দিঠক
ভাতকেইটা
খাই বাগৰ দিছো। ল’ৰাটোৱে বুকুত কণমানি ভৰিদুখন উঠাই দিছে, সেইটো তাৰ অভ্যাস। শুৱাৰ
সময়ত সদাই তাৰ ভৰি দুখন মোৰ আৰু মূৰটো মাকৰ বুকুত থাকে। তেনেতে
বাহিৰত কাৰোবাৰ চিঞৰ শুনি চিলমিলকৈ আহিব ধৰা টোপনিটো ভাঙি গ'ল।
এইটো
নিশ্চয় পুৰু। আবেলি
বজাৰত লগ পাওঁতে ঘৰলৈ আহিম কৈছিল। সিয়েই
হ'ব। মাজৰাতিখন
আমনি কৰিব মানা কৰিছিলোঁ, -- নুশুনিলে।
তাক
পাগলৰ দৰে লাগে, অনবৰতে ৰজাৰ নিচিনা পোচাক এযোৰ পিন্ধি থাকে! ছে: কি যে কৰোঁ, বাহিৰৰ পৰা সি মাতিয়েই আছে। উঠি
নাহিলে এতিয়া পত্নী আৰু কণমাণিটোৱে সাৰ পাব, টোপনি আহিছে সিহঁতৰ। দুৱাৰখন
খুলি লাহেকৈ বাহিৰ ওলাই আহিলোঁ।
:কি
হ’ল এই ৰাতিখন?
ইমানকৈ কিয় চিঞৰি আছা?.....অলপ খঙত সুধিলোঁ।
:খং
উঠক বুলিয়েই মাতিছোঁ....আপোনাৰ খং উঠিলেহে আমি সকলো বাছিম।
:কিয়?
:আপুনি
ওলাওকচোন সোনকালে, ৰাস্তাত কম।
: ক’ত যাব লাগে?
নাযাওঁ দেই এই মাজৰাতি!!......বিৰক্তিৰে ক'লোঁ।
:আপুনি
নাহিলে আমি সকলো মৰিম, প্লিজ আহক।
পুৰুৰ
লগত ৰাস্তালৈ ওলাই আহিলো। কিন্তু
এয়া কি....! চাৰিওফালে কেৱল ধোৱা আৰু জুই। কি
হৈছে একো বুজি পোৱা নায়। চাৰিওফালে
মানুহৰ চিঞৰ বাখৰ, হুলস্থুলীয়া পৰিবেশ। মোৰ
ঘৰটো অলপ আওঁহতীয়া কাৰণেই নেকি, একো শুনা নাছিলোঁ। শুৱাৰ
আগতে গেটত তলাটো মাৰিব আহোঁতেও আনকি এই পৰিস্থিতি নেদেখিলোঁ।
পুৰুৱে
বাৰে বাৰে সুধিছে মোৰ খং উঠিছে নে নাই, কিয় সুধিছে বুজি পোৱা নায়। হঠাতে
কানৰ কাষেৰে সোঁ সোঁ কৈ কিবা এটা উৰি গৈ পিছফালে পৰিল। কিনো
পৰিল বুলি পিছফালে চোৱাৰ লগে লগে ডাঙৰ বিস্ফোৰণ এটাই গোটেই ঠাইখন কঁপাই তুলিলে। কোনোবাই
আমাক লক্ষ্য কৰি ৰকেট নিক্ষেপ কৰিছে। জুইৰ
লেলিহান শিখা আৰু ধোৱাই ঠাইখন আৱৰি ধৰিলে। ওপৰত
দেখিলোঁ ট্ৰাকৰ দৰে কিবা এখন চিন্ন-ভিন্ন হৈ উৰি গৈছে।
: পেট্ৰ’লৰ ইমান দাম, তহঁতে পেট্ৰ’লৰ টেংকাৰ উৰুৱাব আহিছ, কোন অ’ তহঁত??!!......খংটো উঠি অহা যেন লাগিল।
তেনেতে
ধোৱাৰ মাজেৰে ৰঙা নীলা বৰণৰ এখন বৃহদাকাৰ ট্ৰাক ওলাই আহিল। সেইখনে
ঠিক পুৰু আৰু মোৰ পিনেই যেন আগুৱাই আহিছে। পুৰুৱে
মোলৈ চাই চিঞৰিব ধৰিলে
: দাদা,
সোনকালে খং কৰক। নহ'লে আজি আমি সকলো মৰিম।
: খং
কৰোঁ বুলি কৰিব পাৰি নেকি? মই খং কৰিলে কি হ’ব? কি
হৈছে ইয়াত? টেৰৰিষ্ট এটাক্ নেকি? ফোনটোও নানিলোঁ, কোনোবাই পুলিছক খবৰ দিছে নে নায়?
হঠাতে
ট্ৰাকখন আহি আমাৰ সম্মুখত ৰৈ গ'ল।
ড্ৰাইভাৰৰ চিটত ঠিক পুৰুৰ নিছিনা পোচাক পিন্ধা মানুহ এজন বহি আছে। তাৰ
মুখত চয়তানৰ হাঁহি।
: অ’
.....ইয়েই তাৰমানে টেৰৰিষ্টটো!!........মনতে ভাবিব ধৰিলোঁ..... পুলিচ ক'ত?
হঠাতে
মোক আঁচৰিত কৰি
ট্ৰাকখন ঠিয় হব ধৰিলে। বিভিন্ন
পাৰ্টছবোৰ নিজে নিজে খোল খাই ইটো সিটোৰ লগত লাগি ধৰিলে। মূহুৰ্ততে
মানুহ ঠিয় হোৱাৰ নিচিনাকৈ ট্ৰাকখন মোৰ চকুৰ আগতে ঠিয় হৈ পৰিল। ৮০-৯০ ফুটমান ওখ এটা বিশাল দৈত্য হৈ পৰিল ট্ৰাকখন।
: হে
হৰি, এইটো কি বস্তু?
ট্ৰাকখনৰ
সম্মুখৰ গ্লাছদুখন দুটা চকুৰ দৰে ৰঙা হৈ তিৰবিৰাই আছে। ওপৰৰ
পৰা যেন মোলৈকে চাই আছে। পিছৰ
চকাদুটাৰ ওপৰত ঠিয় হওঁতে আগৰ চকাদুটা দুখন হাঁতৰ দৰে হৈ পৰিছে। দৈত্যটোৱে
এখন হাঁতেৰে পিছৰ চাইলেন্সাৰডাল টানি আনি আনখন হাঁতত তুলি ললে আৰু লগে লগে সেইটো এটা ৰকেটলন্সাৰ হৈ পৰিল। কি
কৰিম কি নকৰিম ভাবি নাপাওঁতেই সি হাঁতেৰে মাটিত মস্ত ঘোঁচা এটা মাৰি দিলে। পুৰু
আৰু মই ছিটিকিগৈ বহু দূৰত পৰিলোঁ। দুয়োটাকে
চাৰিওফালে ধ্বংসস্তুপে আৱৰি পেলালে।
গাটো
বিষাব ধৰিলে। হাড়
ভাগিছে চাগে। দেহত
আঘাটৰ চিনবোৰ স্পস্ত হৈ পৰিছে। পুৰুক
বিছাৰিলোঁ, সি মোৰ পৰা অলপ আঁতৰত পৰি আছে।
খং
উঠি আহিছে মোৰ, "কিনো হৈছে এইবোৰ।"
সকলো
অস্বাভাবিক যেন লাগিল। খঙতে
দাঁতবোৰ ক'ব নোৱাৰাকৈ
কামুৰি ধৰিলোঁ। গাল
আৰু ওঁঠ দুটা ফুলি উঠিল। কঁপালখন
কোঁচ খাই আহিল। দেহৰ
সিৰাবোৰ টান হৈ পৰিল......মাংসপেশীবোৰ ফুলিব ধৰিলে।
: কি
হৈছে মোৰ?
গাৰ
কাপোৰবোৰ ফাটি গ'ল, হাতদুখন
ফুলি বৰ ডাঙৰ হৈ পৰিল। মূৰটোও
আছন্দ্ৰাই কৰিব ধৰিলে।
: আ..আ...আ...হ্।
কঁপালৰ
সিৰাবোৰ ফাটিব এতিয়া। চকুৰে
একো নেদেখা হৈ গৈছোঁ।
আ..আ..হ!!
গাৰ
ছালবোৰ ইম্মান বিষাইছে। ফাটি
যাব এতিয়া। কিবা
এটাই ভিতৰৰ পৰা দেহাটো যেন হানি-খুচি আছে।
: আহ্!!!
ফাটিল মোৰ পিঠিখন।.......আৰে.....কি
হৈছে মোৰ??
ছালবোৰ
ফাটি মাংসপেষীবোৰ ডাঙৰ ডাঙৰ হৈ ওলাই আহিল। গোটেইটো
দৈত্যকায় হৈ পৰিলোঁ.........এটা বিশাল, ঘিণ লগা দৈত্য।
লাহে
লাহে চকুদুটা মেলিব পাৰিছোঁ। সম্মুখৰ
অট্টালিকাটোৰ আইনাৰ বেৰত নিজৰ প্ৰতিবিম্বটো দেখি আঁচৰিত হ’লো।
গাৰ ৰং টো সেউজীয়া হৈ পৰিছে। মই
আৰু মানুহ হৈ থকা নাই, চাৰিমহলীয়া অট্টালিকাটোৰ প্ৰায় সমান হৈ পৰিছোঁ।
: এইটো
কোন?....মইয়েই নে??
তলত
পুৰুৱে চিঞৰি চিঞৰি কিবা কৈ আছে, মই একো শুনা নায়। তাৰ
মাতটোৱে মোৰ কাণ ঢুকি পোৱা নায়। মোৰ
মূৰটো প্ৰায় ৯০ ফুটমান ওপৰত।
: আহ্
ইমান গধুৰ লাগিছে মূৰটো, দেহাটো লৰাব পৰা নায়।
থাপ
মাৰি পুৰুক ডাঙি আনি হাঁতৰ মুঠিত তুলি ললোঁ। মোৰ
হাঁতত তাক এটা ফৰিঙৰ দৰে দেখা গৈছে।
: এইবোৰ
কি হৈছে??......মোৰ মুখৰ পৰা ওলোৱা শব্দকেইটাই তাক এজাক ধুমুহাৰ দৰে উৰুৱাই নিব ধৰিছিল, যেনেতেনে তাক হাতৰ মুঠিত চেপি ৰাখিলোঁ।
: সেই
ৰবটটো অপ্টিমাছ প্ৰাইম, তাক মেনুপুলেট কৰি আলেকজেণ্ডাৰে অসম আক্ৰমণ কৰিছে। মই
পৌৰৱ দেশৰ ৰাজকুমাৰ পুৰু। আপুনি
কেমিকেল ৰিয়েক্সনত তৈয়াৰ হোৱা এটা দৈত্য। মানব
জাতিৰ ভালৰ কাৰণে বহুবছৰৰ পৰা আপুনি যুদ্ধ কৰি আহিছে। মই
আপোনাৰ বিষয়ে জানো, আপুনি ইয়াতে আত্মগোপণ কৰি আছে। আপোনাৰ
নাম HULK, আপুনি এটা সেউজীয়া দৈত্য।
খংটো
এইবাৰ বেছিকৈ উঠিল। বুজিলোঁ,
খং উঠিলেই এই দৈত্যটো হৈ পৰোঁ। পুৰুক
হাঁতৰ মুঠিত লৈ অপ্টিমাছ প্ৰাইম আৰু আলেকজেণ্ডাৰক বিছাৰি আগলৈ খোঁজ দিলোঁ। ইহঁতক
ধৰি ভাল এপালি দিব লাগিব। মই
জনাত অপ্টিমাছ প্ৰাইম অন্য গ্ৰহৰ পৰা অহা এটা advanced ৰবট। সিওঁ
মোৰ দৰেই মানৱ সেৱাত ব্ৰতী। নিশ্চয়
আলেকজেণ্ডাৰে তাৰ মেমৰিটো ইৰেজ কৰি বেয়া কামত লগাইছে। ৰবটটোক
মাৰিব নোৱাৰি, এই দুষ্ট সম্ৰাটটোক বিছাৰি এসেকা দিব লাগিব।
তেনেতে
আৰু এটা ৰকেট উৰি আহি মোৰ কাণৰ কাষতে ফুটি গ’ল।
তাৰমানে সিহঁত নিশ্চয় ওচৰতেই আছে।
বিপ্
বিপ্ বিপ্......বিপ্ বিপ্ বিপ্.......বিপ্ বিপ্ বিপ্....!
কানখন
বেয়াকৈ জিনজিনাই গ’ল।
ৰকেটটো আহি গাত লাগিল নেকি, সৰ্বশৰীৰ লৰিব ধৰিলে।
: সেই
এলাৰ্ম ডাল যে তেতিয়াৰ পৰা বাজি আছে অফ্ নকৰা কিয়? পুৱা চাৰে চাৰিটা বাজিল। অফিছ
নোযোৱা নেকি? মিছা মিছি সাঁৰ পোৱাই দিলা, ল’ৰাটোকো উঠাবা
এতিয়া। উঠা
আৰু সোনকালে ৰুমৰ পৰা বাহিৰ হোৱা।
শ্ৰীমতিৰ
মাতটো বহু দেৰি কাণত বাজি থাকিল। অপ্টিমাছ
প্ৰাইম, আলেকজেণ্ডাৰ, পুৰু, হাল্ক, সকলো পলাই পত্ৰং দিলে। লাহেকে
অফিছলৈ বুলি বিছনাৰ পৰা উঠি আহিলোঁ।।
******
Comments
Post a Comment