বিতচকু
ছোৱালী
মানেই সাজোন-কাচোন। পিছে
মইহে ক'ৰ পৰা
জানো এই ধৰা পালোহি প্ৰভুৱেহে জানে। হাইস্কুল
সোমোৱাৰ লগে লগে চকুত বিতচকু যোৰে বাহ ল'লেহি।
সেয়েহে নেকি ষ্টাইলবোৰ শিকিবলৈ চোন মনেই নগ'ল। 'কিনো
হ'ব চশ্ মাযোৰহে
আগতে সকলোৰে চকুত পৰিব' এনে ভাৱবোৰে মনত ঠাই পাব ধৰিলে। কলেজ
পোৱাৰ পাছত অৱশ্যে লিপ্ ষ্টিক আৰু কাজলডাল ল'বলৈ শিকিলো। আজিও
ষ্টাইল মানে সেইকণেই জানো দেই।
সময়ত বিয়াৰ দিন চমু চাপিল। লগৰ
এজনীয়ে আহি ঘৰত হুলস্হূল লগালে বোলে বিয়াৰ দিনাও এইজনীয়ে চকুত সেইযোৰ ওলমাব নেকি (মানে চশ্ মা)?? কথাষাৰ অৱশ্যে ময়ো নভৱাকৈ থকা নাছিলো। তাই
ক'লে কনটেক্ট লেন্স ল'বলৈ।ময়ো ভাবিলো হ'বলগীয়া পতিদেৱে
মোক এটা নতুন ৰূপত দেখিব। ভাৱিয়েই
ভাল লাগি গ'ল।
তাইৰ কথামতেই লেন্স কিনিলোগৈ। বিয়াৰ
দিনটো ভালেৰেই পাৰ হ'ল।
দৰা আহিল। মাঘমহীয়া
ঠাণ্ডাত হোমৰ গুৰিত বহি টোপনিত কিমানযে মাছ নধৰিলো!! কইনা উলিয়াই দিয়া সময় আহি পোৱাত কান্দি-কাটি বাউলী হোৱা মইজনীয়ে এপাকত মন কৰিলো চকুৰে চোন সৱ ধোঁৱাময় দেখিছো।কিছুসময়
পাছতহে ধৰিব পাৰিলো যে কন্দাৰ জোৰত এটা চকুৰ লেন্স ক'ৰবাত পৰি
ৰ'ল।
লাগিল লেঠা। ৰাতিখন
মই কি কৰো। কান্দিব
পাহৰি ককাইদেউক খাটিলোগৈ বোলে তই পুৱাই গুৱাহাটীলৈ গৈ মোৰ লেন্স আনিবি।(সেইসময়ত
আমাৰ ওচৰত লেন্স নাপাইছিল)। মই
দিনটো এখন লেন্সেৰে কাম চলাম। সিওঁ
গালি পাৰি ক'লে বোলে
ঘৰৰ কামবোৰ এৰি মই কেনেকে যাওঁ!! পিছত যেনিবা জেঠাইৰ ল'ৰাজনে আনি
দিম ক'লে।
দৰাঘৰ পালোগৈ এটা চকুৰেই। আমাৰ
নিয়মত দৰাঘৰটো আগৰাতিৰ দৰেই দিনতেই হোমৰ গুৰিত বিয়া পাতে। শেষত
তেওঁক লাজমান কাটি কৰি ক'লো লেন্স
হেৰুৱাৰ কথা। লগতে
ক'লো ৰাতি ওৰণিৰ তলত মাছ ধৰিলো। এতিয়া
দিনে পোহৰে নোৱাৰিম। গতিকে
পুৰোহিতে ক'লে ক'ত ফুল দিব
লাগে , ক'ত ঘি
ঢালিব লাগে তুমি মোক বুদ্ধি কৰি দেখুৱাই যাবা। নহ'লে এটা চকুৰে ক'ত কি
কৰিম ক'ব নোৱাৰো। আগৰাতিৰে
পৰা এটা চকুৰে কাম চলাই আছো জানি বেয়া লাগি তেখেতেও যেনিবা সেইকণ সহায় কৰিলে।
পিছে মোৰহে এতিয়াও দুখ লাগে বিয়াৰ ৰাতিখন হোৱা মোৰ অৱস্থাটোৰ কথা ভাবি। এতিয়াও
আমাৰ মতৰ অমিল হ'লেই কয় বিয়াৰ ৰাতি পুৰোহিতৰ মন্ত্ৰ নুশুনি মই হেনো টোপনিয়াই আছিলো।😭😠🤦🏻♀
✍️ সঙ্গীতা ভৰদ্বাজ
Comments
Post a Comment