❤️ প্ৰেম আৰু প্ৰেম ❤️

প্ৰিয়া আৰু অৰ্জুন, বাল্যবন্ধু। ঘৰুৱা চিনাকী। প্ৰাইমাৰী স্কুলৰ পৰাই দুয়ো একেলগে। ল'ৰালিৰ বন্ধুত্ব গৈ কলেজত জোৰদাৰ প্ৰেম হ'ল। দুয়ো ইজনে সিজনক ইমানেই ভাল পায়, এক মুহূৰ্ত্তও নেদেখাকৈ থাকিব নোৱাৰে। ক্লাচৰ ভিতৰেই হওঁক, কলেজৰ কেন্টিনতেই হওঁক বা কলেজৰ সম্মুখৰ এচি ৰেস্তোৰাঁখনতেই হওঁক দুয়োটা একেলগে। কেম্পাচৰ ভিতৰৰ গছৰ তলত সিহঁত নবহে; টিকা ফটা ৰ'দত কোন বহিব তাত!
দুয়োৰে মৰমে কেতিয়াবা অন্য ৰূপো লয়। অৰ্জুনে আন ছোৱালীৰ ফালে চালে প্ৰিয়াৰ ভীষণ খং, কথা পাতিলেতো নিস্তাৰ নাই। সিহঁতৰ মৰম সেইদিনা মাৰপিটলৈকেও যায়। দুয়োৰে সৰু-সুৰা ধেমেলীয়া কথাবোৰ আমি খুউব ভাল পাইছিলোঁ।
এদিন ক্লাছৰ শেষত অৰ্জুনে বাহিৰতে ৰৈ আপোনমনে কিবা ভাবি আছিল। হঠাতে তাত ওলালহি প্ৰিয়া। আহিয়েই চিঞৰি উঠিল তাই-
: অই কাক চাই আছিলি? ৰিয়াক নে?
: নাইতো! তোলৈকে ৰৈ আছোঁ।
: ইয়ে...হয় নেকি? ব'ল যাওঁ তেন্তে।
: ব'ল ব'ল।
দুয়ো ঘৰমুৱা হয়। অৰ্জুনৰ ঘৰ প্ৰথমতে পাই যদিও অলপ আগুৱাই তাইক নমাই থৈহে সি আহি ঘৰত সোমায়। গেটখন খুলি ভিতৰলৈ সোমাব খুজিও এখোজ পিছুৱাই আহিল প্ৰিয়া। বাইকখনত হাতখন থৈ অৰ্জুনৰ চকুলৈ চাই ক'বলৈ ধৰিলে-
: ৰিয়াৰ মেৰুণ কালাৰৰ স্কাৰ্টটো ইমান ধুনীয়া আছিলে ন?
: নহয় অ'......ৰেড হে আছিল।
: হ..ম....মমম্। আমি আকৌ চোৱাই নাছিলোঁ পাই।
: বিদ্যা শপত।
: হ'ব হ'ব.... নকওঁ আৰু।...ঘৰলৈ যা।
দুইটা এনেদৰে খুটুং খাটাংকৈ লাগি থাকে। অতি সোনকালে সিহঁতৰ বিয়া হ'ব। ঘৰ দুয়োখনৰ মাজতো সম্পৰ্ক ভাল। সেইসূত্ৰে অহা যোৱাও আছে। চাকৰি বাকৰিৰ লেঠা নাই, দেউতাকৰ বিশাল ব্যৱসায়ৰ দ্বায়িত্ব তেওঁৰ পিছত অৰ্জুনৰেই কান্ধত। প্ৰিয়াৰ দেউতাকেও ব্যৱসায় কৰে। গ্ৰেজুৱেচনটো সম্পূৰ্ণ হ'লেই দুয়োটা বিয়াত বহিব। সিহঁতৰ লাভষ্টৰিত কোনো ভিলেইন নাই।
******
এদিন আবেলিপৰত অৰ্জুনহঁতৰ ঘৰত দুয়ো বহি আছে। আন এটা কোঠাত দুয়োৰে মাক দুগৰাকীও বিভিন্ন আলোচনাত ব্যস্ত। এনেদৰে তেওঁলোক লগালগি হৈ থাকেই।
: অৰ্জুন, তই মোৰ লগত টাইম পাচ কৰি আছ ন? মই সব গম পাওঁ!
: কিয়নো তেনেকৈ ভাবিলি?
: মই জানো দে, তই ৰিয়াক হে ভাল পাৱ। মোৰ লগত খালি টাইম পাচ কৰি আছ।
প্ৰিয়াৰ চকুদুটা চলচলীয়া হয়। কাষচাপি আহে অৰ্জুন। আলফুলে তাইৰ হাতদুখন নিজৰ হাতৰ মাজত লৈ ক'বলৈ ধৰে -
: কি যে কৱ তই! মই তোক বহুত ভাল পাওঁ, ৰিয়াৰ লগতহে টাইম পাচ কৰি আছোঁ।
:ক্...কি?
সেইদিনা সি কেনেবাকৈ বাছিল। টেবুলৰ ওপৰৰ পৰা প্ৰিয়াই কিবা এটা ওজন বস্তু তাৰ মূৰলৈ দলিয়াই দিছিল।
******
এনেদৰে ইটো সিটো মৰম অভিমানৰ মাজেৰে সিহঁতৰ সম্পৰ্কটো আগবাঢ়িল। ফাইনেল শেষ হ'ল, ৰিজাল্টো ওলাল। দুয়ো গ্ৰেজুৱেট হ'ল।
কিছুদিনৰ পিছত সকলোৰে সন্মতিত বিয়াখনো হৈ গ'ল। বিয়াৰ পিছত অৰ্জুনে দেউতাকৰ ব্যৱসায়ত যোগ দিবলৈ মন নকৰিলে। সি হেনো চাকৰি কৰিব। মাক দেউতাক প্ৰথমতে অলপ অসন্তুষ্ট হৈছিল যদিও পিছলৈ প্ৰিয়াৰ কথামতেই তাক মনৰ ইচ্ছামতে কাম কৰিবলৈ বাধা নিদিলে।
ঘৰৰপৰা অলপ আঁতৰত ফ্লেট এটা ভাড়াত লৈ দুয়ো থাকিবলৈ ল'লে। বিয়াৰ পিছতো সিহঁতৰ খুটুং খাটাংখন চলিয়েই থাকিল। ইফালে সিহঁতৰ কথাবোৰ ইকাণে সিকাণে জানিবলৈ পাই আমি বিৰাট ফুৰ্তি পাওঁ।
এদিন প্ৰিয়াৰ পেহীয়েকৰ ঘৰত হেনো নিমন্ত্ৰণ। কাপোৰ কানি পিন্ধি অৰ্জুন কেতিয়াবাই সাজু। প্ৰিয়ালৈ ৰৈ ৰৈ তাৰ আমনি লাগিছিল। তাইৰ ওলোৱা নহয় হে নহয়।
: মই ওলাই মেলি কেতিয়াবাই হ'ল। আধা ঘণ্টাৰ পৰা পাচ মিনিট, পাচ মিনিট কৈ আছ... আৰু কিম্মান দেৰি লাগিবনো? কি সানি আছনো সেইবোৰ?
: ৰ না ....আৰু মাত্ৰ ৫ মিনিট!
: উফ্ আকৌ পাচ মিনিট?
*****
পেহীয়েকৰ ঘৰৰ পৰা ৰাতি ডেৰমান বজাত ওভতি আহি দুয়ো ঘৰ সোমাল। জোতাযোৰ খুলি থকাৰ পৰা সি মাত লগালে -
: পেহীয়েনো সদাই কিয় মোৰ জ্বলা জুইত ঘি ঢালে?
: উৱা! কি ক'লেনো?
: কিনো ক'ব! যেতিয়াই যাওঁ তেতিয়াই সুধিব 'আমাৰ প্ৰিয়াক বিয়া কৰাই তুমি সুখীনে অৰ্জুন?'
: এই...ই্..... সেইটো জ্বলা জুইত ঘি? ৰবি, দি আছোঁ আজি মজা।
: হে হে। হ'ব দে বহুৰাতি হ'ল, শুই থাক।
হাঁহি এটা মাৰি অৰ্জুনে ভৰি হাত ধুবলৈ সোমায়।
***
পিছদিনা অফিচৰ পৰা বাহিৰে বাহিৰে দুয়ো চিনেমা চাবলৈ গৈছিল। কবীৰ সিং। প্ৰিয়াৰ হেনো বৰ ভাল লাগিল। কবীৰ বোলে বিৰাট ৰোমাণ্টিক!......আৰু অৰ্জুনটো!
হলৰ পৰা ওলাই পাৰ্কিঙলৈ গৈ থাকোঁতে তাই মাত লগালে -
: ইম্মা...ন ভাল লাগিলে ন? কবীৰ ল'ৰাটো কিমান যে ৰোমাণ্টিক। মোক সদাই কবীৰৰ দৰে ভাল পাবিনে? বিয়াৰ পিছত মোক মৰমেই নকৰা হ'লি।
: কি যে কৱ... কিয় মৰম নকৰিম? মই তোক কবীৰতকৈও বেছি ভাল পাওঁ। চিৰদিন তোক কবীৰৰ দৰেই মৰম কৰি থাকিম। মনত আছেনে, সেইযে মৰমতে সি প্ৰীতিৰ গালত চৰিয়াই দিয়ে, কিযে মজ্জা লাগে ন চিনটো?
: হয়নে? হ'ব, নালাগে দে। সেয়া চিনেমা হে। চিনেমা আৰু ৰিয়েল লাইফৰ মাজত ডিফাৰেঞ্চ আছে! চিনেমাখন তিনিঘণ্টাৰ হে, আমাৰ ইম্মান দীঘলীয়া জীৱনটো আছে ন আগত।
: হ...ম!!
অৰ্জুনে কেৰাহিকৈ তাইলৈ চালে। অভিমানত তাইৰ ওঠদুটা কঁপি উঠিছিল। সোঁহাতেৰে তাইক ওচৰলৈ চপাই আনি দুয়ো গাড়ীখনৰ ওচৰলৈ খোজ দিলে।
*******
পিছদিনা দুপৰীয়া ভাতৰ টেবুলত বহি অৰ্জুনে তাইক বিভিন্ন কথা কৈ জোকাই আছিল।
: শাকভাজি খনত নিমখ অলপ বেছিকৈ দিলি নেকি?
: নিমখ আনদিনাৰ সমানেই দিছো, বজাৰৰ পৰা শাক কমকৈ আনিছিলি তই।
: হে.....?!
****
খোৱা-লোৱা সামৰি দুয়ো বেলকনিত বহিল। ইটো সিটো বিভিন্ন কথাৰ মাজতে প্ৰিয়াক অলপ অন্যমনস্ক যেন দেখা গ'ল। হয়তো চচিয়েল মিডিয়াত কিবাকিবি চাই আছিল তাই।
: অৰ্জুন...।
: হহহ....মমম্!
: কথা এটা ক না।
: কিনো?
: ইম্মান আন-ৰোমাণ্টিক কিয় হৈছ, মোক মৰমেই নকৰা হ'লি..যে!
: কিয় নকৰিম, তোকেই মই সব্....চে বেছি ভাল পাওঁ.....জানই চোন।
: আটছা...ক না....লাভ মেৰিয়েজ আৰু এৰেঞ্জড‌্ মেৰিয়েজৰ মাজত ডিফাৰেঞ্চ কি?
: ভেৰি চিম্পল, বেছি একো ডিফাৰেঞ্চ নাই।
: কিনো চিম্পল? জল্দি ক, মই ফেচবুকত লিখিব লাগে।
অৰ্জুনে কিছুসময় ভাবি লাহেকৈ উত্তৰ দিলে -
: ও....ম! চা, তোক এটা উদাহৰণ দিছোঁ। ধৰি ল.....ৰাস্তাৰে গৈ থকা মানুহ এজন ভুলতে গৈ পকীবেৰ এখনত খুন্দিয়াই দিলে আৰু তেওঁৰ মূৰটো ফাটি গ'ল।.....সেয়া এৰেঞ্জড্ মেৰিয়েজ।
: হয় নেকি...... আৰু লাভ মেৰিয়েজ? - তাৰ কথা শুনি প্ৰিয়াৰ মূৰটো গৰম হৈ আহিছিল।
: মানুহজনে যদি জানি শুনি নিজেই গৈ বেৰখনত মূৰটো মাৰি দিয়ে......সেয়া লাভ মেৰিয়েজ আকৌ।
: হ'ব দে। তোৰ লগত কথা পতাই ভুল....টোটেলি আন-ৰোমাণ্টিক তই।
: অই.... ক'ত যাৱ........ৰবি.....প্ৰিয়া.....শুনচোন!
*******
এনেদৰে দিনবোৰ গৈ থাকিল। অৰ্জুনে এটা চাকৰি পালে। এতিয়া দিনটো প্ৰিয়া ঘৰটোত অকলশৰীয়া হ'ল। সি একেবাৰে সময় নাপায়। ঘৰৰ বজাৰ সমাৰৰ দ্বায়িত্বও প্ৰিয়াৰ। এদিন অৰ্জুনৰ লগতে তাইও ওলাল। বজাৰত তাই নামি ৰ'ব। গাড়ীৰ ভিতৰত সি প্ৰিয়াক বিভিন্ন কথাৰে জোকাই থাকিল। লাজতে মাজে মাজে তাইৰ গালদুখন ৰঙা হৈ যাই।
: বজাৰৰ পৰা কি আনিবি?
: আলু, কবি, শাক, পিয়াজ, দুই কেজিমান মতৰ।
: মতৰ দুই কিয়, চাৰি কেজি আনিবি। দুদিন বেছিকৈ খাম।
: মইতো আনিম, বাকলি গুচাবিটো?
: নালাগে যা, এক কেজিয়েই আনিবি।
বজাৰৰ মাজত প্ৰিয়াক নমাই সি অফিচলৈ গুছি গ'ল। অফিচৰ পৰা আহি সন্ধিয়া সময়ত অলপ সহাই কৰি দিও বুলি প্ৰিয়াৰ ওচৰলৈ আহিল অৰ্জুন।
: তেতিয়া মতৰ আনিলিনে? দে মই বাকলি গুচাই দিওঁ।
: হ'ব দে, মই ইম্মানো বেয়া নহয় সব কাম তোৰ হতুৱাই কৰাম যে! মোক মায়েও এইবোৰ শিকাই পঠোৱা নাই, গম পাইছ!
: ৱাহ!! ভাল কথা। মই অলপ অফিচৰ কামেই কৰোঁ তেন্তে।
: অফিচৰ কাম অফিচত কৰিবি, ঘৰলৈ কিয় লৈ আনিব লাগে। বাথৰুমত গা ধোৱা কাপোৰখিনি পুৱাৰপৰা থোৱা আছে, সেইখিনিকে ধুই দেনা.....প্লি....জ।
: হয় নেকি...! ......ঠিক আছে বাৰু!
: পাকঘৰত বাচনখিনিও আছে, পৰিষ্কাৰ কৰি থবি হা.... মই আজি মতৰ-পনীৰ বনাম।
: হ...হ.....হম!
*******
সেইদিনা ৰূপম আহিছিল। ৰূপম অৰ্জুনৰ সৰু ভায়েক। দুপৰীয়া ভাত খাই উঠি তিনিওটা বেলকনীত বহিল। ৰূপমে আৰম্ভ কৰিলে -
: দাদা, চাচোন, মোৰ লগৰ ৰাজুৰো বিয়া হ'ল।
: তুমিও বিয়াখন পাতা ভাইটি। - প্ৰিয়াই ৰূপমলৈ চাই মিচিকিয়াই হাঁহিলে।
: বৌ, মোৰ লগৰ সবৰে বিয়া হ'ল আৰু তোমালোকে আজিলৈ মোৰখন পাতি নিদিলা! মই নিজে কেনেকৈ পাতিম।
: ছোৱালী চাইছা তাৰমানে?
: নাই.....মানে এনেই চাওঁতে এজনী চাইছোঁ.....!
দুয়োৰে কথা বতৰা শুনি থকা অৰ্জুনে তলমূৰ কৰি থকাৰ পৰাই মাত লগালে -
: আৰে ভাই, ভগৱানে তোৰ ভাগ্যত এতিয়াই দুখ লিখা নাই, তাতে তই মোক কিয় দোষ দিছ অ?
অৰ্জুনৰ কথা শুনি ইফালে প্ৰিয়াৰ চুলিৰ আগেৰে যেন জুইহে ওলাবলৈ ধৰিলে। কেনেদৰে অৰ্জুনক এসেকা দিয়া যাই তাকেই ভাবি থাকিল। সন্ধিয়া ভাত বনাবলৈ তাইৰ একেবাৰে মন নাছিল। অৰ্জুনৰ ওচৰলৈ আহি ক'বলৈ ধৰিলে -
: আজি শ্বাহী-পনীৰ বনাও নেকি!....কি কৱ?
: ৱাহ.... মজ্জা লাগিব। ভালদৰে বনাবি হা। নামটো শুনিয়েই মুখলৈ পানী আহি গৈছে।
: হ'ব দে, মুখলৈ পানী আহিছে নহয়, সেইখিনিকে গিলি থবি। ভাত নবনাওঁ মই।
অৰ্জুনে বুজিলে তাই দুপৰীয়াৰ পোতক তুলিব খুজিছে। কথাৰ সুৰ সলাই সি তাইৰ ওচৰলৈ আহিল।
: ধে....ইৎ এইজনী। ধেমালিও কৰিব নোৱাৰি দেই তোৰ লগত! ইমান অভিমান!
: কি নোৱাৰি, কি নোৱাৰি? বেলেগৰ লগত পাৰি নহয়? এনেয়েও মই মন কৰিছোঁ, আজিকালি তই মোক আগৰ দৰে ভাল নেপাৱ। ৱু.....হু....হু! Divorce লাগে মোক......Di....vor.....ce....!!
কি হ'ল সি একো ধৰিবই নোৱাৰিলে। ছোৱালীজনী যেতিয়াই তেতিয়াই ইমান আবেগিক হৈ পৰে। কিছুসময় ৰৈ ফ্ৰীজৰ পৰা ডাৰ্ক চকলেট এটা আনি প্ৰিয়াৰ হাতত দি ক'লে সি -
: হ'ব দে চিঞৰিব নালাগে, এইটো ল... তোৰ ফেভ্...ৰেট্।
চকলেটটো হাতত লৈ আকৌ গলি পমি গ'ল প্ৰিয়া। টপক কৰি অৰ্জুনৰ গালতে এটা চুমা খাই দিলে তাই।
: আ...ই....ও....মোৰ বে...ব্বী...টো... ইম্মান ভাল তই....মোৰ কাৰণে চকলেট আনিয়েই থৈছিলি। ওওও...মমম্.... আই লাভ ইউ। -
: এ নহয় ৰ, পেহীয়ে কৈছিল যিকোনো ভাল কামত আগবঢ়াৰ আগতে মিঠা খাব লাগে।
: কি কলি.......। মানে....! তই মোক ডিভৰ্চ......! অ.....ৰ......জু.....ন!
********
সিদিনা হঠাতে পেহীয়ে ফোন কৰিছিল। ফোনটো থৈ প্ৰিয়া অলপ অন্যমনস্ক হৈ পৰিল। তাইক মন বেয়া কৰি থকা দেখি অৰ্জুন আহি ওচৰতে বহিল।
: কোনে ফোন কৰিছিল নো?
: পেহীয়ে।
: মনটো বেয়া কৰিছ যে? কিনো ক'লে?
: সমুজ্জ্বল যে আছিল, তেওঁ ঢুকাল।
: কোন সমুজ্জ্বল অ'?
: কিয়, আমাৰ বিয়া পাতি দিছিল যে, কাশ্যপ খূড়া। পুৰোহিতজন আকৌ। পাহৰিলি?
: কেনেকৈ পাহৰিম....!......বৰ ভাল হৈছে.....তেওঁ পাপৰ ফল ভোগ কৰিছে। আমাৰ বিয়া পাতি যি পাপ কৰিছিল, ঈশ্বৰে তেওঁক .... শাস্তি.... দিয়ক......!
: কি? কি কৈছ তই?
খঙত জ্বলি উঠিল প্ৰিয়া। দুচকুৰে যেন এসোপা জুই উলিয়াই অৰ্জুনক পুৰি পেলাব। অৰ্জুনে ভাবিলে আজি সি শেষ, প্ৰিয়াৰ ক্ৰোধত এতিয়া প্ৰাণ যাব তাৰ। লাহেকৈ কথাটো সলাই তাইৰ কান্ধত হাতখন থৈ সান্ত্বনা দিবলৈ ধৰিলে-
: নাই অ'.....শান্তি দিয়ক কৈছো, শান্তি দিয়ক। ঈশ্বৰে তেওঁৰ আত্মাক চিৰশান্তি দিয়ক।
: অ ... মই আকৌ কিবা বেলেগহে শুনিছিলোঁ।
: তইও যে আৰু ...। কিবাকিবি শুনি থাক। আজি শুওতে কাণত মিঠাতেল দুটোপালমান সুমুৱাই থবি। পুৱালৈ কাণখন পৰিস্কাৰ হৈ থাকিব।

Comments

Popular posts from this blog

শিশু গল্প:

য়ে দিল্লী হে মেৰে য়াৰ

সাগৰ দেখিছানে