পাপুৰ কথাৰে
আকাশখন গোমা। সন্ধিয়াৰ আগতেই চৌদিশ অন্ধকাৰ হৈ আহিছে। হয়তো এজাক ডাঙৰকৈয়ে আহিব। গৌৰী মাষ্টৰ এতিয়াও স্কুলৰ পৰা অহা নাই৷ কণমানিটোক বুকুত বান্ধি মঞ্জুৰ মনত চিন্তা। পথাৰৰ মাজৰ অকলশৰীয়া টিঙৰ চালিৰ ঘৰটোত তেওঁৰ অকলে বৰ ভয় লাগে। তাতে আজি বতৰটো যেনেকৈহে আহিছে! : মাষ্টৰ বোপা এতিয়াও অহা নেকি আই? : অ'...... আমৈ আহিছ! তেওঁচোন আহিয়েই পোৱা নাই৷ পাঁচ বাজিবৰ হ'ল। ইফালে পাপু স্কুলৰ পৰা আহিয়েই ওলাই যোৱা, এতিয়াও ঘৰ সোমোৱা নাই। মোৰ বৰ চিন্তা হৈছে। : তহঁতৰ গৰুদুটা আনি পিছফালে বান্ধি থৈছো৷ ক'লা আকাশখন দেখি ভালদৰে খোৱা লোৱা কৰা নাই, পথাৰত একেবাৰে চেপেটা লাগি ঠিয় হৈ আছিল। মাষ্টৰ আহিলে কিবা অলপ দানা-পানী দিবলৈ ক'বি। মই যাওঁ। মোৰ গৰুকেইটা ঘৰ পালেগৈ। : আমৈ! বৰ ভয় লাগিছে। এওঁ নহালৈ মোৰ লগত থাকিব নোৱাৰিবিনে? বতাহৰ শব্দটোও বেছি হৈ আহিছে। : মই ঘৰলৈ যাব লাগিছিল অ' আই। সিহঁতহালে বা কি কৰিছে! চোতালত কিবাকিবি মেলি থোৱাও আছে, গৰুহালো গৈ ঘৰ পালেগৈ। : বান্ধিব দে সিহঁতে গৰুহাল। চোতালৰ বস্তুও সামৰিব। ভিতৰলৈ আহচোন, নিপুটো বিছনাতে আছে। তাৰ ওচৰতে বহ, মই এবাতি চাহ বনাওঁ। হঠাতে ধাৰাষাৰ বৰষুণজ...