ছিপিং ছাৰ্জটো, পিছে ক'ৰপৰানো পঠিয়াওঁ। মালেই নাই হাতত।

চাকিটোৱে নিশ্চয় সহায় কৰিব। ক'ত উলিয়াও বাৰু জিন্ টোক? মানুহে দেখিলে বিপদ হব পাৰে। ঘৰলৈকে লৈ যাওঁ, তাতেই মনে মনে ঘহিব লাগিব। কোনেও নেদেখাকৈ চাকিটো মনে মনে বেগত ভৰাই লৈ ঘৰমুৱা হলো।

ঘৰ সোমাই গম পালোঁ মানুহজনী ল'ৰাটো লৈ ওচৰৰ ঘৰলৈ গৈছে। ভালেই হ'ল।
ৰুমত সোমাই দৰ্জাখন মাৰি ললোঁ। এইবাৰ চাকিটো উলিয়াই ঘহিব ধৰিলোঁ। ক'তা, একো নহয় দেখোন। ভালদৰে জোৰেৰে তাক এইবাৰ ঘহিব ধৰিলোঁ, চাকিটো গৰম হৈ আহিছিল।

 ..ধ্বা....ৰা.....ম ....!!

তেনেতে এটা শব্দ হ'ল আৰু চাৰিওফালে কেৱল ধোৱা আৰু ধোৱা। মুহুৰ্ততে হুৱা-দুৱা লাগি পৰিল আৰু তাৰ পিছত............

......তাৰ পিছত আৰু মই একো গম নেপাওঁ। সাৰ পাই উঠি দেখিছোঁ মই হস্পিতালত পৰি আছোঁ। আপোনালোকৰ লগত কথা পাতোতে অনুভৱ কৰিছোঁ মোৰ হাত-ভৰিবোৰ নায়।

বৰ ভাল হৈছে, তহঁতৰ লগত এনেকুৱাই হব লাগে। আলাদ্দিনৰ চাকি লাগে....হে??মনত ৰাখিবি, ৰাস্তাই ঘাটে পৰি থকা সব চাকি আলাদ্দিনৰ নহয়, আজিকালি সেইবোৰ মুজাহিদ্দিনৰ হে হয়। তহঁতৰ দৰে পঢ়া শুনা কৰা মানুহকো এইবোৰ সিকাব লাগিব নেকি?

পুলিচৰ হাৱিলদাৰজন ভোৰভোৰাই হস্পিতালৰ ৰুমটোৰ পৰা ওলাই গ'ল।

****

Comments

Popular posts from this blog

ৰে'ল ঐ ৰে'ল

কৰোণাৰ_তিতা_মিঠা

পাংচাৰ