য়া আলী ৰহম
ফোনৰ স্ক্ৰীনত তিনিটা মিচকলৰ নোটিফিকেচন৷ ফোনটো আনলক্ কৰি ডায়েল লিষ্টখন উলিয়াব লওতে পুনৰ একেটা নম্বৰৰ পৰা কল৷ স্ক্ৰীনত ফ্লাছ কৰি আছে চিনাকি নামটো৷ আচৰিত হ’লো , বহুদিনৰ মূৰত! উঠোৱাৰ লগে লগে সিফালৰ পৰা সি চিঞৰি উঠিল - : মই কৈছো। ইমানকৈ ফোন কৰো নুঠাৱ কিয় ? ডাঙৰ কাম এটা আছে! মাৰ্ছৰ ২৫ তাৰিখে গুৱাহাটীলৈ আহ। : মানে ? এনেদৰে হঠাতে কেনেকৈ যাম ? : সেইবোৰ নাজানো৷ তোৰ মোবাইলত টিকট পঠিয়াই আছে গৰিমাই। একো কথাই নুশুনো আৰু। কাট খাই গ’ল ফোনটো৷ তেনেকুৱাই কৰে সি৷ হয়! সেয়া জুবিন! সাংঘাটিক মেজাজী , সকলোৰে মৰমৰ জুবিন গাৰ্গ৷ এনেদৰে মাজে মাজে ফোন কৰি দম দি থাকে। তাৰ মতেই কৰিবলগীয়া হয় সকলো। সময়ত মোৰ একো কথাই শুনিবলৈ অপ্ৰস্তুত। বয়সত প্ৰায় দহবছৰৰ পাৰ্থক্য যদিও আমি ভাল বন্ধু। চানমাৰী ফ্লাইঅভাৰৰ তলত বুলেটখন বেঁকাকৈ পাৰ্ক কৰি চাওমিন খাই থাকোঁতে এদিন গালি দিছিলো৷ প্ৰথমতে অলপ কাজিয়া পেছাল আৰু পিছলৈ বন্ধুত্ব। তেতিয়া সি বি. বৰুৱাত আৰু মই কমাৰ্চত! সেয়াই আৰম্ভণি। দাগ , নায়ক , কন্যাদান , বাৰুদকে আদি কৰি তাৰ বহুকেইখন ছবিৰ সংগীতৰ কামত সহায় কৰি দিছো। তাৰ গীতবোৰৰ ইন্সট্ৰমেন্টেলখিনি সাধা...